অনিৰ্বাণ দত্ত
অনিৰ্বাণ দত্ত (Anirban Dutta), জন্ম- ৭ নৱেম্বৰ, ১৯৭৯ (অসমীয়া লেখেৰে ২০ কাতি বুধবাৰ) ৷ পেছা— শিক্ষকতা (শিক্ষাতত্ব বিভাগৰ বিষয় শিক্ষক)৷ সাহিত্য চৰ্চা আৰু কাকত আলোচনীত নিয়মীয়া প্ৰবন্ধ নিবন্ধ আৰু কবিতা লিখি আছে ৷ প্ৰান্তিক, গৰিয়সী, স্বদেশ পটভূমি, বাৰ্তাপখিলী আদি আলোচনীত একাধিক কবিতা আৰু প্ৰবন্ধ প্ৰকাশ হৈছে৷ অসম বাণী, অসমীয়া খবৰ, জনমভূমি, দৈনিক জনমভূমি, অসম আদিত্য, আমাৰ অসম দৈনন্দিন বাৰ্তা আদি কাকতৰ সম্পাদকীয় পৃষ্ঠাত চিন্তাগধুৰ সমসাময়িক আৰ্থ-সমাজ-সংস্কৃতি আৰু ৰাজনৈতিক বিষয়ক নিবন্ধ প্ৰকাশ হৈ আছে৷ বৰ্তমান অসমীয়া পাৰিপাৰ্শ্বিক কবিতা(eco-poem)ৰ ওপৰত বিশেষভাবে চৰ্চা কৰি আছে৷ জন্ম লালুক মৌজাৰ ১ নং ঢেঁকীয়াজুলি গাঁৱত আৰু কৰ্মসূত্ৰে বৰ্তমান হাৱাজান (থানা— ধলপুৰ) ৰ বাসিন্দা৷
প্ৰকাশিত পুথি—
১/ ঢেঁকীয়াজুলিৰ ইতিবৃত্ত আৰু অন্যান্য ( স্থানীয় বুৰঞ্জী ২০১৯)
২/এই মৌনতাৰ অৱসান হওক৷ (দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত নিবন্ধ সমূহৰ পৰা নিৰ্বাচিত একাংশ লেখাক লৈ সংকলিত প্ৰবন্ধ সংকলন৷ প্ৰকাশ কাল— ২০২৩)
সম্পাদনা—
১/ জীৱন ঘড়ীৰ এটি এটি পল.. ( ৺লক্ষী চুতীয়াৰ কবিতা সংকলন, ২০২৩)
২/চৰাইচোং— পাৰিপাৰ্শ্বিক কবিতা সংকলন, ২০২৩, যুটীয়া ভাৱে সম্পাদনা আৰু মাজুলীৰ পৰা প্ৰকাশিত৷
সহযোগী সম্পাদনা—
১/নাৰায়নপুৰৰ জিলিঙনি ( অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত গ্ৰন্থ প্ৰকাশন উপসমিতিৰ দ্বাৰা প্ৰকাশিত ২০২৩)
২/ প্ৰসংগ মাধৱদেৱ ( ঐ )
৩/ অসমৰ জনগোষ্ঠী ( ঐ )
৪/ সাম্প্ৰতিক অসমীয়া কবিতা ( ঐ )
লখিমপুৰ জিলাৰ অগ্ৰগণী প্ৰকৃতি সুৰক্ষাৰ বাবে কাম কৰা স্বেচ্ছাসেৱী সংস্থা ক্লীন এণ্ড গ্ৰীণ ব্ৰাডাৰ্ছ ইউনিয়নৰ লগত প্ৰতিষ্ঠা কালৰে পৰা জড়িত৷