সঞ্চয়ন
সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷[1]
গ্ৰন্থ বিৱৰণ
সম্পাদনা কৰকগ্ৰন্থখনৰ আগকথাত মহেশ্বৰ নেওগে লিখিছে- এইখনি আদিৰেপৰা সাম্প্ৰতিকলৈকে অসমীয়া কবিতাৰ সঙ্কলন। সঙ্কলনখনি অসমীয়া কাব্যৰ প্ৰতিৰূপক হৈছে আৰু কাব্য-জ্ঞান-পিপাসুসকলক অসমৰ কাব্য চিন্তাৰ ইতিহাসৰ আৰু কাল-ভাগ অনুসৰি তাৰ বিভিন্ন গতি-প্ৰগতিৰ সম্যক আভাস দিব পাৰিব বুলি আমাৰ বিশ্বাস হয়। অসমীয়া ছন্দ সাহিত্যৰ সাধাৰণ ৰূপ আৰু ছন্দৰ বিভিন্ন অনুশীলনৰ আভাসো এই সঙ্কলনত দিয়া হৈছে।[2]