নামঘৰ আৰু নামঘৰকেন্দ্ৰিক সমাজখনৰ অস্তিত্ব ৰক্ষাৰ চিন্তা:—

          এক শৰণ নামধৰ্ম বা মহাপুৰুষীয়া ধৰ্মৰ একমাত্ৰ উপাসনা গৃহ হ’ল নামঘৰ বা কীৰ্ত্তনঘৰ ৷ নামঘৰ মানে মনিকূট, নামঘৰ, বাটচ’ৰা, ছোঁঘৰৰ সমষ্টি ৷ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাই ধৰ্মপ্ৰচাৰৰ লগতে জাতিটোক দি গ’ল এই একক আৰু অনন্য ধৰ্মানুষ্ঠান ৷ তেৰাই প্ৰথমটো নামঘৰ (চৰিতপুথিত হৰিগৃহ নামটোহে উল্লেখ আছে) প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত ৷ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ “উত্তম ফল হৰিনাম” অমৃত একেলগে বহি সকলোৱে পান কৰিব পৰা স্থান হ’ল নামঘৰ ৷ সাহিত্য সংস্কৃতি শিল্পচৰ্চা নৃত্য গীত অভিনয় আৰু ঈশ্বৰ উপাসনাৰ ভেটি এই নামঘৰ অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য-স্থল ৷ সত্ৰসমূহৰো ধৰ্ম আৰু কৃষ্টি চৰ্চাৰ মূল কেন্দ্ৰও হ’ল সত্ৰৰ সোঁমাজতে প্ৰতিষ্ঠিত সুসৰ্জ্জিত নামঘৰভাগেই ৷ নামঘৰ সম্পৰ্কত ড°বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছে, “অসমীয়া সামাজিক ধাৰ্মিক আৰু সাংস্কৃতিক জীৱনত নামঘৰৰ ছপোন ছবুৰি অৱদানৰ পুনৰাবৃত্তিৰ প্ৰয়োজন নাই ৷ নামঘৰ অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰ৷ কিন্তু, জাতীয় ৰঙ্গালয় স্বৰূপে নামঘৰে এতিয়ালৈকে অসমীয়া জাতিৰ কি হিত সাধিছে তাক বিশ্লেষণ কৰা উচিত ৷ নামঘৰেই জাতীয় ভাওনা-ঘৰ (National Theatre)৷ এই ভাওনা-ঘৰত সকলো সম্প্ৰদায়ৰে বিনামূল্যে প্ৰৱেশ অধিকাৰ আছে ; ধনীদুখীয়া সকলোৰে নিমিত্তে এক কঠ কুঁহিলাৰ আসন ৷ উপযুক্ত সকলো বৰ্ণৰ লোকেই ভাওনাত ভাও ল’ব পাৰে, সূত্ৰধাৰ হৈ ব্যাখ্যা কৰিব পাৰে, নটুৱা হৈ নাচিব পাৰে, গায়ন হৈ খোল মৃদঙ্গ বজাব পাৰে ৷ ভাওনা-ঘৰে এনেকৈ অসমীয়াৰ সামাজিক সমতা সংৰক্ষণ কৰি আছে ৷” এই নামঘৰৰ স্থাপত্য ৰীতিত বিমুগ্ধ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে লিখিছিল, “আজিকালি বিশ্ব স্থাপত্য যি অলংকাৰবৰ্জ্জিত সৰলতাৰ আৰু ৰৈখিক সৌন্দৰ্য্যৰ আদৰ্শ, অসমীয়া নামঘৰ তাৰ প্ৰথম সংস্কৰণ বুলিব পাৰি ৷” জ্যোতিপ্ৰসাদে নামঘৰৰ ৰৈখিক ৰূপ আৰু সৰল স্থাপত্যক বাৰ্লিনত সজা মেক্স ৰেইনাৰ্টৰ থিয়েটাৰ (Valkishe Theatre) ঘৰৰ লগতহে তুলনা কৰিব পাৰি বুলিছিল ৷ যিনহওক, নামঘৰ কেৱল উপাসনা বা শিল্প সংস্কৃতি চৰ্চাৰ গৃহেই নাছিল, ই আজিও অসমীয়া মানুহৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ লগতে সামাজিক সমস্যাৱলীৰ সমাধানৰ বাবে বা সমাজখনৰ সামগ্ৰিক উত্তৰণৰ বাবে চিন্তা গৱেষণা কৰাৰ ঠাই হিচাপে বিবেচিত হৈ আছে ৷

