০০ ডাঃভৃংগেশ্বৰ শৰ্মাৰ গল্প

�� সম্প্ৰতি যিসকল গল্পকাৰে আধুনিক জীৱনৰ জটিলতা,মূল্যবােধৰ অৱক্ষয় আৰু মনস্তত্বক বিষয় হিচাপে লৈ অসমীয়া সাহিত্যত নতুন নতুন আংগিকেৰে গল্প ৰচনা কৰি আহিছে সেইসকলৰ ভিতৰত এগৰাকী উল্লেখযোগ্য আৰু সাৰ্থক গল্পকাৰ হৈছে ডাঃ ভৃংগেশ্বৰ শৰ্মা। আশীৰ দশকত আত্মপ্রকাশ কৰা ডাঃ শৰ্মাৰ গল্পত প্রতিফলিত হৈছে গভীৰ জীৱনবােধ আৰু নিঃসংগতাৰ কৰুণ চিত্র।বিশেষকৈ ডাঃশৰ্মাই মানুহৰ জীৱনত ঘটি থকা সৰু-বৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি গল্প সমূহ ৰচনা কৰিছিল।উল্লেখযোগ্য যে অত্যন্ত সুসংযত আৰু পৰিশীলিত বাক্য বিন্যাস, সৰল আৰু ব্যংগাত্মক কথনশৈলী আৰু সংক্ষিপ্ত পৰিসৰত জীৱন আৰু সমাজৰ একোটা তাৎপর্যপূর্ণ দিশক এক অভিনৱ ষ্টাইলেৰে হৃদয়স্পর্শী ৰূপত তেওঁ গল্পৰ মাধ্যমেৰে দাঙি ধৰিছিল। ভৃংগেশ্বৰ শৰ্মা কিছুসংখ্যক গল্পত মানসিক অন্তদ্বন্দ্ব দেখিবলৈ পোৱা যায়।এইক্ষেত্ৰত 'তুমি কি খাই ভাল পোৱা মা','অনুগ্ৰহ কৰি আমনি নকৰিব','গাফিলতি','মোক ক্ষমা কৰিবা মা,ক্ষমা কৰিবা দেউতা' আদি গল্পত চৰিত্ৰৰ মনস্তাত্বিক দিশৰ লগতে চৰিত্ৰৰ মানসিক অন্তদ্বন্দ্ব দেখিবলৈ পোৱা যায়।'তুমি কি খাই ভাল পোৱা মা'গল্পত যিগৰাকী মাতৃয়ে প্ৰথম অৱস্থাত নিজৰ স্বামীৰ স্বাৰ্থত ,পাছলৈ নিজৰ সন্তানক ভাল মানুহ হিচাপে গঢ়িতোলাৰ স্বাৰ্থত নিজে এগৰাকী উচ্চশিক্ষীতা নাৰী হৈয়ো নিজৰ সকলো সপোন বিসৰ্জন দিয়াৰ পাছতো যেতিয়া স্বামী তথা সন্তানে মাকৰ ইচ্ছা-অনিচ্ছাৰ বিষয়ে একো জানিবলৈ চেষ্টা নকৰাত তেওঁ মানসিক অন্তদ্বন্দ্বত ভোগিছে।যিগৰাকী নাৰীয়ে পত্নী হিচাপে স্বামীয়ে কি খাই ভাল পাই ,কি খাই বেয়া পাই,কি পিন্ধি ভাল পাই ,কি পিন্ধি বেয়া পাই সকলো খবৰ ৰাখিছিল ঠিক তেনেদৰে মাতৃ হিচাপেও তেওঁ সন্তানৰ ইচ্ছা-অনিচ্ছা সকলো কথা জানিছিল আৰু বুজিছিল অথচ সেই গৰাকী পত্নী তথা মাতৃৰ প্ৰতি স্বামী আৰু সন্তানৰ কোনো গুৰুত্ব দেখা নাপাই তেওঁ মানসিকভাৱে ভাঙি পৰিছে।

‘অনুগ্ৰহ কৰি আমনি নকৰিব’ গল্পটোৰ জড়িয়তে ৰুগীয়া মানুহৰ খবৰ ল’বলৈ গৈ অনাহকতে এক আমনিদায়ক পৰিস্থিতি সৃষ্টি কৰা মানুহৰ প্ৰতি গল্পকাৰে বিৰক্তি প্ৰকাশ কৰিছে। স্বামীৰ কৰ্ম ব্যস্ততাৰ বাবে যেতিয়া পত্নী মায়াই তেওঁৰ লগত ভালকৈ বহি কথা এষাৰ পাতিব পৰা নাছিল তেতিয়া তেওঁ স্বামী নন্দনক অভিমান কৰিছিল।তদুপৰি যেতিয়া স্বামী নন্দনৰ হাওঁফাওঁত কেন্সাৰ হৈছে তেতিয়া মায়াই স্বামী বেছিদিন জীয়াই নাথাকে বুলি জানিও স্বামীৰ লগত অতদিনে সময় পালে পাতিম পাতিমকৈ সাঁচি ৰখা কথাবোৰ পাতিবলৈও সময় নাপালে।কাৰণ ৰোগীৰ খবৰ লবলৈ অহা মানুহক সেৱা -শুশ্ৰূষা কৰি মায়া ভাগৰি পৰিছিল।যি সময়ত মায়াই স্বামী নন্দনৰ কাষত বহি অতদিনে সাঁচি ৰখা কথাবোৰ দুয়োজনে পাতিব লাগিছিল স্বামীক অলপ মৰম কৰিব লাগিছিল সেই সময়ত মায়াই ৰোগী খবৰ কৰিবলৈ অহা লোকসকলক তেওঁ শুশ্ৰূষা কৰি থাকিব লাগিছিল,যাৰবাবে তেওঁৰ অন্তৰাত্মা কান্দি উঠিছিল আৰু মানসিক অন্তদ্বন্দ্বত ভোগিছিল।

'গাফিলতি' গল্পত কোনো দিনে নিজৰ দায়িত্বত অৱহেলা নকৰা ডাঃগৌতম বৰাই যেতিয়া শেষত ভুল চিকিৎসা কৰি ৰোগীক মাৰি হত্যাকাৰী আখ্যা পাইছে তেতিয়া তেওঁ মানসিক ভাৱে ভাঙি পৰিছে।কাৰণ যিজন ডাক্তৰে সকলো নিয়ম কানুন মানি চলে ,হাস্পতাললৈ তেওঁ সময় মতে আহে,নিজৰ ডিউতি সদায় ভালদৰে কৰে ,ৰোগীক কেতিয়াও বেয়া ব্যৱহাৰ নকেৰ ।তেনে এজন ডাক্তৰৰ মূৰত এনেকুৱা অপযশ তেওঁ মানি লব পৰা নাই যাৰ ফলত তেওঁ মানসিক অন্তদ্বন্দ্বত ভোগিছে।শেষত যেতিয়া নিজৰ পুত্ৰৰ বেমাৰত পৰি আছে তেতিয়া তেওঁ নিজৰ দায়িত্ব বুজি নিজৰ সন্তানক চিকিৎসা কৰিবলৈ ঘৰলৈ যাবলৈও সময় পোৱা নাই।ফলত পুত্ৰ বেমাৰ বেছি হৈ গৈছে ফলত তেওঁ মানসিক অন্তদ্বন্দ্বত ভোগিছে কিয়নো আন ৰোগী চাওঁতে চাওঁতে নিজৰ ঘৰৰ মানুহখিনিক কোনোদিনেই গুৰুত্ব দিয়া নহয় বুলি।তেওঁলোকৰ ক্ষেত্ৰত গাফিলতি কৰা হয় বুলি ডাঃবৰাই মানসিক অন্তদ্বন্দ্বত ভোগিছে।

