বিভিন্ন দিশত জিলা হিচাপে প্ৰথম গোলাঘাট

বিভিন্ন দিশত জিলা হিচাবে প্ৰথম গোলাঘাট-------

      আপুনি জানেনে সৰ্বভাৰতীয় পটভূমীত ১৮৫৭চনত যি  চিপাহী বিদ্ৰুহ হৈছিল  এই বিদ্ৰোহৰ মুকলি ঘোষণা অসমত প্ৰথম  শুভাৰম্ভ হৈছিল  এই গোলাঘাটতে  ১৮৫৭ চনৰ ২৯ আগষ্টৰ নিশা ৯ বজাত গোলাঘাটৰ নোগোৰাৰ সৈন্য ছাউনীৰ মুৰব্বী চুবেদাৰ শ্বেইখ ভিকুনৰ কোৱাৰ্টাৰৰ সন্মুখত  ৷ এনে এক ঐতিহাসিক  কাৰ্যৰ  পবিত্ৰস্থান হোৱাৰ সৌভাগ্য হোৱাৰ বাবে  গোলাঘাট বাসী হিচাপে সদায় গৌৰৱান্বিত ৷
   অসমক সুৰা মুক্ত কৰাৰ উদ্দেশ্য প্ৰথমটো সংগঠন মদমুক্ত অসম প্ৰবীন দাস আৰু পুলক গগৈৰ নেতৃত্বত এই গোলাঘাট জিলাতে গঠন হৈছিল আৰু এই সংগঠনে আজি সমগ্ৰ অসমতে মদ নিৰ্বাৰণৰ বাবে কাম কৰি আছে ৷

      দ্বাৰিকী দাস অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম গৰাকী মহিলা শ্বহীদ ৷ গোলাঘাটৰ মৰঙী মৌজাৰ পংকা গাওঁ নিবাসী অনুসুচীত সম্প্ৰদায়ৰ মহিলা অদম্য সাহসী দাস ডাঙৰীয়ানী  মুক্তিযোদ্ধা আনন্দৰাম বৰুৱাৰ পত্নী আছিল ৷
ইউনিয়ন লাইব্ৰেৰী গোলাঘাট  অসমৰ ভিতৰত ছাত্ৰই প্ৰতিষ্ঠা কৰা প্ৰথম পুথিভঁৰাল আছিল যিটো প্ৰায় ১৯২৯/৩০ চনত গোলাঘাট চহৰৰ মাজ মজিয়াত প্ৰতিষ্ঠা কৰিছিল ৷ এই পুথিভঁৰাল গোলাঘাট জিলা ছাত্ৰ একতা সভাই হুচৰি মাৰি ধন সংগ্ৰহ কৰি সেই ধনেৰে এই পুথিভঁৰাল পাতিছিল ৷ ১৯৩৮ চনত এই পুথিভঁৰালৰ জৰিয়তেই  গোলাঘাট জিলাত  প্ৰথম বিহু সন্মিলন পতা হৈছিল ৷ এই সন্মিলনত জগৎ চন্দ্ৰ গোস্বামীয়ে ইয়াত সভাপতিত্ব কৰিছিল ৷ 

১৯৩৮ চনত কুমুদেশ্বৰ বৰঠাকুৰে প্ৰতিষ্ঠা কৰা " অসম পুথিভঁৰাল সংঘৰ" প্ৰথম জাকজমক পূৰ্ণ আৰু প্ৰাণস্পৰ্শী অধিবেশন এই ইউনিয়ন পুথিভঁৰালৰ জৰিয়তে গোলাঘাটতে হৈছিল ৷

 অসমত প্ৰথম ৰাজহুৱা ভাবে বহাগী উৎসৱ এই জিলাৰে বেতিয়নীত পতা হৈছিল যি আজিও বহাগৰ ১ তাৰিখে এই উৎসৱ পাতি আছে ৷

গোলাঘাট চহৰৰ পৌৰ সভাও অতি পুৰনি মাত্ৰ দুটা বছৰ হে আছে শতবৰ্ষ গৰকিবলৈ ৷স্বাধীনতাৰ আগতেই ১৯২০ চনতে প্ৰতিষ্ঠিত ৷ গোলাঘাত জিলা সাহিত্য সভাও অসম সাহিত্য সভাত কৈ এবছৰ হে পাছত মানে ১৯১৮ চনতেই প্ৰতিষ্ঠিত ৷

বিপ্লৱী বীৰ শংকৰ বৰুৱাই অসমৰ হয়টো এনে এক স্বাধীনতা যুজাৰু আছিল যাক জীৱিত বা মৃত ৰূপত ধৰি দিব পাৰিলে মানে তেওঁৰ মূৰৰ ওপৰত ব্ৰিটীছ চৰকাৰে ১০ হাজাৰ টকাৰ পুৰস্কাৰ কথা ঘোষণা কৰিছিল ৷ এই বিপ্লৱী বীৰ শংকৰ বৰুৱাৰো জন্ম গোলাঘাটতে হৈছিল ৷

অসমৰ প্ৰথম Typing স্কুল The Assam Type Writting School ১৯২৪ চনত এই গোলাঘাট জিলাতে ৺ফনিধৰ বৰদলৈ দেৱে প্ৰতিষ্ঠা কৰিছিল য’ত শ্বহীদ কুশল কুঁৱৰেও Typing শিকিছিল ৷ গোলাঘাটতে জন্মহৈছিল যদুনাথ শইকীয়াৰ যি বাওঁপন্থী আন্দোলনৰ এজন সক্ৰিয় সজীৱ নেতা আছিল ৷ ইয়াতে জন্মহৈছিল কবি ৺ধীৰেন দত্তৰ যি জন প্ৰথম প্ৰগতিশীল কবিতাৰ বাটকটীয়া আছিল ৷ ইয়াতে জন্ম হৈছিল হেমচন্দ্ৰ বৰুৱাৰ যি গৰাকীক আধুনিকতাৰ "অগ্ৰদূত" বুলি কোৱা হৈছে লগতে প্ৰথম অসমীয়া অভিধান হেমকোষৰ প্ৰণেতা ৷ ইয়াতেই জন্ম হৈছিল ৺হেমচন্দ্ৰ গোস্বামীৰ যাক জোনাকী যুগৰ ত্ৰিমূৰ্ত্তীৰ অন্যতম বুলি কোৱা হয় প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমৰ গল্প সাহিত্যৰ সম্ৰাট সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ছাৰৰ জন্মও এই গোলাঘাট জিলাৰ নাহৰণিতে ৷

  অসমীয়া চুটিগল্পত মেজিক ৰিয়েলীজমৰ পৰীক্ষা কৰা প্ৰথমজন গদ্যকাৰ জেহেৰুল হুচেইন ওৰফে নাইচ-কা গোলাঘাটৰে বাসিন্দা ৷
স্বৰাজোত্তৰ কালত এই গোলাঘাটতেই প্ৰথম অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ জন্ম  হৈছিল ৷ 
 অসমত প্ৰথম  সমাজবাদী চিন্তাধাৰৰ উকমুকনি এই গোলাঘাট জিলাতে হৈছিল আৰু অসম কমিউনিষ্ট দল গঠন হৈছিল ৷
অসমত  প্ৰথম ক্ষুদ্ৰ চাহ খেতি এই গোলাঘাট জিলাতে কৰা হৈছিল আৰু অসমৰ প্ৰথম ক্ষুদ্ৰচাহখেতিয়ক সন্থাৰ  জন্ম এই জিলাতে হৈছিল ৷ সাঁচি গছৰ পৰা সুগন্ধী আতৰ ওলিওৱাৰ ব্যৱসায়ো প্ৰথম এই জিলাৰ নাহৰণি অঞ্চলতে আৰম্ভ হৈছিল ৷ 
ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা  ৰেংলাৰ উপাধি পোৱা একমাত্ৰ অসমীয়া সন্তান অনুপম শইকীয়া এই গোলাঘাট জিলাৰে ৷ মিতভাষ নামৰ একশ্ৰেণীৰ নতুন কাব্যশৈলীৰ স্ৰষ্টা নগেন শইকীয়াৰো জন্ম গোলাঘাটতে ৷

ভাৰতৰ পঞ্চমজনা তথা অসমৰ পৰা হোৱা প্ৰথমজনা ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ ডাঙৰীয়াৰো জন্ম এই গোলাঘাট জিলাতে ৷ পৰাধীন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ছাৰ চৈয়দ চাদ্দুল্লাহ ও এই গোলাঘাট জিলাৰ কছাৰী হাটৰে মূল বাসিন্দা আছিল ৷

অসমীয়া কথাছবিৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ এই গোলাঘাট জিলাৰে জিয়ৰী ৷

এছিয়াৰ ভিতৰত দীঘল কাঠৰ দলংখন গোলাঘাটৰ মহুৰা মুখতে আছিল।‌ অসমৰ দ্বীতীয়টো ক্ষুদ্ৰ সংগ্ৰহালয় মোহিনী ৰাজকুমাৰী ক্ষুদ্ৰ সংগ্ৰহালয় মহুৰা মুখতে আছে।‌ উল্লেখযোগ্য যে মোহিনী ৰাজকুমাৰী অসমৰ প্ৰথম মহিলা ঠিকাদাৰ আছিল যাৰ জন্মও এই গোলাঘাটতে ।‌

    কমাৰ গাৱৰ সোনোৱাল গাৱঁৰ পৰা মহুৰা মুখলৈ অসমৰ একমাত্ৰ পোন পথটো এই গোলাঘাট জিলাতে আছে ।‌ 
৺সুৰেন্দ্ৰনাথ শইকীয়া অসমীয়া সাহিত্যৰ প্ৰথম প্ৰহসনৰ নাটক স্ৰষ্টা এই গোলাঘাট জিলাৰে ৷
অসমীয়া সংস্কৃতিৰ এক অংশ জিকিৰ জাৰি ৷ এই জিকিৰ জাৰিৰ  প্ৰথম গায়ক   ৰেকিবুদ্দিন আহমেদ এই  গোলাঘাট জিলাৰে ৷

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা যি এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত এই গোলাঘাট জিলাতে অৱস্থিত ৷

      এচিয়াৰ আটাইতকৈ বক্ৰ নদী ধনশিৰি এই গোলাঘাট জিলাৰ মাজেৰে বৈ গৈছে,  যি নদী ৪০০ মিটাৰো পোনকৈ গতি নকৰে আৰু সঘনাই এই নদীয়ে নিজৰ গতিপথ সলায় আৰু সৃষ্টি কৰে কিছুমান অশ্বখুৰা হ্ৰদৰ ৷ শংকৰ বিল, মেৰ বিল আদি এনে ধৰণৰ কিছুমান হ্ৰদ যাক ধনশিৰি নদীয়ে সৃষ্টি কৰিছে অৱশ্যে কালৰ গতিত এই নদীয়ে এই হ্ৰদ বোৰ এদিন নাইকিয়া কৰিব আৰু বিলীন হৈ জাব নদীৰ বুকুত ৷
দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্ণ প্ৰভাৱো অসমৰ একমাত্ৰ এই গোলাঘাট জিলাতে পৰিছিল  ডীমাপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ ৰণডংকা বাজিছিল, গোলাঘাটৰ বগৰিজেঙত মিত্ৰ শক্তিৰ সৈন্য বাহিনীৰ বিশাল ছাউনী এক অভূতপূৰ্ব পৰিবেশ বিৰাজ কৰিছিল  চল্লিশৰ দশকত গোলাঘাটত ৷
অসমৰ পৰম্পৰাগত খেলসমুহক  সন্নিৱিষ্ট কৰি অসম গন পৰিষদৰ চৰকাৰৰ ক্ৰিয়া মন্ত্ৰী প্ৰয়াত প্ৰবীন গগৈৰ প্ৰচেষ্টাত  পোন প্ৰথমবাৰৰ বাবে আয়োজন হোৱা শক্তিমেলা এই গোলাঘাট জিলাতে অনুষ্ঠিত হৈছিল ৷
     ১৯৮০ চনৰ ২৯  জুলাই তাৰিখে  গোলাঘাটক  প্ৰধান কাৰ্যালয় হিচাপে লৈ লখিমী গাঁৱলীয়া  বেংক গোলাঘাটত প্ৰতিষ্ঠা হৈছিল অৱশ্যে এই বেংক বাকী জিলাবোৰলৈও সম্প্ৰসাৰিত হয় ৷ গতিকে দেখা যায় যে অসমৰ সাহিত্য সংস্কৃতি ৰাজনীতি আদি সকলো দিশতে গোলাঘাট জিলাৰ এক উল্লেখনীয় অৱদান আছিল আছে আৰু সদায় থাকিব ৷ 
মোৰ এই লেখাত বহু কথা থাকি গৈছে মোৰ অজ্ঞাতে যদি কোনোবাই কিবা বিশেষ জানে তেন্তে ইয়াৰ লগত সংযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ ৷
           পঙ্কজ বৰুৱা বুঢ়াগাওঁ


প্ৰবন্ধ-------

     মৃত্যুৰ পিছতো জীৱিত থকা মানৱ দেহৰ অংগবোৰ   -----
      পৃথিৱীৰ আটাইতকৈ জটিল সংৰচনা বুলিলে প্ৰথম আহে আমাৰ শৰীৰটো, আমাৰ শৰীৰটো সঁচাকৈয়ে বিচিত্ৰ,মৃত্যুৰ পাছতো বহু অংগ বহু সময়লৈ জীৱিত অৱস্থাত থাকে ৷ কিছুমান অংগৰ লাহে লাহে মৃত্যু হয় কিছুমান আনকি ২৪ ঘন্টালৈকে জীৱিত অৱস্থাত থাকে ৷ 
    মানৱ শৰীৰ আজিও এক ৰহস্য হৈয়ে আছে ৷ মানুহৰ মৃত্যুৰ হোৱাৰ পাছতো শৰীৰৰ বহু অংগই কাম কৰি থাকে, এই বাবেই মানুহৰ মৃত্যুৰ পাছতো শৰীৰৰ বহু অংগ  আনক দান কৰিব পাৰি ব্যৱহাৰৰ বাবে ৷
     মানুহ এজনৰ মৃত্যুৰ পাছত তেওঁৰ শৰীৰৰ এটা এটাকৈ অংগ সমুহে কাম কৰা বন্ধ কৰি দিয়ে, মৃত্যু হোৱাৰ লগে লগেই শ্বাসপ্ৰশ্বাস প্ৰথমে প্ৰভাৱিত হয়,শ্বাসৰুদ্ধ হোৱাৰ লগে লগেই হৃদযন্ত্ৰৰ ঢপঢপনি বন্ধ হয়,আগন্তুক পাঁচমিনিটৰ ভিতৰত শৰীৰৰ কোষিকা বোৰত অক্সিজেনৰ অভাৱ হয় আৰু কোষ বোৰ ক্ৰমাৎ মৰিব ধৰে, এই অৱস্থাক Point of The No Return বুলি কোৱা হয় ৷ চিকিৎসা বিজ্ঞানত এই Point of the no Return এক ৰহস্য বুলি বিবেচনা কৰা হয় ৷ এই অৱস্থা পোৱাৰ পাছত প্ৰতি ঘন্টাত  শৰীৰৰ তাপমাত্ৰা ১.৫ ডিগ্ৰী কৈ কমি যায় ৷ এজন সুস্থ মানুহৰ শৰীৰৰ  তাপমাত্ৰা হ’ল ৩৭ ডিগ্ৰী চেলচিয়াচ ৷
     জানি আচৰিত লাগিব যে এজন মানুহৰ মৃত্যুৰ পাছত  ২৪ ঘন্টাট কৈ বেছি সময়  চাল জীৱিত অৱস্থাত থাকে,শৰীৰৰ কিছুমান কোষিকাই  এই চাল সমুহ জীয়াই ৰখাৰ বাবে কাম কৰে, এই কোষিকা সমুহে মানুহজনৰ মৃত্যুৰ পাছতো নিজৰ ক্ষয় ক্ষতি সমুহ মেৰামতি কৰাৰ চেষ্টা কৰে, প্ৰধানকৈ এই কাম ষ্টেম কোষিকা সমুহে কৰে ৷ এই পক্ৰিয়া কেইবাদিনলৈ চলি থাকিব পাৰে ৷ এই ঘটনা কেৱল মানৱ শৰীৰতে হয় তেনে নহয় অনান্য জীৱজন্তুৰ ক্ষেত্ৰতো হয় ৷
        যদি আপুনি কাৰবাক নিজৰ অংগ সমুহ মৰোণোত্তৰ ভাৱে দান কৰি থৈছে তেন্তে চিকিৎসক সকলে বিছাৰে যে আপোনাৰ মৃত্যুৰ আধাঘণ্টাৰ ভিতৰত বৃক্ক, পাকস্থলী আৰু হৃদযন্ত্ৰক  আপোনাৰ শৰীৰৰ পৰা পৃথক কৰি লোৱা হওক ৷ এই অংগ সমুহ  ৬ ঘন্টালৈকে জীৱিত অৱস্থাত থাকে ৷ গতিকে যাৰ শৰীৰত এনে অংগ সংস্থাপন কৰিব লগা থাকে তেওঁৰ শৰীৰত মানুহজনৰ মৃত্যু  হোৱাৰ পৰা ৬ ঘন্টাৰ ভিতৰত এই অংগ সমুহ সংস্থাপন হ’ব লাগে ৷
     এজন মানুহৰ মৃত্যুৰ বহু দিনৰ পাছলৈকে মানুহজনৰ নখ আৰু চুলি জীৱিত অৱস্থাত থাকে আৰু নিজে নিজে বাঢ়ি থাকিব পাৰে ৷ সেয়ে কেতিয়াবা কিছু মানুহৰ ক্ষেত্ৰত মৃত্যুৰ পাছতো মুখমণ্ডলত দাড়ি বঢ়া দেখা যায়, অৱশ্যে সকলোৰে ক্ষেত্ৰত এনে নহয় ৷
     গৱেষক সকলে গৱেষণা কৰি পাইছে যে মানুহৰ শৰীৰৰ জীণ মৃত্যুৰ পাছতো কাৰ্যক্ষম অৱস্থাত থাকে, এনে অৱস্থাত জীণত থকা DNA ই অধিক কাৰ্যক্ষম হৈ  বেছি প্ৰ’টিন উৎপন্ন কৰে ৷
    কোনো লোকৰ মৃত্যুৰ লগে লগেই মানুহজনৰ শৰীৰত থকা উপযোগী বেক্টেৰিয়া সমুহে কাম কৰি থাকে আৰু খাদ্য পাচন ক্ৰিয়াত লাগি থাকে, এনে অৱস্থাত শৰীৰৰ পাচন অংগত এমিন’ এচিড উৎপন্ন হয় যাৰ বাবে বেয়া গন্ধ ওলাব পাৰে নাক বা মুখেদি, সেয়ে মৃত্যুৰ লগে লগেই মানুহৰ নাক আৰু মুখ কপাহেৰে বন্ধ কৰি দিয়া হয় ৷
     যেতিয়া কোনো লোকৰ হৃদযন্ত্ৰৰ ঢপঢপনি বন্ধ হয় তাৰ কেই মিনিট মানলৈকে মগজু সক্ৰিয় হৈ থাকে, সেয়ে কেতিয়াবা কেতিয়াবা মানুহ যেতিয়া পুনৰ জীৱিত হয়, সেই সময়ত তেওঁ কেনে অনুভৱ কৰিছিল কি হৈছিল এইখিনি ক’ব পৰা স্থিতিত থাকে মগজুৰ এই সক্ৰিয়তাৰ বাবেই ৷
    কিছুমান তথ্যৰ মতে মগজুয়ে কাৰ্য কৰা এৰাৰ পাছতো কোষিকা তন্ত্ৰৰ কাম  বন্ধ হ’বলৈ আৰু কিছু সময় লাগে সেয়ে মৃত্যুৰ পাছতো কেতিয়াবা গাৰ চালত জীৱিত শৰীৰে কৰাৰ দৰে লৰচৰ ছালত দেখিব পোৱা যায় ৷ যেতিয়া শৰীৰত তেজ চলাচল বন্ধ হৈ যায় আৰু শ্বাসৰুদ্ধ হয় তেতিয়াই সাধাৰণতে মাংসপেশী সমুহ কোচ খাই যায় ৷
   সঁচাকৈয়ে বিচিত্ৰ নহয়নে আমাৰ মানৱ শৰীৰ ৷ কেৱল বিচিত্ৰই নহয় মানৱ শৰীৰ বহু ৰহস্যৰে পৰিপূৰ্ণ যাক আজিও উদ্ঘাটন কৰিব পৰা নাই ইয়াৰ সত্যতা ৷
                পঙ্কজ বৰুৱা বুঢ়াগাওঁ৷


