গোবিন্দ সৎনামী
কুমাৰী বা কুমাৰণী পোক : জয়দীপ চক্ৰৱৰ্তী
-------------
সৰুৰ পৰাই এই কুমাৰী বা কুমাৰণী পোক সম্পৰ্কে মোৰ আগ্ৰহ বেছি৷ ইয়াৰ আঁৰত কিছু মজাৰ কাৰণো আছে যি কাৰণেই সৰুৰ পৰাই এই পোকটোক মোৰ কিবা ভীষণ ৰহস্যময় পোক যেন লাগিছিলে৷ তাৰে এটা মুখ্য কাৰণ হ’ল মই সৰুতেই এনে কুমাৰণী পোকক অসংখ্যবাৰ আনকি তাৰ দেহাতকৈ যথেষ্ট ডাঙৰ পইতাচোৰা আদিক জীৱিত অৱস্থাত টানি লৈ যোৱা দেখা পাইছিলোঁ৷ মই সেই মন্ত্ৰমুগ্ধৰ দৰে বিনা প্ৰতিবাদে কুমাৰণী পোকৰ পিছে পিছে যোৱা পইতাচোৰাটোক দেখি আচৰিত হৈছিলোঁ... এনেকৈ বিনা প্ৰতিবাদে মই আন কোনো প্ৰজাতিকে আন প্ৰজাতিৰ দ্বাৰা চিকাৰ হোৱা কেতিয়াও দেখা নাই৷ কুমাৰণী পোকৰ এই ৰহস্যঘনতাক কেবা গুণে বঢ়াই তুলিছিলে মোৰ এজনী পেহীৰ কথাই, পেহীয়ে কৈছিলে কুমাৰণী পোকে এইদৰে পইতাচোৰা, মকৰা আদি ধৰিলৈ এটা গাতত সোমাই লৈ বাহিৰৰ পৰা সেইটো বন্ধ কৰি তাৰ মন্ত্ৰশক্তিৰ দ্বাৰা সেই পোক বোৰকো কুমাৰণী পোক বনাই লয়৷ এদিন এনেদৰেই টানি নিয়া পোক এটাক মাটিৰে তৈয়াৰী গাত এটাত সোমোৱাৰ পিছত গাতৰ মুখখন বাহিৰৰ পৰা বন্ধ কৰা নিজেই দেখা পোৱাৰ পিছত মোৰ মনত ৰহস্য ক্ৰমে বৃদ্ধি হ’বলৈ ধৰে৷ তেতিয়া মই বোধহয় তৃতীয় শ্ৰেণীৰ ছাত্ৰ, মই থকা কোঠালীৰ খিৰিকিৰ কাষৰ বাটামত থকা কুমাৰণীৰ সেই মাটিৰ গাতটো হ’লগৈ কোঠালীটোৰ মোৰ মূল আকৰ্ষণৰ কেন্দ্ৰ৷ এনেদৰে ঠিক কিমান দিন এতিয়া মনত নাই কিন্তু কমেও ২০/২২ দিন মান পিছত এদিন সেই গাতটোত চকু যোৱাত গাতৰ মুখখনৰ পৰা অলপ-অলপ মাটি সৰি পৰা দেখা পালোঁ৷ মনত উত্তেজনা, অলপ ভয় ভয় ভাব, তথাপিতো নিৰীক্ষণৰ কাৰণে গাতৰ ওচৰ গৈ চোৱাত লাগিলোঁ আৰু মোক আচৰিত কৰি সেই গাতটোৰ মুখ ফুটাই ওলাই আহিল এটা কুমাৰণী পোক৷ পিছলৈ কুমাৰণী পোকৰ বন্ধ বাহবোৰ ভাঙি চোৱা আৰম্ভ কৰোঁ, আৰু লাহে লাহে ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্য উৎঘাটন হয়৷
অসমৰ গাঁও চহৰ সকলোতে প্ৰাপ্ত, বিশেষকৈ অসম আৰ্হিৰ ঘৰৰ দেৱাল, খুটাৰ কোণ, বহুদিন একে ঠাইতে থকা বিছনাৰ তল, টেবুলৰ তল, আনকি মুক্তভাৱে থকা হাৰ্ডবাউণ্ড কিতাপ আদিতো কুমাৰণী পোকে বাহ সজা দেখা যায়৷ বৰল জাতীয় এই কুমাৰণী পোকৰ গোটেই পৃথিৱীত প্ৰায় ৩হাজাৰ প্ৰজাতি পোৱা যায়৷ ইয়াৰে বহু প্ৰজাতিয়ে মাটিত গাত খান্দিও বাহ সাজে, কিছু প্ৰজাতিয়ে