'মোক ক্ষমা কৰিবা মা,ক্ষমা কৰিবা দেউতা'গল্পত বৰ্তমান আধুনিক যান্ত্ৰিক সমাজখনত প্ৰতিযোগিতাময় শিক্ষা ব্যৱস্থাত তাল মিলাব নোৱাৰি ছাত্ৰই যি আত্ম-হননৰ পথ বাছি লৈছে তাৰ এখন জলন্ত ছবি ফুটি উঠিছে।আমাৰ সমাজখনত বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতা ইমান বাঢ়ি গৈছে যে প্ৰত্যেক মাক-দেউতাকে আন ল'ৰা-ছোৱালীতকৈ পৰীক্ষাত বেছি নম্বৰ আনিবলৈ জোৰ দিয়ে।আনতকৈ যাতে দুটা নম্বৰ বেছি পাই তাৰ বাবে বাধ্য কৰায়।তেতিয়াহে বাকী ছাত্ৰ-ছাত্ৰীৰ মাক-দেউতাকৰ আগত নিজৰ সন্মান ৰক্ষিত হোৱা বুলি ভাৱে।যাৰ বাবে ল'ৰা-ছোৱালীবোৰ কেৱল পৰীক্ষাত নম্বৰ পোৱা যন্ত্ৰত পৰিণত হয়।পিতৃ-মাতৃজে বুজিবলৈ চেষ্টা নকৰে যে আচলতে তেওঁলোকৰ সন্তানৰ ইচ্ছা কিহত।তওঁ কি কৰি বেছি ভাল পায়।যাৰ বাবে কিছুসংখ্যক সন্তানে মানিক অন্তদ্বন্দ্বত ভোগিব লগা হয়।শেখত যেতিয়া সন্তানৰ অনিচ্ছা থকা সত্বেও পিতৃ-মাতৃৰ কথা মতে তেওঁলোকৰ পছন্দ বিষয়ত পঢ়িব লগা হয় আৰু শেষত পিতৃ-মাতৃৰ ইচ্ছা পূৰ্ণ কৰিবলৈ সক্ষম নোহোৱা দুখত সন্তানসকল মানসিকভাৱে ভাঙি পৰি যি আত্ম-হননৰ পথ বাছি লয় তাৰে এখন জলন্ত ছবি এই গল্পটোত ফুটি উঠিছে।

ডাঃ ভৃংগেশ্বৰ শৰ্মাৰ 'দেউতাৰ বাবে এখন ৰচনা','মুখাগ্নি','বিয়লি বেলাৰ গল্প','মৃত্যু সম্পৰ্কীয় এটা বাজি','মৃত্যুবীমা' ইত্যাদি গল্পত বাৰ্ধক্যৰ চিত্ৰ অংকিত হোৱা দেখা যায়।‘মুখাগ্নি’ গল্পত বুঢ়া মাক-দেউতাকে নিজৰ পৰা ক্ৰমে বিচ্ছিন্ন হৈ বেলেগ এখন জগতত সোমাই পৰা পুতেকৰ প্ৰতি সমবেদনা জনাই নিজে তাৰ অগনিত জ্বলি পুৰি মৰিছে। এদিন মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰি পঢ়িবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলোৱা পোনাকণে পঢ়াৰ ব্যস্ততাৰ বাবে ঘৰলৈ আহিব পৰা নাই। তিনি বছৰ ঘৰলৈ নহাকৈ থকা পোনাকণ মাঘ বিহুৰ উৰুকা দিনা আহিব বুলি জানি মাকৰ মন উখল-মাখল হৈ পৰিছে। অথচ হঠাতে বিল গেটছ্‌ৰ কোম্পানীত চাকৰি পাই উৰুকা দিনাখনেই জইন কৰিবলৈ গুচি যোৱাত পোনাকণৰ মাক-দেউতাক দুখত ভাঙি পৰিছে।তেওঁলোকে অনুভৱ কৰিছে যে তেওঁলোকৰ সন্তান তেওঁলোকৰ পৰা বহু দূৰলৈ গুচি গৈছে। দেউতাকে অনুভৱ কৰিছে পোনাকণে কিজানি পিতৃৰ মৃত্যুত মুখাগ্নি কৰিবলৈকো আহিবলৈ সময় উলিয়াব নোৱাৰিব। সেই কথা ভাবি বেদনাত মাক- দেউতাক হতাশগ্ৰস্ত হৈ পৰিছে।

ডাঃ শৰ্মাৰ গল্পৰ আন এটা দিশ হ'ল তেখেতৰ গভীৰ জীৱনবোধ।জীৱনৰ সূক্ষ্মতম আৱেগ -অনুভূতি,মানসিক দ্বন্দ্ব,নি:সঙ্গতাৰ ভয়াৱহ আৰু কৰুণ চিত্ৰকো তেখেতে যথাথ ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে।সহজ-সৰল স্বকীয় কথনশৈলীৰে জীৱন মনস্তত্বৰ জটিলতম দিশসমূহক কলাত্মক ৰূপত উপস্থাপন কৰাৰ দক্ষতা ডাঃশৰ্মাৰ গল্পত পৰিলক্ষিত হয়।

উল্লেখ্য যে ডাঃশৰ্মাই মৃত্যুক কেতিয়াও ভয়ংকৰ ৰূপত দেখুওৱা নাই।ডাঃশৰ্মাৰ 'অন্তৰংগ আলাপ','অচিনাকী'আদি গল্প এই ক্ষেত্ৰত উল্লেখযোগ্য।'অন্তৰংগ আলাপ'গল্পত গল্পৰ নায়কে তেওঁৰ কেন্সাৰ হোৱা বুলি জানিও অকনো ভাঙি পৰা নাই বৰঞ্চ তেওঁৰ চিকিৎসা কৰিবলৈ গোটোৱা টকা খিনি সন্তানৰ পঢ়াৰ ক্ষেত্ৰতহে খৰচ কৰিছে আৰু নিজে কেন্সাৰৰ লগত যুদ্ধ কৰিছে।তেওঁ বুজি পাইছে যে যদি তেওঁ সেই টকাৰে চিকিৎসা কৰে তেতিয়া অন্তত তেওঁ আৰু তিনিটা বছৰ বেছিকৈ জীয়াই থাকিব পাৰিব।কিন্ত সেই তিনিটা বছৰ তেওঁ দুখ -কষ্টৰে জীয়াই থকাতকৈ নিজৰ সন্তানে যদি সেই টকাৰে নিজৰ সপোন পূৰ্ণ কৰিব পাৰে আৰু নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে তেন্তে তেওঁ সমান সুখী আন কোনো নহব।গতিকে তেওঁ মৃত্যুলৈ কোনো ভয় নকৰি নিজৰ চিকিৎসাৰ বাবে গোটাই ৰখা টকা খিনি সন্তানৰ পঢ়াত খৰচ কৰি নিজে অতি সহজ ভাৱে মৃত্যুক গ্ৰহন কৰিছে।

ডাঃ ভৃংগেশ্বৰ শৰ্মাৰ এটা উল্লেখযোগ্য গল্প হ'ল 'কেনে আছা তেজ'।গল্পটো ভূপেন হাজৰিকাৰ মৃত্যুত তেওঁৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰি ৰচনা কৰিছিল।গল্পটো 'গৰিয়সী'ৰ ভূপেন হাজৰিকা বিশেষ সংখ্যা(জানুৱাৰী,২০১২)ত প্ৰকাশ হৈছিল।ভূপেন হাজৰিকাৰ ইচ্ছা আছিল সুদূৰ আমেৰিকাত থকা তেওঁৰ পুত্ৰ তেজক এবাৰ ভালদৰে চোৱা,নিজৰ কাষত বহুৱাই তেওঁৰ লগত মনৰ কথা পতা,তেওঁক পুত্ৰ হিচাপে মৰম কৰা আৰু তেজৰ মুখেৰে ভূপেন হাজৰিকাক 'দেউতা' বুলি মতা মাতটো শুনিবলৈ।পিতৃৰ মৃত্যুত যেতিয়া সাত সাগৰ তেৰ নদী পাৰ হৈ ঢপলিয়াই আহিছিল তেজ তেতিয়া হাজৰিকাদেৱৰ সেই ইচ্ছাক ডাঃ শৰ্মাই কফিনৰ মাজত শুই থকা ভূপেন হাজৰিকাক গল্পৰ মাধ্যমেৰে জীৱন্ত ৰূপ প্ৰদান কৰিছে;যেন সেই অন্তিম মুহূত্বতো পুত্ৰ তেজক দেখা পাই তেজৰ লগত যেন হাজৰিকাদেৱে কথা পাতিছে।বাস্তৱতে ভূপেন হাজৰিকা জীৱিত কালত তেওঁৰ যি পুত্ৰ-পৰিবাৰৰ সৈতে একেলগে বহি কথা পতাৰ যি ইচ্ছা আৰু হেঁপাহ আছিল তাকে গল্পকাৰে ভূপেন হাজৰিকাদেৱৰ মৃত্যুত তেওঁৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা জনাই গল্পকাৰ ডাঃশৰ্মাই এই গল্পটোৰ মাধ্যমেৰে প্ৰকাশ কৰিছে।

