ডায়েবেটিচ্ থকা ৰোগীৰ খাদ্যঃ একেবাৰেই নাখাব- আলু,কচু। কল, কঠাল, আম, লেচু, আনাৰস, আঙুৰ। চেনি,গুৰ,মিঠাই,মৌ-জোল। ঘি,মাখন, ক্ৰীম,ভেজিটেবল ঘি। ফলৰ ৰস, পানীয়, চিৰাপ (ভিটামিন বা কাঁহৰ)। আইচ্ক্ৰীম, বেছিকৈ ভজা বস্তু। খাব- সেউজীয়া পাচলি,কেঁচা অমিতা, তিঁয়হ। টেঙা ফল, আপেল, মধুৰিআম, নাচপতি,মৌচুমী,কাঠ-বাদাম। চেনি গাখীৰ নিদিয়া চাহ,মুৰী, আখৈ, চেনি নথকা বিস্কুট। ডালিয়া, ওটচ্, দাইল। ৰুটি (ৰঙা আটাৰ), ভাত (মোটা সিদ্ধ চাউলৰ), খিচিৰি। গাখীৰ (মাখন নথকা, দিনটোত একাপ),দৈ (টেঙা ঘৰত তৈয়াৰ কৰা)। পনীৰ, সৰু মাছ, মূৰ্গীৰ মাংস (কম পৰিমানৰ), কণীৰ বগা অংশ। নিমখ আৰু তেল কম পৰিমানৰ। মাছ মাংস কম পৰিমানৰ খাব,পাৰিলে সপ্তাহত এবাৰ বা দুবাৰ, মাহে এবাৰ বা দুবাৰ। কণী এটা দিনৌ খাব পাৰে।