তাম্ৰেশ্বৰ দেৱালয় : অসমৰ ওডালগুৰি জিলাৰ খৈৰাবাৰী অঞ্চলত অসমৰ অন্যতম পৌৰাণিক স্থান তাম্ৰেশ্বৰ দেৱালয় অৱস্থিত। ইয়াৰ ইতিহাসে সম্পৰ্কে অধিক তথ্য বিচাৰি পোৱা যোৱা নাই যদিও প্ৰত্নতত্ত্ব বিভাগে বিভিন্ন গৱেষণা আৰু অধ্যয়ন মতে ক'য় যে তাম্ৰেশ্বৰ দেৱালয় আনুমানিক ১১-১২ শতিকাৰ ভিতৰত ওডালগুৰি জিলাৰ খৈৰাবাৰীত নিৰ্মাণ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি এই প্ৰাচীন শৈৱপীঠ সপ্তম- নৱম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়। প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত উক্ত দেৱালয়ত তামৰ ফলি,পুৰণি দেৱালয়ৰ ভগ্নাৱশেষ, শিৱ -পাৰ্বতীৰ মূৰ্তি আৰু এটি প্ৰাচীন পুখুৰী আছে। ঐতিহাসিক গুৰুত্ব থকা দেৱালয়খনত ঈশ্বৰিক শক্তি বিৰাজিত।তাম্ৰেশ্বৰ দেৱালয়ত প্ৰতিদিনে‌ই অগণন ভক্তৰ সমাহাৰ হয় যদিও দেৱালয়খনে পাবলগীয়া আন্তঃগাঠনি আৰু নিৰ্মাণৰ প্ৰকৃত সত্যৰ পৰা এতিয়াও বহুদূৰত আছে। দেৱালয় খনক ধৰ্মীয় স্থান আৰু পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ স্থানীয় ৰাইজ আৰু চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত কিয়নো উক্ত সমল অসমৰ ঐতিহাসিক পৰিচয় বহনকাৰী এক সম্পদ। সম্পাদনা কৰক