বাৰ্ধক্যৰ লগে লগে দেখা দিয়া মস্তিষ্কৰ বিকাৰ, স্মৃতিভ্রংশ আদিৰ হৃদয়স্পর্শী দৃশ্য প্রতিফলন হৈছে তেখেতৰ ‘এনেকৈয়ে এদিন',‘অচিনাকি’ আদি গল্পত। বার্ধক্যত মৃত্যু চেতনা আহেই। কিন্তু ‘এনেকৈয়ে এদিন’ গল্পত নন্দ বায়নৰ মনলৈ এই মৃত্যু চেতনা আহিছে অন্য এক ৰূপত। কেইদিনমানৰ পৰা তেওঁৰ ভাৱ হৈছে যেন কোনােবা আহিব। কোন আহিব, কিয় আহিব তেওঁ একো নাজানে, কিন্তু কোনােবা আহিব। বজাৰৰ পৰা থৰক-বৰককৈ খােজকাঢ়ি আহি পৰিবাৰক সুধিছে – “হেৰা, মােক বিচাৰি কোনােবা আহিছিল নেকি?” বায়ন মানুহজন অস্থিৰ হৈ পৰিছে। বাহিৰত খুটুককৈ শব্দ এটা হ’লেও পৰিবাৰক মাতিছিল -“হেৰা উঠাচোন উঠা” বুলি। এদিন ৰাতি শুই থাকোতে হঠাতে তেওঁ বুকুত বিষ অনুভৱ কৰিলে। লাহে লাহে বিষ বাঢ়ি গ’ল ওচৰতে শুই থকা পৰিবাৰক মাতিব নেকি এবাৰ বুলি ভাৱিছিল কিন্ত তেওঁ পৰিবাৰক নজগালে। অসহ্য বিষত তেওঁ ছটফটাব ধৰিলে। হঠাৎ তেওঁ অনুভৱ কৰিলে কোনােবা যেন আহিছে। লাহে লাহে তেওঁৰ উশাহ চুটি হৈ আহিল আৰু এটা সময়ত তেওঁ উশাহ লােৱাৰ প্রয়ােজন নােহােৱা হৈ পৰিল। বুকুৰ বিষটোও নােহােৱা হ’ল। গাটো পাতল পাতল লাগিল। কাষত আহি থিয় হােৱা মানুহজনে বায়নক ক’লে ‘ব’লা। মন্ত্রমুগ্ধৰ দৰে বায়নেও ক’লে- ‘ব’লা।এনেদৰে গল্পটোৰ মাধ্যমেৰে গল্পকাৰে মৃত্যু চেতনাক অন্য এক ৰূপত দাঙি ধৰিছে।

ভৃংগেশ্বৰ শৰ্মাই 'অচিনাকী’নামৰ  গল্পত  মৃত্যুক তেনেই স্বাভাৱিক ৰূপত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।এশৰ দেওনা পাৰ হােৱা ককা এদিন ঢুকাল।আইতাৰ বয়সে এশৰ ওচৰৰ। আলৰ বুঢ়ী। মাতিলেও মাত নিদিয়া অৱস্থা। ককা ঢুকুৱাত ঘৰখনত কান্দোনৰ ৰােল উঠিল। আইতাক ধৰি-মেলি বাহিৰলৈ অনা হ'ল। কোনােবাই আইতাৰ শিৰৰ সেন্দুৰ মচি দিলে। “কি হৈছে?” আইতাই সুধিলে। আইতাক ককা ঢুকাল বুলি কোৱা হ'ল ,কিন্তু তেওঁ একো নুবুজিলে।ফলত আইতাক ককাৰ মুখখন দেখুওৱা হ'ল কান্দে যদি অলপ কান্দক বুলি কিন্তু আইতাই ককাক চিনিকে নাপালে। “কোননাে ? কোন শুই আছে?” বুলিহে আইতাই সুধিলে।মূলতঃ জীৱনৰ এই চৰম ট্রেজেডীকো লেখকে অত্যন্ত সহজভাৱে গ্ৰহণ কৰিছে গল্পটোৰ মাজেৰে।

ডাঃভৃংগেশ্বৰ শৰ্মাৰ গল্পত বাৰ্ধক্যৰ চেতনাই কোনো এটা চৰিত্ৰকে মৃত্যুৰ ভয়ত ভীতিগ্ৰস্ত কৰি তোলা নাই কিন্তু তাৰ পৰিৱৰ্তে লেখকে ভয়ংকৰ ৰূপত চিত্ৰিত কৰিছে বাৰ্ধক্যৰ নি:সংগতাক।এই ক্ষেত্ৰত ডাঃশৰ্মাৰ 'বৃন্দাবন', 'মৃত্যুবীমা','কামাখ্যা ফাৰ্মাচিত চাৰিজন বন্ধু'নামৰ গল্প কেইটা উল্লেখযোগ্য।

