ধঁপাত

মোৰ নাম ধঁপাত

জীৱ আৰু জীৱন বুলিবলৈ

মোৰ একো নাই,

আছে মাথোঁ এটা কদন শৰীৰ

আৰু আছে

জীৱন লোৱাৰ কিছু শক্তি..

মোৰ সৃষ্টি সৌ বিদেশৰ

ৰাজকাৰেঙত

যাৰ বাবেই আজি

উৰি ফুৰিছো বিশ্বব্ৰহ্মাণ্ডত ,

জন্ম দিছোঁ হেজাৰ - বিজাৰ

বিধ্বংসীকাৰী সন্তান

সৃষ্টিক ধ্বংস কৰা

নির্মলক কুলষিত

কৰা মোৰ এই যাত্ৰাত

সিহঁতো নামি পৰিছে  ।

তেনেই সৰু মোৰ আকাৰ

সৰু দেখি হয়তো বহু নিৰ্ভিকে

মোক উপভোগ কৰি স্বাদ লয় !!!

কিন্তু সিহঁতেতো নাজানে

মই যে লৈ ফুৰো

মৃত্যুৰ  আবিৰাম ঠিকনা

তথাপিও আসক্ত হৈ

পৰে জীৱ শ্রেষ্ঠবোৰ...

কত মাৰিছে কত ভুগিছে

সব মোৰ বাবেই হৈছে

মোৰটো সৃষ্টিৰ মূল আধাৰেই হৈছে ধ্বংস আৰু বিনাশ কৰা

সৌ আকাশতটো উৰি ফুৰিছে মোৰ দীপ্ত ৰঙা নিচান

মোৰ গাতটো কোনো

জ‌গৰ নাই

মোৰ আৱৰণটোতে  স্পষ্টকৈ  লিখা আছে -

" মই যম মোক সেৱন নকৰিব ".. ..

জীৱ শ্রেষ্ঠবোৰৰ ওপৰত

মোৰ কেতিয়াবা ধিক্কাৰ জন্মে

কিয় জ্ঞানী হৈও অজ্ঞানী হৈ পৰিছে

তেওঁলোক ?????

শেষত এটা কথাই কওঁ

মোৰ লগত কেতিয়াও বন্ধুত্ব নকৰিব

আঁতৰত থাকক জীৱন মধুৰ কৰি তোলক ।

ঋতুমণি নাথ