আকৌ বাঁহৰ পুৰণি খুটাৰ বাঁহীত থকা ছিদ্ৰৰ দৰে ছিদ্ৰ কৰিও বাহ সাজে৷ যদিও কুমাৰণী পোকৰ কলা, হালধীয়া, মটিয়া আদি বহু প্ৰজাতি আমাৰ অসমত প্ৰাপ্ত কিন্তু উজ্জ্বল নীলাভ সেউজীয়া আভাযুক্ত পোকবোৰৰ প্ৰতিয়েই অধিক দৃষ্টি আকৰ্ষিত হয়, আৰু আমি সেই প্ৰজাতিটোকেই সাধাৰণতে কুমাৰণী পোক বুলি কওঁ৷ ইয়াৰ ইংৰাজী নাম potter wasp বা mason wasp৷ হয়তোবা কুমাৰ এজনৰ দৰেই মাটিৰে সুন্দৰকৈ বাহ সাজে কাৰণেই ইয়াৰ নাম কুমাৰণী পোক৷ পিছে উল্লেখযোগ্য এই যে আন পোকৰ দৰে বসবাস কৰিবলৈ এই পোকে কেতিয়াও বাহ নাসাজে৷ কণী পাৰিবলৈ আৰু নিজৰ পোৱালিক সুৰক্ষা দিবলৈহে ইহঁতে বাহ সাজে৷ বৰল, কদো আদি পতঙ্গৰ লগত বহু দৈহিক সাদৃশ্য পৰিলক্ষিত হলেও কুমাৰণী পোকৰ জীৱনযাত্ৰা-প্ৰণালী সম্পূৰ্ণ ভিন্ন৷ বৰল, কদো, মৌমাখি আদি সমাজ পাতি বাস কৰে, পিছে কুমাৰণী পোকৰ তেনে কোনো সমাজ নাই, ইহঁত একক ভাবে বাস কৰে৷ বৰল, কদো, মৌমাখি আদি পোকবোৰ দিনৰ অন্তত নিজ বাহলৈ প্ৰত্যাৱৰ্তন কৰি বিশ্ৰাম লয় কিন্তু কুমাৰণী পোকৰ কোনো নিৰ্দিষ্ট বাসস্থান নাই৷ গছৰ পাত, ঠানি বা ঘাঁহনিত আত্মগোপন কৰি ইহঁতে ৰাতি কটায়৷ কুমাৰণী পোক সামাজিক প্ৰাণী নহয় বাবে ইহঁতৰ মাজত মৌমাখিৰ দৰে কৰ্মী বা শ্ৰমিকৰ কোনো অস্তিত্ব নাই৷ সেয়ে সন্তানৰক্ষাৰ স্বাৰ্থত কৰিব লগীয়াখিনি কুমাৰণী পোকে কণী পৰাৰ আগতেই কৰি লয়৷ বাহৰ পৰা ওলাই অহাৰ পিছতে কুমাৰণী পোক আত্মনিৰ্ভৰশীল হবলৈ বাধ্য হয়৷
বৰল, কদো বা আন বহু কীট-পতঙ্গৰ দৰে কুমাৰণী পোকে আন সৰু পোক চিকাৰ কৰি তাৰ দেহ তৎক্ষণাতে ছিন্নভিন্ন কৰি খাই নেপেলায় আৰু সকলোতকৈ ডাঙৰ কথা হ’ল কুমাৰণী পোকে চিকাৰ কৰিলেও সেই চিকাৰ নিজে উদৰস্থ নকৰে৷ কেৱল পলু অৱস্থাতহে ই আন পোকৰ দেহ খায়৷ পূৰ্ণাঙ্গ কুমাৰণী পোকৰ মূল খাদ্য হ’ল ফুলৰ মৌ আৰু শৰ্কৰা জাতীয় পদাৰ্থই তাঁহাতৰ মূল খাদ্য৷ কেবল কণী পৰাৰ সময়ত কুমাৰণী পোকে নানা জাতীয় পোক- পৰুৱা চিকাৰ কৰাৰ বাবে ইফালে সিফালে ঘূৰি ফুৰে আৰু চিকাৰ বিচাৰি পালেই নিজৰ হুলৰ ব্যৱহাৰৰ দ্বাৰা চিকাৰক নিস্তেজ কৰি পেলায়, চিকাৰৰ মৃত্যু নহয় কিন্তু ঠিক পেৰালাইছিচ হোৱাৰ দৰে ইয়াৰ অৱস্থা হয়গৈ আৰু তেতিয়াই ইয়াক টানি চোঁচৰাই অথবা সৰু পোকৰ ক্ষেত্ৰত মুখেৰে কামুৰি ডাঙি লৈ গৈ নিজৰ বাহত ইয়াক সঞ্চয় কৰি ৰাখে৷ ইয়াৰ পিছত