প্ৰতিজন মানুহেই শৈশৱ-কৈশোৰৰ মাজেদি সৰকি আহি এদিন বুঢ়া বয়সত ভৰি থয়। এইটো জগতৰ চিৰাচৰিত নিয়ম। ইয়াক ইচ্ছা কৰিলেও কোনেও খণ্ডাব নোৱাৰে। কিন্তু এই বুঢ়া বয়সটো বহুতৰ বাবেই অভিশাপ স্বৰূপ হৈ পৰে। এই বয়সত বুঢ়া মানুহজনে বিভিন্ন মানসিক যন্ত্ৰণাত ভোগিবলগীয়া হয়। দুখ-যন্ত্ৰণা, হা-হুমুনিয়াহেৰে এদিন মৃত্যুক সাৱটিবলগীয়া হয়! পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ পৰা এলাগি হৈ দিন কটাবলগীয়া হয়।ভাল পাবলগীয়া হয়— নিসংগতাক। বাৰাণ্ডাৰ এচুকত ৰখা আচুতীয়া চকীখনেই হৈ পৰে বুঢ়া জীৱনৰ একমাত্ৰ সাৰথি। জীৱন-যৌৱনৰ এৰি অহা সময়খিনিয়ে বৰকৈ আমনি দিয়ে। কাৰোবাক কম বুলি ভবা কথাবোৰ শুনিবলৈ কাৰো আহৰি নাথাকে। বহু সময়ত নুশুনিবলগীয়া কথা বুলিয়েই ধৰি লোৱা হয়। সেয়েহে সুবিধা পালেই, শুনোতাৰ আগ্ৰহ দেখিলেই বুঢ়া মানুহজনে হৰহৰাই মুখেৰে কৈ দিয়ে বহু কথা। অতীতৰ স্মৃতিকথা—জীৱনত আৰ্জিত অভিজ্ঞতাৰ কথা। মানুহ বুঢ়া হ’লেই কিয় এলাগি হয় সেইতো বিচাৰ কৰিবলগীয়া বিষয়। ভৃংগেশ্বৰ শৰ্মাই তেওঁৰ গল্পৰ জৰিয়তে এনে বহুতো দিশৰ উপস্থাপন কৰিছে। যিবোৰে অসমীয়া সমাজত বুঢ়া মানুহৰ ক্ষেত্ৰত ঘটি থকা বহু অপ্ৰিয় সত্যক উদঙাই দিছে। বাৰ্ধক্যই আৱৰি ধৰা নিজৰ মাক বা দেউতাকক লৈ কিয় নিজৰেই জীয়েক-পুতেকৰ মূৰৰ কামোৰণি বাঢ়ি আহে। অশেষ দুখ-কষ্ট সহি ডাঙৰ-দীঘল কৰা মাক-দেউতাকৰ বেমাৰ-আজাৰ হ’লে, জীৱনৰ অন্তিম ক্ষণতো কিয় আভিজাত্যৰ ভেমত উপঙি থকা পুতেক বা জীয়েকে কাষত থিয় দিবলৈ সময় উলিয়াব নোৱাৰে? কিয় মাকৰ মৃত্যুত অকলশৰীয়া হৈ পৰা দেউতাকক জীয়াই থকা বাকী দিনকেইটা কটাবলৈ নিজৰ লগত ৰাখিব নোৱাৰি বৃদ্ধাশ্ৰমলৈ পঠাই দিবলৈ কুণ্ঠাবোধ নকৰে— এই প্ৰসংগবোৰ ভৃংগেশ্বৰ শৰ্মাই গল্পৰ মাজত বিশ্লেষণ কৰিছে। এই ক্ষেত্ৰত ডাঃ শৰ্মা ‘বৃন্দাবন’গল্পটো উল্লেখযোগ্ৰ।য'ত গল্পকাৰে পত্নী সাৱিত্ৰীৰ মৃত্যুৰ পিছত বৃন্দাবন বুঢ়াৰ আলৈ-এঠানি হোৱাৰ প্ৰসংগ উপস্থাপন কৰিছে। এজনী জীয়েক আৰু দুই পুতেক থকা সত্ত্বেও বৃন্দাবন বুঢ়াক পত্নীৰ মৃত্যুৰ পিছত কোনে কাৰ লগত ৰাখিব তাকে লৈ তৰ্ক কৰিছে। প্ৰত্যেকে আনৰ গালৈ বল থেলি নিজকে নিৰাপদ স্থানত অৱস্থান কৰাইছে। এই কথা বৃন্দাবন বুঢ়াই নিজ কাণেৰে শুনি সিদ্ধান্ত লৈছে ‘আশ্ৰম’ নামৰ বৃদ্ধাশ্ৰমত বাকী থকা দিনকেইটা কাৰো বোজা নোহোৱাকৈ কটাই দিবলৈ। যেতিয়া জীয়েক-পুতেকহঁতে দেউতাকৰ (বৃন্দাবন)সিদ্ধান্তৰ কথা জানিব পাৰিছে মনে মনে বেয়া নাপালেও মুখেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু দেউতাকৰ শেষ ইচ্ছা বুলিয়েই সন্মান জনাই মানি লৈছে বুলি কৈ গা সাৰিছে। ইফালে বৃন্দাবন বুঢ়াইও দুখে-শোকে ভাগৰি পৰি ৰাতিলৈ প্ৰাণ ত্যাগ কৰিছে।

‘কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু’ এটি কৰুণাত্মক গল্প। জীৱনৰ বিয়লি বেলাত ভৰি দিয়া চাৰিজন বন্ধু। কামাখ্যা দাস, মদন শৰ্মা, জীৱন বৰা আৰু নৰেন গোস্বামী। কামাখ্যা দাস ফাৰ্মাছিৰ মালিক। মদন শৰ্মা আৰু জীৱন বৰা অৱসৰপ্ৰাপ্ত শিক্ষক। নৰেন গোস্বামী এজন কেৰাণী। তেওঁলোক চাৰিওজনে অৱসৰ সময় পাৰ কৰিবলৈ লগ লাগে এই কামাখ্যা দাসৰ ফাৰ্মাছিত। তেওঁলোক পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ মাজত থাকিও অকলশৰীয়া। বাৰ্ধক্যই জুৰুলা কৰা চাৰিওজন বন্ধুৱে জীৱনৰ সুখ-দুখৰ কথাবোৰ পাতিব খোজে। সেয়েহে তেওঁলোকে কামাখ্যা দাসৰ ফাৰ্মাছিখনকে বিয়লি বেলাৰ সময় পাৰ কৰাৰ উপযুক্ত ঠাই হিচাপে নিৰ্বাচন কৰিছে। কিন্তু তেওঁওোকৰ মাজৰ পৰা দুজন বন্ধু চিৰদিনৰ বাবে আঁতৰি গৈছে। দুজন বন্ধুৰ বিচ্ছেদত আন দুজন বন্ধুৰ মন-প্ৰাণ যন্ত্ৰণাকাতৰ হৈ পৰিছে। নিজৰ জীৱনৰ কৰুণ পৰিণতিৰ কথা ভাবি শিহৰিত হৈ পৰিছে।

‘মৃত্যুবীমা’ গল্পত জীৱন বীমাৰ দৰে মৃত্যুবীমা কৰাৰ কথা আলোচনা কৰিছে।জীৱন বীমা সম্পৰ্কীয় কথাবোৰ প্ৰায়ভাগ মানুহে কম বেছি পৰিমানে জানে। বৰ্তমান আৰু ভৱিষ্যতৰ স্বাৰ্থত মানুহে জীৱন বীমা কৰে। জীৱন বীমাৰ পলিচি অনুযায়ী সা-সুবিধাবোৰ বেলেগ বেলেগ। গতিকে নিজৰ ভৱিষ্যতক লৈ চিন্তিত অৱস্থা সম্পন্ন মানুহে একান্তই ব্যক্তিগত স্বাৰ্থত জীৱন বীমা কৰায়। গল্পটোৰ নায়ক সদানন্দ। জী-পুত্ৰ আছে যদি দূৰে দূৰে থাকে। সুযোগ বুজি সদানন্দৰ ওচৰলৈ নাচিকেতা কাশ্যপ নামৰ যুৱক এজন আহিছে। যি মৃত্যুবীমা কৰায়। ‘শুভযাত্ৰা’ নামৰ এজেঞ্চিটোৰ এয়া এক মানৱসেৱা। এই এজেঞ্চিয়ে মানুহৰ মৃত্যুৰ পিছত মানুহ জীৱনৰ ইচ্ছা অনুসৰি শ সৎকাৰ কৰাৰ দায়িত্ব লয়। আধুনিক মানুহৰ মাজত যি ব্যক্তিকেন্দ্ৰীকতাই গঢ় লৈ উঠিছে, সিয়ে মানুহৰ প্ৰতি মানুহৰ মানৱীয়তাক হেৰুৱাই পেলাইছে। তাৰ সুযোগ লৈছে শুভযাত্ৰা নামৰ এজেঞ্চিটোৱে। গল্পকাৰে নিজস্ব চিন্তাৰ মৌলিকতাৰে ভৱিষ্যত জীৱনৰ ভয়াৱহ ছবি এখন ‘মৃত্যুবীমা’ শীৰ্ষক গল্পটিত তুলি ধৰিছে।

বাৰ্ধক্যৰ লগতে প্রাচীন মূল্যবোধৰ অৱক্ষয়ক বিষয়বস্তু হিচাপে লৈ ডাঃ শর্মাই ৰচনা কৰা গল্পসমূহৰ ভিতৰত' সাধুকথা’ এক অন্যতম শ্রেষ্ঠ গল্প। হোমেন বৰগোহাঞিৰ 'হাতী ' নামৰ গল্পটিৰ দৰে ডা:শৰ্মাৰ 'সাধুকথা' নামৰ গল্পটিতো দুটা প্ৰজন্মৰ মানসিক ব্যৱধান আৰু প্ৰাচীন মূল্যবোধৰ সংকটক দেখুওৱা হৈছে ।চহৰত বাস কৰা পুতেক-বােৱাৰীয়েক, নাতি-নাতিনীহঁতক আগ্ৰহেৰে চাবলৈ গৈ মাক চাৰুবালাই প্রত্যক্ষ কৰা প্রাচীন মূল্যবােধৰ অৱক্ষয় আৰু সেই পৰিৱর্তনৰ চাকনৈয়াত তেওঁ নিজেই এটা পুৰণি সাধুকথালৈ পৰিণত হােৱা ঘটনাক গল্পকাৰে অত্যন্ত হৃদয়স্পর্শী ৰূপত গল্পটিৰ মাজেৰে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। চাৰুবালাৰ চকুত চকুপানী দেখি গিৰিয়েকে কোৱা কথাষাৰ তাৎপর্যপূর্ণ "নাকান্দিবা,কান্দিৰ নাপায়।...সময় গৈ থাকিব, পৰিৱৰ্তন আহি থাকিব। আমি ভবাৰ দৰেতাে কোনাে ৰৈ নাথাকে। নতুন আহিছে, আগৰটো পুৰণি হৈ গৈছে।আমিবােৰাে, তুমি, মই এতিয়া পুৰণি হৈ গৈছোঁ। আমি নিজেই এতিয়া সাধুকথা হৈ গৈছােঁ। সেই যে তুমি কৈ থকা বুঢ়া-বুঢ়ীৰ সাধু কথাটো - এসময়ত এখন গাঁৱত এহাল বুঢ়া- বুঢ়ী আছিল। সিহঁতৰ কেও-কিছ নাছিল, সিহঁত বৰ অকলশৰীয়া আছিল....।”এনেদৰে গল্পকাৰে প্ৰজন্মৰ মানসিক ব্যৱধান আৰু প্ৰাচীন মূল্যবোধৰ অৱক্ষয় দেখুওৱাবলৈ চেষ্টা কৰিছে।