        নাম + ঘৰ = নামঘৰ ৷ অৰ্থাৎ, হৰি নাম শ্ৰৱণকীৰ্তন কৰা ঠায়েই নামঘৰ ৷ নামঘৰত বা নামঘৰকেন্দ্ৰিক সমাজত হিন্দু সমাজৰ আন আন পন্থৰ দৰে যাগযজ্ঞ পূজা পাৰ্ৱণৰ অনুমতি নাই ৷ কাৰণ, গুৰুজনাৰ ধৰ্মমত আছিল সহজ সৰল আৰু অদ্বৈতবাদ (এক দেৱ এক সেৱ এক বিনে নাই কেৱ) দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত ৷ তেৰাৰ ধৰ্মত নাই প্ৰতিমা পূজাৰ ব্যৱস্থা ৷ যজুৰ্ব্বেদ ( অধ্যায় ৪০- অনুচ্ছেদ ৯)ত আছে— “অন্ধতম প্রভিশান্তি ইয়ে অশম্ভুতি মুপাস্তে ”— অৰ্থাৎ প্ৰাকৃতিক বস্তুবোৰ যেনে বতাহ পানী জুই পাত্থৰ মাটি আদিক পূজা কৰাসকল দুৰ্ঘোৰ অন্ধকাৰত নিমৰ্জিত হয় ৷ উপনিষদেও কৈছে— “ন তস্য প্ৰতিমা আসাতি” ৷ অৰ্থাৎ বৈদিক যুগতো আদি সত্য সনাতন ধৰ্ম আছিল হৰিকীৰ্ত্তনহে ৷ শ্ৰীমদ্ভাগৱত শাস্ত্ৰ সমস্ত বেদান্তৰ সাৰ ৷ সেই ভাগৱত শাস্ত্ৰই শেষ সিদ্ধান্ত দিছে—

   “কৃতে যদ্ধায়তো বিষ্ণুং ত্ৰেতায়াং যজতো মখৈঃ ৷

     দ্বাপৰে পৰিচৰ্যায়াং কলৌ তদ্ধৰিকীৰ্ত্তনাৎ ৷”

অৰ্থাৎ—

“সত্য যুগে ধ্যান      ত্ৰেতা যুগে যজ্ঞ

             দ্বাপৰ যুগত পূজা ৷

কলিত হৰিৰ           কীৰ্ত্তন বিনাই

            আৱৰে নাহিকে দুজা ৷৷”

         শংকৰী ধৰ্ম আদৰ্শৰে চলা বৈষ্ণৱ সকলে মূৰ্তি পূজা কৰাটো অবিধেয় ৷

“নান্যং দেৱং তু বীক্ষেত ব্ৰাহ্মণো নচ পূজয়েৎ ।নান্যং প্ৰসাদং ভুঞ্জীত নান্যস্যায়তনং বিশেৎ।৷” (২৮২/৬৩)

অৰ্থাৎ " অন্য দেৱৰ মূৰ্তি আদি দৰ্শন, অন্য দেৱতাৰ পূজা, অন্য দেৱতাৰ প্ৰসাদ গ্ৰহণ আৰু অন্য দেৱতাৰ মন্দিৰ প্ৰবেশ ব্ৰাহ্মণসকলে কৰা উচিত নহয় ।" উক্ত কথাষাৰ ব্ৰাহ্মণ ভূগু মুনিৰ ৷ এয়া লিপিবদ্ধ হৈছে ব্ৰাহ্মণ শাস্ত্ৰ পদ্মপুৰাণৰ উত্তৰ খণ্ডত । একেটা কথাকে পদ্ম পুৰাণৰ ' পাতাল খণ্ডতো এনেদৰে কৈছে—

“নান্যঞ্চ পূজয়েদ্দেবং ন নমেত্তং স্মৰেন্নচ । নচ পশ্যেন্ন গায়েচ্চ ন চ নিন্দেৎ কদাচন৷৷” ৫১/৩৪

