অৰুণোদই যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকন সম্পাদনা কৰক

মিছনেৰীসকলৰ সাহিত্যিক প্ৰচেষ্টাত যিসকল অসমীয়ালোকে আন্তৰিকতাৰে যোগ দিছিল সেইসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অন্যতম।তেখেত আধুনিক যুগৰ অসমীয়া ভাষাৰ এজন অন্যতম লেখক।

জন্ম আৰু শিক্ষা জীৱন:-

  ১৮২৯ খ্ৰীষ্টাব্দৰ ২২ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰসিদ্ধ ঢেকিয়াল ফুকনৰ ঘৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হয়।তেখেতৰ পিতৃৰ নাম হলিৰাম ঢেকিয়াল ফুকন।পিতৃ হলিৰাম ঢেকিয়াল ফুকনে বঙলা ভাষাত 'অসম বুৰঞ্জী' আৰু 'কামাখ্যা যাত্ৰাপদ্ধতি' নামে দুখন পুথি ৰচনা কৰি ছপাই বিনামূল্যে বিলাই দিছিল।অৱশ্যে হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল।আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতেই পিতৃৰ মৃত্যু হয়।পাঁচ বছৰ বয়সতে ফুকনে উমানন্দৰ সংস্কৃত টোলত নামভৰ্তি কৰে।ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজী শিক্ষা গ্ৰহণত আপত্তি কৰিছিল।কিন্তু সেই আপত্তি নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭ চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে।জেমছ মেথিউ আৰু জেনকিন্সৰ তত্ত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল।১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়।সেই সময়ত ভাপ-নাও বা ৰেল গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ যাত্ৰা কৰি কলিকতাত উপস্থিত হৈছিল।আৰু কলিকতাৰ হিন্দু কলেজত নামভৰ্তি কৰে।তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।উভতি আহি গুৱাহাটীত ব্ৰেণ্ডচাহাবৰ ওচৰতে আকৌ ইংৰাজী পঢ়ে।তেওঁ কিছু সংস্কৃত আৰু ফাৰ্চী ভাষাও আয়ত্ত্ব কৰিছিল।

বৈবাহিক জীৱন:-

  গুৱাহাটীলৈ উভতি আহি ১৮৪৬ চনত আনন্দৰামে বিবাহ পাশত আৱদ্ধ হয়।পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী মাহেন্দ্ৰী দেৱী।বিয়াৰ পাছত আনন্দৰামে ঘৈণীয়েকক ঘৰতে নিজে লিখা-পঢ়া শিকাইছিল।১৮৪৯ চনত আনন্দৰামৰ প্ৰথম সন্তান ৰামেশ্বৰীৰ জন্ম হয় যদিও সন্তানটি অকালতে মৃত্যুমুখত পৰে।বৰপেটাত কাম কৰা কালত ১৮৫৩ চনত তেওঁৰ কন্যা পদ্মাৱতীৰ দেৱী ফুকননীৰ জন্ম হয়।

চাকৰি জীৱন:-

    আনন্দৰাম ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী 'অৰুণোদই'ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে।১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ 'ডিম্মাদাৰ' লৈ নিযুক্তি কৰা হয়।পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়।নলবাৰীত থকা কালতে তেখেতে 'ইংলেণ্ড বুৰঞ্জী' নামৰ পুথি এখন প্ৰকাশ কৰে ১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ 'দেৱান' পদত নিযুক্তি পায়।সেই পদত থাকোতেই তেখেতে 'Estate Administration'নামৰ পুথি এখন ৰচনা কৰে।ইয়াৰ পাছত তেখেতে নগাওঁ আৰু গোৱালপাৰা জিলাৰ সদৰৰ 'উপ-সহকাৰী আয়ুক্ত' হিচাপে কাম কৰে।১৮৫৩চনত অসমৰ অৱস্থা সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা মোফাত মিলচ চাহাবৰ আগত ফুকনে অসমৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে সুন্দৰ বিবৃত্তি দিয়ে।

অসমীয়া ভাষা সাহিত্যলৈ অৱদান:-

       আনন্দৰাম ঢেকিয়াল ফুকনে ১৭ বছৰ বয়সতে লিখা-মেলা কৰিবলৈ লয়।তেওঁ প্ৰথমে 'অৰুণোদই'ৰ বাবে লিখিবলৈ লৈছিল।১৮৪৭ চনত অৰুণোদইত 'ইংলেণ্ডৰ বিৱৰণ'লেখাটি প্ৰকাশ কৰে।আৰু ইংৰাজী পাঠ্যপুথিৰ আধাৰত প্ৰায় চাৰিশ পিঠিয়া 'অসমীয়া ল'ৰাৰ মিত্ৰ'দুটা খণ্ডত ১৮৪৯ চনত প্ৰকাশ কৰে।এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা।আনন্দৰামে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ পৃষ্ঠপোষকতা কৰিছিল।১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিলছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল।১৮৫৫ চনত তেখেতে  ইংৰাজীত লিখা 'A few remarks on the Assamese language' নামৰ পুস্তিকাখন প্ৰকাশ কৰে।এই পুস্তিকাত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা,বঙলা জাপি দিয়াৰ বিষময় ফল আদি আলোচনা কৰে।এই পুস্তিকাত ফুকনে ৬২ খন পদপুথি আৰু ৪০খন নাটৰ কথা উল্লেখ কৰিছে।লগতে পুথিখনত অসমীয়া ভাষা যে বঙালী ভাষাৰ ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফঁহিয়াই দেখুৱাইছে।অসমত বঙালী ভাষাৰ  বিৰুদ্ধে আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙণি আগবঢ়াইছিল ।এইদৰে তেখেতে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি আগবঢ়াই থৈ গৈছে।

মৃত্যু:-

   ১৮৫৯ খ্ৰীষ্টাব্দৰ ১১ জুন মাহত ত্ৰিছ বছৰ নৌহওঁতেই তেওঁৰ অকাল মৃত্যু হয়।আনন্দৰামে ঊনত্ৰিছ বছৰীয়া জীৱনত যিখিনি কৰি গ'ল বহুতে দীৰ্ঘ জীৱন পায়ো সেইখিনি কৰিব পৰা নাই।

প্ৰকাশিত পুথি:-

  • 'A few remarks on the Assamese language' (১৮৫৫ চনত 'এ নেটিভ' ছদ্ম নামেৰে এই পুস্তিকা ৰচনা কৰে।)
  • অসমীয়া ল'ৰাৰ মিত্ৰ।