প্ৰবন্ধ-------

      প্ৰেম বা ভালপোৱানো কি তাৰে এক চমু বিশ্লেষণ--------------------
   
         পৃথিৱীত  জীৱৰ সৃষ্টি হোৱাৰ লগে লগেই জীৱৰ জীয়াই থাকিবলৈ বিভিন্ন জৈৱিক মানসিক প্ৰয়োজন অনুভৱ কৰে মানৱ জাতিৰো  ইয়াৰ অন্তৰ্ভূক্ত ৷ মানৱ জাতিৰ নিজৰ মানসিক প্ৰয়োজন বোধৰ এক অংশ হ’ল মৰম ভালপোৱা , প্ৰতিজন মানুহে আনৰ পৰা মৰম ভালপোৱা বিছাৰে ৷ প্ৰেম  ভালপোৱা হ’ল এক সুখদায়ক আৱেগিক স্বভাৱ জীৱৰ হৃদয়ৰ এক কোমল অনুভূতি ৷ অৱশ্যে বহুতে প্ৰেম ভালপোৱাক কামনা বাসনাৰ নামান্তৰ বুলিও ক’ব খুজে ৷ মৰম ভালপোৱা ই এটা অতি  শক্তিশালী গঠনমুলক পৰকেন্দ্ৰিক আবেগ ৷ এই আবেগে মানুহৰ মনত মৰম স্নেহ , শ্ৰদ্ধা ভক্তি, দয়া ক্ষমা কৰুণা, প্ৰেম প্ৰীতি আদি মানৱীয় অনুভূতিবোৰ জগাই তুলি  মানুহক সামাজিক ভাৱে জীয়াই থকাৰ যোগ্যতা দিয়ে ৷ মানৱ জীৱনত মৰম ভালপোৱা বিভিন্ন পৰ্যায়ত বিকশিত হয় সৰুতে পিতৃ মাতৃ, ভাতৃ ভগ্নীৰ প্ৰতি শৈশৱত সমনীয়াৰ প্ৰতি যৌৱনত প্ৰেয়সীৰ প্ৰতি মানে বিপৰীত লিঙ্গৰ প্ৰতি  পূৰ্নাংগ অৱস্থাত এই সকলো বোৰৰ লগতে নিজ সন্তান জাতি ভাষা সংস্কৃতি স্বদেশৰ প্ৰতিও  প্ৰেম ভাল পোৱাৰ উদ্ভৱ হয়  যি বৃদ্ধ তথা মৰাৰ আগমুহুৰ্তলৈকে থাকি যায় ৷ এই সকলো প্ৰেম ভালপোৱাৰ ভিতৰত যৌৱন অৱস্থাত বিপৰীত লিঙ্গৰ মাজত হোৱা প্ৰেমে বেছি প্ৰাধান্য পায় বেছি চৰ্চা হয় ৷ যৌৱনৰ প্ৰেম ভালপোৱা আৰম্ভ হয় শাৰীৰিক  আৰু ব্যক্তিত্বৰ আকৰ্ষণৰ পৰা তাৰ পাছত সপোন কল্পনাই স্থান পাই মধুৰ সম্পৰ্কৰ সৃষ্টি কৰে আৰু  প্ৰায়ে এনে সম্পৰ্ক আজীৱন থাকি যায় ৷ প্ৰেম সকলোৰে জীৱনলৈ আহে সংগোপনে আৰু দি যায় এক মিঠা অনুভৱ ৷ প্ৰেম শ্বাশ্বত সত্য সুন্দৰ আৰু ঐশ্বৰীক অনুভূতি যাক ভাষাৰে বুজোৱা বা ব্যাখ্যা কৰা টান ৷ বহুতৰ মুখত শুনো বোলে প্ৰেম অন্ধ কেতিয়া কাক কেনেকৈ ভাল লাগি যায় কোনেও ক’ব নোৱাৰে , প্ৰেম ভালপোৱা কৰা নাযায় ই আপুনা আপুনি হৈ যায় ৷ প্ৰেমৰ বাবে পৃথিৱীত তাজমহলৰ দৰে  সমাধিৰ সৃষ্টি হ’ল প্ৰেমৰ বাবে ট্ৰয় নগৰো ধ্বংস হ’ল ৷ ইতিহাসত বহু অমৰ প্ৰেম কথা আছে যি  জাউতি যুগিয়া , তাৰ ভিতৰত যংকি পানৈ , হীৰ ৰাঁঝা, ৰুমিয়’ জুলিয়েট ,ভেলেণ্টাইন আদিৰ প্ৰেম উল্লেখনীয় ৷ প্ৰেমৰ বাবে কত যে কাহিনি, গল্প, কবিতা , গীট নাট বোলছবি সৃষ্টি হ’ল ৷ প্ৰেমৰ বাবে যি দৰে সৃষ্টি হৈছে থিক তেনেকৈ বহুতৰ জীৱন নাশো হৈছে ৷ মুঠতে ক’ব পাৰি প্ৰেমে তাৰিবও পাৰে মাৰিবও পাৰে বুলি ৷

              প্ৰেম ভালপোৱাক বৈজ্ঞানীক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি বৈজ্ঞানীক সকলে মত পোষণ কৰিছে যে  মানুহৰ মাজত প্ৰেম ভালপোৱাৰ কাৰণ হ’ল অক্সিটচিন নামৰ এবিধ হৰমণ ৷ এই হৰমণে মানুহৰ সমন্ধক সু দৃঢ় কৰে ৷ আনকি ভালপোৱাৰ চকুৰ মিলনেও অস্কিটচিন সৃষ্টি কৰি মৰমৰ গভীৰতা বঢ়াই তুলিব পাৰে ৷ মাতৃৰ শিশুৰ প্ৰতি দিৰ্ঘদিনিয়া মৰমৰ বান্ধোনৰ কাৰণো এই অস্কিটচিন  জৈৱযৌগ যি প্ৰসৱৰ সময়ত সৃষ্টি হয় ৷ মানুহৰ পঞ্চ ইন্দ্ৰিয় এই হৰমণৰ দ্বাৰা বহুখিনি নিয়ন্ত্ৰিত হয়, মানুহৰ অনুভূতি সৃষ্টি কৰে ডপামাইনে যি শাৰীৰিক পৰিশ্ৰমৰ ফলত সৃষ্টি হয় ৷ টাইৰ’চিন নামৰ এমিন’ এচিডৰ পৰা ড’পামাইন সৃষ্টি হয় ৷ পুৰুষ মহিলাৰ ফেৰমন আৰু সুগন্ধি দ্ৰব্যই দেহত এণ্ডৰ্ফিন সৃষ্টি কৰে যিয়ে সুখৰ অনুভুতি প্ৰদান কৰে ৷ অস্কিটচিন,টেষ্টষ্টেৰণ,ভেচপ্ৰেচিন আদি হৰমণৰ বাবেই মৰম ভালপোৱা অটুত থাকে দিৰ্ঘদিনিয়া হয় ৷ এই হৰমণ বোৰৰ সু নিয়ন্ত্ৰণত থাকিলে মৰম ভালপোৱা থাকে, যদি ইয়াৰ তাৰতম্য ঘটে প্ৰেম ভালপোৱাত দূৰত্ব আহিব পাৰে ৷ গতিকে এই হৰমণ সমুহৰ মানে জৈৱযৌগ সমুহক সু নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় যিয়ে  আমাক স্বৰ্গীয় আনন্দ অনুভুতিক উপভোগ কৰাৰ আনন্দ দিয়ে ৷
         আপুনি কেতিয়াবা ভাবি চাইছে নে  মৰম ভালপোৱা নো কি ? কাৰবাৰ প্ৰতি হোৱা বিশেষ আকৰ্ষণে যেতিয়া কাৰবাৰ টোপনি হৰি নিয়ে, ভোক পিয়াহ নলগা হয়, এইখিনি কথা কবিতা, গল্প আদিত যিমান উল্লেখ আছে তাতকৈ অধিক বাস্তৱ জীৱনত দেখা যায় ৷ কবি গল্পকাৰ সাহিত্যিক সকলে এই মৰম ভালপোৱাৰ মিঠা অনুভৱক বিভিন্ন ৰহন হানি সময়ভেদে প্ৰকাশ কৰিলে কিন্তু এই সকলো বোৰৰ অৰ্থ এটাই কোনো এক ব্যক্তিৰ প্ৰতি এক বিশেষ আকৰ্ষণ, বিশেষ অনুভৱ যি সকলোতকৈ বেলেগ, যি সকলোতকৈ সুন্দৰ ৷ মৰম ভালপোৱা কি  তাক বৰ্ণনা কৰিব গৈ বহু লেখক সাহিত্যিক গল্পকাৰে বহু  সুন্দৰ সুন্দৰ গল্প উপন্যাস ৰচনা কৰি পেলালে তথাপিও মৰম ভালপোৱাৰ এই ৰহস্যময় ভাৱনাৰ বিষয়ে সঠিক কৈ জানিব নোৱাৰিলে ৷ এইবাৰ এই ৰহস্যময় ভাৱনাৰ বিষয়ে জানিবৰ বাবে বৈজ্ঞানিক সকলেও প্ৰচেষ্টা চলালে আৰু মানুহৰ দেহত ঘটা কিছু ৰাসয়নিক পক্ৰিয়াৰ বাবে এই মৰম ভালপোৱাৰ জন্ম হয় বুলি প্ৰকাশ কৰিলে ৷
  ২০১২ চনত এটা লেখা প্ৰকাশ পাইছিল য’ত প্ৰেম ভালপোৱাৰ সকলো মনোবৈজ্ঞানিক, সামাজিক আৰু ৰাসায়নিক কাৰণ সমুহৰ বিশ্লেষণ আগবঢ়াইছিল ৷ এই লেখাত প্ৰকাশ কৰা এক আচৰিত তথ্য আছিল যে কোনো ব্যক্তিয়ে কাৰোবাক   ভাল পাম  নাই এই কথা ঠিৰাং কৰিবলৈ মাত্ৰ ৯০ চেকেণ্ডৰ পৰা ৪ মিনিটৰ হে সময় লাগে ৷ এই লেখাৰ মতে কাৰবাৰ প্ৰতি প্ৰেম ভালপোৱা উপজাৰ ক্ষেত্ৰত এই তিনিটা কাৰকে গুৰুত্ব লাভ কৰে ৷
     ১/  কাৰবাৰ প্ৰতি কোনো ব্যক্তি আকৰ্ষিত হ’বলৈ ৫৫% নিৰ্ভৰ কৰে তেওঁৰ শাৰীৰিক ভাষাৰ ওপৰত৷ ব্যক্তি জনৰ ভাৱ ভংগীমাৰ মাজত এইটো চোৱাৰ চেষ্টা কৰে যে তেওঁৰ পৰা মৰম ভালপোৱা আশা কৰিব পাৰি নে নোৱাৰি ৷

২/ ৩৮% নিৰ্ভৰ কৰে মানুহজনৰ কথা প্ৰকাশ কৰাৰ ভংগীমাৰ ওপৰত ৷ ৩/ ৭% নিৰ্ভৰ কৰে মানুহ জনে কথা পাঁতোতে ব্যৱহাৰ কৰা শব্দৰাজিৰ ওপৰত ৷

    এনে কি ঘটনা ঘটে যে  কাৰবাৰ কাষলৈ গ’লেই আমাৰ কলিজাৰ ঢপঢপনি বাঢ়ি যায়, তেওঁৰ সাধাৰণ কথাকো সঙ্গীত যেন লাগে,তেখেতৰ সংস্পৰ্শই জীৱনক অৰ্থপূৰ্ণ যেন অনুভৱ কৰাই ৷ মৰম ভালপোৱা এক জটিল ভাৱ য’ত কাৰবাক আকৃষ্ট কৰে, নোপোৱাৰ বেদনাত চটফটাই ফুৰে, আনৰ লগত দেখিলে ঈৰ্ষা জন্মে, পোৱাৰ পাছতো অধিক আশা কৰে, আছলতে মৰম ভালপোৱা কেৱল হৃদয়ৰ অনুভূতি নহয় ই জীৱৰ শৰীৰৰ মগজু তথা হৰ্মণৰ  এক ক্ৰিয়াহে ৷
      অন্য এক গৱেষণাৰ তথ্যত প্ৰকাশ য়ে প্ৰেমত পৰাৰ তিনিটা স্তৰ আছে আৰু প্ৰতি স্তৰতে আমাৰ শৰীৰে বেলেগ বেলেগ হৰ্মণ নিকৰ্ষণ কৰে 

১/ বাসনা- মৰম ভালপোৱা প্ৰথম চাৱনিতে ওপজক বা লাহে লাহে ইয়াৰ বাবে প্ৰথম দায়ি বাসনা ৷ শাৰীৰিক আকৰ্ষণে মানুহৰ মনত প্ৰেমৰ সঞ্চাৰ কৰে আৰু সেয়ে এই সময়ত মানৱ শৰীৰত টেষ্ট’ষ্টেৰ’ণ আৰু এষ্ট্ৰ’জন নামৰ হৰ্মণ নিকৰ্ষণ হয় যি পুৰুষ আৰু মহিলাৰ উভয়ৰে শৰীৰত উৎপন্ন হয় ৷ এই হৰ্মণ সৃষ্টিয়ে শৰীৰৰ সুষ্ঠতা প্ৰমাণ কৰাৰ লগতে মন মগজু আৰু শৰীৰৰ অৱসাদো দূৰ কৰে ৷ বয়স বঢ়োৱাতো এই হৰ্মণে প্ৰভাৱ পেলায় ৷

২/ আকৰ্ষণ- মৰম ভালপোৱা নামৰ আবেগক অনুভৱ কৰাৰ এইয়াই আটাইতকৈ সুন্দৰ সময়, এই সময়তে নিজৰ জীৱনসংগীৰ প্ৰতি আকৰ্ষণ বাঢ়ে আপোনাৰ স্বভাৱ, আপোনাৰ খোৱা লোৱা, প্ৰকাশভংগী,আপোনাৰ জীৱনশৈলী আদিতো এই সময়ত পৰিবৰ্তন আহে ৷ যেতিয়া এক গৱেষণাৰ দলে এক নতুন প্ৰেমিক যুগলৰ মগজুৰ MRI কৰিছিল তেতিয়া এক আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছিল, এই প্ৰমিক যুগলৰ শৰীৰত আনন্দ আৰু শান্তিৰ অনুভৱ কৰাব পৰা হৰ্মণ ড’পামিনৰ স্তৰ সংঘাটিক ধৰণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল ৷ সেয়ে এই তথ্যৰ ওপৰত ভিত্তি কৰি এই আকৰ্ষণ স্তৰত তিনি প্ৰকাৰৰ হৰ্মণে এড্ৰেনেলিন,ড’পামিন আৰু ছেৰেট’নিনে ক্ৰিয়া কৰে ৷ এড্ৰেনেলিন- বৈজ্ঞানিক সকলে এই কথা স্বিকাৰ কৰে যে মৰম ভালপোৱাৰ আৰম্ভণিতে মানুহৰ কাম কৰাৰ শৈলীৰ লগতে অশান্ত অস্থিৰ মনক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো পৰিবৰ্তন আহে ৷ প্ৰেম ভালপোৱাৰ আৰম্ভণিতে প্ৰেমিক বা প্ৰেমিকাক কেৱল দেখা পাইয়ে যি দৰে কলিজাৰ ঢপঢপনি বৃদ্ধি পায়, শৰীৰত এক শিহৰণ জাগে, এক আনন্দৰ ভাৱ জাগে এই সকলো বোৰ এই এড্ৰেনেলিন হৰ্মণৰ বাবে হয় ৷ ড’পামিন- এই হৰ্মণে শৰীৰত উৎসাহ আৰু সুখৰ অনুভূতি কৰায় ৷ এই হৰ্মণৰ বাবেই ভুক নলগা,টোপনি নহা, কামত মন বহা তথা মুখত সকলো সময়তে এক হাঁহি বিৰিঙি থকা এইবোৰ ভাৱ প্ৰকাশ পায় ৷ ছেৰেট’নিন- প্ৰেমিক বা প্ৰেমিকাৰ ছবিক চকুৰ আগত লৈ আপোন পাহৰা হৈ থকা, কল্পনাৰ সাগৰত উটিভাঁহি থকা, আদি বোৰ এই ছেৰেট’নিন হৰ্মণৰ বাবে হয় ৷ মহিলাৰ তুলনাত পুৰুষ সকলৰ গাত এই ছেৰেট’নিন হৰ্মণ ৬৫% কম থাকে সেয়ে পুৰুষ সকলতকৈ মহিলা সকল নিজৰ প্ৰেমিকৰ বাবে বেছি ব্যাকুল হোৱা দেখা যায় ৷

৩/ ধাউতি বা ৰাপ - যেতিয়া এক প্ৰেমিক যুগলে ওপৰোক্ত দুয়োটা স্তৰ পাৰ কৰাৰ পাছত তেওঁলোকৰ মাজত ৰাপ বৃদ্ধি হয় ৷ তেওঁলোকৰ মাজত তেতিয়া সমন্ধই দৃঢ়তা পায় আৰু এক হোৱাৰ সংকল্পতা প্ৰকাশ কৰে এনে সময়তে তেওঁলোকৰ শৰীৰত দুটা হৰ্মণে ক্ৰিয়া কৰে অক্সিট’ছিন আৰু ৱেসোপ্ৰেচিন

অক্সিট’ছিন- এই হৰ্মণক কডল হৰ্মণ বুলিও কোৱা হয়, এই হৰ্মণ পুৰুষ মহিলা দুয়োৰে শৰীৰত সম্ভোগৰ সময়ত সৃষ্টি হয় আৰু এই হৰ্মণে প্ৰেমিক যুগলৰ মাজত প্ৰেমক অধিক সু দৃঢ় কৰে আৰু দুয়োৱে ইজনে সিজনৰ ওছৰত সুৰক্ষিত অনুভৱ কৰে ৷

ৱেসোপ্ৰেচিন- এক দীঘলীয়া সমন্ধ ৰক্ষা কৰাৰ ক্ষেত্ৰত এই হৰ্মণে অধিক ক্ৰিয়া কৰে ৷ সম্ভোগৰ পিছতে সৃষ্টি হোৱা এই হৰ্মণে প্ৰেমিক যুগলৰ মাজৰ মৰম ভালপোৱাৰ অনুভূতিক আৰু অধিক প্ৰবল কৰে ৷

     প্ৰেম, মৰম, ভালপোৱাৰ এই অনুভৱক আমি যি ধৰণে  সহজ সৰল ভাৱে লওঁ ই কিন্তু ইমান সহজ সৰল নহয় ৷ মৰম ভালপোৱা এক অতিশয় জটিল অনুভূতি যাক সহজে বুজিব নোৱাৰি ৷ বহু প্ৰকাৰৰ ৰাসায়ন,আমাৰ বহু পুৰনি অনুভৱ, আমাৰ আৱশ্যকতা আদি মিলি হে প্ৰেম কৰাৰ বাবে আমাক প্ৰস্তুত কৰে ৷
             পঙ্কজ বৰুৱা বুঢ়াগাওঁ


প্ৰবন্ধ--------

     চাহ খেতি আৰু অসমীয়া---------
        ১৮২৩ চনতে অসমৰ হাবিত চাহ গছ আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ পাছতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পেনী আৰু মনিৰাম দেৱানে অসমত চাহক ৰূপণ খেতিৰ ৰূপ দিয়ে৷  অসমত চাহৰ “আৱিষ্কাৰ“ ৰবাৰ্ট ব্ৰুচ, নামৰ এজন স্কট অভিযানকাৰীয়ে আকস্মিকভাৱে কৰিছিল বুলি কোৱা হয়৷ অসমৰ হাবি-বননিত ঘূৰি ফুৰোতে তেওঁ এই গছবিধ বন্য অৱস্থাত গজি থকা দেখিছিল৷ মণিৰাম দেৱানে তেওঁক এজন স্থানীয় চিংফৌ গাঁৱৰ মূখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল আৰু তাত তেওঁ স্থানীয় চিংফৌ লোকসকলক এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা দেখিছিল আৰু তেওঁ বিছা গামৰ পৰা সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল৷ ইয়াৰ কিছু দিনৰ পিছতেই তেওঁৰ মৃত্যু হোৱাত, তেওঁ এই গছৰ প্ৰকৃত শ্ৰেণীবিভাজন জানিবলৈ সক্ষম নহ’ল৷ ১৮৩০ চনত তেওঁৰ ভাতৃ চাৰ্লছে অসমৰ চাহৰ পাতক কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল৷ অৱশেষত তাতে এই উদ্ভিদক চাহ গছ, বা Camellia sinensisৰ এটা প্ৰকাৰ বুলি চিনাক্তকৰণ কৰা হৈছিল ৷ 
 ভাৰতৰ ভিতৰত প্ৰথম চাহ উদ্য়োগৰ বিকাশ অসমতে হৈছিল আৰু এই বিকাশ অতি ক্ষিপ্ৰ আছিল৷ ১৯০৪ চনলৈকে অসমত ৭৪৩খন চাহ বাগান স্থাপন হৈছিল৷ বৰ্তমান অসমত প্ৰায় ৮৬৫খন ডাঙৰ বাগিছা আৰু ১ লাখৰো অধিক ক্ষুদ্ৰ বাগিছা আছে৷ অসমৰ অধিকাংশ চাহবাগান, চাহ ফেক্টৰী ৰাজ্যখনৰ বাহিৰৰ উদ্যোগপতি আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ দ্বাৰা নিয়ন্ত্ৰিত৷ ৮০ ৰ দশকৰ পৰা অসমত অসমৰ অসমীয়াই প্ৰধানকৈ উজনি অসমত এই চাহ খেতি কৰিব লয় আৰু বহু নিবনুৱা যুৱকে আত্মনিযুক্তিৰ লাভ কৰে এই কৃষিৰ যোগে৷ কিন্তু এই কৃষক সকলে চাহ খেতি কৰি যি ধৰণে লাভান্বিত হ’ম বুলি ভাবিছিল সেইধৰণৰে কিন্তু লাভান্বিত হ’ব নোৱাৰিলে, কেঁচা চাহৰ উৎপাদন প্ৰচুৰ পৰামাণে হ’ল কিন্তু সেই অনুপাতে কোনোদিনে কেঁচা পাতৰ উচিট মূল্য নাপালে কৃষকে৷ এনে হোৱাৰ মুখ্য কাৰণ হ’ল----