ডাঃভৃংগেশ্বৰ শৰ্মা গল্পত প্ৰতীকৰো ব্যৱহাৰ দেখা যায়।এই ক্ষেত্ৰত তেখেতৰ 'শগুণ' নামৰ গল্পটো উল্লেখযোগ্য।ইয়াত তেখেতে বৰ্তমান বিলুপ্তপ্ৰায় শগুণ চৰাইটোক প্ৰতীক হিচাপে লৈ বৰ্তমান যান্ত্ৰিক সমাজখনত বাস কৰা এচাম মুখা পিন্ধা ভদ্ৰ মানুহৰ কথা কবলৈ গৈছে।এই ক্ষেত্ৰত গল্পকাৰে ব্যক্তিগত নাৰ্ছিংহোমত ডাক্তৰে চলাই থকা ভুৱা আৰু দালাল চিকিৎসা,সংগঠন আৰু সাংবাদিক কিদৰে কিনা-বেচা হয়,সাংবাদিকে কিদৰে আমাৰ সমাজৰ মানৱসম্পদ স্বৰূপ ব্যক্তি সকলৰ মৃত্যু নোহোৱা আগৰে পৰা তেওঁলোকৰ মৃত্যুৰ বাবে গভীৰ অপেক্ষা কৰি থাকে আৰু বিভিন্ন অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰি থাকে,চৰকাৰী কাৰ্যালয়ত ঘোচখোৰ চকীদাৰ,পিয়নৰ পৰা আৰম্ভ কৰি বিষয়া,মন্ত্ৰী-নেতাৰ দুৰ্নীতি ইত্যাদিবোৰক বুজাবলৈ গল্পকাৰে প্ৰতীকী অৰ্থত শগুণ শব্দটো ব্যৱহাৰ কৰিছে।

ডাঃশৰ্মা আন এটা গল্প হৈছে 'ঈশ্বৰৰ মৃত্যু'।গল্পটোত ঈশ্বৰ শব্দটোৱে কন কন লৰা-ছোৱালীক বুজাইছে।যিহেতু ভাৰতীয় দৰ্শনে সৰু ল'ৰা-ছোৱালীৰ অৰ্থাত শিশু সকলৰ গাত ভগৱান থাকে বুলি বিশ্বাস কৰে।যেতিয়া সন্ত্ৰাসবাদী সংগঠন সমূহে দেশৰ বিভিন্ন স্থানত থকা বিদ্যালয় সমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।যাৰ ফলত শ শ শিশুৰ অকাল মৃত্যু ঘটিছিল তেনে ভয়ঙ্কৰ দৃশ্য দেখি গল্পকাৰে 'ঈশ্বৰৰ মৃত্যু' নামেৰে কৰুনাত্মক গল্পটো ৰচনা কৰিছিল।গল্পকাৰে গল্পটোৰ জড়িয়তে এই সন্ত্ৰাসবাদী সংগঠন সমূহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।

ডাঃভৃংগেশ্বৰ শৰ্মাৰ কিছুসংখ্যক গল্পত মানৱ সমাজক কিছু ক্ষেত্ৰত সজাগতা অৱলম্বনৰ আহ্বান ধ্বনি শুনিবলৈ পোৱা যায়।এই ক্ষেত্ৰত ডাঃশৰ্মাৰ ‘নিৰুদ্দেশ’ গল্পটো উল্লেখযোগ্য। এদিন দেউতাকৰ হাতত ধৰি পূজা চাবলৈ গৈ মানুহৰ ভিৰত হেৰাই যোৱা ল’ৰাজনৰ প্ৰসংগৰে গল্পটো আৰম্ভ হৈছে। একো আও-ভাও বুজি নোপোৱা ল’ৰাজনক বিচাৰি দেউতাক চিন্তিত হৈ পৰিছিল। কিন্তু সময়ৰ গতিত বুঢ়া হৈ যোৱা দেউতাকে আলঝেইমাৰ ৰোগত ভোগাত সকলো পাহৰি গৈছে। দিল্লীত চিকিৎসাৰ বাবে যোৱা দেউতাক ক’ৰবাত হেৰাই যাব বুলি ভাবি পুতেকে জোৰেৰে খামুচি ধৰিছে।সৰুতে এদিন মেলাত যিজন পুত্ৰই দেউতাৰ হাতত খামুচি ধৰি মানুহৰ ভিৰৰ মাজত ঘূৰি ফুৰিছিলোঁ। দেউতাকে বাঁওহাতখনেৰে পুত্ৰৰ সোঁহাখনত খামুচি ধৰিছিল পুতেক হেৰাই যাম বুলি। আজি সেইজন পুত্ৰই দেউতাৰ সোঁহাতখনত নিজৰ বাওঁহাতখনেৰে খামুচি ধৰিছে দেউতা হেৰাই যাব বুলি। যেন দেউতাক এটা কণমানি শিশুহে। গল্পটোৰ কেন্দ্ৰবিন্দুত আছে আলঝেইমাৰ ৰোগটো। এই ৰোগৰ পৰিচৰ্যা আৰু মানুহক ইয়াৰ প্ৰতি সজাগ সচেতন কৰাই গল্পকাৰৰ প্ৰধান লক্ষ্য হৈ পৰিছে।

ডাঃশৰ্মাৰ আন এটা গল্প হ'ল 'সপোনপুৰীত সপোন এটা'।গল্পটোৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে বিশ্বাস।বৰ্তমান আধুনিক যান্ত্ৰিক সমাজখনতো যেন মানুহৰ প্ৰতি থকা মানুহৰ বিশ্বাস আতঁৰি যোৱা নাই তাকে এই গল্পটোৰ মাধ্যমেৰে গল্পকাৰে দাঙি ধৰিছে।গল্পটো ভালদৰে পঢ়ি চালে এইকথা সহজে বুজিব পাৰি যে বিশ্বাসৰ যোগেদিয়ে সমাজখন চলি আছে।গল্পটোত এগৰাকী ছোৱালী আৰু আন জন ল'ৰা তেওঁলোক দুয়ো ভাল বন্ধু,তেওঁলোকৰ বন্ধুত্বৰ মাজত বিশ্বাস আছে,বুজা-বুজি আছে।তদুপৰি তেওঁলোক দুয়োজন একেলগে পঢ়া।তেওঁলোক দুয়োজনে মুম্বাইত ভাল চাকৰিও পাইছে একেটা অফিচতে।কিন্তু তেওঁলোকে তাত থাকিবলৈ ভাৰা ঘৰ বিচাৰি পোৱা নাই। কাৰণ মুম্বাইত অকলে থকা লোকক ঘৰ ভাৰা নিদিয়ে।শেষত তেওঁলোকে উপায়ন্ত হৈ মালিকক মিছা মাতি তেওঁলোক দুয়ো পতি-পত্নী বুলি ঘৰ ভাৰা লৈছে।সেইকথা তেওঁলোক দুয়োজনে দুয়োজৰ ঘৰৰ অভিভাৱকৰ ওচৰত বিতংভাৱে কৈছে আৰু তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে আৰু তেওঁলোকে কোনো দিনে পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে নাযায় বুলিও কৈছে।শেষত দুয়োজৰে ঘৰৰ অভিভাৱকে তেওঁলোকক সমৰ্থন কৰিছে কেৱল নিজৰ সন্তানৰ ওপৰত থকা বিশ্বাসৰ বাবে।