অৰ্থাৎ  কৃষ্ণ ভিন্ন অন্য কোনো দেৱতাকে পূজা নকৰিবা, সেৱা নকৰিবা, স্মৰন নকৰিবা, নেচাবা বা তেওঁৰ গুণ-নাম (কীৰ্তন) নকৰিবা, কিন্তু নিন্দাও নকৰিবা ।

      গুৰুজনাই নামঘৰৰ মণিকুটত মূৰ্তি ৰখা নাই, ৰাখিছে থাপনা ৷ থাপনাত কীৰ্ত্তন, দশম বা গুণমালা পুথি এভাগহে পৰম আধ্যাত্মিক ভাৱেৰে ৰখাৰ নিয়ম ৷ গুৰুজনাৰ তিৰোভাৱৰ পাছত তেৰাৰ প্ৰচাৰিত ধৰ্মলৈ সংহতি বিভাজন আহিল ৷ আচাৰ সৰ্বস্ব একাংশ গোঁসাই-মহন্তৰ হাতত পৰি বহু থান সত্ৰৰ মণিকুটত মূৰ্তি সোমাল, পূজা চলিল ৷ বিগত বৰ্ষত ঐতিহাসিক আঠখেলীয়া নামঘৰৰ চৌহদত যজ্ঞকুণ্ড প্ৰতিষ্ঠা কৰিবলৈ আত্মবিস্মৃত একাংশ ভকত তৎপৰ হৈ উঠিছিল ৷ তীব্ৰ বিতৰ্কৰ অন্তত যেনিবা তেওঁলোকৰ সুবুদ্ধিৰ উদয় হ’ল আৰু নামঘৰ চৌহদৰ যি নিজা ঐতিহ্য সেয়া ৰক্ষা পৰিল ৷ শেহতীয়াকৈ, গাঁৱৰ নামঘৰ সমূহৰ প্ৰতিটো খুটাৰ তলত বা প্ৰবেশপথত দেৱ দেৱতাৰ মূৰ্তি প্ৰতিষ্ঠাৰ জোৱাৰ উঠিছে ৷ কোনো কোনো ভকতে মনিকূটলৈ সেৱা এভাগ আগবঢ়োৱাৰ উপৰিও এই সমূহ মূৰ্তিৰ ওচৰতো দক্ষিণাসহ ধূপদীপ জ্বলাই সেৱা এটি ল’বলৈ অভ্যাস কৰিছে— এয়া অশুভ পৰম্পৰা ৷ বহুদেৱতাক ভজনা কৰা একশৰণীয়া দৰ্শনৰ পৰিপন্থী কৰ্ম ৷ ''কৃষ্ণক পূজিলে সমষ্টৰে পূজা হয় ৷ পৃথকে পূজিলে পূজা কেহো নপাৱয়”— (ভক্তি ৰত্নাৱলী) ৷ যাগযজ্ঞ বা পূজাপাৰ্বণ নহয় গৃহস্থীৰ ঘৰত বা নামঘৰত হৰিনামশ্ৰৱণকীৰ্ত্তন কৰাহে শুদ্ধ আচাৰ ৷ গুৰুদুজনাই কৈয়ে গৈছে—

     “তপ জপ তীৰ্থ ব্ৰত বিধিৰ কিংকৰ ৷

      নাম সংকীৰ্তন ইটো বিধিৰ ঈশ্বৰ ৷৷

      নাহি কাল নিয়ম  নামত একো বিধি ৷

      যেই সেই মতে লৈলে নামে কৰে শুদ্ধি ৷৷”—       

          (ভাগৱত, ৬/৫৪৩৫ আৰু নামঘোষা, ২৫০)৷

ভাগৱতত আকৌ কৈছে—

    “নাপাৱৈ মোহোকে লাগ যোগ যজ্ঞ দানে৷

     মহামন্ত্ৰ জাপ্য কোটি শত তীৰ্থ স্থানে৷৷

     নপাৱৈ আমাক একাদশী উপবাসে ৷

      নকৰয় বশ্য মোক পৰম সন্ন্যাসে ৷৷— (ভাগৱত, ১১/১৭৬৪৬)৷

         একশৰণ নামধৰ্মত পৰম আৰাধ্য দেৱতা সত্ত্বগুণ বিশিষ্ট বিষ্ণু বা কৃষ্ণহে ৷ কৃষ্ণস্তু ভগৱান স্বয়ম ৷ গীতাত পৰম পুৰুষ ভগৱন্ত কৃষ্ণই সখা অৰ্জুনক কৈছে,—

    “মত্তঃ পৰতৰং নান্যাৎ কিঞ্চিদ’স্তি ধনঞ্জয়৷

      ময়ি সৰ্বঈদং প্ৰোতং সুত্ৰে মনিগনাইব ৷৷— (গীতা, ৭/৭)৷ অৰ্থাৎ— হে অৰ্জুন, এই জগতত মোতকৈ আৰু শ্ৰেষ্ঠদেৱ কোনো নাই ৷ সূতাৰ মণি গাঠি ৰখাৰ দৰে মোতে এই নিখিল বিশ্ব গঠা আছে ৷ এইজন সৰ্বশ্ৰেষ্ঠ দেৱ, যাক ব্ৰহ্মা হৰ ইন্দ্ৰ আদি দেৱতাইও পূজে, দেৱৰো দেৱ সেইজন বাসুদেৱ কৃষ্ণ কেৱল ভক্তিতে তুষ্ট হয় ৷

      “তপ জপ যজ্ঞ দান সৱে বিৰম্বন৷

       কেৱল ভক্তিতে তুষ্ট হোন্ত নাৰায়ণ ৷৷”— (কীৰ্ত্তন, ৮১৩ )৷ ভক্তি নবিধ— শ্ৰৱণ, কীৰ্ত্তন, অৰ্চ্চন, বন্দন, দাস্য, সখিত্ব, স্মৰণ, পদসেৱন আৰু আত্মনিৱেদন ৷ এয়ে বেদৰ গূঢ় তত্ত্ব ৷ শংকৰদেৱে বেদাভিমানীসকলক কৈছে—

        “নুবুজে বেদ অভিপ্ৰায় গূঢ় ৷

          কৰ্মক কৰিবে নজানে মূঢ় ৷৷”

প্ৰথম স্কন্ধ ভাগৱতক নাৰদে ব্যাসক উপদেশ দিওঁতে কৈছে যে ব্ৰহ্মাই চাৰিখন বেদক তিনিবাৰ ভালকৈ বিচাৰি চাই তাত হৰি-কীৰ্ত্তনকহে সাৰ বুলি থিৰ কৰাটো পালে—

      “চাৰি বেদক ব্ৰহ্মাই আনি৷

        বিচাৰিলা তিনিবাৰ প্ৰণামি৷৷

        এহিমানে কেৱল কৰিলা সাৰ৷

         হৰি কীৰ্ত্তনেসে তৰে সংসাৰ ৷৷”

বৈষ্ণৱে হৰি নামকীৰ্তনকে সাৰ বুলি মানেই আনকি তন্ত্ৰ-মন্ত্ৰবিহিত যজ্ঞ-হোম আদি কৰ্ম কৰোতা শাক্ত শৈৱ গনপত্য সকলকো ভাগৱতৰ অষ্টম স্কন্ধত শুক্ৰ ঋষিয়ে হৰিনাম স্মৰণ কৰিবলৈ কৈ গৈছে—

        “তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক৷

         দেশ কাল পাত্ৰ ছিদ্ৰ যতেক৷৷

          পূৰ্ণ নুহি যত যজ্ঞৰ অংগ৷

          হৰি নামে কৰে সবে সুসাঙ্গ৷৷”

       ভাৰতবৰ্ষৰ ভক্তি আন্দোলনৰ প্ৰতি গৰাকী মহাপুৰুষেই যাগ যজ্ঞ, মঠ মন্দিৰ, তীৰ্থ যাত্ৰা আদিত ধন আৰু সময় অপব্যয় নকৰি ঈশ্বৰৰ নাম ল’বলৈ আৰু কৃষ্ণত অচলা ভকতি ৰাখিবলৈ বাৰম্বাৰ উপদেশ দি গৈছে ৷

