জীৱন যুদ্ধ

           - টিংকু বৰা

কৰোনা ৰ আতংকিত পৰিস্থিতি জনশক্তি আজি নিমাত সকলো গৃহবন্দী,ৰাজপথ শূন্য যান্ত্রিকতাৰে পৰিচালিত পৃথিৱীখন যেন হঠাতে থমকি ৰ'ল দৰিদ্ৰ- পীড়িত খাটিখোৱা জনতাৰ জীৱনৰ গতি ৰুদ্ধ তথাপিও জীয়াই থকাৰ আশা জীৱনৰ হাবিয়াস। পৰিস্থিতি ভীষণ পথভ্রষ্ট হৈ পৰিছে জনতা যাত্রাও দুৰ্গম...

কাল সময়ৰ বুকুত জাহ্ যাব ধৰিছে সকলো। 

তৎসত্ত্বেও, জীৱন যুদ্ধৰ ন- হাবিয়াস ।

নতুন অভিজ্ঞতা।

জীৱনটো হৈ পৰিছে
এখনি পথভ্রষ্ট নদীৰ দৰে, 

জীৱনৰ স্থিৰতা নোহোৱা হৈছে। বণিকেই হওঁক বা বনুৱা উচ্চয়েই হওঁক বা নীচ পুৰুষেই হওঁক বা নাৰী কৰোনাৰ কালগ্রাসত

সোমাই পৰিছে সকলো। 

বেদনাত আৰ্তনাদ । তথাপিওঁ, জীয়াই থকাৰ প্ৰবল ইচ্ছা; জীৱন যুদ্ধৰ ন- হাবিয়াস ।