বুঢ়া মানুহজনৰ মনস্তত্ত্ব আৰু মৃত্যুৰ প্ৰসংগৰে লিখা ভৃংগেশ্বৰ শৰ্মাৰ গল্পৰ বিষয়বস্তুৰ অভিনৱ উপস্থাপন শৈলী আৰু সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণৰ বাবেই অতি সহজতে পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।অসমীয়া সাহিত্যৰ যিগৰাকী সাহিত্যিকে নিজৰ হাস্য-ব্যংগ ৰচনাৰে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে, তেখেত হ'ল ভৃংগেশ্বৰ শৰ্মা।"প্ৰান্তিক"ৰ দৰে উচ্চ মানসম্পন্ন আলোচনীৰ নিয়মীয়া লেখক শৰ্মাই "দৈনন্দিন" শিৰোনামাৰে লেখা বহুখিনি লেখা ইতিমধ্যে প্ৰান্তিকৰ পাতত প্ৰকাশ হৈ কিতাপ আকাৰে ওলাইছে।বৰ্তমানলৈকে ডাঃ শৰ্মা ছখন গল্প সংকলন প্ৰকাশ হৈ ওলাইছে,সেইকেইখন হ'ল ক্ৰমে 'জাৰৰ দিনৰ সপোন','কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু' ( গল্প সংকলন, ১৯৯৬),'মৃত্যু সম্পৰ্কীয় এটা বাজি','মুখাগ্নি','বিয়লি বেলাৰ গল্প','অন্তৰংগ আলাপ'। আশীৰ দশকত আত্মপ্রকাশ কৰা ডাঃ শৰ্মাৰ গল্পত প্রতিফলিত হৈছে গভীৰ জীৱনবােধ আৰু নিঃসংগতাৰ কৰুণ চিত্র। মানৱ জীৱনৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি ডাঃভৃংগেশ্বৰ শৰ্মাই বিশেষকৈ গল্পসমূহ ৰচনা কৰিছিল।সহজ-সৰল লেখন শৈলী,ব্যংগাত্মক কথন ভংগী,প্ৰতীক ধৰ্মী লেখন শৈলীৰে লেখা ডাঃশৰ্মাৰ গল্পই পঢুৱৈ মন সহজে আৰ্কষিত কৰিছে।বিভিন্ন দিশৰ খুটি-নাতি তথা পুংখানুপুংশ বৰ্ণনা শৰ্মা গল্পত দেখিবলৈ পোৱা যায়।গল্পৰ পুংখানুপুংশ বৰ্ণনাৰ ক্ষেত্ৰত ভৱেন্দ্ৰনাথ শইকীয়াৰ পাছতে ডাঃভৃংগেশ্বৰ শৰ্মাৰ নাম উল্লেখ কৰিব পাৰি।

সমাজৰ সাধাৰণ শ্ৰেণী মানুহৰ জীৱন স্বপ্ন আৰু এই স্বপ্নভংগৰ বেদনাও ডাঃশৰ্মাৰ গল্পত অতি অন্তস্পৰ্শীৰূপত বৰ্ণিত হৈছে।'ডাক্‌তৰ বাবু'গল্পত সমাজৰ সাধাৰণ শ্ৰেণী মানুহৰ সৰলতাৰ ছবি খন আকৰ্ষণীয় ৰূপত ফুটি উঠাৰ লগতে মানুহৰ জীৱনৰ প্ৰতি মোহ আৰু সমস্যাজৰ্জৰ আৱস্থাৰ উপলব্ধিও মনোগ্ৰাহী হৈ উঠিছে।সাধাৰণ মানুহৰ জীৱন সংগ্ৰাম আৰু এই সংগ্ৰামৰ কাৰুণ্যতা প্ৰকাশৰ ক্ষেত্ৰত ডাঃশৰ্মাৰ 'পোৰা নোটৰ গোন্ধ'গল্পটো সাৰ্থক সৃষ্টি বুলিব পাৰি। ভৃংগেশ্বৰ শৰ্মা গল্পত সমকালৰ অৱক্ষয়ৰ ৰূপটো ফুটি উঠাৰ লগতে এই অৱক্ষয়ৰ মাজেদি বিভিন্ন শ্ৰেণী চৰিত্ৰৰ ভণ্ডামিও প্ৰকাশ পাইছে।

শেষত ক'ব পাৰি যে ডাঃভৃংগেশ্বৰ শৰ্মাক চুটিগল্পৰ কলা-কৌশলৰ প্ৰতি সজাগ এজন গল্পকাৰ হিচাপে অভিহিত কৰিব পাৰি।এওঁৰ গল্পত পুংখানুপুংখ বৰ্ণনা থকা দেখা যায়।মানৱ জীৱনৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি ডাঃশৰ্মাই গল্পসমূহ ৰচনা কৰিছে।এওঁৰ গল্পত অসমীয়া সাহিত্যৰ উজ্বল নক্ষত্ৰ স্বৰূপ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ আৰ্হি দেখিবলৈ পোৱা যায়।সু-সংযত আৰু পৰিশীলিত বাক্যবিন্যাস,সহজ-সৰল আৰু ব্যংগাত্মক কথনশৈলী ডাঃশৰ্মাৰ গল্পত সততে বিৰাজ কৰা দেখিবলৈ পোৱা যায়।