এটা দীঘল ধৰণৰ কণী পাৰি তাৰ ওপৰত আৰু চিকাৰ সোমাই দি বোকামাটিৰে সেই গাতৰ মূখ বন্ধ কৰি দিয়ে৷ এটা বাহত কুমাৰণী পোকে এটাকৈহে কণী পাৰে৷ আগতেই উল্লখ কৰিছোঁ যে মই বহুবাৰ ইহঁতৰ বাহ ভাঙি চাইছোঁ, এইদৰে আধা হোৱা বাহ সম্পূৰ্ণৰূপে ভাঙি দিয়াৰ পিছতো কিন্তু কুমাৰণী পোকে আকৌ সেই ঠাইতেই পুনৰ নতুনকৈ বাহ সাজিছে, বোকা লেকেটিয়া মাটি সংগ্ৰহ কৰাৰ পৰা শুকোৱালৈ এটা বাহ সজাতে ২/৩ দিন মান সময় লাগে, বাহ সাজোতে মাটি দিয়াৰ পিছত নিজৰ শৰীৰত ই এক কম্পাঙ্কণৰ সৃষ্টি কৰে৷ হয়তো মাটিখিনি ভালকৈ বহাবলৈ কুমাৰণী পোকে নিজৰ দেহাৰ সেই কম্পন কামত লগায় ঠিক আজিকালিৰ ভাইব্ৰেটিং ৰোলাৰৰ দৰে৷ সেয়ে ই বাহ বনাই থাকোতে অনবৰতে এটা গুণ গুণ শব্দ হৈ থাকে, যাৰ পৰা সহজেই ধৰিব পাৰি যে কুমাৰণী পোকে ওচৰতে কৰোবাত বাহ সাজি আছে৷ কুমাৰণী পোকে বনাই থকা বাহত এই অযথা হস্তক্ষেপৰ ফলত হোৱা বিলম্বলৈ চাই কিন্তু এটা কথা স্পষ্টকৈ কব পাৰি যে ই কিছু হ’লেও কণী পৰা সময় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম৷
কণী পৰাৰ ২/৩ দিনৰ ভিতৰতে কণী ফুটি সৰু লেটা কুমাৰণী বাহিৰ হয়, ইয়াৰ পিছত দিনে ৰাতি সেই লেটাৰ একমাত্ৰ কাম হ’ল খোৱা আৰু খোৱা৷ কিন্তু আচৰিত হ’লেও তেতিয়াও খাবলৈ আৰম্ভ নকৰা চিকাৰ জীৱিত অথচ পেৰালাইছিছ অৱস্থাতে থাকে৷ হয়তো নিজৰ পোৱালিৰ বাবে পচি নষ্ট হোৱা খাদ্য কুমাৰণী পোকৰ পছন্দৰ নহয় বুলিয়েই কব লাগিব৷ এনেদৰে ৭ দিন মান খোৱাৰ পিছত কুমাৰণীৰ পেলুৰ মুখেৰে ঠিক মুগা পলুৰ সূতাৰ দৰেই সূতা উলিয়াই নিজকে আৰষ্ট কৰে আৰু পলুৰ পৰা লেটালৈ ৰূপান্তৰিত হ’য়৷ এনেদৰে কেইদিনমান সময়ৰ পাৰ কৰাৰ পিছত সেই লেটাৰ পৰা বাহিৰ ওলাই গাতটোৰ মুখ খুলি বাহিৰলৈ ওলাই আহে৷
(বহুদিনৰ মূৰকত আজি হঠাৎ কুমাৰণী পোক এটা দেখা পাই গুগলোত চাৰ্ছ কৰিলোঁ৷ নাহ, ইণ্টাৰনেটত অসমীয়াত ইয়াৰ কোনো ধৰণৰ তথ্যই উপলব্ধ নহয়, কেৱল শব্দৰ অনলাইন অভিধানত কুমাৰণী-এবিধ ঘৰৰ বেৰত মাটিৰ বোকাৰে বাহ সাজি থকা পাখি থকা পোক৷ mason waps বুলি এইখিনি পালোঁ, তাকো তথ্যগতভাৱে ই শুদ্ধ নহয়৷ সেয়ে সৰু কালৰ সেই ৰহস্যময় কুমাৰণীক লৈ কিবা অলপ লিখিবলৈ মন গ’ল আৰু লিখি উলিয়ালোঁ) (এই পষ্ট মই নিজে লিখা নহয় ফেচবুকৰ পৰা সংগ্ৰহ কৰা হে, যদি কোনোবাই লেখকৰ নাম জানে অনুগ্ৰহ কৰি সংযোগ কৰক)