১/ /চাহ উদ্যোগৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, আয় কৰ, উৎপাদন কৰ, বিক্ৰী কৰ আদিবোৰ ঠিকে লয় কিন্তু কেঁচাপাতৰ দামৰ ক্ষেত্ৰত কোনোদিনে পদক্ষেপ নলয়৷ ২/ কেঁচাপাতৰ বজাৰে হওক বা শুকান পাতৰ বজাৰখন সম্পূৰ্ণ অসমৰ বাহিৰৰ বণিকৰ হাতত৷ তেওঁলোকে কেঁচা পাতৰ যি দৰ দিয়ে তাকে লাভ কৰে অসমৰ কৃষকে৷ ৩/ যেতিয়াই কেঁচাপাতৰ উৎপাদন বাঢ়ে তেতিয়াই পাতৰ মূল্য নিম্নগামী হয় আনকি উৎপাদন খৰচেই বহন কৰিব নোৱাৰে সেই দামে৷ ৪/ জিলা প্ৰশাসনৰ নীৰৱ ভূমিকা, কেঁচা চাহৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত উপায়ুক্ত তথা জিলা প্ৰশাসনে উচিট ব্যৱস্থা ল’ব লাগে৷ প্ৰতি জিলাই প্ৰতি বছৰে ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ পৰা জিলা উপায়ুক্ত পুজিলৈ আগতে প্ৰতি কিল’ কেঁচা চাহৰ বাবদ ২৫ পইচাকৈ এতিয়া ১৫ পইচাকৈ পায় আৰু ইয়াৰ ফলত এক বোজন পৰিমাণৰ ৰাজহ সংগ্ৰহ হয়৷ তথাপিও জিলা প্ৰশাসন কেঁচা চাহৰ দৰ নিম্নগামী হোৱাৰ ক্ষেত্ৰত সদায় মৌন৷ জিলা প্ৰশাসন তথা বাহিৰা উদ্যোগপতি বণিক কলঘৰৰ মালিক সকলৰ মাজত কিবা গোপন বুজাবুজি আছে নি তাক লৈহে মোৰ সন্দেহ হয়৷ ৫/ বিগত দুই তিনি বছৰৰ শুকান চাহৰ বজাৰখন চালে দেখা যায় যে গড়ে প্ৰায় ২০০ টকাকৈ বিক্ৰী হৈছে অসমৰ চাহ৷ ১ কেজি শুকান চাহ বনাবলৈ কেঁচা চাহ লাগে ৫ কেজি আৰু শুকান চাহ প্ৰস্তুত কৰোঁতে প্ৰতি কেজিত চাহফেক্টৰীৰ খৰচ হয় ২০ ৰ পৰা ২৫ টকা৷ যদি প্ৰতি কেজি শুকান চাহত ২৫/৩০ টকাকৈও চাহফেক্টৰীক মুনাফা দিয়া হয় তথাপিও কলঘৰ বোৰে এক কেজি কেঁচা পাত ২৫/৩০ টকাত কিনিব পাৰে৷ কিন্তু

সিহঁতে ২৫/৩০ টকা বাদেই যেতিয়া কেঁচা চাহৰ উৎপাদন বাঢ়ে দাম ১০ টকাৰ তললৈ আহে৷ এই উদ্যোগ পতি সকলে অধিক লাভৰ আশাত অসমীয়া চাহ খেতিয়ক সকলক এক প্ৰকাৰে শোষণ কৰা নাইনে বাৰু৷ আমি অসমীয়া বোৰে কষ্ট কৰি মৰিছো এই পুজি পতি সকলে বামতে মুনাফা লুটিছে৷ 

৬/ চাহ খেতিয়ক সকল আৰু এক শ্ৰেণীৰ মধ্যভূগীৰ শোষণৰ বলী হৈ আহিছে এই সকলে বিলত জাকৈ নামাৰি খালৈত জাকৈ মাৰে৷ কেঁচা পাতৰ মূল্য যিয়ে নহওক কিয় তেওঁলোকৰ কমিচন নকমে যোনে যি ইচ্ছা সেই মতে লয় প্ৰতি কেজিত ২ টকা ৩ টকা ৪ টকা৷ কেঁচা পাতৰ দাম কমিলে লোকচান হয় কৃষকৰ কিন্তু এওঁলোকৰ লাভ হে হয় অধিক পাত সংগ্ৰহ কৰিব পাৰে কমিচন একেই থাকে যিহেতু৷ এই শ্ৰেণীৰ লোক সকলেও নোনোদিন কৃষকৰ পক্ষত কোৱা দেখা নাযায় সদায় উদ্যোগপতি, পুজিপতি সকলৰ পক্ষেহে মাত মাতে৷

৭/ বিগত দশকটোত ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ৰ দাম যি দৰে বাঢ়িছে লগতে শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিয়ে কেঁচাপাতৰ উৎপাদন ব্যয় বহু বৃদ্ধি কৰিছে ১৫/১৬ টকা কেজি কেঁচাপাতৰ দাম হ’লে উৎপাদন খৰচে নোলায়, কেনেকৈ চলিব কেনেকৈ পোহপাল দিব কৃষকে নিজৰ পৰিয়ালক৷ চুৰ, ডকাইত, হিংসা, উগ্ৰবাদ আদি বৃদ্ধি পাব যেতিয়া খেতিৰ দ্বাৰা পৰিয়াল পোঁহপাল দিব নোৱাৰা হ’ব৷ বেলেগ সংস্থাপনৰ পথটো নাইয়ে অসমত কি কৰিব এই সকল কৃষকে? ৮/ চাহ পাত টোকাৰ বাবদ খেতিয়কে শ্ৰমিকক দিব লাগে ৪ টকা, ১০০ লিটাৰ দৰৱ মাৰিবলৈ দিব লাগে ১২০ ৰ পৰা ১৫০ টকা, ১ বেগ সাঁৰ মাৰিবলে দিব লাগে ৫০/৬০ টকা, এজোপা গছ কলম দিবলৈ দিব লাগে ৩০ পইচাৰ পৰা ৩ টকালৈ কি কৰিব অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়কে সাঁৰ দৰৱৰ যিহে দাম সেইবোৰ আছেই৷ বহু ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহৰ উৎপাদন ব্যয় কমাবলৈ পাট টুকিবলৈ মেচিন, কাচি, কটাৰী ব্যৱহাৰ কৰিব লৈছে যিয়ে চাহৰ উৎপাদন কমোৱাৰ লগতে চাহৰ গুনাগুণো হ্ৰাস কৰিছে, ইয়াৰ ফলত অসমৰ চাহৰ চাহিদা বিশ্বত হ্ৰাস হ’ব এনে হ’লে অসমৰ চাহ উদ্যোগ মৃত্যুৰ দিশে গতি কৰিব৷

৯/ অসমত নিজক জাতীয় দল সংগঠন বুলি পৰিচয় দিব খুজা সংগঠন বোৰেও অসমীয়া ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ হৈ কোনোদিন বিশেষ কিবা মাত মতা দেখা নাই৷ আনকি গনতন্ত্ৰৰ চতূৰ্থ ষ্টম্ভ বুলি কোৱা সংবাদ মাধ্যমো এই ক্ষেত্ৰত সদায় নীৰৱ ভূমিকা পালন কৰিছে৷ অসমত সুষ্ঠ সবল সাংবাদিকতা কৰা ব্যক্তি আছে নাই সন্দেহ হয়৷ অসমীয়াৰ দুখ কষ্ট অসুবিধা সমূহ দেশীয় স্তৰত বা বিশ্বস্তৰত প্ৰকাশ কৰাত অসমৰ সংবাদ মাধ্যম একেবাৰে ব্যৰ্থ৷ সৰু সৰু ঘটনা বোৰক লৈহে সাংবাদিক সকল সদায় ব্যস্ত৷ ব্যক্তিগত স্বাৰ্থজড়িত বিষয় বোৰত কৈ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় বোৰ উত্থাপন কৰাৰ ক্ষেত্ৰত দল সংগঠন তথা সংবাদ মাধ্যম সমূহে গুৰুত্ব আৰোপ কৰক তেহে সকলোৰে উন্নতি তথা কল্যাণ হ’ব৷

১০/ অসমত যেতিয়া অসমীয়াই চাহ খেতি কৰিব ল’লে তাৰ কিছুবছৰৰ পাছতে গোলাঘাট জিলাত প্ৰথম অসম ক্ষুদ্ৰচাহখেতিয়ক সন্থা নামে এটি সংগঠনৰ জন্ম হৈছিল৷ এই সংগঠন বৰ্তমান জীৱিত নে মৃত জনা নাযায়৷ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অভাৱ অভিযোগ সমূহ চৰকাৰক অৱগত কৰি তাৰ সমাধানৰ পথ উলিওৱাৰ উদ্দেশ্য আগত ৰাখি এই সংগঠন খুলা হৈছিল৷ আজিৰ সময়ত চাহফেক্টৰীৰ মালিক সমূহৰ মন মৈতালি, তথা শোষণ ৰ বিৰুদ্ধে এই সংগথনে কিবানহয় কিবা পদক্ষেপ ল’ব লাগিছিল কিন্তু তেনে কৰা চকুত নপৰে৷

 এই সকলো বোৰ দিশ চালে অনুভৱ হয় আজিৰ সময়ত অসমৰ ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ পক্ষত থিয় দিয়া কোনো নাই৷ অসমৰ চাহ কৃষক সকলে চাহ খেতি কৰিছে কেৱল বাহিৰা পুজিপতি, উদ্যোগপতি, ব্যৱসায় প্ৰতিষ্ঠান বোৰৰ বেংক বেলেঞ্চ বঢ়াবলৈ, চৰকাৰৰ ৰাজকোষ বৃদ্ধি কৰিবলৈ, সাৰ দৰৱৰ কম্পেনী কেইটাক চহকী কৰিবলৈ, মধ্যভুগী সকলক আৰ্থিক ভাৱে টনকিয়াল কৰিবলৈ৷ অসমীয়া কৃষক দাল দৰিদ্ৰ আছিল আৰু সদায় দাল দৰিদ্ৰই হৈ থাকিব এই অৱস্থাৰ পৰিবৰ্তন কোনোদিনে নহয় আৰু ৷


Emergency বা জৰুৰীকালীন অৱস্থা ২৫ জুন ১৯৭৫-----------


ভাৰতীয় গনতন্ত্ৰৰ ইতিহাসত ২৫ জুন ১৯৭৫ ৰ দিনটো হ’ল এক ক’লা দিন৷ এই দিনাখনে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজৰ ক্ষমতাৰ লোভৰ বাবে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি জনসাধাৰণক পন বন্দী কৰিছিল প্ৰায় ২১ মাহৰ বাবে৷ 
যদিও ২৫ জুন ১৯৭৫ত দেশত Emergency ঘোষণা কৰা হৈছিল কিন্তু ইয়াৰ পটভূমি ১৩ দিনৰ আগতে ১২ জুনৰ দিনাই প্ৰস্তুত কৰা হৈছিল৷ 
ইন্দিৰা গান্ধীৰ ৰায়বৰেলী সংসদীয় ক্ষেত্ৰৰ তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্ব্বী ৰাজানাৰায়ণে নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে চৰকাৰী সা সামগ্ৰী বোৰৰৰ অপব্যৱহাৰ কৰিছিল বুলি ন্যায়ালয়ত এক গোচৰ দিছিল৷ ১২ জুন ১৯৭৫ চনত উচ্চন্যায়ালয়ৰ বিছাৰক জগমোহন লাল সিন্থাৰ বিছাৰপিঠত ইন্দিৰা গান্ধীৰ ওপৰত দিয়া উক্ত গোচৰ সত্য প্ৰমাণিত হয় আৰু নিৰ্বাচন অবৈধ, প্ৰধানমন্ত্ৰী পদ ত্যাগ আৰু ৬ বছৰৰ বাবে নিৰ্বাচন খেলাৰ অযোগ্য ঘোষণা কৰে৷ এই ঘোষণাৰ ১৩ দিনৰ পাছতে দেশৰ জনতাৰ ওপৰত Emergency জাপি দিয়া হয়৷ 
ইন্দিৰা গান্ধীয়ে ঘোষণা কৰিলে “ ভাইয়’ ঔৰ বেহন’ দেশ মে ৰাষ্ট্ৰপতি নে আপাত কাল কী ঘোষণা কী হে, ইচছে আতংকিত হ’নে কি কঈ বাত নহী হেঁ৷ “ মানে, হে ভাই ভনী সকল দেশত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছে, ইয়াৰ বাবে ভয়কৰাৰ কোনো কাৰণ নাই৷ “
২৫ জুন ১৯৭৫ ৰ ৰাতি লৈকে সমগ্ৰ দেশত আভ্যন্তৰীণ Emergency বলবৎ কৰা হৈছিল আৰু সকলো বিপক্ষ নেতাক আতক কৰা হৈছিল, জয়প্ৰকাশ নাৰায়ণ, অটলবিহাৰী বাজপায়, লালকৃষ্ণ আডৱানী, ম’ৰাজিদেশাই আদি কৰি সকলোকে৷ যিয়ে ইন্দিৰা গান্ধীৰ বিপক্ষে মাত মাতিছিল তেওঁকে আটক কৰা হৈছিল৷ 
 সেই সময়ত ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধী যথেষ্ট সক্ৰিয় হৈ কাম কৰিছিল, সেই সময়ত তেওঁ পৰিয়াল পৰিকল্পনা, অতিক্ৰমণ আঁতৰাই নগৰ চহৰ সমূহক ধুনীয়া কৰা, যৌতুক প্ৰথা আঁতৰ কৰা আদিৰ দৰে কামবোৰ বিপক্ষ আৰু সংবাদ মাধ্যমৰ উপস্থিতিৰ অবিহনে কৰি ল’ব বিছাৰিছিল৷ সেই সময়তে পুৰণি দিল্লীত এগৰাকী সুন্দৰ নাৰীয়ে বলপূৰ্বক ভাবে মানুহক বন্ধ্যাকৰণ কৰাৰ ক্ষেত্ৰত সঞ্জয় গান্ধীক সহায় কৰিছিল৷ তেওঁৰ নাম আছিল ৰুখছানা৷  এই ৰুখছানা ভাৰতীয় হিন্দী বোলছবি জগতৰ এগৰাকী নায়িকা অমৃতা সিং ৰ মাতৃ আছিল৷ ৰুখছানাক Emergency ৰ চিফ গ্লেমাৰ গাৰ্ল বুলিও কোৱা হয়৷ 
অটল বিহাৰী বাজপায় সেই সময়ত কাৰাগাৰত আছিল, যেতিয়া তেওঁ এই খবৰ পাইছিল যে কংগ্ৰেছৰ নেতা সকলে দেশত “ইন্দিৰা ইজ ইণ্ডিয়া“ এই শ্ল’গান দিছিল আৰু খঙতে তেওঁ এটা কবিতা লিখি পেলাইছিল আৰু কংগ্ৰেছৰ সভাপতিক তেওঁ এই কবিতাত  “ চমচ’ কে সৰতাজ“ বুুলি উল্লেখ কৰিছিল৷ 

অটল বিহাৰী বাজপায় যি দিনা কাৰাগাৰৰ পৰা মুক্ত হৈ আহিছিল সেই দিনাই বিৰুধীয়ে ৰামলীলা পথাৰত এক বৃহৎ গনসভা আয়োজন কৰিছিল, ঠাণ্ডাৰ দিন আছিল যদিও বাজপায়ীৰ ভাষণ শুনিবলৈকে সকলো লোক বহি আছিল৷

Emergency ৰ সময়ত জনপ্ৰিয় গায়ক কিশোৰ কুমাৰৰ গীত সমূহকো দূৰদৰ্শন তথা আনাতাৰঁত প্ৰসাৰ কৰাত বাধা দিয়া হৈছিল ইয়াৰ কাৰণ আছিল সেই সময়ৰ প্ৰসাৰণ মন্ত্ৰী বিদ্যাচৰণ শুক্লই কিশোৰ কুমাৰক ইন্দিৰা গান্ধীৰ বাবে গীত গাব কৈছিল কিন্তু তেওঁ মানা কৰি দিছিল ইয়াৰ বাবেই তেওঁৰ গীত সমূহক প্ৰায় তিনিবছৰলৈ দূৰদৰ্শন আৰু আনাতাৰঁত বজোৱা নিষিদ্ধ কৰি ৰখা হৈছিল৷

Emergency ৰ সময়ত ইন্দিৰা গান্ধীৰ চৰকাৰক বিৰুধ কৰা সকলক দমনকাৰী আইন মিচা আৰু DIR ৰ সহায়ত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল৷ সেই সময়ত এই আইনৰ দ্বাৰা ১ লাখ ১১

হাজাৰ মানুহক আটক কৰা হৈছিল৷

Emergency ৰ সময়ত কেৱল সাধাৰণ জনতাৰ মাতকে কেৱল দমন কৰা হৈছিল এনে নহয় সংবাদমাধ্যম, লেখক, অভিনেতা, গায়ক গায়িকা সকলোৰে মাতক বন্ধ কৰি দিয়া হৈছিল ধাৰা ৩৫২ ৰ দ্বাৰা৷ এই আইনে চৰকাৰক অসীম ক্ষমতা প্ৰদান কৰে আৰু ইচ্ছা অনুসৰি যিমান দিন মন যায় সিমান দিনলৈ শাসনত থাকিব পাৰে৷

লেখক সাংবাদিক, গায়ক গায়িকা সকলৰ দ্বাৰা ইন্দিৰা গান্ধীৰ চৰকাৰৰ প্ৰশংসা কৰিবৰ বাবেই ইন্দ্ৰ কুমাৰ গুজৰালক আঁতৰাই বিদ্যাচৰণ শুক্লক প্ৰসাৰণ মন্ত্ৰী নিয়োগ কৰা হৈছিল৷ 
আজিৰ স্বাধীন ভাৰতৰ যুৱসমাজে নিজৰ চিন্তাধাৰাক মুকলি ভাৱে প্ৰকাশ কৰে, আজিৰ প্ৰজন্মই সেই কথা কল্পনাই কৰিব নোৱাৰে আছলতে সেই সকলেহে জানে যি সকলে ৪৩ বছৰৰ আগৰ সেই Emergency অৱস্থাক পাইছিল৷ আজিৰ যুৱ প্ৰজন্মই ভাৱকচুন যদি আপুনি কোনো কথা ফেচবুক WhatsApp ত প’ষ্ট কৰাৰ আগত চৰকাৰলৈ প্ৰেৰণ কৰিব লগা হয় যদি চৰকাৰে নীৰূপণ কৰে আপুনি কি দিব, আনাতাৰঁত, দূৰদৰ্শন, বাতৰি কাকতত তাক হে দিব যি চৰকাৰে বিছাৰিব, অৰ্থাৎ যদি আপোনাৰ লেখা, শুনা, চোৱা আদিত চৰকাৰৰ হস্তক্ষেপ থাকে তেন্তে কেনে হ’ব যদি দেশত জৰুৰীকালীন অৱস্থা বলবৎ হয় তেন্তে এনে পৰিস্থিতিৰে জন্ম হয় আৰু এই অৱস্থা দেখিছে সেই সকলে যি ২৫ জুন ১৯৭৫ ৰ আগত জন্মিছে৷ আজিৰ পৰা ৪৩ বছৰৰ আগতে ইন্দিৰা গান্ধীৰ চৰকাৰে দেশত এনেকৈয়ে অত্যাচাৰী দমন মূলক ভাৱে স্বেচ্ছাচাৰী শাসন চলাইছিল৷ মনত প্ৰশ্ন উদয় হয় এনে কি পৰিস্থিতি হৈছিল যে দেশত Emergency লগাব লগা হৈছিল?  স্বাধীন ভাৰতৰ ইতিহাসত এই Emergency সদায় এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব৷ 

সেই সময়ৰ পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ সময়ত কংগ্ৰেছ দলেও স্বীকাৰ কৰে যে Emergency বা জৰুৰীকালীন অৱস্থা দেশত প্ৰয়োগ কৰাটো এক ভুল আছিল যদিও সেই সময়ত এক বিদ্ৰুহৰ বাতাবৰণ আছিল বুলি ক’বলৈ কিন্তু নাপাহৰে৷ সঁচাই দেশত সেই সময়ত বিদ্ৰুহৰ জন্ম হৈছিল নে? আছলতে সেই সময়ত চৰকাৰৰ কিছুমান ভুল নীতিৰ বাবে মূল্যবৃদ্ধিৰ হাৰ ২০% লৈকে বাঢ়ি গৈছিল৷ গুজৰাট আৰু বিহাৰৰ ছাত্ৰ আন্দোলনেে জনতাক ৰাজপথলৈ লৈ আহিছিল, এই আন্দোলনৰ নেতৃত্ব দিছিল এজন ৭০ বছৰীয়া বৃদ্ধই যি ইন্দিৰা গান্ধী চৰকাৰৰ ভুলনীতিৰ বিৰুদ্ধে সম্পূৰ্ণ ক্ৰান্তিৰ শ্ল’গান দিছিল৷ 
ৰামলীলা পথাৰৰ সমদলে কঁপাই টুলিছিল ইন্দিৰা চৰকাৰক
যি দিনা ৰাতি ইন্দিৰা গান্ধীয়ে দেশত Emergency ঘোষণা কৰিছিল সেইদিনাই মানে ২৫ জুন ১৯৭৫ৰ দিনা দিল্লীৰ ৰামলীলা পথাৰত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত এক বিশাল সমদল ওলিওৱা হৈছিল, আৰু ইয়াতে জয়প্ৰকাশ নাৰায়ণে তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰক ওফৰাই পেলাবৰ বাবে হুংকাৰ দিছিল৷ এই সমদলত বিপক্ষৰ সকলো প্ৰধান নেতা একত্ৰিত হৈছিল আৰু সকলো সমদল কাৰীৰ মুখত ৰাষ্ট্ৰকবি দিনকৰৰ এক কবিতাৰ এটি বিখ্যাত লাইন “সিংহাসন খালি কৰক জনতা আহি আছে“ মুখে মুখে গুঞ্জিত হৈছিল আৰু শ্ল’গানৰ ৰূপ লৈছিল৷ 
ইন্দিৰা গান্ধীয়ে আছলতে ১৯৭৫ চনৰ ১২ জুন তাৰিখে এলাহবাদ উচ্চ ন্যায়ালয়ৰ সেই ৰায়দানক লৈ ভীতিগ্ৰস্ত হৈ আছিল যি তেওঁৰ ৰায়বেৰেলীৰ নিৰ্বাচন ৬ বছৰৰ বাবে নিৰ্বাচন খেলাৰ অযোগ্য বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰী পদ ত্যাগৰ আদেশ দিছিল৷ এই আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও কিন্তু কোনো সকাহ পোৱা নাছিল৷  সেই সময়ত পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰে ৰ পৰামৰ্শমতে সংবিধানৰ ধাৰা ৩৫২ ৰ মতে দেশত Emergency লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ 
 জ্যেষ্ঠ কংগ্ৰেছী নেতা আৰু ইন্দিৰা গান্ধীৰ সহায়ক আৰ কে ধৱনে কয় যে “ যদি দেশত Emergency লগোৱাৰ বাবে কোনো এক নিৰ্দিষ্ট ব্যক্তিক দোষাৰোপ কৰা হয় তেন্তে সেই ব্যক্তি বা সেই মানুহজন হ’ব সিদ্ধাৰ্থ শংকৰ ৰে, Emergency লগোৱাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আটাইতকৈ বেছি আছিল৷ 

