ড০ সত্যেন্দ্রনাথ শৰ্মাৰ 'অঙ্কীয়া নাটৰ ৰস বিচাৰ' শীর্ষক প্ৰবন্ধটিৰ এক চমু আলোচনা।


     অসমীয়া ভাষা- সাহিত্য- সংস্কৃতিৰ এগৰাকী অন্যতম গৱেষক তথা কেইবাখনো মূল্যবান গ্ৰন্থৰ স্ৰষ্টা, ড০ সত্যেন্দ্রনাথ শৰ্মাই বহুতো প্ৰবন্ধ- নিবন্ধ  ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেয়ে তেওঁ অসমীয়া ভাষা-সাহিত্যত এখনি সুকীয়া আসন অধিকাৰী। 

বিষয়বস্তুৰ পৰিসৰঃ

       ড০ শৰ্মাই 'অঙ্কীয়া নাটৰ ৰস বিচাৰ' শীৰ্ষক প্ৰবন্ধটিৰ আলোচনাৰ পৰিসৰত স্থায়ীভাব, বিভাব, অনুভাব আৰু সঞ্চাৰীভাবৰ বিষয়ে আলোচনা কৰাৰ লগতে কাব্যৰস আৰু নাট্যৰস তথা অঙ্কীয়া নাটকত প্ৰবাহিত হৈ থকা ৰসৰ বিষয়ে, বিশেষকৈ ভক্তিৰসৰ কথা আলোচনা কৰিছে। আমি তেখেতৰ আলোচ্য বিষয়বস্তুক, বিশ্লষণাত্মক  আৰু বৰ্ণনাত্মক পদ্ধতিৰ সহায়ত  বিচাৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে।তদুপৰি এই ক্ষেত্ৰত বিভিন্ন নাটকৰ প্ৰসঙ্গ অৱতাৰণা কৰা হয়।