আতিথ্য ফুকন


০০অম্বিকাগিৰী ৰায়চৌধুৰীৰ চমু পৰিচয়।

অসম কেশৰী ৰূপে খ্যাত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল ১৮৮৫ চনত সত্ৰনগৰী বৰপেটাৰ দক্ষিণহাটীত।তেওঁৰ পিতৃ আৰু মাতৃৰ নাম যথাক্ৰমে কৃষ্ণৰাম ৰায়চৌধুৰী আৰু দৈৱকী দেৱী।সৰুতেই মাউৰা হ'বলগীয়া হোৱাত ৰায়চৌধুৰীয়ে অতি কষ্টৰ মাজেৰে বৰপেটাতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল ।পৰবৰ্তী সময়ত তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত নামভৰ্তি কৰে যদিও বিভিন্ন কাৰণত অষ্টম শ্ৰেণীতে তেওঁৰ শিক্ষা জীৱনৰ পৰিসমাপ্তি ঘটে।তৎকালীন সময়তে ৰায়চৌধুৰীয়ে 'বন্দিনী ভাৰত মাতা ' (১৯০৫) শীৰ্ষক এখনি নাট ৰচনা কৰিছিল। উল্লেখযোগ্য যে কটন কলেজিয়েট স্কুলত অভিনয় কৰি থকা অৱস্থাত তদানীন্তন ব্ৰিটিছ আৰক্ষীৰ দ্বাৰা উক্ত নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত হৈছিল ।ছাত্ৰাৱস্থাতে দেশপ্ৰেমৰ ভাবনাই পুখা মেলা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ক্ষুদিৰাম বসুত, বাৰীন্দ্ৰ ঘোষ আদি বিপ্লৱী সকলৰ কাম - কাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনাকিষ্ট দল গঠন কৰি সন্ত্ৰাসবাদী কাম কাজত লিপ্ত হৈ পৰিছিল।ফলত সন্ত্ৰাসবাদী কাম কাজত লিপ্ত থকাৰ সন্দেহত ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈকে বৰপেটা আৰক্ষীয়ে তেওঁক নজৰবন্দী কৰি ৰাখিছিল ।একে সময়তে অৰ্থাৎ ১৯১৪ চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ডিব্ৰগড়ৰপৰা ওলোৱা 'আসাম বান্ধৱ ' আলোচনীৰ সহকাৰী সম্পাদক হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিল।একেদৰে ১৯১৫ চনত তেওঁৰ জীৱনৰ প্ৰথম খন কবিতাপুথি ' তুমি ' য়ে প্ৰকাশৰ মুখ দেখিছিল।সি যিয়েই নহওঁক,১৯১৮ চনত ৰায়চৌধুৰীয়ে 'অৰুণা' নামৰ ছপাশাল এটা স্থাপন কৰি স্বাধীনভাৱে ব্যৱসায় কৰাত মনোনিৱেশ কৰে। ১৯২১ চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে স্বাধীনতা আন্দোলনত যোগদান কৰি প্ৰায় দুবছৰ কাৰাবাস খাটিবলগীয়া হয়। জেলৰ পৰা মুক্তি পাই ১৯২৪ চনত ৰায়চৌধুৰীয়ে 'শতধৰ' নামৰ গদ্যপুথিখন ৰচনা কৰে। ১৯২৬ চনত ৰায়চৌধুৰীয়ে পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু উক্ত সভাত তেওঁ লিখা বন্দো কি ছন্দেৰে শীৰ্ষক গীতটি অধিৱেশনৰ উদ্বোধনী গীত হিচাপে পৰিৱেশন কৰা হয়। একে বছৰতে তেওঁ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংৰক্ষণৰ লক্ষৰে অসমীয়া সংৰক্ষিণী সভা গঠন কৰে। আনহাতে ১৯৩৫ চনত তেওঁ মহাত্মা গান্ধীৰ ইয়ং ইণ্ডিয়া কাকতৰ আৰ্হিত পষেকীয়া কাকত ডেকা অসম প্ৰকাশ কৰি উলিয়াইছিল। পৰৱৰ্তী সময়ত ১৯৪৪ চনত ৰায়চৌধুৰীয়ে শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সংগীত সন্মিলনত সভাপতিত্ব কৰিছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল। ১৯৫১ চনত নিজৰে দুহিতা শুচিব্ৰতা ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়াইছিল 'সাহিত্য মঞ্জৰী'। ১৯৬৪ চনত ৰায়চৌধুৰীৰ কাব্য জীৱনৰ সাৰ্থক নিদৰ্শন 'বেদনাৰ উল্কা' প্ৰকাশ পায়। একেখন কাব্যগ্ৰন্থৰ বাবেই ১৯৬৬ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে। এইজনা প্ৰথিতযশা সাহিত্যিক আৰু জাতীয়তাবাদী চিন্তানায়কৰ মৃত্যু হয় ১৯৬৭ চনত।অম্বিকাগিৰী ৰায়চোধুৰীৰ বৰণীয় সাহিত্যিক সত্তাটো আচ্ছন্ন হৈ আছিল বহুমখী প্ৰতিভাৰে।তেওঁ একেধাৰে আছিল এজন কবি ,নাট্যকাৰ,সাংবাদিক,সংগীতজ্ঞ,অভিনেতা,সমাজ সংস্কাৰক তথা ৰাজনৈতিক কৰ্মী।তেওঁৰ সাহিত্য সম্ভাৰে অসমীয়া সাহিত্যৰ ভড়ালক যথেষ্ট চহকী কৰি গৈছে।তলত তেওঁৰ সাহিত্য সম্ভাৰক শৃংখলাবদ্ধভাৱে এনেদৰে দেখুৱাব পাৰি-

১/কবিতা-তুমি(১৯১৫),বীণা(১৯১৬), অনুভূতি(১৯৫৪),স্থাপন কৰ স্থাপন কৰ(১৯৫৪),বেদনাৰ উল্কা(১৯৬৪),দেশেই ভগৱান(১৯৬৫),বাণী বিদ্যুৎ(১৯৭৯)

২/গীত-বন্দো কি ছন্দেৰে(১৯৫৯),চেতনাৰ কণ্ঠ(১৯৮৫),songs of the cell(১৯৪২)

৩/নাটক-জয়দ্ৰথ বধ(১৯৬১),ভক্ত গৌৰৱ, কল্যাণময়ী

৪/প্ৰবন্ধ-জগতৰ শেষ আদৰ্শ আৰু বিশ্বশান্তি(১৯১৬),ভাৰতীয় স্বৰাজ আৰু অসমীয়া স্বৰাজ(১৯৩৪),ডেকা-ডেকেৰীৰ বেদ(১৯৪২),স্বাধীন পঞ্চায়ত ৰাষ্ট্ৰ গঠনৰ প্ৰাথমিক আঁচনি(১৯৪২),আত্মৰক্ষী বাহিনী গঠন(১৯৪৬),আহুতি(১৯৫৪),Final goal of man and lasting peac(১৯৬৯),মোৰ জীৱন ধুমুহাৰ এছাটি(১৯৬৭),অসম কেশৰীৰ বচন(১৯৮১)

৫/সম্পাদনা-সাহিত্য মঞ্জুৰী(১৯৫১)


                 (ক) টুলুমণি সন্দিকৈ
                 (খ) আতিথ্য ফুকন
                 (গ) অনুপ শইকীয়া।


০০০অম্বিকাগিৰী ৰায়চৌধুৰীৰ 'অসমত অৰাজকতা'নামৰ প্ৰৱন্ধটোৰ এটি আলোচনা।


অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তেখেতৰ 'অসমত অৰাজকতা' নামৰ প্ৰবন্ধটোৰ যোগেদি বিভিন্ন সময়ত অসমলৈ আহি অসমৰ মাটি দখল কৰা বহিৰাগত লোকসকল আৰু তেওঁলোকে কিদৰে অসমত অৰাজকতা সৃষ্টি কৰিছে সেই বিষয়ে অসমীয়া জনগণক সজাগ কৰিছে। কিয়নো ৰায়চৌধুৰী এজন জাতীয়তাবাদী কবি আছিল। তেওঁ যিদৰে নিজৰ জাতিটোক ভাল পাইছিল ঠিক তেনেদৰে নিজৰ জাতিটোৰ দুৰ্বলতা খিনিক তেওঁ কোনো কুণ্ঠাবোধ নকৰাকৈ সমালোচনাও কৰিছিল।

