নিতুপন চুতীয়া
•বিহুৰ উৎপত্তি:-
অসমীয়া সংস্কৃতিৰ প্রতীক বিহুৰ উৎপত্তি সম্পর্কে মতভেদ আছে যদিও 'চুতীয়া' শব্দ "বিচু"ৰ পৰাই বিহুৰ উৎপত্তি হোৱা বুলি ভাবিবৰ থল আছে । "বি" মানে 'ডাঙৰ' আৰু "চু" মানে 'সর্বোচ্চ বা সর্বোত্তম আনন্দ' । গতিকে, অসমীয়াৰ আটাইতকৈ ডাঙৰ আৰু সর্বোত্তম আনন্দৰ উৎসৱটোৱেই হৈছে বিহু । কোৱা হয় যে মানুহৰ মুখ বাগৰি কালক্রমত চুতীয়াৰ বিচু শব্দটোৱেই বিহুলৈ ৰূপান্তৰিত হয় । আকৌ, ৰঙালী বিহুৰ ক্ষেত্রত ব্যৱহাৰ কৰা "বাপতি সাহোন" শব্দটোও চুতীয়াসকলৰে অৱদান । আনুমানিক পঞ্চম ষষ্ঠ শতিকাত চীনৰ য়ুনান প্রদেশৰ হোৱাংহো আৰু ইয়াংচিকিয়াঙ নদীৰ পাৰত বাস কৰা চুতীয়াসকল তিৱা ধর্মৰ লোক আছিল বুলি ইতিহাসে কই । তিৱাসকলৰ আৰাধ্য দেৱতাক "তি" বোলা হয় । চুতীয়াসকলৰ আৰাধ্য দেৱতা 'তি'-য়ে বাপ বা পিতৃ পুৰুষ আৰু তেওঁলোকে তেওঁলোকৰ পুত্রসকলক দি যোৱা সংস্কৃতিয়েই হৈছে বিচু বা বিহু । বাপ+তি=বাপতি অর্থাত পৈত্তিক আৰু সাহোন মানে সম্পত্তি । গতিকে, বিচু বা বিহু চুতীয়াসকলৰ বাপতি সাহোন অর্থাত পৈত্তিক সম্পত্তি ।৷