প্ৰবন্ধটিৰ মূল কথাঃ

      প্ৰাচীনতম আলঙ্কাৰিক ভৰত মুনিয়ে  তেখেতৰ ' নাট্যশাস্ত্ৰ'ত উল্লেখ কৰা আঠ প্ৰকাৰ স্থায়ীভাব যথা - ৰতি, হাস, শোক, উৎসাহ, ভয়, বিস্ময়, ক্ৰোধ, জুগুপ্সা আৰু পৰৱৰ্তী আলঙ্কাৰিকসকলে প্ৰতিষ্ঠা কৰা শম স্থায়ীভাবৰ সহিতে স্থায়ীভাব ন বিধ। এই স্থায়ীভাবসমূহৰ লগত বিভাব, অনুভাব আৰু সঞ্চাৰীভাবৰ সহযোগত ক্ৰমে- শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ, বীভৎস আৰু শান্ত ৰস সৃষ্টি হয়। যিবোৰ ভাব মানুহৰ অন্তৰত সুপ্তভাৱে অন্তনিৰ্হিত হৈ থাকে সেইবোৰে স্থায়ীভাব, আৰু উপযুক্ত পৰিৱেশত বিভাব, অনুভাব আৰু সঞ্চাৰীভাবৰ সহযোগত জাগ্ৰত হৈ উঠে, সেইবোৰে ৰস ৰূপে হহৃদয়ত অনুভৱ হয়। আনহাতে, মানুহৰ অন্তৰত সুপ্তভাৱে থকা স্থায়ীভাব সমূহ বিশেষ ক্ষণতহে জাগ্ৰত হয়। যি পৰিস্থিতি বা যাৰ অৱলম্বনত স্থায়ীভাব সমূহ জাগ্ৰত হয়, তাকে বিভাব বোলে। কাব্য বা নাটকৰ কোনো চৰিত্ৰৰ মনত সৃষ্টি হোৱা ভাব শৰীৰৰ কোনো অংশ, মুখৰ বচন আদিৰ মাজেদি প্ৰকাশ পালে বা তেনেদৰে পৰিৱৰ্তন হোৱা শাৰীৰিক ভাষাকে অনুভাব বোলে। আনহাতে যিবোৰ ভাব ক্ষন্তেকীয়া,আহে আৰু যায় – সেইবোৰে সঞ্চাৰীভাব।
     'ৰস' শব্দই ব্যুৎপত্তিগতভাৱে 'ৰসিত' বা 'আস্বাদিত' অৰ্থ নিৰূপন কৰে। 'সাহিত্য দৰ্পণ' গ্ৰন্থত বিশ্বনাথ চক্ৰৱৰ্তীয়ে মন্তব্য কৰি কয় যে- 'ৰস্যতে ইতি ৰসঃ', অৰ্থাৎ যিটো 'ৰসিত' বা 'আস্বাদিত' হয়, সিয়ে ৰস। লৌকিক অৰ্থত জিভাৰে আস্বাদন কৰি যি তৃপ্তি লাভ কৰোঁ, সিয়ে ৰস। কিন্তু কাব্য বা সাহিত্যত কবিয়ে অনুভৱ কৰা পৰম আনন্দস্বৰূপ ভাব পাঠক-শ্ৰোতাৰ সহৃদয়লৈও সঞ্চাৰিত কৰিব বিচৰা, সেই আনন্দৰ স্বৰূপ লোকোত্তৰকে কাব্যত ৰস বুলি কোৱা হয়।                  
     ড০ শৰ্মাৰ 'অঙ্কীয়া নাটৰ ৰস বিচাৰ' প্ৰবন্ধটিৰ পৰা কাব্যৰস আৰু নাট্যৰস তথা অঙ্কীয়া নাটকৰ ৰস বিচাৰ সম্বন্ধে দুটা ধাৰণা স্পষ্ট হয়। এই প্ৰসংগত তেওঁ ন বিধ ৰস অঙ্কীয়া নাটকত বিচাৰ কৰা  অসুবিধা বুলি স্পষ্টকৈ উল্লেখ কৰে।(১) কিয়নো কাব্য আৰু নাটক একে নহয়। কাব্যত নাটকৰ সকলো উপাদান থাকিলেও কাব্যসমূহক অভিনয় কৰা উদ্দেশ্যেৰে ৰচনা কৰা নহয়। কাব্যকাৰে পাঠকক আনন্দ বা মনোৰঞ্জ দান কৰা বা আন উদ্দেশ্যৰেহে কাব্য ৰচনা কৰে। কিন্তু অঙ্কীয়া নাটকসমূহ সমাজত ধৰ্ম, বিশ্বাস, শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা কৰা তথা দৰ্শকক পৰম সত্তাৰ ভক্তি ভাবত নিমজ্জিত কৰা, মহৎ উদ্দেশ্যৰে ৰচনা কৰা হৈছিল। কিয়নো পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱে সেই সময়ৰ বিশৃঙ্খল সমাজত নানান দেৱ-দেৱতা, পূজা-পাৰ্বন, জাত-পাত, অধৰ্ম- অবিচাৰৰ লগতে বিভিন্ন জাতি,ফৈদৰ উপদ্ৰপে বিৰাজমান হৈ থকা সমাজখনত গীত, নৃত্য, ধৰ্ম বিশ্বাসৰ মতবাদৰ যোগেদি