           প্ৰবন্ধটো পঢ়িলে এনে লাগে যে যদিও ৰায়চৌধুৰীয়ে বৃটিছ শাসনৰ বিৰুদ্ধে আন্দোলন কৰিছিল বা জাতীয়তাবাদী কবিতা, নাটক তথা প্ৰতিবাদত অংশলৈ চৰকাৰৰ ৰোষত পৰিছিল। তথাপিও তেওঁ যেন কোনোবাখিনিত বৃটিছ শাসনৰ কিছুমান নিয়মক সমৰ্থন কৰিছিল যেন বোধ হয়। তেওঁ অসমত অৰাজকতা নামৰ প্ৰৱন্ধটোত লিখিছে "আগেয়ে যেতিয়া বৰ্তমান বৃটিছ শাসনৰ নিচিনা শৃংখলিত শাসন প্ৰণালী আমাৰ দেশত নাছিল, তেতিয়া আসামৰ অধিবাসীসকলক, নানা সময়ত নানা ফালৰ পৰা মোৱামৰীয়া, মান, কছাৰী আদি পাৰ্বত্য জাতিবিলাকে হঠাৎ আহি আক্ৰমণ কৰি নানা বিষয়ে অপমান, অত্যাচাৰ কৰা কাহিনী আসাম বুৰঞ্জীত আছে কিন্তু সুসভ্য বৃটিছ ৰাজৰ উন্নত শাসনৰ দিনত তেনে ঘটনা বুৰঞ্জীত ঠাই পালে, বৃটিছ গৱৰ্ণমেণ্টৰ গৌৰৱত নিশ্চয় কলঙ্কৰ ছিটা পৰিব।" - ইয়াৰ পৰা নিঃসন্দেহে বুজিব পাৰি যে ৰায়চৌধুৰীয়ে বৃটিছ শাসনক কিছু কিছু ক্ষেত্ৰত সমৰ্থন কৰিছিল।
          ৰায়চৌধুৰীয়ে 'অসমত অৰাজকতা' প্ৰৱন্ধটোৰ যোগেদি তেখেতৰ প্ৰৱল জাতীয়তাবাদৰ উন্মেষ ঘটা দেখা যায়। অসমত যি সময়ত লাখ লাখ বিদেশী তথা বঙ্গদেশৰ মৈমন সিং আদি জিলাৰ পৰা নিচেই নীচ শ্ৰেণী মানুহ আহি বসতি পাতিছেহি আৰু দিনে দিনে অসমীয়া পুৰুষ-মহিলাৰ ওপৰত নানা ৰকমে উৎপীড়ন চলাই জাতি-ধৰ্ম নষ্ট কৰিছে। এইবোৰ দেখি শুনিও যে অসমীয়াই মনে মনে বহি আছে সেই বাবে ৰায়চৌধুৰীয়ে আক্ষেপ কৰিছে আৰু খঙত নিজৰ জাতিটোক ব্যঙ্গ কৰিছে এনেদৰে "আজিৰ অসমীয়া সেই আগৰ অসমীয়া বীৰ জাতিৰ বংশধৰ নহয়, আজিৰ অসমীয়াৰ শিৰত পূৰ্ব পুৰুষৰ উষ্ণ শোণিত নাই; আজিৰ অসমীয়াই দেৱীৰূপী তিৰোতা জাতিৰ লঘু-লাঞ্ছনা চকুৰে চায়ো থিৰে থাকিব পাৰে, কাণেৰে শুনিও মস্তিষ্ক তপত নহয়।" - ৰায়চৌধুৰীৰ এনে অনুভূতিৰ পৰাই বুজিব লাগিব যে তেওঁৰ জাতিৰ প্ৰতি অন্তৰত কিমান প্ৰেম থকাৰ লগতে আক্ষেপো সোমাই আছে।
         প্ৰৱন্ধটোৰ মাজত ৰায়চৌধুৰীৰ প্ৰৱল জাতীয়তাবাদ ফুটি উঠিছে। যদিও তেওঁ অসমীয়াক ব্যঙ্গ তথা ইতিকিং কৰিছে কিন্তু তেওঁ সেই ব্যঙ্গ বা ইতিকিঙৰ জড়িয়তে জাতিটোৰ মাজত পুনৰ স্বদেশ প্ৰেম বীজ ৰোপন কৰা চেষ্টা কৰিছে আৰু তেওঁ বিশ্বাস আছে যে জাতিটোৱে এই বিদেশী নৰপশু বোৰৰ অত্যাচাৰ মষিমূৰ কৰিব পাৰিব। তাক সম্ভৱ কৰিবলৈ হ'লে অসমীয়াই "অসমীয়াই পূৰ্ব পুৰুষৰ তেজ বীৰ্য অসমীয়াই শিৰত অচল আত্মসম্ভ্ৰমৰ তাপত গলাই সেই উত্তপ্ত তেজ, সেই উষ্ণ বীৰ্য, অসমীয়াৰ শিৰে শিৰে খৰতৰ বেগে বোৱাৱ লাগিব; অসমীয়াই হৃদয়ে হৃদয়ে, অন্তৰে অন্তৰে বুজিব লাগিব।নৰপশুৰ হাতত এইদৰে অত্যাচাৰিত উৎপীড়িত হ'বলগীয়া জাতি অসমীয়া নহয়; তাক মষিমূৰ কৰিব পৰা শক্তি অসমীয়াৰ আছে।"- ইয়াৰ পৰাই বুজিব পাৰি যে ৰায়চৌধুৰীয এনে এজন ব্যক্তি যিজনে কোনো দিনে কোনো পৰিস্থিতিতে নিজৰ জাতিটোৱে আনৰ ওচৰত সৰু হৈ বা পৰাধীন হৈ জীয়াই থকা কথাটো কল্পনাও কৰিব পৰা নাছিল।
           ৰায়চৌধুৰীয়ে নিজৰ জাতিটোৰ স্বাৰ্থত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁ নিজৰ অসমভূমিলৈ বিদেশী লোকৰ আগমনক বাধা দিবলৈ বৃটিছ গৱৰ্ণমেণ্টৰ ওচৰত দাবী উত্থাপন কৰিছিল। বৃটিছ গৱৰ্ণমেণ্টৰ ওচৰত এই ক্ষেত্ৰত ৰায়চৌধুৰীয়ে দুটা চৰ্ত ৰাখিছিল - প্ৰথমটো বিদেশী লোকৰ অসমলৈ প্ৰৱজন বন্ধ কৰিব লাগে নহ'লে দ্বিতীয়টো আগতে যিসকল লোক আহি অসমত অশান্তি সৃষ্টি কৰিছে কেৱল তেওঁলোকৰ প্ৰতি সিহঁতৰ পশু-প্ৰবৃতিৰ নিবৃত্তি কৰিবলৈ কেৱল সিহঁতৰ নিমিত্তে Criminal আইনৰ এটা বিশেষ কঠোৰ ধাৰা নিদিৰ্ষ্ট কৰিব লাগে। এনেদৰে ৰায়চৌধুৰীয়ে দেশ তথা জাতিৰ স্বাৰ্থত চৰকাৰৰ ওচৰত দাবী উত্থাপন‌ কৰিছিল।
  
          প্ৰৱন্ধটোৰ মাজত হিন্দু সমাজত নাৰীক যি উচ্চ স্থান দিয়া হয় বা দেৱী ৰূপে কল্পনা কৰা হয় সেই দিশটো অতি সুন্দৰ ৰূপত ফুটি উঠিছে। যি হিন্দু সমাজে নাৰীক দেৱী জ্ঞান কৰে সেই দেৱী ৰূপী নাৰীকে বিদেশী নৰপশু বোৰে যিদৰে অমানৱীয় অত্যাচাৰ আৰু নিপীড়ন চলাইছে; তাৰ বিৰুদ্ধে ৰায়চৌধুৰীয়ে প্ৰতিবাদ কৰিছে- " যি নাৰী জাতিৰ মান-মৰ্যাদা ৰঙা কৰাটো হিন্দু ধৰ্ম প্ৰধান অঙ্গ আৰু এই উদ্দেশ্য লক্ষ লক্ষ হিন্দু ধৰ্মৰ জীৱন মৃত্যুৰ আলিঙ্গনত পৰা লাখ লাখ কাহিনী হিন্দুৰ ইতিহাসত এতিয়াও সজীৱ হৈ আছে, সেই মহৎ গৌৰৱ ৰক্ষা কৰিবলৈ অপাৰগ হ'লে অসমীয়া হিন্দুৰ কলঙ্কৰ সীমা নোহোৱা হ'ব আৰু পতিত জাতি বুলি সেই অতীত ইতিহাসে অসমীয়াক বিদ্ৰুপ কৰিব।" 
     ‌    এনেদৰে বিচাৰ কৰি চালে প্ৰৱন্ধটোৰ মাজেৰে ৰায়চৌধুৰীৰ প্ৰৱল জাতীয়তাবোধৰ নিদৰ্শন ফুটি উঠা পৰিলক্ষিত হয়। তেওঁ জাতিৰ স্বাৰ্থত সদায়ে মাত মাতি আহিছিল। তেওঁৰ প্ৰত্যেক ৰচনাতে কম-বেছি পৰিমাণে জাতীয়তাবোধৰ গোন্ধ পোৱা যায়। তেওঁ যিদৰে নিজ জাতিটোক ভাল পাইছিল ঠিক তেনেদৰে জাতিৰ দুৰ্বলতা বা দোষ বোৰো তেওঁ অতি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। তেওঁ অসমীয়া জাতিটোৱে সদায় কাৰো তলত নাথাকি মূৰ দাঙি জীয়াই থকাত সমৰ্থন কৰিছিল। প্ৰৱন্ধটোৰ মাজত ৰায়চৌধুৰীৰ দেশপ্ৰেম, স্বদেশানুৰাগ, নিজৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন অতি উজ্বল ৰূপত ফুটি উঠিছে।


আতিথ্য ফুকন।


তথ্য সংগ্ৰহ: শৰ্মা,সত্যেন্দ্ৰনাথ শৰ্মা(সম্পাদনা):অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী,প্ৰকাশক:অসম প্ৰকাশন পৰিষদ,তৃতীয় প্ৰকাশ:২০০৯