২৬ জুন ১৯৭৫ ৰ ৰাতিপুৱা যেতিয়া ইন্দিৰা গান্ধীয়ে আনাতাৰঁ যোগে দেশ বাসীৰ আগত Emergency লগোৱাৰ কথা কয় যে দেশত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ইয়াক লৈ জনসাধাৰণৰ চিন্তা বা ভয় কৰাৰ কোনো কাৰণ নাই৷ ইন্দিৰা গান্ধীৰ এই আহ্বানৰ বিপৰীতে সত্য কিন্তুু বেলেগ হে আছিল৷ আগদিনাৰ ৰাতিৰ পৰাই হিংসা, আটক কৰা আদিৰে এক ভয় আশংকাৰ প্ৰতিছবি হে দেখা পোৱা গৈছিল৷ ২৫ জুনৰ দিনা ৰামলীলা খেলপথাৰত হোৱা বিশাল জনসমাবেশ আৰু সমদলৰ বাতৰি যাতে সমগ্ৰ ভাৰতত বিয়পিব নোৱাৰে তাৰ বাবে দিল্লীৰ বাহাদুৰ শ্বাহ জফৰ পথত থকা বাতৰি কাকতৰ ছপাখানা আৰু কাৰ্যালয়ৰ বিজুলী যোগান আগদিনা ৰাতিয়ে কৰ্তন কৰা হৈছিল৷ সেইদিনা ৰাতিয়ে ইন্দিৰা গান্ধীৰ বিশেষ সহায়ক আৰ কে ধৱনৰ কোঠাত বহি সঞ্জয় গান্ধী আৰু ওম মেহতাই সেই সকল লোকৰ তালিকা প্ৰস্তুত কৰিছিল যাক আটক কৰিব লগা আছিল৷ এই তালিকা প্ৰস্তুত কৰোঁতে বাৰে বাৰে ইন্দিৰা গান্ধীৰ লগত পৰামৰ্শ কৰা হৈছিল আৰু ২৬ জুনৰ পুৱা যেতিয়ালৈকে ইন্দিৰা গান্ধী শুবলৈ গৈছিল তেতিয়ালৈকে জয়প্ৰকাশ নাৰায়ণ, ম’ৰাজিদেশাই আদিৰ দৰে নেতাক আটক কৰা হৈছিল৷ এইয়া কেৱল আৰম্ভণি হে হৈছিল অত্যাচাৰৰ যিয়ে ২৫ মাহ ধৰি দেশক কঁপাই তোলে জনসাধাৰণক পন বন্দী কৰি স্বেচ্ছাচাৰী শাসনৰ যোগেদি৷

Emergency বা জৰুৰীকালিন অৱস্থা মানেই হ’ল চৰকাৰৰ অসীম ক্ষমতা-------
 Emergency এনে এক সময় আছিল য’ত কাৰ্যপালিকাই জনগনৰ সাধাৰণ বিক্ষোভক কঠোৰ হাতেৰে দমন কৰাৰ এক নিৰংকুশ চেষ্টা আছিল যাক ধাৰা ৩৫২ ৰ দ্বাৰা চৰকাৰক অসীম ক্ষমতাৰ অধিকাৰী কৰিছিল৷ 
ইন্দিৰা গান্ধীয়ে যেতিয়া লৈ ইচ্ছাকৰে তেতিয়ালৈকে শাসনত অধিষ্ঠিত থাকিব পাৰিব৷ 
লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন প্ৰয়োজন নাছিল৷ 

ইলেক্ট্ৰনিক সংবাদ মাধ্যম আৰু কাকত সংবাদ মাধ্যম স্বাধীন নাছিল৷ চৰকাৰে যি কোনো আইন প্ৰস্তুত আৰু দেশত প্ৰয়োগ কৰাৰ ক্ষমতা আছিল৷ ন্যায়পালিকা ক্ষমতাহীন হৈ পৰিছিল৷

  সকলো বিপক্ষৰ নেতাক আটক, মিচা আৰু DIR আইনৰ কো প্ৰভাৱ----- 
  চৰকাৰৰ বিৰুদ্ধাচাৰণ কৰা সকলক মিচা আৰু DRI আইনৰ দ্বাৰা আটক কৰা হৈছিল৷ সেই সময়তে জয়প্ৰকাশ নাৰয়ণৰ কাৰাগাৰত থকা অৱস্থাতে তেওঁৰ বৃক্ক বেয়া হৈ গৈছিল, কৰ্ণাটকৰ বিখ্যাত অভিনেত্ৰী স্নেহলতা ৰেড্ডীৰ বেমাৰ হৈ কাৰাগাৰৰ পৰা ওলাই আহে আৰু পিছত তেওঁৰ মৃত্যু ঘটে৷ Emergency ৰ সময়ৰ কাৰাগাৰত এনে বহু দূৰ্ভাগ্যজনক অত্যাচাৰৰ ঘটনা হোৱাৰ কথা শুনিব পোৱা যায় যিবোৰ অতিশয় হৃদয় বিদাৰক৷ 
 দেশৰ সকলো বিপক্ষৰ নেতাক আটক কৰি কাৰাগাৰত ৰখা হৈছিল এক প্ৰকাৰে ক’ব পাৰি সেই সময়ত কাৰাগাৰ সমূহ ৰাজনীতিৰ এক পাঠশালালৈ পৰিবৰ্তন হৈছিল৷ দেশৰ মহান ৰাজনৈতিক নেতা সকলৰ লগতে যুৱনেতা সকলো এই কাৰাগাৰতে একেলগে আছিল আৰু ৰাজনীতিৰ বহু কথা তেওঁলোকৰ পৰা শিকিব বুজিব পাৰিছিল৷ লালু, নিতীশ, সুশীল মোদী আদিৰ দৰে বিহাৰৰ নেতা সকলে কাৰাগাৰৰ এই পাঠশালাতে ৰাজনীতি জীৱনৰ আদিপাঠ শিকিছিল৷ 
এফালে মানে কাৰাগাৰত দেশৰ যুৱচামে ৰাজনীতিৰ আদি পাঠ শিকিছিল আনফালে ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীয়ে তেওঁৰ বন্ধু বঞ্চিলাল, বিদ্যাচৰণ শুক্ল আৰু ঔম মেহতাৰ সৈতে মিলি দেশত শাসন নিয়ন্ত্ৰণ কৰিছিল৷ বিদ্যাচৰণ শুক্লক নতুন প্ৰসাৰণ মন্ত্ৰী বনোৱা হৈছিল যাতে তেওঁ দেশৰ সংবাদমাধ্যমক চৰকাৰৰ মতৰ বিৰুদ্ধে কোনো কথাই লিখিব নোৱাৰে যিয়ে ইয়াৰ আপত্তি কৰিছিল তেওঁৰ বাবে কাৰাগাৰৰ দৰ্জা খোলি থোৱা হৈছিল৷ 
কেৱল সংবাদ মাধ্যমেই নহয় ন্যায়পালিকাও ভীতিগ্ৰস্ত হৈ পৰিছিল, আছলতে জৱলপুৰৰ ADM য়ে নিজৰ আদেশত কৈছিল যে জৰুৰীকালীন অৱস্থাত দেশৰ সংবিধানৰ ধাৰা ১৯ ৰ মতে স্বাধীনতা আৰু নাগৰিকৰ সকলো অধিকাৰ শেষ হৈ যায়৷  আনকি সেই সময়ত কোনো নিৰ্দূষী লোকৰ ওপৰত গুলীচালনা কৰিলেও ইয়াৰ কোনো গোচৰ আইন আদালতৰ কাষ চাপিবও নোৱাৰে কোনো দণ্ডও দিব নোৱাৰে কিয়নো ধাৰা ২১ ৰ মতে জনসাধাৰণৰ জীয়াই থকাৰ অধিকাৰো নোহোৱা হৈ পৰে৷ মুঠতে ক’ব পাৰি জৰুৰীকালীন অৱস্থা আৰু এক নৰকত বাস কৰা একেই কথা৷ 
 এহাতে হিংসা অত্যাচাৰ আনফালে সঞ্জয় গান্ধীয়ে দেশক আগবঢ়াই নিয়াৰ নামত পঞ্চনীতিৰ ওপৰত কাম কৰা য’ত আছিল

বয়সীয়াল সকলক শিক্ষা দিয়াা, যৌতুক নিয়ম বন্ধ কৰা, গছপুলি ৰুৱা, পৰিয়াল পৰিকল্পনা, জাতিপ্ৰথা নাশ কৰা৷

  নগৰ চহৰ সমূহৰ সৌন্দৰ্য বৃদ্ধিৰ নামত সঞ্জয় গান্ধীয়ে একে দিনাই দিল্লীৰ তুৰ্কমান গেটৰ জুপুৰি বোৰ খালি কৰি পেলাইছিল, পঞ্চনীতিৰ ভিতৰত পৰিয়াল পৰিকল্পনাৰ ওপৰত অধিক গুৰুত্ব দিছিল আৰু বলপূৰ্বক ভাৱে মানুহৰ বন্ধ্যা কৰণ কৰা হৈছিল৷ প্ৰায় ৮৩ লাখ মানুহৰ সেই সময়ত বলবস্তী বন্ধ্যাকৰণ কৰা হৈছিল, আনকি আৰক্ষীয়ে গাঁৱৰ পৰা মানুহ ধৰি ধৰি নিও আনকি ৭০/৮০ বছৰীয়া বৃদ্ধৰো বন্ধ্যাকৰণ কৰি দিয়া হৈছিল৷ 
 দেশত Emergency কিয় লগোৱা হৈছিল জয়প্ৰকাশ নাৰায়ণে সেনা আৰক্ষীকো চৰকাৰৰ আদেশ নামানিব কোৱাক লৈ, দেশত বিদ্ৰোহ হ’ব বুলি, মুঠেই নহয়৷ Emergency ৰ বহু বছৰৰ পাছত এক সাক্ষাৎকাৰত ইন্দিৰা গান্ধীয়ে কৈছিল যে তেওঁ অনুুভৱ কৰিছিল দেশক এক চক ট্ৰিটমেণ্টৰ আৱশ্যকতা আছে, আৰু এই চক ট্ৰিটমেণ্টৰ পৰিকল্পনা ২৫ জুনৰ বিশাল সমদলৰ ছয় মাহৰ আগতে তৈয়াৰ কৰা হৈছিল৷ ৮ জানুৱাৰী ১৯৭৫ চনত সিদ্ধাৰ্থ শংকৰ ৰে য়ে এখন চিঠিৰ জৰিয়তে জৰুৰীকালীন অৱস্থাৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰেৰণ কৰিছিল৷ এই চিঠিৰ মতে সেই পৰিকল্পনা তেতিয়াৰ তৎকালীন আইন মন্ত্ৰী এচ আৰ গ’খলে, কংগ্ৰেছৰ সভাপতি দেৱকান্ত বৰুৱা, ব’ম্বে কংগ্ৰেছৰ সভাপতি ৰজনী পাটেল আৰু তেওঁৰ মাজত হোৱা আলোচনাত এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল৷ 
ইন্দিৰা গান্ধীয়ে যি চক ট্ৰিটমেণ্টৰ জৰিয়তে বিপক্ষক শান্ত কৰিব খুজিছিল এই চক ট্ৰিটমেণ্টে দেশৰ নাগৰিকৰ মাজত ভয় শংকাৰ জন্ম দিলে৷ সুশীল মুদীৰ মতে জীৱনৰ ডেকা কালৰ এক সিংহ ভাগ তেওঁ কাৰাগাৰত কটাব লগা হ’ল এই Emergency ৰ বাবেই৷ সুৰেন্দ্ৰ কিশোৰৰ মতে সেই সময় চৰকাৰী বিষয়ববীয়া আৰক্ষী স্বেচ্ছাচাৰ হৈ পৰিছিল, আৰক্ষীয়ে যি ইচ্ছা তাকে কৰিব পাৰিছিল কোনো বাধা নাছিল৷ ৰাজনৈতিক কাৰ্যকলাপ সম্পূৰ্ণ বন্ধ আছিল, কোনো সমদল আদি ওলিয়াব নোৱাৰিছিল, জনসাধাৰণৰ সকলো অধিকাৰ খৰ্ব হৈছিল কেৱল স্বেচ্ছাচাৰী শাসন চলিছিল৷ 
  বিৰুধ প্ৰদৰ্শনৰ প্ৰশ্নই নাছিল, কাৰণ জনতাক সজাগ কৰিব পৰা সকলো লেখক, সাহিত্যিক, আনকি বোলছবি জগতৰ অভিনেতা অভিনেত্ৰী, গায়ক গায়িকা সকলকো এৰা নাছিল, কোৱা হয় বোলে সংবাদ মাধ্যম, কবি লেখক আৰু অভিনয় কৰোঁতা তথা গায়ক গায়িকা সকলৰ মুখ বন্ধ কৰাই নহয় চৰকাৰৰ সপক্ষে চৰকাৰৰ গুনানুকীৰ্তন কৰোৱাবলৈকে বিদ্যাচৰণ শুল্কক প্ৰসাৰণ মন্ত্ৰীৰ পদ দিয়া হৈছিল৷ তেওঁ বোলছবি নিৰ্মাতা সকলক চৰকাৰৰ প্ৰশংসা কৰি গীত মাত কাহিনী লিখিবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু বহুতে এই কথা মানিবলৈ বাধ্য হৈছিল কিন্তু কিশোৰ কুমাৰে এই কথা মানি নলৈছিল যাৰ বাবে তেওঁৰ গীত দূৰদৰ্শন আৰু আনাতাৰঁত তিনিবছৰলৈ প্ৰসাৰণ বন্ধ কৰি ৰখা হৈছিল আনকি তেওঁৰ ঘৰত আয়কৰ বিভাগে তেওঁৰ নথি পত্ৰৰ তন্ন তন্নকৈ পৰীক্ষাও কৰিছিল কিযানি আয়তকৈ অধিক সম্পত্তি আছে নি বুলি৷ অমৃত নাহটাৰ বোলছবি “কিচ্ছা কুৰ্চি কা“ চৰকাৰ বিৰুদ্ধী বুলি ইয়াৰ সকলো প্ৰিণ্ট জ্বলাই দিয়া হৈছিল৷ গুলজাৰৰ আন্ধি বোলছবিৰ ওপৰতো বাধা আৰোপ কৰা হৈছিল৷ 
আৰ কে ধৱনৰ মতে “সঞ্জয় গান্ধী সক্ৰিয় ৰাজনীতিলৈ আহি পঞ্চনীতিৰ ভিতৰত পৰিয়াল পৰিকল্পনাত অধিক গুৰুত্ব দি বলপূৰ্বক ভাৱে যেতিয়া বন্ধ্যাকৰণ কৰোৱাত লাগিল তেতিয়াই ইন্দিৰাৰ অনুভৱ হ’ল যে ক্ষমতাৰ অসৎ ব্যৱহাৰ হৈছে আৰু দেশৰ পৰা জৰুৰীকালীন অৱস্থা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ “
কুলদীপ নায়াৰে কয় যে “সঞ্জয় গান্ধীয়ে তেওঁক কৈছিল তেওঁ ৩৫ বছৰলৈকে দেশত Emergency মানে জৰুৰীকালীন অৱস্থা অব্যাহত ৰাখিব বিছাৰিছিল কিন্তু মায়ে নিৰ্বাচন পাতি দিলে৷ “
  এবাৰ ইন্দিৰা গান্ধীয়ে কৈছিল জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ পাছত চৰকাৰক বিৰুধ কৰি আনকি কুুকুৰেও ভুকিব এৰি দিছিল, কিন্তু ১৯ মাহৰ পিছতে তেওঁ কৰা ভুল আৰু জনসাধাৰণৰ মনত সৃষ্টি হোৱা খং আৰু ক্ষোভক অনুভৱ কৰিছিল সেয়ে ১৮ জানুৱাৰী ১৯৭৭ চনৰ দিনা হঠাৎ মাৰ্চ মাহত লোকসভা নিৰ্বাচন পতাৰ কথা ঘোষণা কৰে, ১৬ মাৰ্চত হোৱা লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধীয়ে শোচনীয় ভাৱে পৰাজয় বৰণ কৰে আৰু ২১ মাৰ্চৰ দিনা দেশৰ পৰা Emergency মানে জৰুৰীকালীন অৱস্থাৰ অন্তপৰে যদিও চিৰকাললৈ বিশ্বৰ বৃহত্তম গনতান্ত্ৰীক দেশখনৰ ইতিহাসৰ পাতত এক ক’লাযুগৰ অধ্যায় লিপিৱদ্ধ কৰি যায় ইন্দিৰাই ৷
             পঙ্কজ বৰুৱা বুঢ়াগাওঁ ৷



পনীয়া সোণৰ গছ সাঁচি বা অগৰু---------------

   � ভাৰত বৰ্ষৰ ভিতৰতে নহয় পৃথিৱীৰ ভিতৰতে জৈৱবৈচিত্ৰ্যতাৰ ক্ষেত্ৰত চহকী উত্তৰপূৰ্বাঞ্চল৷ এই অঞ্চলত এনে কিছুমান জীৱ উদ্ভিদ তৰু লতা তথা ইয়াৰ পৰা উৎপাদিত দ্ৰব্য সামগ্ৰী পোৱা যায় যি পৃথিৱীতে বিৰল৷  উদাহৰণ স্বৰূপে জীৱ বুলি ক’লে এশিঙিয়া গঁড়, লাজুকী বান্দৰ, দেওহাঁহ, বৃক্ষবুলি ক’লে চোমগছ, অগৰু, পোক পতংগৰ ভিতৰত এঢ়ি, মুগা, পাট,  পলো, সাঁচি গছৰ পৰা পোৱা সুগন্ধি আতৰ আদিয়ে প্ৰধান৷ অসমৰ বনাঞ্চলত পোৱা সাঁচি গছৰ পৰা যি আতৰ প্ৰস্তুত হয় ইয়াক পনীয়া সোণ বুলি ক’লেও বঢ়াই কোৱা নহয় ই সোণত কৈও মূল্যবান৷ সাঁচি গছক মই স্থানিক উদ্ভিদ বুলি এই বাবেই কৈছো এই গছৰ ১৫টা প্ৰজাতিৰ ভিতৰত সুগন্ধি আতৰ প্ৰস্তুত কৰিব পৰা একুলেৰিয়া মেলাকেনচিছ কেৱল উত্তৰ পূবতহে পোৱা যায়৷ ভাৰততে সাঁচি গছৰ আন এটা প্ৰজাতি একুলেৰিয়া খাছিয়ানা মেঘালয়ৰ খাছি পাহাৰত পোৱা যায়৷  সাঁচি গছৰ অনান্য প্ৰজাতি সমূহ হিমালয়ৰ পাদদেশৰ পৰা আৰম্ভ কৰি পাপুৱা নিউগিনিৰ বৰ্ষাঅৰণ্য লৈকে বিস্তৃত হৈ আছে৷ ম্যানমাৰ, মালয়েছিয়া, সুমাত্ৰা, ইন্দোনেছিয়া, ব্ৰনিঅ’ আৰু ফিলিপাইনচতোো সাঁচি গছ দেখিবলৈ পোৱা যায়৷ সাঁচি গছৰ নাম ঠাইভেদে ভিন্ন হয় উজনি অসমত সাঁচি নামনিত অগৰু, ক’ৰবাত আতৰ, আগৰ, গাহাৰু, মালায়ান, ঈগল উদ, কাৰাচ, মেংকাৰাচ কালামবেক আদি নামেৰেও জনা যায়৷ 

অসমৰো সকলো ঠাইত সাঁচি গছ নহয় গছ হ’লেও সুগন্ধি আতৰ এই গছৰ পৰা প্ৰস্তুত নহয়৷ উজনি অসমৰ গোলাঘাট জিলাৰ কিছু অংশত যোৰহাট জিলা, শিৱসাগৰ জিলাৰ কিছু অংশতহে এই উচ্চ মান জাতৰ একুলেৰিয়া মেলাকেনচিচ প্ৰজাতিৰ সাঁচি গছ পোৱা যায় যাৰ পৰা সৰ্বোকৃষ্ট মানৰ আতৰ প্ৰস্তুত হয়৷ অসমৰ নাহৰণি, শিৱসাগৰৰ নামতি, আৰু নগাঁৱৰ হোজাই এই সাঁচি ব্যৱসায়ৰ বাবে বিখ্যাত৷