বিশেষকৈ নাটক আৰু অভিনয়ৰ যোগেদি সমাজখনক শুদ্ধ পথৰ সন্ধা দিবলৈ প্ৰয়াস কৰিছিল। তেনে মহৎ উদ্দেশ্য আগত ৰাখি অঙ্কীয়া নাট আৰু ঝুমুৰা সমূহ ৰচনা কৰাৰ বাবে অঙ্কীয়া নাটকত শৃঙ্গাৰ, বীৰ, হাস্য, কৰুণ,  ৰৌদ্ৰ আদি ৰসৰ ভিতৰত প্ৰধানকৈ ভক্তিৰস নিগৰি ওলাইছিল। কিয়নো ভক্তিৰসৰ জড়িয়তেহে প্ৰকৃত শান্তি আৰু সত্য প্ৰতিষ্ঠা কৰিব পাৰি; সেই কথা শংকৰদেৱ আৰু মাধৱদেৱে সেইসময়ত ভালকৈ উপলব্ধি কৰিছিল। গতিকে ড০ শৰ্মাই অঙ্কীয়া নাটকত ৰস বিচাৰ কৰা অসুবিধা  বুলি কোৱাৰ যুক্তি নথকা নহয়। কিয়নো অঙ্কীয়া নাটকত নাট্যকাৰে চৰিত্ৰক প্ৰকৃত লৌকিক চৰিত্ৰ ৰূপে আৰোপ কৰা নাই; অলৌকিক চৰিত্ৰ ৰূপেতহে উপস্থাপন কৰিছে। এই প্ৰসংগত ড০ শৰ্মাই স্পষ্টকৈ উল্লেখ কৰি কয় যে, - "ঈশ্বৰক আশয় কৰি প্ৰকৃত ৰতি ভাব উদয় হ'ব নোৱাৰে।"(২) থিক তেনেদৰে, প্ৰাচীনতম আলঙ্কাৰিকসকলেও কয় যে- "সমান ইন্দ্ৰিয়ক্ৰিয়া সম্পন্ন যুৱক -যুৱতীৰ মাজত সৃষ্টি হোৱা ভাবহে, ৰতি  বা শৃঙ্গাৰ ৰস। কিন্তু ঈশ্বৰ বা ভগবান ইন্দ্ৰিয়াতীত (সকলো ইন্দ্ৰিয়ৰ উৰ্দ্ধত)।(৩) গতিকে ঈশ্বৰ আৰু ভক্তৰ মাজত উদ্ভৱ হোৱা ৰতি বা শৃঙ্গাৰ ৰসক প্ৰকৃত শৃঙ্গাৰ বুলিব নোৱাৰি। উক্ত মন্তব্যসমূহৰ ভিত্তিত তলত উল্লেখ কৰা কথাখিনি অৱতাৰণা কৰিব পাৰি- 
      'ৰুক্মিণী হৰণ' নাটকত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী মাজৰ ৰতিভাব সাধাৰণ নৰ নাৰীৰ প্ৰেম বা শৃঙ্গাৰ বুলি ক'ব নোৱাৰি। কিয়নো ৰুক্মিণীয়ে ভগবান শ্ৰীকৃষ্ণক জগতৰ ঈশ্বৰ বুলি জ্ঞান কৰিছে আৰু তেওঁকে বাস্তৱত স্বামী ৰূপে কামনা কৰিছে।বহু প্ৰতিক্ষাৰ অন্ততহে ৰুক্মীণিয়ে শ্ৰীকৃষ্ণক স্বামী ৰূপে লাভ কৰে। দ্বিতীয়তে, শংকৰদেৱে  সেই প্ৰেমক সাধাৰণ নৰ নাৰীৰ প্ৰেমৰ শাৰীত নাটকত নায়ক-নায়িকাক উপস্থাপন কৰা নাই। ভক্ত আৰু ভগবানৰৰ মিলন ৰূপেহে আৰোপ কৰিছে। তথা ৰতি ভাব বা শৃঙ্গাৰ ৰসৰ পৰিৱৰ্তে নাটকত ভক্তিৰস হে সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে। কিয়নো ৰতি ভাব বা শৃঙ্গাৰ ৰস সৃষ্টি কৰাত গুৰুত্ব দিলে নাটকৰ নাট্য গুণ হ্ৰাস পাব আৰু তেওঁৰ মহৎ উদ্দেশ্যও সিদ্ধি নহ'ব। তেনে অনুমান হয়।
      তেনেদৰে 'ৰামবিজয়'  নাটকটো  ৰাম আৰু সীতাৰ মাজৰ প্ৰেম বা ৰতি ভাবৰ লগতে আন ৰসসমূহৰ ভিতৰত নাট্যকাৰে ভক্তিৰসক গুৰুত্ব দিছে। ইয়াত যদিও বীৰ, কৰুণ, হাস্য, ৰৌদ্ৰ, শান্ত আদি ৰস প্ৰবাহিত হৈ আছে। কিন্তু সকলো ৰসৰ মাজত যেন ভক্তিৰস হে উজ্জ্বল। ইয়াৰ মূল কাৰণ শংকৰদেৱে উদ্দেশ্যমূলক ভাবে অঙ্কীয়া নাটকত ভক্তিৰস  নিগৰাবলৈ প্ৰয়াস কৰিছিল। 
     সেইদৰে কেলিগোপাল নাটকত গোপীসকলে শ্ৰীকৃষ্ণক জগতৰ ঈশ্বৰ বুলি ভাবিছে। তথাপিও কিন্ত শ্ৰীকৃষ্ণৰ প্ৰেমত বিয়াকুল হৈ পৰিছে। গতিকে সেই ৰতি বা শৃঙ্গাৰ ৰসক প্ৰকৃত শৃঙ্গাৰ বুলিব নোৱাৰি। কিয়নো সেয়া ভক্ত আৰু ভগবানৰ মাজত সৃষ্টি হোৱা কৃষ্ণৰতিহে অথবা ভক্তি প্ৰেমহে।
