সংস্কৃতি গ্ৰহণ (ইংৰাজী: Acculturation) এক সাংস্কৃতিক প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াত কোনো এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তিত হয় তাৰ নামেই সংস্কৃতি গ্ৰহণ। এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হয়। ঐতিহাসিক পুনৰ্গঠনৰ দিশত সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াই গুৰুত্ব আৰোপ কৰে।[1]

১৯৩৫ চনত সংস্কৃতি গ্ৰহণৰ সূত্ৰ দিয়া হৈছিল এনেদৰে, "বিভিন্ন সংস্কৃতিৰ জনসমষ্টিৰ মাজত নিয়ত আৰু প্ৰত্যক্ষ সান্নিধ্যৰ ফলস্বৰূপে এটাজন সমষ্টি বা গোটেই কেইটা জনসমষ্টিৰ সাংস্কৃতিক প্ৰতিমান পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া বিশেষৰ নাম সংস্কৃতি গ্ৰহণ।"[2] পৰৱৰ্তীকালত এই সূত্ৰটো পৰিৱৰ্তিত আৰু পৰিবৰ্ধিত হৈছে। সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াত সান্নিধ্যৰ স্থিতিকাল আৰু গভীৰতাই অন্যতম প্ৰয়োজনীয় উপাদান হ'ব নোৱাৰে।

সংস্কৃতি গ্ৰহণ হৈছে প্ৰক্ৰিয়া অৱস্থাত থকা সাংস্কৃতিক সঞ্চাৰণ। সংস্কৃতি গ্ৰহণত ঐতিহাসিক সত্যতা বা ঘটনাৰ আভাস পোৱা যায়। সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াত সমসাময়িক যুগৰজন সমষ্টিৰ সান্নিধ্যই প্ৰাধান্য লাভ কৰে। ঐতিহাসিক জনসমষ্টিৰ মাজৰ দূৰ অতীতত সংঘটিত হোৱা সান্নিধ্যৰ বিষয়েও সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াৰ জৰিয়তে বিচাৰ কৰিব পাৰি। ইয়াৰ লগত মনস্তাত্ত্বিক দিশ এটাও জড়িত হৈ থাকে।

উদাহৰণসম্পাদনা কৰক

  • উত্তৰ পূব ভাৰতৰ ক্ষেত্ৰত মিজো, নগা আদি জনজাতীয় লোকৰ পৰম্পৰাগত জীৱনৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত পৰিবৰ্তন ঘটিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
  • ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ চাহ বাগিচালৈ অহা বনুৱা লোকসকলৰ সাংস্কৃতিক জীৱন, অসমীয়া সংস্কৃতিৰ প্ৰভাৱত সলনি হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
  • অসমলৈ অহা টাই আহোমসকলৰ জীৱন পদ্ধতি আৰু সাংস্কৃতিক সমলৰাজি অসমৰ হিন্দু সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

এইবোৰেই সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াৰ উদাহৰণ।[1]

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 ড° নবীন চন্দ্ৰ শৰ্মা (প্ৰথম প্ৰকাশ ১৯৮৯,). অসমীয়া লোক - সংস্কৃতিৰ আভাস. প্ৰকাশক পাণবজাৰ,গুৱাহাটী,: বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ২৬-২৭. 
  2. R.Redfield. প্ৰকাশক American Anthropologist. 1936.