 পৃথিৱীৰ অতিকৈ মূল্যৱান গছ সমূহৰ ভিতৰত সাঁচি গছ ও অন্যতম৷ এই গছ ওখ ক্ৰান্তিয় সেমেকা জলবায়ুত ভাল হয়৷ ২০ ৰ পৰা ৩৫ ডিগ্ৰী উষ্ণ আদ্ৰ জলবায়ু এই গছৰ বাবে উৎকৃষ্ট৷ সাগৰ পৃষ্ঠৰ পৰা ৫০০ মিটাৰ উচ্চতাৰ আশে পাশে এই গছ ভাল হয় যদিও ১০০০ মিটাৰ উচ্চতাতো আৰু ২০ ডিগ্ৰীৰ তলৰ জলবায়ুৰ তলতো এই গছ হ’লেও ইয়াৰ পৰা সুগন্ধি আঁতৰ প্ৰস্তুত নহয়৷ পাধাৰণতে অৰণ্যৰ অম্লিক গুণ বিশিষ্ট মাটি সাঁচি গছৰ বাবে উপযুগী৷ পানী জমা নোহোৱা ৰঙা আলতীয়া মাটি, পাহাৰৰ এঢলীয়া ৰঙা মাটিতো সাঁচি গছ হয়৷ 
সাঁচি গছক অসমত অগৰু বুলিও কোৱা হয়৷ এই গছ থাইমিলিয়েছি গোত্ৰৰ অন্তৰ্গত, সাঁচি গছৰ মুঠ ১৫টা প্ৰজাতি আছে যদিও অসমৰ একুলেৰিয়া মালাকেনচিছ প্ৰজাতিৰ গছেই আতৰ উৎপাদনৰ বাবে উত্তম৷ একুলেৰিয়া গ’ণ ক’লা মুগা বৰণীয়া ৰেজিনযুক্ত সাঁচি কাঠ আতৰৰ মুখ্য উৎপাদনকাৰী৷ এই গছক এবিধ পোকে খায় আৰু এই পোক বিধে এই গছতে নিজৰ জীৱনৰ ৯০% সময় পাৰ কৰাৰ পাছত পখীলা হৈ বাহিৰ হৈ পুনৰ এই গছত কনী দিয়ে৷ এই পোকে খোৱা সাঁচি গছৰ অংশতে এবিধ ভেকুৰে বংশ বৃদ্ধি কৰে আৰু ভেকুৰৰ দ্বাৰা আক্ৰান্ত হোৱা ঠাইতে সুগন্ধি আতৰ জমা হয় আৰু এই গছ কাটি উদ্ধ পাতন পক্ৰিয়াৰ যোগেদি এই সুগন্ধি আতৰ তেল বা পনীয়া সোণ সংগ্ৰহ কৰা হয়৷ 

 যেতিয়া সাঁচি গছৰ কাণ্ডত জিওজেৰা কনফাৰটা নামৰ এবিধ কাণ্ডচিদ্ৰকাৰী পোকৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া এই পোকে গছজোপাত লম্ব ভাৱে ছিদ্ৰৰ সৃষ্টি কৰে ই হ’ল আতৰ বা মাল সৃষ্টি হোৱাৰ প্ৰথম লক্ষণ এই ছিদ্ৰ বোৰত সেই পোকে মল মূত্ৰ ত্যাগ কৰাৰ ফলত সেমেকা হৈ পৰে অসমৰ জলবায়ুও উষ্ণ আৰু উদ্ৰ এনে পৰিবেশত ভেকুৰে বংশ বৃদ্ধি সহজে কৰিব পাৰে যাৰ বাবে এই চিদ্ৰবোৰেদি ভেকুৰে সাঁচি গছ জোপাত আক্ৰমণ কৰে৷ এই ভেকুৰেই সাঁচি গছত আতৰৰ সৃষ্টি কৰে আৰু সুগন্ধি তেল জমা কৰে সাঁচি গছৰ কাণ্ডৰ মাজত৷ পোকে সাঁচি গছত চিদ্ৰ কৰাৰ পৰা ভেকুৰে সুগন্ধি আতৰ পৰিপক্ব হোৱালৈৈ এক দীঘলীয়া সময় লাগে অতি কমেও তিনি বছৰ৷ ৫০ বছৰীয়া এজোপা সাঁচি গছে ৪ ৰ পৰা ৮ কেজিলৈ উচ্চগুণসম্পন্ন অগৰু সঞ্চিত কৰিব পাৰে আৰু ইয়াৰ পৰা কেইবাটোলাও অতি উচ্চমাণৰ আতৰ বা পনীয়া সোণ নিষ্কাষণ কৰিব পাৰি যাৰ বজাৰৰ মূল্য কেইবা লাখো হ’ব পাৰে৷ অৱশ্যে আতৰ ওলোৱাৰ পৰিমাণ বহুখিনি নিৰ্ভৰ কৰে গছৰ আকাৰ, গছত হোৱা পোক আৰু ভেকুৰৰ আক্ৰমণৰ ওপৰত৷ কম বয়সীয়া গছত ভেকুৰ আক্ৰমণ হ’লে এনে গছৰ পৰা ৭/৮ বছৰৰ পাছত উৎকৃষ্ট আতৰ পাব পাৰি৷ প্ৰাকৃতিক পৰিবেশত প্ৰায় ৫০/৬০% গছত ভেকুঁৰ আক্ৰান্ত হ’ব পাৰে আৰু ইয়েই মূল্যৱান আতৰ উৎপাদক হিচাপে পৰিগণিত হয়৷ ইয়াৰ উপৰিও কৃত্ৰিম ভাৱে সাঁচি গছক ক্ষত কৰিও ভেকুৰৰ সংক্ৰমণ ঘটাইও আতৰ প্ৰস্তুত কৰা হয়৷ সকলো গছত সমানে পোকে নাখায় চেচুকিয়া ঠাইতো পোকে কমকৈ খায় এনে গছত চোকা দাহে গছজোপা ঘপিয়াই, বটালিৰে লাইন লাইন কৈ খুলি, বা দীঘল গজাল গা গছত শাৰী শাৰী কৈ মাৰিও ভেকুৰৰ সংক্ৰমণ ঘটাই আতৰ প্ৰস্তুতৰ উপযুগী সাঁচি কাঠ বা সাঁচি মাল প্ৰস্তুত কৰা হয়৷ 
দা বা বটালী মাৰিলে আতৰ প্ৰস্তুতৰ উপযুগী সাঁচি মাল পাবলৈ তিনিটা বাৰিষা আৰু গজাল মাৰিলে প্ৰায় পাঁচটা বাৰিষা লাগে৷ 
 বন্য আৰু প্ৰাকৃতিকভাৱে ধনী বাবেই হয়টো অসমত সাাঁচি গছ পৰিলক্ষিত হয়৷ দুৰ্লভ বাবে ই বহুত দামী সাঁচি কাঠৰ পৰা পোৱা তেল সুগন্ধি ধূপ, আতৰ, পাৰফিউম, লোচন, তেল আদিত ব্যৱহাৰ কৰা হয়৷ সৰ্বোত্তম আগৰ তেলৰ মূল্য সম তোলা সোণতকৈ পাঁচগুণ পৰ্য্যন্ত হয়৷ আগৰ তেল আৰু গা-গছৰ টুকুৰা মধ্যপ্ৰাচ্যৰ দেশ ডুবাই, ছৌদি আৰৱ, কাটাৰ, কোৱেইট, বাহৰেইন, ওমান, য়েমেন আৰু চিৰিয়া দেশৰ উপৰিও মৰক্কো, কম্বোডিয়া, ম্যানমাৰ, চিংগাপুৰ আৰু ইউৰুপীয় দেশসমূহত অতি উচ্চমূল্যত বিক্ৰী কৰা হয়৷ প্ৰতিদিনেই বাঢ়িছে আতৰৰ মূল্য৷ আগৰ গছৰ ওপৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানসন্মত সন্মিলন হৈছিল ২০১৩ চনত মালয়েছিয়াৰ Faculty of Forestry, UPMত ডঃ ৰজি মহমদৰ পৃষ্ঠপোষকতাত৷ অসম চৰকাৰৰ পৰিবেশ আৰু বনাঞ্চল বিভাগে “অসমত মানুহৰ উদ্ভিদ, আগৰৰ ওপৰত প্ৰথম প্ৰদক্ষেপ” এখন সন্মিলন আয়োজন কৰিছিল জানুৱাৰী ২০০৪চনত৷ 
 সাঁচি গছৰ পৰা যি তেল প্ৰস্তুত হয় ই অতি মূল্যৱান সুগন্ধি দ্ৰব্যৰ ভিতৰত সকলোতকৈ দামী৷ এই তেল সুগন্ধি প্ৰস্তুত উদ্যোগৰ বিভিন্ন সামগ্ৰী প্ৰস্তুতিত ব্যৱহৃত হয়, কিয়নো ইয়াৰ সুগন্ধি ধৰি ৰাখিব পৰা ক্ষমতা সকলোতকৈ বেছি৷ 
 সাঁচি গছৰ পৰা নানান ধৰণৰ ঔষধি গুণযুক্ত দ্ৰব্য বনোৱা হয়, এনে দ্ৰব্য কামোদ্দীপক হিচাপে, বিষৰ দৰৱ, গ্ৰহণীী বেমাৰৰ দৰৱ, হজমী দৰৱ, মূত্ৰ বৃদ্ধি কাৰক, পেট আটিল কৰাৰ দৰৱ, টনিক অথবা হাঁপানীৰ আাৰু কাঁহৰ দৰৱ প্ৰস্তুতিত সাঁচি কাঠৰ পৰা ওলোৱা তেল ব্যৱহাৰ হয়৷ 
আগৰ তেল পোক পতঙ্গ ৰোধক হিচাপে, ধূপকাঠি উদ্যোগতো ব্যৱহাৰ হয়৷  সাঁচি গছৰ বাকলিক ঘোণে বা কোনো পোক পৰুৱাই নাখায় এই বাকলি এৰুৱবলৈও সহজ সেয়ে আগতে কাগজ আৱিষ্কাৰ নহওঁতে অসমৰ মানুহে সাঁচি বাকলিতি পুথি পাজি লিখিছিল যাক সাঁচি পুথি বুলি কোৱা হয়৷ 
 আৰৱত আতৰ আৰু সাঁচি কাঠ বহুল ভাৱে তথা শ্ৰদ্ধাৰে নিয়মিত ব্যৱহাৰ কৰে৷ আৰবীসকলে দিনটোত অন্তঃত এবাৰ হ’লেও সাঁচি কাঠ ব্যৱহাৰ কৰে, নতুবা পাক বুলি নাভাৱে৷ তেওঁলোকে বন্ধু-বৰ্গক মজলিচৰ চাৰিওফালে বহি কাঠ জ্বলোৱাতো এটা সামাজিক প্ৰথা, পৰিস্থিতি সাপেক্ষে বিভিন্ন প্ৰকাৰৰ আতৰ ব্যৱহৃত হয়৷ নামাজ পঢ়িব যাওতে আতৰ লগায় মনৰ পবিত্ৰতাৰ বাবে, মৃতকৰ পৰিয়ালৰ ঘৰত খবৰ লবলৈ যাওঁতে আতৰ ব্যৱহৃত হয়৷ বিয়াত আতৰ তেল আৰু কাঠ আপৰুগিয়া সম্পদ৷ গতিকে মধ্যপ্ৰাচ্যত আতৰৰ চাহিদা অসীম৷ ধুনাৰ দৰে আৰৱীসকলে সাঁচি কাঠ ব্যৱহাৰ কৰে৷ আৰৱত এটা লোকবিশ্বাস আছে যে এক বিন্দুসম ভেজালহীন আতৰ তেল সেৱনে কেঞ্চাৰৰ পৰা বচাব পাৰে৷ মধ্যপ্ৰাচ্যত ধূপ-ধুনা হিচাপে, জাপানত ক’হ-ডোত চন্দন কাঠৰ সৈতে ব্যৱহাৰ কৰে৷ পুৰণিদিনত ইজিপ্তত শৱ সংৰক্ষণ পদ্ধতিত আতৰ ব্যৱহৃত হৈছিল৷ 
 অসমৰ সাঁচি গছ পৃথিৱীৰ সকলো ঠাইতকৈ উন্নতমানৰ বুলি নাম আছে৷ অসমৰ হোজাই, গোলাঘাট জিলাৰ নহৰণি এতিয়া পৃথিৱীৰ ভিতৰত বৃহত্তম পাইকাৰী বিক্ৰীকেন্দ্ৰ হিচাপে গঢ়ি উঠিছে৷ ফলত এই অঞ্চলৰ লোকসকলে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছে৷ তেওঁলোকৰ জীৱনশৈলীৰ মানদণ্ড উন্নত হৈছে৷ অসমীয়াৰ বাবে ই এক গৌৰৱময় বিষয়৷ হোজাইত গঢ় লৈ উঠা উদ্যোগত উৎপন্ন কৰিছে পৃথিৱীৰ ভিতৰতে দামী আগৰ তেল৷ উজনি অসমত সাঁচি গছক ব্যৱসায় ভিত্তিত ৰূপন কৰি বহু লোক আৰ্থিক ভাৱে সৱল হ’ব পাৰিছে৷ চাহ খেতিৰ লগে লগে সাঁচি খেতিও একে লগে একেডৰা মাটিতে কৰিব পাৰি৷ সাঁচি গছত বিশেষ প্ৰতিপাল বা সাঁৰ জাৱৰৰো প্ৰয়োজন নাই কেৱল পুলিটো ৰুলেই হ’ল এদিন টকা দিবই৷ বেছি নকওঁঁ এটা সময়ত আমাৰ ইয়াত মানুহবোৰ বহু দুখীয়া আছিল সাঁচি আৰু চাহ গছে মানুহবোৰক আৰ্থিক ভাৱে সৱল কৰিলে৷ বছৰি কেইবা কোটি টকাৰ সাঁঁচি গছ কেৱল আমাৰখন গাঁৱৰ পৰাই বিক্ৰী হয়৷ সাঁচি ব্যৱসায়ে হাজাৰ হাজাৰ নিবনুৱাক সংস্থাপন দিছে৷ 

আগৰ তেলৰ বজাৰ মূল্য কল্পনাতীত, সোণ হীৰাতকৈও মূল্য বেছি এই উদ্যোগ গঢ়ি উঠিলে এই অঞ্চলৰ মানুহৰ আৰ্থ-সামাজিক উন্নতিৰ লগত দেশৰ অৰ্থনৈতিক স্থিতিয়ে নতুন মাত্ৰা পাব৷ খেতিয়কসকলক আগৰ তথা সাঁচি গছৰ বিষয়ে প্ৰয়োজনীয় তথ্য, প্ৰশিক্ষণ আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ অভাৱ পৰিলক্ষিত হয়৷ চৰকাৰ, কৃষি গৱেষণা কেন্দ্ৰ আৰু স্থানীয় বেংকৰ সহযোগ পালে নিশ্চয়কৈ এই উদ্যোগসমূহ বৃহত্তৰ পৰা বৃহত্তমলৈ গতি কৰিব৷ কিছুক্ষেত্ৰত নিষেধাজ্ঞাৰ বাবে বহু ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানী তথা প্ৰতিষ্ঠা কৰিবলৈ অসমৰ্থ হয়৷ আগৰ তেল আৰু কেঁচামাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানীৰ বাবে সুবিধা হ’লে বছৰি হাজাৰ হাজাৰ কোটি বৈদেশিক মুদ্ৰা চৰকাৰে লাভ কৰিবলৈ সক্ষম হ’ব যিয়ে দেশৰ বৈদশিক মুদ্ৰাৰ ভাণ্ডাৰ বৃদ্ধি কৰাত সহায়ক হ’ব সেয়ে চৰকাৰে সাঁচি গছ তথা আতৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত থকা বিভিন্ন নিষেধাজ্ঞা সমুুহ আঁতৰাই ব্যৱসায় কৰাৰ সুযোগ প্ৰদান কৰিব লাগে৷

          পঙ্কজ বৰুৱা বুঢ়াগাওঁ ৷


এজন ভাৰতীয়ৰে দান আজিৰ পৃথিৱীৰ জনপ্ৰিয় চ’চিয়েল চাইড ফেছবুক -------------------------------

         যদি আপোনাক কোৱা হয় বৰ্তমান সময়ত বহুল ব্যৱহিত চছিয়েল নেটৱৰ্ক চাইড ফেচবুকৰ প্ৰতিষ্ঠাপক এজন ভাৰতীয় তেন্তে আপুনি বিশ্বাস কৰিবনে, হয় এই কথাই সত্য, দিব্য নৰেন্দ্ৰই সেই ব্যক্তি যি ফেচবুুকৰ নিৰ্মাণ কৰিছিল কিন্তু ফেচবুক বনোৱাৰ শ্ৰেয় তেওঁ কোনোদিন নাপালে ৷ নৰেন্দ্ৰই তেওঁ আৰু দুজন সহযোগীৰ সৈতে মিলি এই টেকনিকৰ বিকাশ ঘটাইছিল যাক আজি আমি ফেচবুক নামেৰে জানোঁ ৷ মাৰ্ক জুকাৰবাগে ফেচবুকক থিয় কৰালে ৷ নৰেন্দ্ৰই জুকাৰবাৰ্গৰ উপৰত প্ৰথম গোচৰ তৰিছিল এই গোছৰ আছিল বিশ্বাসঘাটকতাৰ ৷
    
                    নৰেন্দ্ৰৰ সম্পূৰ্ণ নাম হ’ল দিব্য নৰেন্দ্ৰ যি আমেৰিকালৈ যোৱা ভাৰতীয় ডক্টৰ দম্পতীৰ জ্যেষ্ঠ সন্তান আছিল ৷ নৰেন্দ্ৰই হৱাৰ্ড বিশ্ববিদ্যালয়ত পঢ়ে আৰু বৰ্তমান নিজৰ কম্পেনী সমজিৰ’ত কাম কৰে ৷ তেওঁ হৱাৰ্ড কনেক্সনৰো সহ প্ৰততিষ্ঠাপক আছিল ৷
     
                  নৰেন্দ্ৰৰ পিতৃ মাতৃ ভাৰতীয় আছিল যি আমেৰিকাত ডক্টৰ কৰিছিল নিউয়ৰ্ক চহৰতে দুয়ো লগ হৈছিল প্ৰথমে প্ৰেম পিছত বিবাহ হয় ৷ ১৯৮৪ চনত নৰেন্দ্ৰৰ জন্ম হয় নৰেন্দ্ৰ যথেষ্ট মেধাবী আছিল ৷ তেওঁ ২০০০ চনত হৱাৰ্ডত নামভৰ্তি কৰে আৰু ২০০৪ চনত এপ্লাইড মেথেমেটিক্সত গ্ৰেজুৱেট লয় ৷ ইয়াৰ পাছত তেওঁ এম বি এ আৰু আইনৰ ও অধ্যয়ন কৰে ৷
     
                 নৰেন্দ্ৰই হৱাৰ্ডৰ দুজন সহপাঠীৰ সৈতে মিলি হৱাৰ্ড নেটৱৰ্কিং চ’চিয়েল চাইড ৱেবছাইট ২১ মে ২০০৪ ত লঞ্চ কৰে পিছত  এই ৱেবছাইটৰ নাম সলনি কৰি কনেক্টইউ কৰি দিয়ে ৷ এই  প্ৰজেক্টৰ আৰম্ভণি ডিচেম্বৰ ২০০২ তে হৈছিল ৷ এই ৱেবছাইটৰ ফৰমেট আৰু অৱধাৰণা সেইটোৱে যি দৰে ফেচবুকে কাম কৰে ৷ এই ৱেবছাইট মুকলি হ’ল প্ৰথমে হৱাৰ্ড কমিউনিটি ৰূপে কাম কৰে আৰু পাছলৈ বন্ধ হৈ যায় ৷
  