    কিন্তু জ্যোতিপ্রসাদ আগৰৱালাৰ 'শোণিতকুঁৱৰী' আৰু 'কাৰেঙৰ লিগিৰী' নাটকত ঊষা আৰু অনিৰুদ্ধ আনহাতে অনঙ্গৰাম আৰু কাঞ্চনমতী  চৰিত্ৰৰ মাজত যি শৃঙ্গাৰ ৰস সৃষ্টি হৈছে, সেয়াহে প্ৰকৃতাৰ্থত শৃঙ্গাৰ ৰস বুলিব পাৰি। তেনেদৰে কালিদাসে ৰচনা কৰা 'অভিজ্ঞান শকুন্তলাম' নাটকত শকুন্তলা আৰু দুষ্মন্তৰ প্ৰেমৰ মাজত যি ৰতি ভাব সৃষ্টি হৈছে;  সেয়াহে প্ৰকৃতাৰ্থত শৃঙ্গাৰ ৰস। কিয়নো উক্ত নাটক দুখখনৰ চৰিত্ৰবোৰ সাধাৰণ নায়ক -নায়িকা,  লৌকিক চৰিত্ৰ ৰূপে নাট্যকাৰে উপস্থাপন কৰিছে। তদুপৰি নাটকত নাট্যৰস আপোনা-আপোনি নিগৰি ওলাইছে। নাট্যকাৰে নাটকত বিশেষ কোন এটা ৰসক প্ৰাধান্য দিয়া নাই, কাহিনীৰ তথা বিষবস্তু উপস্থাপন কৰাতহে গুৰুত্ব আৰোপ কৰিছে। নাটকত শৃঙ্গাৰ, বীৰ, কৰুণ, ৰৌদ্ৰ, , আদি ৰস স্বতৰ্স্ফুৰত ৰূপত নিগৰি ওলাইছে। কিন্তু শংকৰদেৱ আৰু মাধৱদেৱে অঙ্কীয়া আৰু ঝুমুৰা নাটকসমূহৰ কাহিনী চৰিত্ৰৰ মাজত সকলো ৰসৰ ভিতৰত ভক্তিৰস নিগৰাতহে গুৰুত্ব আৰোপ কৰিছে। - এই প্ৰসঙ্গত, 'প্ৰিয়বস্তুৰ প্ৰতি মানৱ মনৰ সহজ অনুৰাগেই  ৰতি'(৪)- বিশ্বনাথ চক্ৰৱৰ্তীৰ এই মন্তব্যক আধাৰ কৰি এই কথা ক'ব পাৰি যে,- বৈষ্ণৱ সকলৰ সকলোতকৈ প্ৰিয়বস্তু ভগবান শ্ৰীকৃষ্ণ। গতিকে বৈষ্ণৱসকলৰ বা ভক্তসকলৰ (ভগবান বা শ্ৰীকৃষ্ণক ঈশ্বৰ ৰূপত সেৱা মনোভাব  সৃষ্টি হ'লে- 'কৃষ্ণৰতি' আখ্যা পায়) কৃষ্ণ ভক্তি বা কৃষ্ণৰতি লৌকিক ৰতি নহয়। অলৌকিক ৰতিহে। শ্ৰৱণ-কীৰ্তন-স্মৰণ আদিৰ দ্বাৰা ভক্ত হৃদয়ত সৃষ্টি হোৱা স্থায়ীভাব, 'কৃষ্ণৰতি'ক বিভাব -অনুভাব- সঞ্চাৰী ভাবৰ যোগেদি আস্বাদনীয় অৱস্থাত অনুভৱ কৰিলেই, সি 'ভক্তিৰস'ত পৰিণত হয়। এই ৰতি ৰস ৰূপে পাঁচ প্ৰকাৰে প্ৰকাশ পায় আৰু সেই পাঁচ প্ৰকাৰ ৰস স্বৰূপত;  একেবিধ মূল ৰসেই। সেয়াই হ'ল- ভক্তিৰস। সেইবোৰ হৈছে- শান্ত ভক্তিৰস, বাৎসল্য ভক্তিৰস, দাস্য ভক্তিৰস, সখ্য ভক্তিৰস আৰু শৃঙ্গাৰ ভাবাত্মক ভক্তিৰস।	
   * শান্ত ভক্তিৰসঃ  কৃষ্ণক সৰ্ব-ঐশ্বৰ্যশালী নিত্যবস্তুৰূপে অনুভব কৰি ভক্তই যেতিয়া বিষয়-বাসনা সকলো পৰিত্যাগ কৰি ঐকান্তিক নিষ্ঠাৰে তেওঁৰ চৰণত আত্ম সমৰ্পণ কৰি, অন্তৰত যি প্ৰশান্তি আৰু আনন্দ উপভোগ কৰে,  তেতিয়া শান্ত ভক্তিৰস সৃষ্টি হয়। 
     * দাস্য ভক্তিৰসঃ ভগবান কৃষ্ণ প্ৰভু, ভক্ত ভৃত্য;  ভগবান মহামহিমান্বিত, ভক্ত দীন। ইয়াত স্থায়ী ভাৱ 'সেৱা' নামৰ ৰতি। কৃষ্ণৰ মহিমা, কৰুণা আৰু ভক্ত বৎসলতাই  ভক্তমনক আকৰ্ষণ কৰে আৰু ভগবানক সেৱা কৰি ভক্তই কৃতাৰ্থ আৰু অলৌকিক আনন্দ অনুভব কৰিলে। সেই দাস ৰূপ ভক্ত আৰু স্বামী ৰূপ  কৃষ্ণক আলম্বন  বিভাবৰূপ লৈ নাট বা কাব্য ৰচিত হ'লে,  দাস্য ভাবাত্মক ভক্তিৰস  সৃষ্টি হয়।