      “তপ জপ যজ্ঞ মহাদান তীৰ্থস্থান৷

       কোটি ভাগ নুহি কৃষ্ণ কথাৰ সমান৷৷”— (ভাগৱত, ১০/১০৬৫৩ )৷

        একশৰণ নামধৰ্ম বা মহাপুৰুষীয়া ধৰ্মৰ চাৰিবেদ সদৃশ মুখ্য ধৰ্মপুথি চাৰিভাগ হ’ল— কীৰ্ত্তন, দশম, নামঘোষা আৰু ভক্তিৰত্নাৱলী ৷ মহাপুৰুষীয়া ৰাইজে এই চাৰিভাগ পুথিক শিৰোধাৰ্য্য কৰিহে ধৰ্ম আচৰণ কৰিব লাগিব ৷ ওৰেটো জীৱন ধৰি মহাপুৰুষ গুৰু দুজনাই দেৱভাষা সংস্কৃতত লিখিত সনাতন হিন্দুধৰ্মৰ চাৰিবেদ চৌদ্ধ শাস্ত্ৰ ওঠৰ পুৰাণ মন্থন কৰি সকলো শাস্ত্ৰৰে শুদ্ধ তত্ত্ব আৰু সাৰকথাখিনি লৈ এই চাৰি ভাগ মুখ্যপুথি ৰচনা কৰি একশৰণীয়া ভকতক পৰম জ্ঞান সহজেই ল’বৰ বাবে দি গৈছে ৷ আজিকালি বহু ওভোটা পণ্ডিতে মহাপুৰুষীয়া এই অমূল্য শাস্ত্ৰলৈ পিঠি দি পণ্ডিতালী জহোৱাৰ মানসেৰে আকৌ সংস্কৃত শাস্ত্ৰৰ মহাসাগৰত বেঙৰ জাপ মাৰি কৰবাত চিকমিক বালিচন্দা এটাকো যদি পাইছে, বুটলি আনি অজান ভকতক তাকে মহাৰত্ন বুলি দেখুৱাই বিভ্ৰান্তিত পেলাই মাৰিছে ৷ “নজানে শাস্ত্ৰৰ নয় যেহি আসে তাকে কয় ছেদিবাক নপাৰে সংশয় ৷

গুৰু বোলাই তথাপিতো ফুৰিয়া লোকৰ মাজে মান্য সতকাৰ খুজি লয় ৷৷”—(ঘোষা—৫৫) ৷

একশৰণীয়া ভকতে এনে অপশক্তিক সমাজৰ পৰা আঁতৰ কৰি মহাপুৰুষীয়া ধৰ্মৰ আচাৰ নীতি আৰু দৰ্শন ৰক্ষা কৰিব লাগিব ৷ মহাপুৰুষীয়া চাৰিশাস্ত্ৰৰ উপৰিও— ধৰ্ম আৰু সামাজিক জীৱনৰ আৰ্হি প্ৰণালী, অংকীয়া নাট, ঝুমুৰা, ভটিমা, তোটয়, চপয়, নৃত্য, বৰগীত, ৰাগ, তাল, আহাৰ্য্য, বাদ্যযন্ত্ৰ আদি অনেক সমল-সজুঁলি-সংস্কাৰ মহাপুৰুষ গুৰু দুজনাই আমাক দি গৈছে ৷ শুদ্ধ ৰূপত এইসমূহকো লালন পালন চিন্তন মনন কৰি নামঘৰকেন্দ্ৰিক সমাজখন চিৰদিন জিলিকি থাকিব লাগিব ৷