                  সঞ্জয় মৱিনকুৰ্ভে আছিল হৱাৰ্ড কনেক্সন ৰ প্ৰথম প্ৰ’গেমাৰ ৷ প্ৰথমে তেওঁ কাম কৰিছিল যদিও ২০০৩ চনত আঁতৰি গুগললৈ যায়গৈ ৷ সঞ্জয় আঁতৰি যোৱাৰ পাচত নৰেন্দ্ৰ আৰু বিনকেলবৌস হৱাৰ্ডৰ শিক্ষাৰ্থী আৰু বন্ধু প্ৰ’গেমাৰ ৱিক্টৰ গাঔ ৰ লগত  কাম কৰাৰ প্ৰস্তাৱ ৰাখে ৷ ৱিক্টৰে পাৰ্টনাৰ হিচাপে কাম কৰাত কৈ পইচাৰ বাবে হে কাম কৰাৰ কথা প্ৰকাশ কৰে ৷আৰু তেওঁ ৱেবছাইটৰ ক’ডিংৰ ওপৰত কাম কৰে ৷ তেওঁ কামৰ বাবদ ৪০০ ডলাৰ লয় ৷ ব্যক্তিগত কাৰণত তেওঁ এই কাম আধাতে এৰে ৷ ৱিক্টৰে  কাম এৰাৰ পাছত নৰেন্দ্ৰ আৰু ৱিনকলবৌসে মাৰ্ক জুকাৰবাৰ্গক তেওঁলোকৰ লগত সহযোগ কৰিবলৈ প্ৰস্তাৱ আগবঢ়াই ৷ ইতিমধ্যে নৰেন্দ্ৰ আৰু বিনকলবৌসে হৱাৰ্ড কনেক্সনৰ কামক বহু আগুৱাই নিয়ে ৷ নৰেন্দ্ৰৰ মতে তেওলোকে  প্ৰায় ৱেবছাইটটোৰ কাম সম্পূৰ্ণ কৰিছিল আৰু বিশ্বাস কৰিছিল যে এই ৱেবছাইট হৱাৰ্ডত প্ৰকাশ কৰাৰ লগে লগে এক আলোড়নৰ সৃষ্টি কৰিব৷ জুকাৰ বাৰ্গে হৱাৰ্ড কনেক্সনৰ লগত কথা পাতোতে যথেষ্ট উৎসাহী লাগিছিল ৷  তেওঁক এই ৱেবছাইটে কি দৰে, কেনেদৰে কাম কৰিব সকলো কোৱা হৈছিল যদিও এইখিনি গোপনীয় কথা আছিল  মিটিংত এইখিনি কোৱাৰ আৱশ্যকতা আছিল ৷ নৰেন্দ্ৰ আৰু হৱাৰ্ড কনেক্সনৰ টিমৰ বাবে এই মিটিং আৰু এই গোপন তথ্য জোকাৰ বাৰ্গৰ আগত প্ৰকাশ কৰাই ভুল আছিল ৷ মৌখিক কথা বতৰাৰ যোগেদিয়ে জোকাৰ বাৰ্গ তেওঁলোকৰ পাৰ্টনাৰ হৈ পৰিল ৷ তেওঁক প্ৰাইভেট চাৰ্ভাৰ লোকেচন আৰু পাছৱৰ্ডৰ বিষয়ে জনোৱা হ’ল যাতে ৱেবছাইটৰ বাকী থকা আৰু কডিং ৰ কাম সম্পূৰ্ণ কৰিব পাৰে ৷ ভৱা হ’ল জ’কাৰবাৰ্গে সোনকালে ক’ডিঙৰ কাম শেষ কৰি ৱেবছাইট টো মুকলি কৰিব  ৷ ইয়াৰ কিছুদিনৰ পাছতে জ’কাৰবাৰ্গে কেমেৰু বিনকলেবৌসলৈ এক ই মেল পঠালে আৰু তেওঁ ক’লে তেওঁলোকেে পঠিওৱা সকলো পঢ়িলে আৰু কম সময়ৰ ভিতৰতে সকলো কাম সম্পূৰ্ণ কৰিব পৰা জাব, বিশেষ কোনো কঠিনতা নাই ৷ ইয়াৰ কিছু দিনৰ পাছত আন এক ইমেইল যোগে ক’লে যে তেওঁ সকলো কাম শেষ কৰিছে আৰু সোনকালেই ৱেবছাইট টো মুকলি কৰিব পৰা জাব ৷ কিন্তু ইয়াৰ পাছৰ পৰাই জ’কাৰবাৰ্গে  বিশ্বাসঘাট কৰিবলৈ ল’লে আৰু হৱাৰ্ড কনেক্ট দলৰ ফ’ন কল নোথোৱা হ’ল এনে দেখাব ল’লে যেন তেওঁ বেলেগ কামত হে ব্যস্ত হৈ আছে ৷ ৪ ডিচেম্বৰ ২০০৩ ত মাৰ্ক জুকাৰবাৰ্গে এক ইমেইল  পঠালে আৰু ক’লে যে মই দুখিত আপোনালোকৰ কলৰ  উত্তৰ দিব পৰা নাই মই বৰ ব্যস্ত ৷ ইয়াৰ পাছৰ মেইল বোৰতো একেই কথা ক’লে ৷ জুকাৰ বাৰ্গে এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে যে তেওঁলোকৰৰ মাজত মতবিৰুধ হ’ব ধৰিলে আৰু তেওঁ আঁতৰি গুচি আহিল ৷ ইয়াৰ পাচতে ৪ ফেব্ৰুৱাৰী ২০০৪ চনত জ’কাৰ বাৰ্গে মনে মনে ফেচবুক ডত কম নামেৰ এটা চাইট মুকলি কৰে যাৰ সকলোখিনি হৱাৰ্ড কনেক্ট ৰ বাবে ডেভলপ কৰাৰ দৰে ৷ এই ৱেবছাইট প্ৰথমেে হৱাৰ্ডত পাছত দেশৰ বাকী বিদ্যালয় মহাবিদ্যালয় সমুহতো বিস্তাৰৰ লক্ষ্য আছিল ৷ নৰেন্দ্ৰ আৰু ৱিনকলেবৌসে এই কথা পলম কে গম পালে আৰু হৱাৰ্ডবিশ্ববিদ্যালয়ৰ পৰিচালকে তেওঁলোকক ন্যায়লয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে ৷
   
                            দিব্য নৰেন্দ্ৰ আৰু কেমেৰুণ ৱিনকলেবৌসে মাৰ্ক জ’কাৰবাৰ্গৰ ওপৰত গোচৰ তৰে আৰু  ২০০৮ চনত তেওঁলোকৰ মাজত এক মিমাংশা হয় ৷ এই মিমাংশা মতে জ’কাৰবাৰ্গে নৰেন্দ্ৰ আৰু কেমেৰুণক ৬৫০ লাখ ডলাৰ টকা দিয়ে ৷ ইয়াক লৈ নৰেন্দ্ৰ সুখি নাছিল তেওঁৰ মতে সেই সময়ত ফেচবুকৰ শ্বেয়াৰৰ বজাৰৰ দামৰ হিচাপত জৰিমনা দিয়া হোৱা নাছিল ৷ আমেৰিকাৰ ন্যায়লয়ৰ  সিদ্ধান্তত এইটো মানি লোৱা হৈছিল যে বৰ্তমান পৃথিৱীৰ আটাইতকৈ বহুল প্ৰচলিত চ’চিয়েল নেটৱৰ্কিং চাইড ফেচবুকৰ আইদিয়া দিব্য নৰেন্দ্ৰৰ আছিল এজন ভাৰতীয়ৰ আছিল ৷
  
                       যদিও দিব্য নৰেন্দ্ৰই তেওঁৰ কামৰ উচিত সন্মান বিশ্বত নাপালে তথাপিও আমি তেওঁৰ কৰ্মক  লৈ তেওঁক লৈ গৰ্বিত তেওঁৰ বাবেই আজি বিশ্বই  যোগাযোগৰ এক সু মাধ্যম পালে যাৰ যৰিয়তে সহজে বন্ধুত্ব ৰক্ষা কৰিব পাৰি ভাৱৰ আদান প্ৰদান কৰিব পাৰি ৷

লেখাটো অনুবাদিত ৷


প্ৰবন্ধ

চাহ খেতি আৰু অসমীয়া---------

        ১৮২৩ চনতে অসমৰ হাবিত চাহ গছ আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ পাছতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পেনী আৰু মনিৰাম দেৱানে অসমত চাহক ৰূপণ খেতিৰ ৰূপ দিয়ে৷  অসমত চাহৰ “আৱিষ্কাৰ“ ৰবাৰ্ট ব্ৰুচ, নামৰ এজন স্কট অভিযানকাৰীয়ে আকস্মিকভাৱে কৰিছিল বুলি কোৱা হয়৷ অসমৰ হাবি-বননিত ঘূৰি ফুৰোতে তেওঁ এই গছবিধ বন্য অৱস্থাত গজি থকা দেখিছিল৷ মণিৰাম দেৱানে তেওঁক এজন স্থানীয় চিংফৌ গাঁৱৰ মূখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল আৰু তাত তেওঁ স্থানীয় চিংফৌ লোকসকলক এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা দেখিছিল আৰু তেওঁ বিছা গামৰ পৰা সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল৷ ইয়াৰ কিছু দিনৰ পিছতেই তেওঁৰ মৃত্যু হোৱাত, তেওঁ এই গছৰ প্ৰকৃত শ্ৰেণীবিভাজন জানিবলৈ সক্ষম নহ’ল৷ ১৮৩০ চনত তেওঁৰ ভাতৃ চাৰ্লছে অসমৰ চাহৰ পাতক কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল৷ অৱশেষত তাতে এই উদ্ভিদক চাহ গছ, বা Camellia sinensisৰ এটা প্ৰকাৰ বুলি চিনাক্তকৰণ কৰা হৈছিল ৷ 
 ভাৰতৰ ভিতৰত প্ৰথম চাহ উদ্য়োগৰ বিকাশ অসমতে হৈছিল আৰু এই বিকাশ অতি ক্ষিপ্ৰ আছিল৷ ১৯০৪ চনলৈকে অসমত ৭৪৩খন চাহ বাগান স্থাপন হৈছিল৷ বৰ্তমান অসমত প্ৰায় ৮৬৫খন ডাঙৰ বাগিছা আৰু ১ লাখৰো অধিক ক্ষুদ্ৰ বাগিছা আছে৷ অসমৰ অধিকাংশ চাহবাগান, চাহ ফেক্টৰী ৰাজ্যখনৰ বাহিৰৰ উদ্যোগপতি আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ দ্বাৰা নিয়ন্ত্ৰিত৷ ৮০ ৰ দশকৰ পৰা অসমত অসমৰ অসমীয়াই প্ৰধানকৈ উজনি অসমত এই চাহ খেতি কৰিব লয় আৰু বহু নিবনুৱা যুৱকে আত্মনিযুক্তিৰ লাভ কৰে এই কৃষিৰ যোগে৷ কিন্তু এই কৃষক সকলে চাহ খেতি কৰি যি ধৰণে লাভান্বিত হ’ম বুলি ভাবিছিল সেইধৰণৰে কিন্তু লাভান্বিত হ’ব নোৱাৰিলে, কেঁচা চাহৰ উৎপাদন প্ৰচুৰ পৰামাণে হ’ল কিন্তু সেই অনুপাতে কোনোদিনে কেঁচা পাতৰ উচিট মূল্য নাপালে কৃষকে৷ এনে হোৱাৰ মুখ্য কাৰণ হ’ল----

১/ /চাহ উদ্যোগৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, আয় কৰ, উৎপাদন কৰ, বিক্ৰী কৰ আদিবোৰ ঠিকে লয় কিন্তু কেঁচাপাতৰ দামৰ ক্ষেত্ৰত কোনোদিনে পদক্ষেপ নলয়৷ ২/ কেঁচাপাতৰ বজাৰে হওক বা শুকান পাতৰ বজাৰখন সম্পূৰ্ণ অসমৰ বাহিৰৰ বণিকৰ হাতত৷ তেওঁলোকে কেঁচা পাতৰ যি দৰ দিয়ে তাকে লাভ কৰে অসমৰ কৃষকে৷ ৩/ যেতিয়াই কেঁচাপাতৰ উৎপাদন বাঢ়ে তেতিয়াই পাতৰ মূল্য নিম্নগামী হয় আনকি উৎপাদন খৰচেই বহন কৰিব নোৱাৰে সেই দামে৷ ৪/ জিলা প্ৰশাসনৰ নীৰৱ ভূমিকা, কেঁচা চাহৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত উপায়ুক্ত তথা জিলা প্ৰশাসনে উচিট ব্যৱস্থা ল’ব লাগে৷ প্ৰতি জিলাই প্ৰতি বছৰে ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ পৰা জিলা উপায়ুক্ত পুজিলৈ আগতে প্ৰতি কিল’ কেঁচা চাহৰ বাবদ ২৫ পইচাকৈ এতিয়া ১৫ পইচাকৈ পায় আৰু ইয়াৰ ফলত এক বোজন পৰিমাণৰ ৰাজহ সংগ্ৰহ হয়৷ তথাপিও জিলা প্ৰশাসন কেঁচা চাহৰ দৰ নিম্নগামী হোৱাৰ ক্ষেত্ৰত সদায় মৌন৷ জিলা প্ৰশাসন তথা বাহিৰা উদ্যোগপতি বণিক কলঘৰৰ মালিক সকলৰ মাজত কিবা গোপন বুজাবুজি আছে নি তাক লৈহে মোৰ সন্দেহ হয়৷ ৫/ বিগত দুই তিনি বছৰৰ শুকান চাহৰ বজাৰখন চালে দেখা যায় যে গড়ে প্ৰায় ২০০ টকাকৈ বিক্ৰী হৈছে অসমৰ চাহ৷ ১ কেজি শুকান চাহ বনাবলৈ কেঁচা চাহ লাগে ৫ কেজি আৰু শুকান চাহ প্ৰস্তুত কৰোঁতে প্ৰতি কেজিত চাহফেক্টৰীৰ খৰচ হয় ২০ ৰ পৰা ২৫ টকা৷ যদি প্ৰতি কেজি শুকান চাহত ২৫/৩০ টকাকৈও চাহফেক্টৰীক মুনাফা দিয়া হয় তথাপিও কলঘৰ বোৰে এক কেজি কেঁচা পাত ২৫/৩০ টকাত কিনিব পাৰে৷ কিন্তু

সিহঁতে ২৫/৩০ টকা বাদেই যেতিয়া কেঁচা চাহৰ উৎপাদন বাঢ়ে দাম ১০ টকাৰ তললৈ আহে৷ এই উদ্যোগ পতি সকলে অধিক লাভৰ আশাত অসমীয়া চাহ খেতিয়ক সকলক এক প্ৰকাৰে শোষণ কৰা নাইনে বাৰু৷ আমি অসমীয়া বোৰে কষ্ট কৰি মৰিছো এই পুজি পতি সকলে বামতে মুনাফা লুটিছে৷ 

৬/ চাহ খেতিয়ক সকল আৰু এক শ্ৰেণীৰ মধ্যভূগীৰ শোষণৰ বলী হৈ আহিছে এই সকলে বিলত জাকৈ নামাৰি খালৈত জাকৈ মাৰে৷ কেঁচা পাতৰ মূল্য যিয়ে নহওক কিয় তেওঁলোকৰ কমিচন নকমে যোনে যি ইচ্ছা সেই মতে লয় প্ৰতি কেজিত ২ টকা ৩ টকা ৪ টকা৷ কেঁচা পাতৰ দাম কমিলে লোকচান হয় কৃষকৰ কিন্তু এওঁলোকৰ লাভ হে হয় অধিক পাত সংগ্ৰহ কৰিব পাৰে কমিচন একেই থাকে যিহেতু৷ এই শ্ৰেণীৰ লোক সকলেও নোনোদিন কৃষকৰ পক্ষত কোৱা দেখা নাযায় সদায় উদ্যোগপতি, পুজিপতি সকলৰ পক্ষেহে মাত মাতে৷

৭/ বিগত দশকটোত ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ৰ দাম যি দৰে বাঢ়িছে লগতে শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিয়ে কেঁচাপাতৰ উৎপাদন ব্যয় বহু বৃদ্ধি কৰিছে ১৫/১৬ টকা কেজি কেঁচাপাতৰ দাম হ’লে উৎপাদন খৰচে নোলায়, কেনেকৈ চলিব কেনেকৈ পোহপাল দিব কৃষকে নিজৰ পৰিয়ালক৷ চুৰ, ডকাইত, হিংসা, উগ্ৰবাদ আদি বৃদ্ধি পাব যেতিয়া খেতিৰ দ্বাৰা পৰিয়াল পোঁহপাল দিব নোৱাৰা হ’ব৷ বেলেগ সংস্থাপনৰ পথটো নাইয়ে অসমত কি কৰিব এই সকল কৃষকে? ৮/ চাহ পাত টোকাৰ বাবদ খেতিয়কে শ্ৰমিকক দিব লাগে ৪ টকা, ১০০ লিটাৰ দৰৱ মাৰিবলৈ দিব লাগে ১২০ ৰ পৰা ১৫০ টকা, ১ বেগ সাঁৰ মাৰিবলে দিব লাগে ৫০/৬০ টকা, এজোপা গছ কলম দিবলৈ দিব লাগে ৩০ পইচাৰ পৰা ৩ টকালৈ কি কৰিব অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়কে সাঁৰ দৰৱৰ যিহে দাম সেইবোৰ আছেই৷ বহু ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহৰ উৎপাদন ব্যয় কমাবলৈ পাট টুকিবলৈ মেচিন, কাচি, কটাৰী ব্যৱহাৰ কৰিব লৈছে যিয়ে চাহৰ উৎপাদন কমোৱাৰ লগতে চাহৰ গুনাগুণো হ্ৰাস কৰিছে, ইয়াৰ ফলত অসমৰ চাহৰ চাহিদা বিশ্বত হ্ৰাস হ’ব এনে হ’লে অসমৰ চাহ উদ্যোগ মৃত্যুৰ দিশে গতি কৰিব৷

৯/ অসমত নিজক জাতীয় দল সংগঠন বুলি পৰিচয় দিব খুজা সংগঠন বোৰেও অসমীয়া ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ হৈ কোনোদিন বিশেষ কিবা মাত মতা দেখা নাই৷ আনকি গনতন্ত্ৰৰ চতূৰ্থ ষ্টম্ভ বুলি কোৱা সংবাদ মাধ্যমো এই ক্ষেত্ৰত সদায় নীৰৱ ভূমিকা পালন কৰিছে৷ অসমত সুষ্ঠ সবল সাংবাদিকতা কৰা ব্যক্তি আছে নাই সন্দেহ হয়৷ অসমীয়াৰ দুখ কষ্ট অসুবিধা সমূহ দেশীয় স্তৰত বা বিশ্বস্তৰত প্ৰকাশ কৰাত অসমৰ সংবাদ মাধ্যম একেবাৰে ব্যৰ্থ৷ সৰু সৰু ঘটনা বোৰক লৈহে সাংবাদিক সকল সদায় ব্যস্ত৷ ব্যক্তিগত স্বাৰ্থজড়িত বিষয় বোৰত কৈ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় বোৰ উত্থাপন কৰাৰ ক্ষেত্ৰত দল সংগঠন তথা সংবাদ মাধ্যম সমূহে গুৰুত্ব আৰোপ কৰক তেহে সকলোৰে উন্নতি তথা কল্যাণ হ’ব৷

১০/ অসমত যেতিয়া অসমীয়াই চাহ খেতি কৰিব ল’লে তাৰ কিছুবছৰৰ পাছতে গোলাঘাট জিলাত প্ৰথম অসম ক্ষুদ্ৰচাহখেতিয়ক সন্থা নামে এটি সংগঠনৰ জন্ম হৈছিল৷ এই সংগঠন বৰ্তমান জীৱিত নে মৃত জনা নাযায়৷ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অভাৱ অভিযোগ সমূহ চৰকাৰক অৱগত কৰি তাৰ সমাধানৰ পথ উলিওৱাৰ উদ্দেশ্য আগত ৰাখি এই সংগঠন খুলা হৈছিল৷ আজিৰ সময়ত চাহফেক্টৰীৰ মালিক সমূহৰ মন মৈতালি, তথা শোষণ ৰ বিৰুদ্ধে এই সংগথনে কিবানহয় কিবা পদক্ষেপ ল’ব লাগিছিল কিন্তু তেনে কৰা চকুত নপৰে৷

 এই সকলো বোৰ দিশ চালে অনুভৱ হয় আজিৰ সময়ত অসমৰ ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ পক্ষত থিয় দিয়া কোনো নাই৷ অসমৰ চাহ কৃষক সকলে চাহ খেতি কৰিছে কেৱল বাহিৰা পুজিপতি, উদ্যোগপতি, ব্যৱসায় প্ৰতিষ্ঠান বোৰৰ বেংক বেলেঞ বঢ়াবলৈ, চৰকাৰৰ ৰাজকোষ বৃদ্ধি কৰিবলৈ, সাৰ দৰৱৰ কম্পেনী কেইটাক চহকী কৰিবলৈ, মধ্যভুগী সকলক আৰ্থিক ভাৱে টনকিয়াল কৰিবলৈ৷ অসমীয়া কৃষক দাল দৰিদ্ৰ আছিল আৰু সদায় দাল দৰিদ্ৰই হৈ থাকিব এই অৱস্থাৰ পৰিবৰ্তন কোনোদিনে নহয় আৰু ৷


