সংগীতানুষ্ঠান

দৰ্শকৰ সন্মুখত সংগীতৰ পোনপটীয়া পৰিৱেশন

সংগীতানুষ্ঠান (ইংৰাজী: Concert) হৈছে দৰ্শকৰ সন্মুখত সংগীতৰ পোনপটীয়া পৰিৱেশন।[1]পৰিৱেশন কোনো এজন সংগীতজ্ঞ বা সংগীতৰ দল যেনে-অৰ্কেষ্ট্ৰা বা বেণ্ডৰ দ্বাৰা পৰিবেশন কৰা হ'ব পাৰে। ব্যক্তিগত ঘৰ আৰু সৰু-সৰু নৈশক্লাব, নিবেদিত কনচাৰ্ট হল, এম্ফিথিয়েটাৰ আৰু উদ্যানৰ পৰা আৰম্ভ কৰি বৃহৎ বহুমুখী অট্টালিকা, যেনে-এৰিনা আৰু ষ্টেডিয়ামলৈকে সংগীতানুষ্ঠান অনুষ্ঠিত হয়। বৃহৎ স্থানত অনুষ্ঠিত হোৱা অভ্যন্তৰীণ সংগীতানুষ্ঠানক কেতিয়াবা এৰিনা কনচাৰ্ট বা এম্ফিথিয়েটাৰ কনচাৰ্ট বুলিও কোৱা হয়। সংগীতানুষ্ঠানৰ বাবে অনানুষ্ঠানিক নামসমূহৰ ভিতৰত শ্ব’ আৰু গিগ আদি অন্তৰ্ভুক্ত।

২০১৮ চনৰ জাৰ্মানীত সংগীত পৰিৱেশন কৰি থকা এটি সংগীত-দল

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Bennett, Michael Y. (14 July 2017). Analytic Philosophy and the World of the Play. প্ৰকাশক London: Routledge. পৃষ্ঠা. 88. ISBN 978-1138239920.