* সখ্য ভক্তিৰসঃ ভক্ত আৰু ভগবানৰ পাৰস্পৰিক বিশ্বাসময় সমপ্ৰাণতৰ সম্পৰ্কৰ ভেটিত সখ্য ভাব প্ৰতিষ্ঠা হয়। শান্ত কৃষ্ণনিষ্ঠা, দাস্যৰ সেৱাৰ ওপৰিও সখ্যভাৱত থাকে সমপ্ৰাণতা। দাম, সুদাম, বলৰাম আদি সমনীয় বন্ধু আৰু গৰখীয়াসকলৰ পাৰস্পৰিক প্ৰীতি আৰু বন্ধুভাবাপন্ন কাৰ্যৰ ভেটিত যি নাট বা কাব্য ৰচিত হয় তাতে সখ্য ভক্তিৰস সৃষ্টি হয়। ভক্তই ভগবানক সেৱা কৰে এনে নহয়, ভগবানেও ভক্তক সমভাৱে সেৱা কৰে। কৃষ্ণৰ ঐশ্বৰ্য মহিমা সম্পৰ্কে সাধাৰণতে সখ্য ভক্তিৰসত আপ্লুত ভক্ত সচেতন নাথাকে।

  	 * বাৎসল্য ভক্তিৰসঃ কৃষ্ণ সন্তান, ভক্ত মাতা বা পিতা - এই সম্পৰ্কৰ ভেটিত নাটৰ কথা বস্তু নিৰ্মাণ হ'লে,  সেই নাটক বাৎসল্য- ভক্তিৰসৰ নাট ৰূপে আখ্যা দিয়া হয়। ইয়াত মাতা-পিতাৰ লালন-পালন আৰু চেনেহ ক্ষমতাৰ লগত তাড়না -ভৰ্ৎসনাও চিত্ৰিত হয়। ইয়াৰ স্থায়ীভাব 'বাৎসল্য ৰতি'। 'অৰ্জুন ভঞ্জন', 'চোৰধৰা', 'পিম্পৰা-গুচুৱা' এই কেইখন বাৎসল্য ভক্তিৰস নাট। ইয়াত কৃষ্ণৰ লৰালিৰ দুষ্টালি সুলভ, আৰু ঠেহ-পেঁচ আৰু যশোদাই কৃষ্ণক স্তনদান কৰি সাজ-কাপোৰ পিন্ধাই গৰু চলাবলৈ পঠাই দিয়া আৰু দুষ্টালিত তত নেপাই  গালি-শপনি  পাৰি মাৰিবলৈ খেদি যোৱা চিত্ৰই মাক-পুতেকৰ স্বাভাৱিক সম্পৰ্কটো দাঙি ধৰি দৰ্শকৰ মনত বাৎসল্য ভাব জগাই তোলে।
	 * শৃঙ্গাৰ ভক্তিৰসঃ  ভক্ত আৰু ভগবানৰ মাজত যি ভক্তিপ্ৰেম অৰ্থাৎ ভক্তই ভগবানক পাবৰ বাবে যি অধিৰ-আগ্ৰহ, কামনা-বাসনা মনত সৃষ্টি হয় আৰু বিচাৰি নোপোৱাৰ যি বেদনা, তাৰ পৰা সৃষ্টি হোৱা ৰতি বা শৃঙ্গাৰেই হ'ল- শৃঙ্গাৰ ভক্তিৰস। 
    গতিকে অঙ্কীয়া নাটকৰ শৃঙ্গাৰ ৰস আৰু আন নাট্যকাৰে ৰচনা কৰা নাটকৰ শৃঙ্গাৰ ৰসৰ মাজত কিছু পাৰ্থক্য তথা প্ৰাসঙ্গিক যুক্তি নথকা নহয়।
মন্তব্যঃ
      ড০ সত্যেন্দ্রনাথ শৰ্মাৰ 'অঙ্কীয়া নাটৰ ৰস বিচাৰ' শীর্ষক প্ৰবন্ধটিৰ শব্দ আৰু বাক্য গাঁঠনি সাৱলীল, তেওঁ মাজে-মাজে খণ্ডবাক্যও ব্যৱহাৰ কৰিছে। বিষয়বস্তুৰ উপস্থাপন আৰু প্ৰকাশভঙ্গী ক্ষেত্রত কঠিন কৌশল তথা পদ্ধতি ব্যৱহাৰ কৰিছে।তেওঁৰ এই উপস্থাপন কৌশল সাধাৰণ পাঠকে বুজাৰ ক্ষেত্ৰত জটিলতা নথকা নহয়। পাঠকে সহজে বিষয়বস্তু আয়ত্ব কৰিব পৰাকৈ তেওঁ প্ৰতিটো বিষয় উপস্থাপন কৰিব পাৰিলেহ্তেন। কিন্তু এটি কঠিন বিষয়বস্তুক পাঠকৰ আগত বিভিন্ন প্ৰসংগৰ জৰিয়তে অবগত কৰিবলৈ যত্ন কৰা প্ৰয়াসক শলাগ লবলগীয়া।

ভৱিষ্যৎ অধ্যয়নৰ প্ৰয়োজনীয়তাঃ

       অঙ্কীয়া নাটৰ ৰস বিচাৰ প্ৰবন্ধটি ভৱিষ্যতে অধ্যয়ন কৰাৰ প্ৰয়োজনীতা আছে।কিয়নো ড০ শৰ্মাৰ আলোচনা মূলতে একমুখীয় হৈছে, ইয়াত ৰতি বা শৃঙ্গাৰ ৰস আৰু ভক্তিৰসকহে  আলোচনাত সামৰি লৈছে।। কিন্ত অঙ্কীয়া নাটকত শৃঙ্গাৰ ৰস বাদেও আৰু আঠবিধ ৰসৰ প্ৰকাশ পাইছে। আন ৰসসমূহ বিচাৰ কৰাত কোনো অসুবিধা থাকিব নোৱাৰে।গতিকে সেই ৰসসমূহৰ বিচাৰ বিশ্লেষণ কৰিলেহে আলোচনা সমম্পূৰ্ণ হ'ব। 
সহায়ক গ্ৰন্থপঞ্জীঃ
 ১/ড০ শৰ্মা, মুকুন্দ মাধৱঃ             'ধ্বনি আৰু ৰসতত্ত্ব',  বাণী প্ৰকাশক প্ৰাইভেট লিমিটেড,পাণবজাৰ, তৃতীয়   প্ৰকাশ,১৬ আগষ্ট ২০০৬।
  ২/ ড০ বৰা, মহেন্দ্র (সংকলিত-সম্পাদিত):  'কথা চয়নিকা' (প্ৰথম প্ৰকাশ ১৯৯২ প্ৰকাশক- বাণী মন্দিৰ, ডিব্ৰুগড়।


প্ৰসংগটীকাঃ

১/ ড০ মহেন্দ্র বৰাৰ 'কথা চয়নিকা', পৃ.নং- ১০৬.

২/ড০ মহেন্দ্র বৰাৰ 'কথা চয়নিকা', পৃ.নং- ১০৬

৩/ড০ মহেন্দ্র বৰাৰ 'কথা চয়নিকা', পৃ.নং- ১০৭


শ্ৰী উৎপল শইকীয়া, স্নাতকোত্তৰ চতুর্থ ষান্মাসিকৰ ছাত্ৰ, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।