সূৰ্য অভিমুখে নাছাৰ ঐতিহাসিক

"টাচ দা চান" অভিযান-----------------------------

১৪/০৮/২০১৮

সূৰ্য্যৰ পৰা পৃথিৱী ইমান দূৰত থকা স্বত্বেও গৰমৰ দিনত আমি বেলিৰ পোহৰলৈ ওলাব নোৱাৰোঁ গা পুৰি যোৱাৰ দৰে লাগে তেনে স্থলত সূৰ্য্য অভিমুখে মহাকাশ যান পঠিওৱাৰ কথা কল্পনা কৰিব পাৰিনে ? কিন্তু তেনে অসাধ্যক সাধ্য কৰি ইতিহাস ৰচাৰ দিশত আগবাঢ়িছে আমেৰিকাৰ মহাকাশ সন্থা  নাছা ৷ যোৱা ৰবি বাৰে নাছাই "টাছ দা চান" নামৰ অভিযান অনুসৰি পাৰ্কাৰ সৌলাৰ প্ৰ’ যান সূৰ্য্যৰ অভিমুখে প্ৰেৰণ কৰিলে ৷ পৃথিৱীৰ পৰা প্ৰক্ষেপন কৰা এই খনেই প্ৰথম এনে মহাকাশ যান যি সূৰ্য্যৰ নিচেই কাশেৰে পৰিক্ৰমা কৰি সূৰ্য্যৰ বিষয়ে গভীৰ অধ্যয়ন কৰিব ৷
  আপুনি যানেনে  নাছাৰ এই অভিযানৰ প্ৰথম ভেটি গঢ়িছিল এজন ভাৰতীয় ভৌতিক বিজ্ঞানী সুব্ৰমণিয়াম চন্দ্ৰেশেখৰে আজিৰ পৰা ৬০ বছৰ আগতে ৷  সেই সময়ত য়ুজিন নিউমেন পাৰ্কৰ এক অধ্যয়নক যদি চন্দ্ৰশেখৰে তেওঁৰ বিজ্ঞান আলোচনীত  প্ৰকাশ নকৰিলে হেতেন হয়টো আজিৰ সময়ত মহাকাশ বা নক্ষত্ৰ সমন্ধীয় পৰিভাষাই বেলেগ হ’ল হেতেন ৷  যি সময়ত পাৰ্কাৰৰ সৌৰবতাহ সমন্ধীয় সেই অধ্যয়নক সকলোৱে অস্বীকাৰ কৰিছিল সেই সময়তে চন্দ্ৰশেখৰে সেই অধ্যয়নৰ সত্যতা বুজিব পাৰি প্ৰকাশ কৰাৰ সাহসিকতা দেখুৱালে ৷ নাছাৰ এই "টাচ দা চান"  অভিযান সম্পূৰ্ণ পাৰ্কাৰৰ সেই অধ্যয়নৰ ওপৰত সবিশেষ জনাৰ এক অভিযান, গতিকে ক’ব পাৰি নাছাৰ এই অভিযানত এজন  ভাৰতীয়ৰ অংশিদাৰ  আছে যাক লৈ আমি এজন ভাৰতীয় হিচাপে গৌৰৱ কৰিব পাৰোঁ ৷

সৌৰ বতাহ বা সৌৰধুমুহা নো কি ই আছলতে সূৰ্য্য বৰ্হি পৃষ্ঠৰ পৰা তীব্ৰ বেগেৰে বাহিৰলৈ ওলাই অহা প্লাজমাৰ বিস্তাৰণ ৷ এই প্লাজমাত ইলেক্ট্ৰন, প্ৰ’টন আদি কণা থাকে যি বোৰ অতি বেগেৰে সূৰ্য্যৰ পৰা দশোদিশে বিয়পি পৰে ৷ ১৯৫৮ চনত ৩১ বছৰ বয়সত পাৰ্কাৰে সৌৰবতাহৰ উপস্থিতিৰ কথা আৱিষ্কাৰ কৰে ৷ তেওঁ কৈছিল সূৰ্য্যৰ পৰা সকলো সময়তে আধান যুক্ত কিছুমান কণা বাহিৰ হৈ থাকে আৰু মহাকাশত বিচৰণ কৰি ফুৰে, বিজ্ঞানী সকলে পাৰ্কাৰৰ এই ধাৰণাক মানি ল’ব খোজা নাছিল আৰু বিশ্বাস কৰা নাছিল ৷ বিজ্ঞানী সকলৰ মতে মহাকাশত মহা শূন্যতাই সদায় বিৰাজ কৰেে, কিন্তু এজন ভাৰতীয় ভৌতিক বিজ্ঞানী সুব্ৰমণিয়াম চন্দ্ৰশেখৰে তেওঁৰ আৱিষ্কাৰৰ মহত্ত্বতাক উপলব্ধি কৰি তেওঁ এক বিজ্ঞান আলোচনীত এই তথ্য প্ৰকাশ কৰাৰ সিদ্ধান্ত লয় ৷ সুব্ৰমণিয়াম চন্দ্ৰশেখৰক ভৌতিক বিজ্ঞানৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়োৱাৰ বাবে ১৯৮৩ চনত ন’বেল বটাৰে সন্মানিত কৰা হয় ৷

নাছাৰ পাৰ্কাৰ প্ৰ’ মহাকাশ যান ৯ ফুট ১০ ইঞ্চি দীঘল আৰু ৬২০ কিঃগ্ৰাঃ গধুৰ ৷ এই মহাকাশ অভিযানৰ বাবে নাছাৰ ১০৩০০ কোটি টকাত কৈ অধিক টকা খৰচ হৈছে ৷ সূৰ্য্যৰ নিচেই কাশেৰে পৰিভ্ৰমণ কৰিব লগা এই মহাকাশ যানৰ উত্তাপ বহন কৰিব পৰা ক্ষমতা ১৩৭১ ডিগ্ৰী চেলচিয়াচ ৷ সূৰ্য্যৰ উত্তাপৰ পৰা কিছু সকাহ পাবলৈ এই যানে চেকেণ্ডত ১৯০ কিঃমিঃ বেগেৰে সূৰ্য্যৰ চাৰিও ফালে পৰিভ্ৰমণ কৰিব ৷ আজিৰ পৰা ৮২ দিনৰ পাছত মানে ৫ নবেম্বৰ ২০১৮ ত এই যানে সূৰ্য্যক প্ৰদক্ষিণ কৰিব লগা কক্ষপথত উপবিষ্ট হ’ব আৰু আগন্তুক সাত বৰ্ষত ই সূৰ্য্যৰ ক’ৰোণাৰ ওপৰেৰে ২৪ বাৰ পৰিভ্ৰমণ কৰিব ৷

      এই "পাৰ্কাৰ প্ৰ’" মহাকাশ যানক আমেৰিকাৰ কেপ কানাৰ্ৱেল ষ্টেচনৰ পৰা ডেল্টা -৪ গধূৰ বাহক বাহনৰ দ্বাৰা যোৱা ৰবি বাৰে ১২ আগষ্টৰ দিনা নিক্ষেপণ কৰা হয় ৷ ১১ আগষ্টৰ দিনাই এই যান নিক্ষেপন কৰাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে কিছু ঘন্টা পলম কৈ নিক্ষেপন কৰা হয় ৷ সূৰ্য্যৰ ওছৰ পোৱালৈকে এই যানে কেইবাটাও গ্ৰহৰ মধ্যাকৰ্ষণিক পৰিধিৰ মাজেৰে পাৰ হৈ জাব আৰু সেই শক্তি ব্যৱহাৰ কৰি এই মহাকাশ যানে নিজৰ গতি বৃদ্ধি কৰিব এই ক্ষেত্ৰত বুধগ্ৰহৰ মধ্যাকৰ্ষণিক বলৰ ব্যৱহাৰ অতিকৈ গুৰুত্বপূৰ্ণ হ’ব ৷
       সূৰ্য্যৰ ক’ৰোণা নো কি ? পৃথিৱীৰ পৰা সূৰ্য্যৰ গড় দূৰত্ব প্ৰায় ১৪ কোটি ৯৫ লাখ কিঃমিঃ ৷ সূৰ্য্যৰ বায়ুমণ্ডলক ক’ৰোণা বুলি কোৱা হয় ৷ পাৰ্কাৰ প্ৰ’ এই ক’ৰোণাৰ বিস্তৃত অধ্যয়নৰ বাবেই  সূৰ্য্যৰ দিশে গৈছে ৷ এই ক’ৰোণাক সূৰ্য্য গ্ৰহণৰ সময়ত পৃথিৱীৰ পৰা দেখিবলৈ পোৱা যায় ৷ সূৰ্য্যৰ এই ক’ৰোণা এক অস্পষ্ট  জিলমিলাই থকা এক বাতাবৰণ ৷
    সূৰ্য্য এটা জ্বলন্ত নক্ষত্ৰ ইয়াৰ কাশলৈ কোনো মহাকাশ  যান যোৱাটো ইমান সহজো নহয় ৷ এটা ধূমকেতু সূৰ্য্যৰ কাশেৰে পাৰ হৈ গ’লে সি জ্বলি উথে আৰু এক নেজৰ দৰে আংশ দেখিব পোৱা যায়, থিক তেনে অৱস্থাত এখন মানৱ নিৰ্মিত মহাকাশ যান সূৰ্য্যৰ নিচেই কাশলৈ পঠিওটা ভাৱক কেনে হ’ব ৷"পাৰ্কাৰ প্ৰ’ক" অতিশয় শক্তিশালী উত্তাপ বহন কৰিব পৰা আৱৰণে চাৰিও ফালৰ পৰা ধাকি দিয়া হৈছে ৷ এই আৱৰণে সূৰ্য্যৰ পৰা অহা উচ্চ উত্তাপক সহ্য কৰাত সহায় কৰিব ৷ পৃথিৱীত কৈ ৫০০ গুণে অধিক তেজস্ক্ৰিয়তাক এই যানে সহ্য কৰিব লাগিব যি সহজ নহয় ৷ কাৰ্বনৰ দ্বাৰা নিৰ্মিত আৱৰণ প্ৰায় ১১.৪৩ চেঃমিঃ ডাঠ ৷ যেতিয়া এই যানে সূৰ্য্যৰ আটাইতকৈ কাশেৰে পৰিক্ৰমা কৰিব তেতিয়া ইয়াৰ বাহিৰৰ উত্তাপ ২৫০০ ডিগ্ৰী চেলচিয়াচ লৈকে হ’ব আৰু যদি যান খনৰ সকলো  উপকৰণ সুকলমে থাকে তেন্তে ইয়াৰ ভিতৰৰ উত্তাপ ৮৫ ডিগ্ৰী চেলচিয়াচ লৈকে হ’ব ৷
    সূৰ্য্য অভিমুখে যোৱা নাছাৰ  এই মহাকাশ যান খনৰ নাম ৰখা হয় আমেৰিকাৰ এজন মহান মহাকাশ বিজ্ঞানী য়ুজিন নিউমেন পাৰ্কাৰৰ নামত ৷ পাৰ্কাৰে বিশ্বৰ এনে প্ৰথম বিজ্ঞানী যি জীৱন্ত অৱস্থাত থাকোঁতেই তেওঁৰ নামত নাছাই কোনো মহাকাশ অভিযানৰ নাম থৈছে ৷ পাৰ্কাৰে প্ৰথম ব্যক্তি আছিল যি ১৯৫৮ চনতে প্ৰথম সৌৰধুমুহাৰ উপস্থিতিৰ কথা অনুমান কৰিছিল ৷ সূৰ্য্যৰ পৰা কিছুমান আধান যুক্ত কণা আৰু চৌম্বকীয় তৰংগ অহৰহ বাহিৰ হৈ মহাকাশৰ  চাৰিও ফালে প্ৰবাহিত হয় ৷ যেতিয়া এই প্ৰবাহ বৃদ্ধি হয় তেতিয়াই পৃথিৱীৰ উপগ্ৰহ সমুহৰ কাৰ্যত বাধাৰ সৃষ্টি হয় ৷ এই বাধাৰ কাৰণ জানিবল বুজিবলৈ এই পাৰ্কাৰ প্ৰ’ মহাকাশ অভিযান চলোৱা হৈছে ৷ নাছাই এই ঐতিহাসিক অভিযানৰ লগত পৃথিৱীৰ মানুহ সমুহক  জড়িত কৰিবৰ বাবে এক পদক্ষেপ লৈছিল যোৱা মাৰ্চ মাহত তেওঁলোকৰ ৱেবছাইট যোগে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ নাম সংগ্ৰহ কৰাৰ বাবে আবেদন বিছাৰিছিল আৰু প্ৰায় ১১ লাখ ৩৭ হাজাৰ ২০২ জন মানুহে তেওঁলোকলৈ নিজৰ নাম ঠিকনা প্ৰেৰণ কৰিছিল আৰু এই সকলো নাম নাছাই এক মেমৰিত আৱদ্ধ কৰি এই পাৰ্কাৰ প্ৰ’ মহাকাশ যানৰ লগত সেই মেমৰি সংযোগ কৰি সূৰ্য্যলৈ বুলি প্ৰেৰণ কৰি সকলো মানুহক "টাচ দা চান" অভিযানৰ অংশীদাৰ কৰে ৷ 
     নাছাৰ এই ঐতিহাসিক "টাচ দা চান" অভিযান সফল হওক এক নক্ষত্ৰক চোৱাৰ দিশে মানৱ জাতিৰ এইটো হ’ল প্ৰথম অভিযান শুভকামনা থাকিল ৷

শিক্ষক দিৱস আৰু আমি -----------

ভাৰত বৰ্ষ এনে এখন দেশ য’ত শিক্ষাগুৰু সকলক পিতৃ মাতৃৰ সমমৰ্যাদা দিয়া হয় ৷ এই পৰম্পৰা অতি প্ৰাচীন আৰু আজিও আমাৰ মাজত বিদ্যমান ৷এই পৰম্পৰাক অটুত ৰখাৰ উদ্দেশ্যেই প্ৰতিবছৰে ৫ চেপ্তেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে সমগ্ৰ ভাৰত বৰ্ষতে পালন কৰা হয় ৷ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে এই দিৱস পালন কৰা হয় ৷ তেওঁৰ জন্ম ৫ চেপ্তেম্বৰ ১৮৮৮ চনত তামিলনাডুত হৈছিল ৷

    ৰাধাকৃষ্ণণে ৪০ বছৰ ধৰি শিক্ষকতা কামত নিয়োগ আছিল ৷ এই সময়চোৱাত সদায় তেওঁ শিক্ষাৰ্থী সকলক বুজিপোৱাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকক আগবাঢ়ি জাবলৈ অনুপ্ৰাণিত  কৰিছিল ৷ এজন প্ৰকৃৃত শিক্ষক কোন তেওঁক দেখিলে উপলব্ধি কৰিব পাৰি ৷ তেওঁ কৈছিল " শিক্ষক সেইজন নহয় যি ছাত্ৰৰ মগজুত কোনো তথ্য বলপূৰ্বক সুমোৱাৰ চেষ্টা কৰে আছলতে প্ৰকৃত শিক্ষক সেইজন হে যি ছাত্ৰক ভৱিষ্যত  জীৱনৰ বাবে প্ৰস্তুত কৰে ৷"
      ৰাধাকৃষ্ণণে এজন শিক্ষক হিচাপে নিজৰ পাঠ্যপুথিহে পঢ়াইছিল তেনে নহয় আন পুথি তেওঁ নিজেও পঢ়ি ভাল পাইছিল আৰু আনকো পঢ়িব কৈছিল ৷ ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে অধ্যয়নে আমাক  একান্ত ভাৱে ভৱাত সহায় কৰে আৰু আনন্দ দিয়ে ৷ ৰাধাকৃষ্ণণে লিখিও ভাল পাইছিল, তেওঁ জীৱন কালত ১০ খনৰো অধিক কিতাপ লিখিছিল ৷ কিতাপ সমন্ধে তেওঁৰ বিছাৰধাৰা আছিল যে " কিতাপ এনে এক মাধ্যম যাৰ দ্বাৰা আমি দুটা ভিন্ন সংস্কৃতিৰ মাজত এক সাঁকো  নিৰ্মাণ কৰিব পাৰোঁ ৷" দৰ্শন তেওঁৰ প্ৰিয় বিষয় আছিল ৷ ৰাধাকৃষ্ণণে এম এ ও এই দৰ্শন বিষয়ৰ ওপৰতে কৰিছিল ৷ তেওঁ ভাৰতীয় দৰ্শন নামেৰে এখন কিতাপো লিখিছিল ৷ তেওঁৰ প্ৰথম খন কিতাপৰ নাম আছিল "The Philosophy of  Robindranath Tagor"  ৷
    ৰাধাকৃষ্ণণৰ ধৰ্ম আৰু আধ্যাত্মিকতাৰ দিশতো ৰুচি আছিল ৷ তেওঁ এই বিষয়ত গভীৰ অধ্যয়নো কৰিছিল আৰু বহু কথা লিখিছিলো ৷ ধৰ্ম আৰু সমাজ, প্ৰিঞ্চিপাল উপনিষদ,দা হিন্দু ভিয়ু অফ লাইফ আদি নামেৰে কেইবাখনো কিতাপ ধৰ্ম আৰু আধ্যাত্মিকতা মুখ্য বিষয় হিচাপে লৈ তেওঁ লিখি উলিয়াইছিল ৷  তেওঁৰ মতে " ধৰ্মৰ অবিহনে মানব জীৱন সেই ঘোঁৰাৰ দৰে যাৰ কোনো লেকাম নাথাকে ৷" ৰাধাকৃষ্ণণৰ জন্ম এটি হিন্দু পৰিয়ালত হৈছিল, ধৰ্মৰ প্ৰতি তেওঁৰ অগাধ বিশ্বাস আছিল আৰু লগতে তেওঁ বৈজ্ঞানিক দৃষ্টিভংগীৰেও পুষ্ট আছিল ৷
     অভিব্যক্তিৰ স্বাধীনতাক সমৰ্থন কৰা ৰাধাকৃষ্ণণৰ মতে "  এনে কোনো ধৰণৰ স্বাধীনতা তেতিয়া লৈকে সত্য নহয়, যেতিয়া লৈ তেওঁ বিচাৰ বিবেচনা কৰাৰ  স্বাধীনতা নাপায় ৷" কোনো ধৰণৰ ধৰ্মীয় বিশ্বাস বা ৰাজনৈতিক সিদ্ধান্তই সত্যক উন্মোচন কৰাত হেঙাৰ হ’ব নালাগে ৷
  ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কেৱল ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিয়ে নহয় ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতিও আছিল ৷ ৰাধাকৃষ্ণণক শিক্ষা আৰু ৰাজনীতি ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে মৰোণোত্তৰ ভাৱে ১৯৮৪ চনত  ভাৰতৰ সৰ্ব্বোচ্চ উপাধি ভাৰত ৰত্নৰেও সন্মানিত কৰা হয় ৷ ৰাধাকৃষ্ণণৰ নাম  সাহিত্যত ন’বেল পুৰস্কাৰৰ বাবে ১৬ বাৰ আৰু ন’বেল শান্তি পুৰস্কাৰৰ বাবে ১১ বাৰ মনোনয়ন কৰা হৈছিল ৷ তেখেত অন্ধ্ৰ বিশ্ববিদ্যালয়, কাশী হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ভাইছ চেঞ্চেলৰ পদতো আছিল ৷ ৰাজনৈতিক ব্যক্তি নোহোৱাৰ স্বত্বেও তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্যও আছিল ৷ ১৯৬২ চনত ব্ৰিটিছ একাডেমিৰ সদস্য পদ ও ৰাধাকৃষ্ণণক দেৱক দিয়া হৈছিল ৷ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱ ৰাষ্ট্ৰপ্ৰেমীক হিচাপেও প্ৰখ্যাত আছিল ৷ ব্ৰিটিছ চৰকাৰে তেওঁক "আৰ্ডাৰ অফ মেৰিট" সন্মানেৰেও সন্মানিত কৰিছিল ৷ ১৯৭৫ চনত আমেৰিকাৰ চৰকাৰেও মৰোণোত্তৰ ভাৱে তেওঁক টেম্পল্টন পুৰস্কাৰেও সন্মানিত কৰিছিল ৷
  অসংখ্য সন্মান উপলব্ধিৰে পৰিপূৰ্ণ এই জনা মহান দাৰ্শনিক পণ্ডিতে ১৭ এপ্ৰিল ১৯৭৫ চনত  এই সংসাৰ ত্যাগ কৰে ৷ যদিও ভাৰত ৰত্ন ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আজি আমাৰ মাজত নাই তথাপিও তেওঁৰ শিক্ষা আদৰ্শ আমাৰ মাজত বিদ্যমান ৷ তেওঁ কৈছিল " মৃত্যু কেতিয়াও অন্তঃ বা বাধা নহয় বৰঞ্চ এক নতুন পদক্ষেপৰ আৰম্ভণি হে ৷"
      শিক্ষক হ'ল এখন দেশৰ সংগঠক সমাজ সংস্কাৰক।‌ শিক্ষকৰ ওপৰতে শিক্ষাৰ বিকাশ ও সফলতা বহুখিনি নিৰ্ভৰ কৰে।‌ শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত মানে গাওঁ, চহৰ ,জাতিৰ তথা দেশৰ ভৱিষ্যত নিৰূপণ কৰে সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল -

"শিক্ষক হ'ল এডাল মম বাতিৰ দৰে যিয়ে নিজেই জ্বলি জ্বলি আনক পোহৰ দিয়ে ।‌"

বিদ্যালয়ত তিনি প্ৰকাৰৰ মানৱ সম্পদ থাকে - শিক্ষক, শিক্ষাৰ্থী, আৰু কৰ্মচাৰী সকল ।‌ এই সকলৰ ভিতৰত শিক্ষকে হ'ল মূখ্য ।‌ শিক্ষকৰ কাম হ'ল শিক্ষা দান জ্ঞান দান কৰি মানৱক সম্পদ ৰূপে গঢ়াৰ ।‌এই ক্ষেত্ৰত শিক্ষকৰ গুণ, জ্ঞান, দক্ষতা , নিপুণতা, কাৰ্যকুশলতা আদিৰ ওপৰতো শিক্ষাৰ বিকাশ ও সফলতা নিৰ্ভৰ কৰে ।‌শিক্ষক হ'ল শিক্ষাৰ্থীৰ ভবিষ্যত জীৱনৰ পথ প্ৰদৰ্শক, এজন সু সভ্য সামাজিক ব্যক্তি হিচাবে গঢ় দিয়াৰ দায়িত্ব শিক্ষকৰ ।‌শিক্ষাৰ প্ৰতি গভীৰ ইচ্ছা, শ্ৰদ্ধা আৰু অনুগত্য থকা লোকেহে এই বিত্তী ল'ব লাগে ।‌ শিক্ষক হ'ল এটা জাতিৰ সংগঠক পথ প্ৰদৰ্শক ।‌এটা জাতি এখন দেশৰ ভবিষ্যত নিৰ্ভৰ কৰে শিক্ষক, সকলৰ ওপৰত ।‌ ড৹ জাকিৰ হুছেইনে কৈছিল "শিক্ষক সকলেই হ'ল প্ৰকৃতাৰ্থত এটা জাতিৰ ভাগ্য নিৰ্মাতা ।‌" পাৰ্চিৱেল ৰেন আৰু ফ্ৰৱেলৰ মতে "শিক্ষক হ'ল শিক্ষাৰ্থীৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক ।‌" শিক্ষকতা এক সৃজনীমূলক শিল্পকৰ্ম।‌ গতিকে শিক্ষকে নিজক আত্মনিয়োগেৰে এই কৰ্মত উৎসৰ্গিত কৰি সমাজৰ উন্নতিৰ বাবে স্বাৰ্থহীন ভাবে সেৱা আগবঢ়াই যাব লাগে ।‌ শিক্ষক মানে TEACHER শব্দটোৰ প্ৰতিটো আখৰেৰে বিশেষ তাৎপৰ্য আছে ।‌যি খিনি এজন শিক্ষকৰ গাত থকাটো নিতান্তই প্ৰয়োজনয়।‌ 