          নামঘৰ এটি জীৱন্ত অনুষ্ঠান ৷ আওকাণ অৱহেলাৰে ইয়াক মৃতপ্ৰায় হৈ পৰি থাকিবলৈ দিলে  জাতিৰ অপূৰণীয় ক্ষতি হ’ব ৷ নামঘৰত বাৰমাহত তেৰটা উৎসৱ অনুষ্ঠান আয়োজন কৰি থাকিব লাগিব ৷ প্ৰতিদিনেই সৰামচা কৰি নামঘৰক পৰিষ্কাৰ পৰিচন্ন কৰি ৰাখিব লাগিব ৷ মণিকুটৰ বন্তিগচ সদায়ে জ্বলি থাকিব লাগিব ৷ নামপ্ৰসংগ নিতৌ চলিব লাগিব ৷ প্ৰতিবছৰে বৰসবাহ আৰু মহাপুৰুষীয়া নাটভাওনা পাতি ৰাইজখনে আপোন ভাৱত গুৰুভকতৰ সেৱা ল’ব লাগিব ৷ তিনি বিহু, ভাদমহীয়া নামকীৰ্ত্তন, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, শুক্লা দ্বিতীয়াত শ্ৰীমন্তশঙ্কৰদেৱৰ তিথি, কৃষ্ণাপঞ্চমীত মাধৱপুৰুষৰ তিথি মহোৎসৱ আদি পাতিব লাগিব ৷ গাঁৱৰ শিশু কিশোৰক শংকৰী গীত নৃত্য বাদ্যৰ প্ৰশিক্ষণ দি জাতিৰ ভৱিষ্যত গঢ়ি যাব লাগিব ৷ গুৰু গোঁসাই অতিথি আহিলে নামঘৰত আতিথ্য দি ৰাখিব লাগিব ৷ আজিকালি, সামান্য কথাতে নামঘৰত তৰ্কাতৰ্কি বৃদ্ধি হ’ব ধৰিছে ৷ পুথি অধ্যয়ন আৰু শ্ৰৱণ কীৰ্ত্তনৰ অভ্যাস বৃদ্ধি হ’লে ভকতসকলৰ জ্ঞানৰ পৰিধি বাঢ়িব ৷ তৰ্ক বেয়া নহয় ৷ জ্ঞানী লোকে আনক হৰুৱাবলৈ তৰ্ক নকৰে, কৰে নজনা কথাবোৰ জানিবলৈ ৷ শিশু কিশোৰ যুৱক-যুৱতী আই মাতৃসকলক নামঘৰত উচিত মৰ্যাদা দি বহুৱাব লাগে ৷ তেওঁলোকক কিছুমান পৰম্পৰাগত আচাৰ নীতিৰ অজুহাতত বলপূৰ্বক হেঁচি ৰাখিবলৈ যত্ন কৰিব নালাগে ৷ সময়ৰ লগত খাপ খুৱাই নামঘৰ সমাজে কিছুমান পৰম্পৰাগত ৰীতি নীতি সালসলনি কৰি হ’লেও নতুন প্ৰজন্মক নামঘৰৰ প্ৰতি আস্থাশীল কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব ৷ গাঁৱৰ নামঘৰভাগ আটোমটোকাৰীকৈ সজাই পৰাই সুন্দৰ কৰি ৰাখিব লাগে ৷ নামঘৰৰ অৱস্থা শোচনীয় হ’লে গাঁৱৰ মানুহবোৰ ধন আৰু মনেৰে দৰিদ্ৰ যেন লাগে ৷ যি নামঘৰত খোল তাল মৃদংগ আৰু গীত মাতৰ শব্দ নাই সেই গাঁৱৰ মানুহ যমপুৰীৰ নিজানত বাস কৰি থকাৰ দৰে হয় ৷

         আমাৰ গুৰু শ্ৰীমন্তশঙ্কৰদেৱক জগত গুৰু বোলা হয় কাৰণ শংকৰদেৱৰ ধৰ্ম বিশ্বজনীন, উদাৰ আৰু মহান ধৰ্ম ৷ তেৰাই জগতৰ সকলো জীৱৰে কল্যাণৰ বাবে চিন্তা কৰিছিল  ৷ “যত জীৱ জঙ্গম কীট পতঙ্গম অগ নগ জগ তেৰি কায়া” বুলি তেৰাই সকলো জীৱকে ঈশ্বৰৰ কায়া বুলি প্ৰেম আৰু দয়াৰ চকুৱে চাইছিল ৷ সাম্য মৈত্ৰীৰ এখন সংস্কৃতিবান প্ৰগতিশীল মানৱ সমাজ গঢ়াৰ বাবে তেৰাই জীৱনজোৰা প্ৰচেষ্টা কৰি গৈছিল ৷ তেৰাই গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, নগাৰ নৰোত্তম , আহোমৰ নৰহৰি, মুছলমানৰ চান্দ খাঁক শিষ্যত্ব প্ৰদান কৰি অস্পৃশ্যতা আৰু কুসংস্কাৰ মুক্ত একেখন বিশ্বমানৱসমাজ আৰ্হি গঢ়ি দি গৈছিল ৷ কোনো জাতি জনজাতি জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্ম বিশ্বাস আচাৰ নীতিকে গুৰুজনাই নিন্দা কৰা নাছিল আৰু অনুগামী সকলকো সতৰ্ক কৰি দিছিল—

       “পৰৰ ধৰ্মক নিহিংসিবা কদাচিত ।

     কৰিবা ভূতকো দয়া সকৰুণ চিত্ত ।।

     হুইবা শান্ত চিত্ত সৰ্ব্ব ধৰ্মত বৎসল ।

    এহি ভাগৱত ধৰ্ম্ম জানা মহাবল ।।”— (১৪১ নং পদ ) ৷

দুখৰ বিষয়, আজি চৌদিশে হিন্দু ইছলাম খ্ৰীষ্টিয়ান বুলি ধৰ্মবিদ্বেষৰ বতাহ বলিছে ৷ একশৰণীয়া বৈষ্ণৱ সকলৰ সতিসন্ততিবোৰকো সেইজাক বতাহে বিপথগামী কৰিছে ৷ একে সময়তে একশৰণীয়া বৈষ্ণৱ পৰিয়ালৰ লোকসকলে নিজৰ শুদ্ধধৰ্ম্ম— “একশৰণীয়া বৈষ্ণৱ ধৰ্ম”ৰো শুদ্ধ আচৰণ কৰিবলৈ এৰিছে ৷ আনৰ ধৰ্ম নিন্দা কৰাটো যেনে পাপ নিজৰ ধৰ্মক বিকৃত আৰু অৱহেলা কৰাটোও সমানেই পাপ ৷ দুয়োটা কথাই সমাজৰ বাবে অত্যন্ত ক্ষতিকাৰক । এনে অৰাজক পৰিবেশত আজি নামত একশৰণীয়া হৈ বহু ভকত বৈষ্ণৱ পৰিয়ালে ধৰ্মচৰ্চাৰ অজুহাতত শাক্ত শৈৱ গনপত্যৰ ধৰ্মাচৰণ কৰি সমাজলৈ বিভ্ৰান্তি কঢ়িয়াই আনিছে ৷ ৰাজনীতিৰ কু-প্ৰভাৱত অতিবেছি হিন্দু হ’বলৈ গৈ বহুতে একশৰণ মহাপুৰুষীয়া ধৰ্মপন্থাক পিছলৈ ঠেলি উত্তৰ ভাৰতীয় ধৰ্মপৰম্পৰাৰ অন্ধ অনুগামী হৈ পৰিছে ৷ নিজৰ শংকৰী কৃষ্টি সংস্কৃতি এৰিদি বজৰুৱা, ঘাইশিপাহীন সংস্কৃতি নামধাৰী দুষ্কৃতিৰ মাজত জপিয়াই নাচিবাগি প্ৰগতিশীল হৈছো বুলি অন্ধ ভাবনাত আত্মঘাতী হোৱাৰ উপক্ৰম হৈছে ৷ যাগযজ্ঞ পূজাপাৰ্বণ মঠমন্দিৰৰ ৰাজকীয় আড়ম্বৰেই উত্তম ধৰ্ম বুলি ভুল কৰি আমাৰ জাক জাক ডেকাগাভৰুৱে নিৰ্বিচাৰে সেইবোৰ আচৰি নিজক নতুনকৈ 'সনাতনী' বুলি পৰিচয় দিবলৈ গৈছে ৷ অথচ আমাৰ গুৰুজনেই “প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপি সনাতন...সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ” বুলি সনাতনী ধৰ্মৰে ধ্বজা উৰুৱাইছে৷ তেন্তে নতুনকৈ আকৌ কি সনাতনী হ’বলৈ বাকী থাকিল? ৷ উশৃঙ্খল ধৰ্মাচাৰৰ কবলত পৰি নিজৰ আদি সনাতন বৈষ্ণৱ পৰম্পৰা আৰু স্বগুৰুৰ প্ৰতি আজি অন্ধ অসমীয়াই আস্থা হেৰুৱাইছে৷ গুৰুজনে