প্ৰথম অসমীয়া জাৰ্নল : 'মনৰ পখী উভতি উৰে'

সময়ৰ অগ্ৰগতিৰ লগে লগে সাহিত্যৰ বিধাসমূহেও বিস্তৃত ৰূপ লাভ কৰিছে । পৰম্পৰাগত বিধাসমূহ অতিক্ৰমি নতুন নতুন বিধাই সাহিত্যত আত্মপ্ৰকাশ কৰিছে । তেনে এক উল্লেখযোগ্য বিধা হৈছে 'জাৰ্নল' , ইয়াক আত্মজীৱনীৰ উপশাখা বুলি অভিহিত কৰিব পাৰি । জীৱনৰ ভিন্ন সময়ৰ ভিন্ন অৱস্থা, ঘটনা প্ৰবাহ তথা অভিজ্ঞতাই সৃষ্টি কৰা ভাব - চিন্তনৰ প্ৰকাশেই জাৰ্নল । আন এক দৃষ্টিভংগীৰে বিচাৰ কৰিলে জাৰ্নলক আত্মজীৱনী হিচাপে বিচাৰ কৰিব পাৰি যদিও ই আত্মজীৱনীতকৈ কিছু পৃথক । আত্মজীৱনীত ক্ৰমানুক্ৰমিকভাবে জীৱনৰ ঘটনাৰাজিক বৰ্ণনা কৰাৰ পৰিৱৰ্তে জাৰ্নলত যিকোনো সময়ত যিকোনো অভিজ্ঞতাই সৃষ্টি কৰা ভাবৰ বহিঃপ্ৰকাশ ঘটে । অৰ্থাৎ জাৰ্নল আত্মজীৱনীৰ দৰে শৃংখলিত নহয় ।

        অসমীয়া সাহিত্যত এই পৰ্যন্ত এখনেই জাৰ্নল ৰচিত হৈছে । প্ৰফুল্ল দত্ত গোস্বামীৰ 'মনৰ পখী উভতি উৰে' শীৰ্ষক গ্ৰন্থখনক আত্মজীৱনী হিচাপে অভিহিত কৰিলেও ইয়াক জাৰ্নল হিচাপেও বিবেচনা কৰিব পাৰি । আন পৰম্পৰাগত আত্মজীৱনীতকৈ কিছু ব্যতিক্ৰম এই গ্ৰন্থখনত জাৰ্নলৰ বৈশিষ্ট্যৰাজি পৰিলক্ষিত হয় ।

     ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে জাৰ্নলত আত্মজীৱনীৰ দৰে শৃংখলিত ৰূপত ঘটনা প্ৰবাহ চিত্ৰিত কৰা নহয়, প্ৰফুল্ল দত্ত গোস্বামীৰ 'মনৰ পখী উৰে' ৰ মাজতো শৃংখলিত জীৱন কাহিনী বৰ্ণনা কৰা নাই । বৰং কাহিনী হীন দুই এটা ঘটনাসুলভ কথাহে গ্ৰন্থখনত উল্লেখ আছে । তদুপৰি ঘটনাসমূহ অনুক্ৰম অনুযায়ী উল্লেখ থকাৰ পৰিৱৰ্তে একপ্ৰকাৰ মনৰ ভাবৰ অনুক্ৰমহীন প্ৰকাশহে হৈছে । লেখকে আৰম্ভণিতে এনেদৰে লিখিছে - "বাহিৰৰ ঘটনাৱলী - অমুক চনত মোৰ জন্ম, অমুক মোৰ পিতৃ, অমুক চহৰত মই শিক্ষা লভিছিলোঁ ইত্যাদি আৰু মনৰ ভিতৰত চলা ভাব চিন্তা এই দুটা দেখোন সুকীয়া সুকীয়া বস্তু । ভাব-চিন্তাৰ ৰিজনিত বাহিৰৰ ঘটনাৰ মূল্য কিমান ?" ( মনৰ পখী উভতি উৰৈ, পৃ.১)

        লেখকৰ এই উক্তিৰ জৰিয়তে প্ৰকাশ পায় যে গ্ৰন্থখন তেওঁ স্বাভাৱিক আত্মজীৱনীৰ দৰে লিখিবলৈ লোৱা নাছিল । আন আত্মজীৱনীৰ দৰে পৰিয়াল, শিক্ষা, কৰ্মজীৱন, বিবাহ আদি বিষয়ৰ সুনিপুন বৰ্ণনা ইয়াত নাই । লেখকৰ জীৱনৰ বৃত্তান্তৰ দুই এটা বিষয় য'ত ত'ত সিঁচৰতি ৰূপত অন্তৰ্ভুক্ত কৰিলেও সেইসমূহৰ বিতং বিৱৰণ নাই । দ্বিতীয় পত্নী, পুত্ৰ কন্যা সম্পৰ্কীয় দুই এটা দিশ উল্লেখ আছে যদিও সেয়া শৃংখলিত নহয় । পৰম্পৰাগত আত্মজীৱনীৰ দৰে ঘটনাৰ বিতং বিৱৰণৰ পৰিৱৰ্তে ভাবৰ প্ৰকাশৰ ক্ষেত্ৰত জাৰ্নলখনত লেখকে সংক্ষিপ্ততা প্ৰদৰ্শন কৰিছে । চুটি চুটি অধ্যায়ত তেওঁ ভাবৰ প্ৰকাশ ঘটাইছে, বহুক্ষেত্ৰত এটা বাক্যই কিতাপখনৰ এটা অধ্যায়ত পৰিণত হৈছে ।

         লেখকৰ বিভিন্ন অভিজ্ঞতা বিক্ষিপ্ত ৰূপত জাৰ্নলখনত বৰ্ণিত হৈছে । তদুপৰি নিজৰ জীৱনৰ সংবাদৰ পৰিৱৰ্তে অন্যান্য লোক, বস্তুৰ দাম আদিৰ বিষয়ে লেখকে গুৰুত্বপূৰ্ণসহকাৰে উল্লেখ কৰিছে ।  

        এক কথাত দেখা যায় যে জীৱনৰ দিশসমূহৰ বৰ্ণনাৰ পৰিৱৰ্তে মনত সৃষ্টি হোৱা ভাব চিন্তাৰ প্ৰকাশতহে প্ৰফুল্ল দত্ত গোস্বামীয়ে 'মনৰ পখী উভতি উৰে' ৰ মাজত গুৰুত্ব দিছে । গ্ৰন্থখনক পৰিপক্ক জাৰ্নল বুলি একেষাৰে অভিহিত কৰিব নোৱাৰিলেও অসমীয়া সাহিত্যৰ একমাত্ৰ জাৰ্নল হিচাপে ইয়াৰ স্থান নিগাজি হৈ ৰ'ব ।

ত‌থ্য উৎস :

জীৱনী আৰু আত্মজীৱনী অসমীয়াত আৰু পাশ্চাত্যত -

গোৱিন্দ প্ৰসাদ শৰ্মা - প্ৰথম সংস্কৰণ ( ২০০৯) ,প্ৰকাশক - বনলতা, পানবজাৰ

অসমীয়া জীৱনীকাৰ : সমস্যা আৰু সীমাবদ্ধতা , 'প্ৰকাশ', ৫ম বছৰ, ৮ম সংখ্যা, মে' ১৯৮০, গুৱাহাটী, চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত ।