অসমীয়া কবিতা:-

দুখৰ কামিজ

অভিজিৎ বৰ্মন

বাসুগাওঁ ৰাজাচাৰাং


এয়া চোৱা মই আজি দুখৰ কামিজ পিন্ধিছো !

তুমি জানানে? মই যে এতিয়া !

বিৰহ বেদনাত উজাগৰি নিশাবোৰ পাৰ কৰিছো !

জীৱনৰ প্ৰতিটো পল নিৰাশাৰ অগ্নিত জ্বলিছো ।

তুমি অনুভব কৰানে ?

মই তোমাক এদিন প্ৰতিশ্ৰুতিৰ উৰ্মিমালাত,

উটি ভাহি যাব নিদিয়া হ'লে,

আৰু তোমাৰ মিঠা উষ্ম আলিঙ্গনৰ সুবাস,

মোৰ দেহৰ প্ৰতি শিৰে বোৱাই নিদিয়া হ'লে,

হয়তো কাহানিবাই দুখৰ সাজ সলাই,

জীৱন সাগৰত সুখৰ নাওঁ মেলিলোহেতেন !

তুমি জানানে? মই যে এতিয়া !

তোমাৰ দুগালে বৈ যোৱা,

প্ৰতি টোপাল চকুলোৰ হিচাপ ৰাখিছো !

তুমি জানানে? তুমিয়েইতো এদিন....!!

মোৰ দেহৰ সমস্থ দুখৰ সাজ সলাই,

মোৰ জীৱন সাগৰত সুৰৰ পানচৈ বোৱাইছিলা !

তুমি জানানে? তুমিয়েইতো এদিন....!!

দুখৰ সাগৰত সুখৰ নাওঁ বোৱাবলৈ শিকাইছিলা !

মৰহি যোৱা মোৰ প্ৰেম কাননৰ ফুলবোৰক,

তুমিয়েইতো এদিন....!!

ৰামধেনুৰ সাতৰঙী ৰঙে ৰাঙলী কৰিছিলাত!

হা...হা...হা...হা...হা...হা...!!

আৰু আজি কিয় তুমি??

মোক একে সাজ দুখৰ কামিজকে পিন্ধিব দিছা ?

মই নিপিন্ধো আকৌ,

একেযোৰ দুখৰ পোচাক !

সিটো কাহানিবাই,

মলিয়ন হৈ ডাষ্টবিনত পৰি ৰলত !

চাবা মই আকৌ আহিম তোমাৰ কাষলৈ !

এইবাৰ দুখৰ কামিজ পিন্ধি নহয়,

চিৰদিন সুখৰ কামিজ পিন্ধি,

তোমাৰ কাষলৈ উভতি আহিম !

অপেক্ষা মাথো সময়ৰ....!!!

*****************************