সংমিশ্ৰিত মীন-পালন, (ইংৰাজী: Composite fish culture) হৈছে মীন পালনৰ এনে এটা পদ্ধতি যাৰ জৰিয়তে পানীৰ ভিন্ন স্তৰত খাদ্য গ্ৰহণ কৰা ভিন্ন প্ৰজাতিৰ মাছ একেটা পুখুৰীতে একেলগে পালন কৰা হয়। বিভিন্ন প্ৰজাতিৰ মাছে নিজৰ সহজাত প্ৰকৃতি, খাদ্যভাস আৰু খাদ্যৰ পাচূৰ্যতাৰ ওপৰত ভিত্তি কৰি পানীৰ ভিন্ন স্তৰত অৱস্থান গ্ৰহণ কৰে। এই পদ্ধতিৰ ফলত পুখুৰীৰ জলৰাশিৰ বিভিন্ন স্তৰত অৱস্থান গ্ৰহণ কৰা মাছবোৰে পুখুৰীত উপলব্ধ সকলো প্ৰাকৃতিক খাদ্যৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰে। এই দৰে এটা পুখুৰীৰ সমগ্ৰ খাদ্য উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ ফলত কম খৰছতে অধিক উৎপাদন কৰিব পাৰি। সেইবাবে এই পদ্ধতি খেতিয়কৰ বাবে অৰ্থনৈতিকভাৱে অতি লাভদায়ক। ভাৰতত কাৰ্প পৰিয়ালৰ অন্তৰ্গত মাছবোৰক এই পদ্ধতিত পালন কৰা হয়।

পৰিচয় সম্পাদনা কৰক

 
মীন পালন কৰা এটা গাওঁলীয়া পুখুৰী।

ভাৰতীয় কৃষি অনুসন্ধান বৰ্ডে ১৯৭০ চনত সংমিশ্ৰিত মীন পালন পদ্ধতিৰ বিকাশ সাধন কৰে। এই পদ্ধতিত এটা পুখুৰীতে স্থানীয় আৰু আমদানীকৃত মাছৰ পাঁচ বা ছটা প্ৰজাতি একেলগে পালন কৰা হয়। পালনৰ বাবে ভিন্ন খাদ্যাভাসৰ মাছৰ প্ৰজাতি নিৰ্বাচন কৰা হয় বাবে এই প্ৰজাতিবোৰৰ মাজত খাদ্যৰ বাবে কোনো প্ৰতিযোগিতা নহয়।[1][2] বৰঞ্চ পুখুৰীত উপলব্ধ সকলো খাদ্যৰ উপযুক্ত ব্যৱহাৰহে হয়। এনে পদ্ধতিত পালনৰ বাবে উপযুক্ত মাছৰ প্ৰজাতিবোৰ হৈছে, বাহু মাছ আৰু চিলভাৰ কাৰ্প যি অৱস্তৰৰ উপভোক্তা, ৰৌ মাছ এবিধ মধ্যস্তৰৰ উপভোক্তা আৰু মিৰিকা মাছ আৰু কমন কাৰ্প যি নিম্নস্তৰৰ উপভোক্তা। ইয়াৰোপৰি কমন কাৰ্পৰ মলবোৰো অন্য মাছে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু এনে পদ্ধতিৰ ফলত প্ৰতি হেক্টৰত বছৰি প্ৰায় ৩০০০-৬০০০ কিলোগ্ৰাম পৰ্যন্ত মাছ উৎপাদন কৰিব পৰা হয়।

প্ৰজাতি নিৰ্বাচন সম্পাদনা কৰক

সংমিশ্ৰিত মীন পালনত প্ৰজাতি নিৰ্বাচন কৰাতো অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে ভাৰতত কেৱল কাৰ্প পৰিয়ালৰ মাছহে এই পদ্ধতিত পালন কৰা হৈছিল। পিছলৈ ৰৌ, বাহু, মিৰিকাৰ লগতে মালি (L. calbasu), কেতিয়াবা ভাঙন (L. bata) আৰু লগত ৰূপ চন্দা (Etroplus suratensis), খলিহনা (Osphronemus gorami) আৰু মিল্ক ফিছ (Chanos chanos) পালন কৰা হয়।

১৯৫৯ চনৰ পৰা ভাৰতৰ কৃষকে চিলভাৰ কাৰ্প (Hypophthalmichthys molitrix) আৰু গ্ৰাছ কাৰ্প (Ctenopharyngodop idella) পালন কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৫৭ চনত কেন্দ্ৰিয় অন্তঃদেশীয় মীন পালন অনুসন্ধান সংস্থা (CIFRI)ই কমন কাৰ্প (Cyprinus carpio)কে ধৰি এই তিনিটা প্ৰজাতিৰ মাছৰ সংমিশ্ৰিত মীন পালন আৰম্ভ কৰে।

সংমিশ্ৰিত পদ্ধতিত পালন কৰা অন্য মাছবোৰ হৈছে পাভ (Ompok bimaculatus), আঁৰি (Mystus seenghala), চিতল (Notopterus chitala), বৰালি (Pangasius pangasius),মুলেট (Mugil cephalus), আৰু ডাঙৰ মিছা মাছ (Macrobrachium malcolmsonii, M. rosenbergii), শাল (Channa marulius), শিঙৰা (Mystus aor) আৰু মাগুৰ (Clarias batrachus), ফ্ৰিং-লিপ্ড কাৰ্প (Labeo fimbriatus), কাউভেৰি কাৰ্প (L . Kontius) আৰু পালচেলাছ (Puntius pulchellus) আদি।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক