মূৰ্ত্তি পূঁজা বনাম ঈশ্বৰৰ একত্ববাদ 

( বৈষ্ণৱবাদৰ ধাৰণাত)


•••••••••••••••••••••••••••••••••••••••••••

হিন্দুধৰ্মৰ মূল গ্ৰন্থ সমূহত মূৰ্ত্তিত ঈশ্বৰৰ স্থাপনা সম্পৰ্কে কোনো শ্লোক পোৱা নাযায় ৷ বিশিষ্ট পণ্ডিত সকলেও এই কথা স্বীকাৰ কৰে আৰু যিসকলে এক নিৰাকাৰ (formless) ঈশ্বৰক উপলব্ধি কৰাত অসমৰ্থ তেওঁলোকৰ বাবে হে মূৰ্ত্তি পুঁজাৰ বিধান কৰা হৈছে অৰ্থাৎ যি সকল জ্ঞানযোগী নহয় ; ঈশ্বৰ জ্ঞানৰ আলোৰ পৰা দূৰত তেওঁলোকে মূৰ্ত্তি পূঁজা কৰে ৷ গীতাৰ মতে, " যিসকলৰ জ্ঞান বস্তুগত বাসনায়ে গ্ৰাহ কৰিছে তেওঁলোকে 'এক ঈশ্বৰৰ ঠাইত বহু ঈশ্বৰ বা প্ৰকৃত ঈশ্বৰৰ ঠাইত অন্য প্ৰতিকী ঈশ্বৰ ‘ (demigods) পূঁজা কৰে" (ভাগৱত গীতা ৭:২০ ) ৷

প্ৰকৃততে হিন্দু ধৰ্মত বহুদেৱতাবাদ আৰু মুৰ্ত্তি পূঁজা বৈধ নহয় ৷ ভাৰতীয় দাৰ্শনিক চাৰ্বাকৰ মতে ই এক প্ৰকাৰৰ বাহ্মণ সকলে কৰা অজ্ঞ মানুহৰ শোষণহে; এক প্ৰকাৰৰ অৰ্থ উপাৰ্জনৰ উপায় ৷ অন্যহাতে হিন্দু ধৰ্মগ্ৰন্থসমূহেও এক ঈশ্বৰৰ ধাৰাণা প্ৰতিষ্ঠা কৰিছে আৰু মূৰ্ত্তি পূঁজাৰ বিৰোধীতা কৰিছে ৷ যথা:

★"তেওঁ এক আৰু অদ্বিতীয় " ( ছান্দগ্যো উপনিষদ ৬:২:১ )

★ "তেওঁৰ আকাৰ দৃষ্টযোগ্য নহয় ( অদৃশ্যাম) আৰু সাক্ষুক দৃষ্টিৰ অগোচৰ " ( শ্বেতাশ্বেতৰ উপনিষদ ৬:৯)

★"তেওঁৰ কোনো প্ৰতিকৃতি বা ছবি (image) নাই"( যজুৰ্বেদ ৩২:৩)৷

★"তেওঁ অকায় (bodyless) আৰু প্ৰবিত্ৰ " (যজুৰ্বেদ ৪০:8)

★" সেইজন যিজনে প্ৰাকৃতিক বস্ত (যেনে - পানী, মাটি,জুন, বেলি, তৰা, গছ-গছনি আদি) পুঁজা কৰে তেওঁলোক অন্ধকাৰত আছে আৰু সেইসকল যিসকলে 'সম্ভুতি' অৰ্থাৎ মানবসৃষ্ট; হাতেৰে বনোৱা বস্তু (যেনে: মুৰ্ত্তি , ফটো, টেবুল আদি) পুঁজা কৰে অতি ঘোৰ অন্ধকাৰত আছে "( যজুৰ্বেদ ৪০:৯) ৷