দেখুৱাই যোৱা আদি সত্য ধৰ্ম্মৰ মহত্ত্ব আৰু নিজৰ আত্মপৰিচয় এই দৰে পাহৰি পেলোৱাটো অসমৰ নামঘৰকেন্দ্ৰিক বৈষ্ণৱ সমাজখনৰ বাবে চৰম পৰিতাপৰ কথা নহয়নে ? আজিৰ আধুনিক বিজ্ঞান প্ৰযুক্তিৰ যুগত আমি সংকীৰ্ণতা আৰু গোড়ামি এৰি হিন্দুৰ শাক্ত শৈৱ সৌৰ পন্থী সকলৰ লগত বা খ্ৰীষ্টিয়ান ইছলামধৰ্মী সকলৰ লগত অৱশ্যেই মিলিজুলি থাকিব লাগিব ৷ তেওঁলোকৰ ধৰ্মানুষ্ঠান আৰু আচাৰ নীতিক শ্ৰদ্ধাও জনাব লাগিব, প্ৰয়োজন অনুযায়ী আৰ্থিক বা কায়িক সহায় সাহাৰ্যও কৰিব লাগিব ৷ কিন্তু, তাৰমানে এইটো নহয় যে একশৰণীয়া বৈষ্ণৱ পৰম্পৰাৰ নামঘৰকেন্দ্ৰিক সমাজৰ ৰাইজে সিসৱৰ ধৰ্মীয় পৰ্ব অনুষ্ঠানাদি স্ব-গ্ৰাম বা গৃহতে আয়োজন কৰি সেৱা ধৰিব ৷ নিজে নিৰোগী হৈ থকাটো যিদেৰে জীৱনৰ প্ৰথম আৰু প্ৰধান লক্ষ্য একেদৰে স্বধৰ্ম পৰম্পৰাক নিৰোগী কৰি ৰখাটোও আধ্যাত্মিক দিশেৰে প্ৰমুখ কৰ্তব্য ৷ নতুন প্ৰজন্মক এনে মানসিকতাৰে নগঢ়িলে ভুল পথেৰে বাধাহীন ভাবে গৈ এদিন শংকৰগুৰুজনাৰ ধৰ্ম সংস্কৃতি আৰু আদৰ্শ-সমাজখন লুপ্ত কৰি পেলাবগৈ ৷ গুৰুধৰ্মৰ নীতি-আদৰ্শ আৰু অদ্বৈতবাদী দৰ্শন ধ্বংস হৈ গ’লে নামঘৰবোৰো ধ্বংস হৈ যাব, ধ্বংস হ’ব নামঘৰকেন্দ্ৰিক আমাৰ আপোন সমাজখনো ৷ গতিকে, সকলো ভকত বৈষ্ণৱে বিষয়টো গভীৰভাবে অনুভৱ কৰি সাৱধান হ’ব লাগে ৷ যিনহওক, বাহুল্য পৰিত্যাগ কৰা হ’ল ৷

    “হে ভগৱন্ত ভজোহো তোহ্মাৰ

      অভয় পদ-কমলে |

      মঞি অনাথক ৰাখিয়ো ঈশ্বৰ

      অৰুণ-চৰণ-তলে || (সমাপ্ত)

প্ৰসংগ গ্ৰন্থপঞ্জী—

১/ বৰা, নিত্য — বেজবৰুৱা ৰচনাৱলী ৫ম খণ্ড ৷

২/ বৰ্মন শিৱনাথ — শ্ৰীমন্ত শঙ্কৰদেৱ

                             কৃতি আৰু কৃতিত্ব

৩/ বৰুৱা, ড°বিৰিঞ্চিকুমাৰ— অসমীয়া ভাষা আৰু সংস্কৃতি ৷

৪/গোস্বামী, শ্ৰীশ্ৰীতীৰ্থনাথ — নামঘৰ ৷

৫/ শইকীয়া, হেমচন্দ্ৰ — সামাজিক মাধ্যমৰ লেখা ৷

————————————————————————