দেবর্ষি গৌতম : Deborshi Gautam [1]

দেবর্ষি গৌতম এগৰাকী অসমীয়া লেখক। নলবাৰী জিলাত জন্মগ্ৰহণ কৰা দেবর্ষি গৌতমে নলবাৰী জিলাতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা আহৰণ কৰে। বৰ্তমান দেবর্ষি গৌতম অসমীয়া সাহিত্য চর্চা জগত খনৰ লগত জড়িত হৈ আছে। ফেচবুকৰ মজিয়াত জন্ম লাভ কৰা "অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ:অসম" নামৰ ফেচবুক গোটটোৰ প্ৰতিস্থাপক হোৱাৰ লগতে কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি আছে[1]। দেবর্ষি গৌতম প্ৰতি বছৰে মুখপত্ৰ হিচাপে ছপা হৈ প্ৰকাশ হোৱা "শব্দবাক" নামৰ আলোচনী খনৰ মুখ্য সম্পাদক হোৱাৰ উপৰিও প্ৰতি দুমাহৰ মূৰে মূৰে অনলাইনত প্ৰকাশিত হোৱা শব্দবাক আলোচনী খনৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্বত আছে। বৰ্তমান দেবর্ষি গৌতম এগৰাকী যুৱ লেখক। অসমৰ প্ৰায় প্ৰতিখন আগশাৰীৰ বাতৰি কাকতত লেখকৰ লেখা প্ৰকাশ পাই আহিছে। প্ৰতিটো জাতীয় সমস্যাৰ ক্ষেত্ৰত নিৰ্ভীক আৰু জাতিৰ পক্ষত থাকি কলম চলাবলৈ কেতিয়াও ভয় নকৰে দেবর্ষি গৌতমে। স্পষ্টবাদী লিখন শৈলীৰ স্বভাৱটোৰ বাবে দেবর্ষি গৌতম প্ৰতিগৰাকী স্বাভিমানী জাতীয়তাবাদী লোকৰ বাবে চিনাকী নাম। ২০২২ বৰ্ষত ডাকোৱাল আলোচনীৰ পৰিয়ালে "দৃষ্টি বঁটা-২০২২" প্ৰদান কৰে দেবর্ষি গৌতমলৈ।[2][3]

  1. বিশেষ সূত্ৰ
  2. https://www.facebook.com/profile.php?id=100089747841717&mibextid=ZbWKwL
  3. https://www.facebook.com/deborshigautam?mibextid=ZbWKwL