T -Tectfulness -চতুৰ্যতা E -Efficiency -যোগ্যতা A -Ability -দক্ষতা C -Character -চৰিত্ৰ H -Humour ৰসিকতা E -Eloquency -বাগ্মিতা R -Readiness -প্ৰস্তুতাৱস্থা এই খিনি গুণৰ উপৰিও এজন শিক্ষকৰ গাত কিছুমান ব্যক্তিগত আৰু ব্যৱহাৰিক গুণাৱলীৰো প্ৰয়োজনীয়তা আছে,মাত কথা নৈতিকতা, নেতৃত্ব দিব পৰা, ক্ষিপ্ৰতা, উদ্যমশীলতা, বন্ধুত্বসূলভ মনোভাৱ, আশাবাদী, নিৰপক্ষ দৃষ্টিভংগী, শিশুৰ প্ৰতি সহানুভূতি স্নেহ , শৈক্ষিক মূল্যায়ন , সহযেগিতা আদি গুণ এজন শিক্ষকৰ গাত থকাটো আৱশ্যক ।‌মুঠতে এজন শিক্ষক হ'ল জ্ঞান পৰিবেশক, স্ৰষ্টা ,গৱেষক, সংগঠক আৰু এজন সমাজসেৱী সমাজ সংস্কাৰক ।‌

     শিক্ষকৰ অবিহনে শৈক্ষিক পৰিবেশ গঢ়াতো জানোঁ সম্ভৱ ৷ আমাৰ দেশত এতিয়াও বিদ্যালয় মহাবিদ্যালয় সমুহত শিক্ষকৰ অভাৱ ৷ শিক্ষকৰ অবিহনে ছাত্ৰই কেনেকৈ পঢ়িব কেনেকৈ শিকিব এনে হ’লে দেশ কেনেকৈ আগবাঢ়িব ?  আজিৰ তাৰিখত দেশত অতি আনন্দ উল্লাসেৰে শিক্ষক দিৱস পালন কৰা হৈছে ৷ আজিৰ সময়ত দেশত শিক্ষকৰ যি অৱস্থিতি ইয়াক লক্ষ্য কৰিলে মনত প্ৰশ্ন হয় সঁচাই আমি শিক্ষক দিৱস পতাৰ যোগ্য নে ? এনেকৈ শিক্ষক দিৱস পাতি আমি সেই মহান দাৰ্শনিক পণ্ডিত জনক যথোচিত সন্মান যাচিছো নে ? বিগত বৰ্ষত মানৱ সম্পদ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে সংসদত প্ৰকাশ কৰা তথ্য মতে প্ৰাথমিক পৰ্যায়ত সম্পূৰ্ণ দেশত ১৭.৫১% শিক্ষকৰ পদ খালি, উচ্চতৰ মাধ্যমিক পৰ্যায়ত ১৪.৭৮% শিক্ষকৰ পদ খালি হৈ আছে ৷ প্ৰাথমিক স্তৰৰ কথা ক’লে দেশত ঝাৰখণ্ডত আটাইতকৈ বেছি ৩৮.৩৯% শিক্ষকৰ পদ খালি হৈ আছে ৷ শিক্ষকৰ অভাৱৰ ক্ষেত্ৰত ঝাৰখণ্ড,বিহাৰ, দিল্লী, পঞ্জাৱ আৰু কেন্দ্ৰীয় শাহিত ৰাজ্য চণ্ডীগড় প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত আছে ৷
   উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱৰ দিশত উত্তৰ প্ৰদেশ ৫০% অভাৱেৰে প্ৰথম স্থানত আছে ইয়াৰ পাছতে লক্ষদ্বিপ,বিহাৰ, ত্ৰিপুৰা আৰু ছত্তিচগঢ় প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত আছে ৷ 
মানৱ সম্পদ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰৰ মতে প্ৰাথমিক পৰ্যায়ত দেশত ৯০৭৫৮৫ জন আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত দেশত ১০৬৯০৬ জন শিক্ষকৰ আৱশ্যকতা আছে ৷ এনে পৰিস্থিতিলৈ চাই এইটো সহজে বুজিব পাৰি যে দেশত বিশেষজ্ঞ শিক্ষকৰ স্থিতি  কি হ’ব আৰু ? সংবাদ মাধ্যমৰ এক তথ্য মতে সমগ্ৰ দেশত বৰ্তমান ৬৫% বিশেষজ্ঞ শিক্ষকৰ অভাৱ ৷ অন্ধ্ৰপ্ৰদেশ, বিহাৰ,ছত্তিচগঢ়, জম্মু কাশ্মীৰ, ঝাৰখণ্ড আদি কৰি বহু ৰাজ্য এই সমস্যাক লৈ জৰ্জড়িত ৷ এনে এক ভয়াবহ পৰিস্থিতিত ছাত্ৰসমাজ কেনেকৈ আগবাঢ়িব শিক্ষকৰ অবিহনে কোনে পথপ্ৰদৰ্শন কৰিব ছাত্ৰ সমাজক ৷ অতিকৈ চিন্তাৰ বিষয় ৷ দেশৰ চৰকাৰ তথা বুদ্ধিজিৱী  সকলে বিষয়ৰ গুৰুত্বতা উপলব্ধি কৰি উচিট পদক্ষেপ লৈ শিক্ষা প্ৰতিষ্ঠানত শিক্ষকৰ নিযুক্তি দি এই সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব লাগে ৷ শিক্ষাৰ ওপৰতে শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে, আৰু আজিৰ শিশুয়ে হ’ল কাইলৈ দেশৰ ভৱিষ্যত ৷ দেশৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব আমাৰ, আমাৰ এই দায়িত্ব কৰ্তব্যক নিষ্ঠা সহকাৰে পালন কৰা উচিট মোৰ মতে ৷

ইন্টাৰনেট_সমন্ধীয়_কিছু_তথ্য-----------------


                                   বৰ্তমান সময়ত ইন্টাৰনেট প্ৰযুক্তিয়ে পৃথিৱীখনক এখন গাৱঁলৈ পৰিবৰ্তন কৰিলে ৷ যি লাগে সকলো ঘৰত বহিয়েই পাব পাৰি জানিব পাৰি ৷  জানোঁ আহকচোন ইন্টাৰনেট জগত খনৰ বিষয়ে কিছু কথা যিয়ে পৃথিৱীখনৰ ৰূপৰেখা সলনি কৰি দিলে ৷

মেইল ইন্টাৰনেট জগতৰ তথ্য আদান প্ৰদানৰ এক মাধ্যম ৷ এক অধ্যয়নৰ মতে ২০১৫ চনলৈকে প্ৰতিদিনাই ২০৫০০ কোটি মেইল আদান প্ৰদান হয় ৷ কিন্তু পৃথিৱীত প্ৰথম মেইল ১৯৭১ চনত টাৰ্মলিঞ্চনে নিজলৈ পঠাইছিল ৷ সেই মেইলত লিখা হৈছিল - QWERTYIOP .

  আজিৰ সময়ত আপোনাৰ মেইল ব্যৱস্থাত বহু ফিল্টাৰ থকাৰ বাবে বহু কম Spam আপোনাৰ inbox পায়গৈ এটা সময় আছিল  inbox ত এনে Spam এ ভৰি আছিল ৷ আপুনি জানেনে যি প্ৰথম এনে Spam মেইল ৩ মে ১৯৭৮ চনত ৩৯৩ জন মানুহলৈ পঠিওৱা হৈছিল ৷ আৰু এই মেইল এপাৰনেটৰ মাধ্যমৰে প্ৰেৰণ কৰা হৈছিল ৷

.org, .com আদিবোৰ হ’ল ড’মেইন, এনে ড’মেন কিনা বেছা কৰি হাজাৰ হাজাৰ মানুহে বহু টকা ঘটি আছে ৷ আপুনি জানেনে প্ৰথম এনে ড’মেন প্ৰথম কিনাবেচা কেতিয়া হৈছিল ? ইতিহাসৰ প্ৰথম ড’মেইন Symbolic .com এ ১৫ মাৰ্চ ১৯৮৫ চনত কিনিছিল মৈচাচুচেটছ আমেৰিকাত ৷

    আজিৰ সময়ত ইন্টাৰনেটৰ জগত খনত অসংখ্য বিভিন্ন ধৰণৰ ৱেবছাইট উপলব্ধ কিন্তু ইন্টাৰনেট জগতত প্ৰথম ছাইট ৬ আগষ্ট ১৯৯১ চনত টিম বাৰ্নাৰ্ছ লিয়ে প্ৰস্তুত কৰিছিল ৷  এই ছাইট ৱৰ্ল্ড ৱাইড ৱেব ৰ  তথ্যৰ বাবে নিৰ্মাণ কৰা হৈছিল৷
    WhatsApp আৰু অনান্য মেছেনজাৰ আদিৰ দৰে ৱেবছাইট বোৰে মেছেজ আদান প্ৰদানৰ পৃথিৱী খনকে সলনি কৰি পেলালে ৷ পৃথিৱীত প্ৰথম ইনষ্টেন্ট মেছেজ কোনে পঠাইছিল জানেনে ? ৬ জানুৱাৰী ১৯৯৩ চনত তেজি লিঅ’নচিছে প্ৰথম মেছেজ প্ৰেৰণ কৰিছিল নিজৰ পত্নীলৈ লিখিছিল " Don’t be Scared----- it is me . Love you and miss you."
     আজিৰ পৃথিৱীত ফেচবুক ব্যৱহাৰ কৰা মানুহ ২০০০০ কোটিত কৈ অধিক ৷ কিন্তু প্ৰথম যেতিয়া ফেচবুকৰ আৰম্ভণি হৈছিল পৰীক্ষামুলক হিচাপে ৪টা হে এক্কাউন্ট খোলা হৈছিল ইয়াৰে চতূৰ্থ এক্কাউন্ট টো মাৰ্ক জ’কাৰবাৰ্গৰ আছিল ৷  ফেচবুক দলৰ বাদে অন্য ব্যক্তি হিচাপে প্ৰথম ফেচবুক এক্কাউন্ট খুলিছিল এড়ি হসিতে ৷ 
   আজিৰ সময়ত Youtube ত কোটি কোটি video আছে ৷ আমি ঘন্টা ঘন্টা সময় youtube ত  video চাই সময় পাৰ কৰোঁ ৷ কিন্তু আপুনি জানেনে প্ৰথম youtube ত কোনে video আপলোড কৰিছিল ?২৩ এপ্ৰিল ২০০৫ চনত Youtube ৰ প্ৰতিষ্ঠাপৰ জাৱেদ কৰিমে চেনডিয়াগ’ৰ পৰা প্ৰথমটো video youtube ত আপলোড কৰিছিল ৷ এই video টো এককোটিৰ ও অধিক মানুহে এতিয়ালৈকে চাইছে ৷
     আজিৰ সময়ত আন এক বহুল ব্যৱহৃত Social side হ’ল টুইটৰ ৷ সাধাৰণ মানুহৰ পৰা ৰাজনেতা Celebrates লৈকে সকলোৱে টুইটৰ ব্যৱহাৰ কৰে, আৰু কোটি কোটি টুইত কৰে ৷ এই টুইটৰত প্ৰথম টুইট কৰিছিল ২২ মাৰ্চ ২০০৬ চনত জেক ড’ৰ্জিয়ে ৷ টুইট কৰিছিল " Just chatting of my tweeter" ৷
 Skype আজিৰ সময়ত ব্যৱহায় আৰু video calling ৰ ক্ষেত্ৰত বহুল ভাৱে ব্যৱহৃত হয় ৷ প্ৰথম বাৰৰ বাবে Skype ত ২০০৩ চনত বাৰ্তালাপ হৈছিল ৷ প্ৰথম বাক্যশাৰী আছিল  হেল্লৌ কি আপুনি মোৰ মাত শুনিবলৈ পাইছে নে ?
আপুনি জানেনে এক সমীক্ষাৰ মতে এক চেকেণ্ডত Tweeter ত 6000 Tweets, facebook ত প্ৰায় 41000 Status Updates হয়। Google ৰ মতে তেওঁলোকৰ database ত প্ৰতি মাহত প্ৰায় 100,000,000,000 Search কৰা হয়। প্ৰতি মিনিটত 5 লাখতকৈ অধিক Webpage বনোৱা হয়।
      আমাৰ ভাৰতবৰ্ষত ইন্টাৰনেটৰ আৰম্ভণি কেতিয়াৰ পৰা হয় জানেনে ? ভাৰতবৰ্ষত 15 আগষ্ট 1995 চনত BSNL এ ইন্টাৰনেটৰ প্ৰথম আৰম্ভণি কৰে। ইয়াৰ পাছত বিভিন্ন কোম্পানীয়ে ইয়াক আগুৱাই নিয়াত ভূমিকা লয়
      পৃথিৱীত ক্ষিপ্ৰতৰ ভাৱে তথ্যৰ আদান প্ৰদানৰ একমাত্ৰ উন্নত মাধ্যম হ’ল ইন্টাৰনেট ৷ আৰু এই ইন্টাৰনেট বিশ্বৰ চুকে কোণে বিস্তাৰিত কৰিছে fiver optical cable ৰ জৰিয়তে ৷ প্ৰায় আঠ লাখ কিলোমিটাৰতকৈ বেছি Fiber optic Cable অকল সমুদ্ৰৰ তলত লগোৱা হৈছে, মাটিত লগোৱাৰ হিচাব বেলেগ। এই cable সমুহৰে বিশ্বৰ ইণ্টাৰনেট ব্যৱহাৰ কৰা সহস্ৰ লোকে data ৰ আদান প্ৰদান কৰে। ইণ্টাৰনেটত 95% ডাটাৰ আদান-প্ৰদান Fiber optic Cable ৰ জৰিয়তে হয় আৰু কেৱল মাত্ৰ 5% ডাটা উপগ্ৰহৰ জৰিয়তে আদান প্ৰদান হয়।


ষ্টিফেন হকিঙৰ এক ষ্মৰণীয় আৱিষ্কাৰ -হকিং বিকিৰণ--------------------------------------------

               শতিকাৰ শ্ৰেষ্ঠতম বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ কৃষ্ণগহ্বৰ সমন্ধে কৰা আৱিষ্কাৰ সমুহৰ অন্যতম হ’ল এই হকিং বিকিৰণ ৷ হকিঙে ১৯৭০ চনৰ পৰা ১৯৭৪ চনলৈকে কেৱল কৃষ্ণগহ্বৰৰ বিষয়েই অধ্যয়ন চলাই ৷ সেই সময় চোৱাত বহুতো মূল্যৱান তত্ত্বৰ তেওঁ আৱিষ্কাৰ কৰে ৷ ১৯৭৪ চনৰ শেষৰ ফালে তেওঁ এটা অভাৱনীয় তথ্যৰ আৱিষ্কাৰ কৰি সকলোকে আচৰিত কৰি তুলিলে ৷ সেই আৱিষ্কাৰক লৈ তেওঁ নিজেও আচৰিত হৈছিল ৷ তেওঁ অঙ্ক কৰি পাইছিল যে কৃষ্ণগহ্বৰবোৰ সম্পূৰ্ণ ক’লা নহয় ৷ হকিঙে কৈছিল " I made my most surprising discovery : blackholes r not completely black ."
     তেওঁ কৈছিল যে কণিকা আৰু বিকিৰণ কৃষ্ণগহ্বৰ এটাৰ উপৰিভাগৰ পৰা নিগৰি ওলাই আহিব পাৰে ৷ এটা তপত বস্তুৱে তাপ বিকিৰণ কৰাৰ নিচিনাকৈ ৷ কৃষ্ণগহ্বৰেও বিকিৰণ কৰে ৷ এই আৱিষ্কাৰক তেওঁ গাণিতিকভাৱে প্ৰমাণ কৰিও দেখুৱাইছিল ৷

হকিঙ বিকিৰণ নো কি ? আমি সদায় শুনিব পাওঁ বা পঢ়িব পাওঁ যে মহাকাশত এক নীৰৱ শূন্যতাই বিৰাজ কৰে ৷ কিন্তু কোৱাণ্টাম বিজ্ঞানৰ মতে মহাকাশ একেবাৰে শূন্য নহয় তাত কিছুমান বাস্তৱ কণৰ জন্ম হয় যি বোৰ ধনাত্মক আৰু ঋণাত্মক আধান যুক্ত হয় আৰু এই বোৰ পৰস্পৰে লগ হৈ ধ্বংস হয় এনে কাৰ্য অবিৰাম চলি থাকে ৷ কৃষ্ণগহ্বৰৰ পৰা ওলটি যোৱাৰ অসম্ভৱনীয়তাৰ যি পৰিসীমা এই পৰিসীমাৰ চাৰিওফালেও এনে ধনাত্মক আৰু ঋণাত্মক কণিকাৰ সৃষ্টি হয় ৷ ঋণাত্মক কণিকা বোৰৰ শক্তি কম আৰু ইহঁতে বাহিৰৰ পৰা বল নোপোৱালৈকে কৃষ্ণ গহ্বৰৰ মধ্যাকৰ্ষণ বলক অতিক্ৰম কৰি ওলাই আহিব নোৱাৰে আৰু কৃষ্ণগহ্বৰৰ দিশে গতি কৰে আৰু ওলটি আহিব নোৱাৰে ধনাত্মক কণিকাবোৰ বাহিৰলৈ গতি কৰে যাক কৃষ্ণগহ্বৰৰ পৰা বাহিৰ হোৱাৰ দৰে লাগে যাক বৈজ্ঞানিক সকলে হকিঙ বিকিৰণ আখ্যা দিয়ে ৷ এই ঋণাত্মক কণাবোৰ কৃষ্ণগহ্বৰলৈ প্ৰবেশ কৰাটোৱে কৃষ্ণগহ্বৰ ধ্বংস হোৱাৰ কাৰণ বুলি বিজ্ঞানী সকলে ক’ব খোজে ৷ অৱশ্যে আজিলৈকে কোনো কৃষ্ণগহ্বৰ ধ্বংস হোৱাৰ তথ্য আমাৰ হাতত আজিকোপতি নাই ৷ ঋণাত্মক কণা সমুহে কৃষ্ণগহ্বৰৰ ভৰ হ্ৰাস কৰে আৰু কৃষ্ণগহ্বৰ সমুহ ক্ৰমান্বয়ে সংকোচিত হৈ গৈ থাকে, ভৰ কমাৰ লগে লগে ইয়াৰ উত্তাপ আৰু বিকিৰণৰ মাত্ৰাও বৃদ্ধি হয় আৰু একেবাৰে শেষত এক মহাবিষ্ফোৰণৰ জৰিয়তে নিজৰ সকলো শক্তি ব্ৰহ্মাণ্ডত বিলীন কৰি দিয়ে ৷

S= πAkc3/2hG এইটো আছিল হকিঙৰ বিখ্যাত সমীকৰণ ৷ ইয়াত S=entropy মানে বিশৃংঙ্খলতা ৷ π=পাই, যিকোনো বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতক এই ধ্ৰুৱকৰ দ্বাৰা প্ৰকাশ কৰা হয়। ই এক অপৰিমেয় সংখ্যা - অৰ্থাৎ ইয়াক দুটা পূৰ্ণ সংখ্যাৰ অনুপাত হিচাবে দশমিক ভগ্নাংশত সম্পূৰ্ণৰুপে প্ৰকাশ কৰিব নোৱাৰি, পাইৰ মান ২২ ভাগৰ ৭ (২২/৭) বা দশমিকত ৩.১৪১৫৯...অসীম হিচাপে ধাৰ্য্য কৰা হৈছে।

A=area of event horizon যাক ওলটি অহাৰ অসম্ভৱৰ সীমা বুলিও ক’ব পাৰি ৷ k= বোলট্জম্যান ধ্রুবক পৰিসাংখ্যিক বলবিজ্ঞানৰ এটি গুৰুত্বপূর্ণ মৌলিক ধ্রুবসংখ্যা য’ত তাপমাত্রা আৰু শক্তিৰ এককৰ মাজত সংযোগ হিসাবে কাম কৰে। ইয়াৰ মান 0.00008617 ইলেকট্রন ভোল্ট প্রতি কেলভিন। c= পোহৰৰ বেগ ৩০০০০০কিঃমিঃ/চেঃ ৷ H=প্লেংকৰ ধ্ৰুবকৰ মান হ'ল ৬.৬২৬১৯৬×10−৩৪ জুল-ছেকেণ্ড, জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংকৰ নাম অনুসৰি এই ধ্ৰুবকৰ নামকৰণ কৰা হৈছে। G= নিউটনৰ মধ্যাকৰ্ষণিক ধ্ৰুৱক ৷


      ষ্টিফেন হকিঙৰ  অভিনৱ আৱিষ্কাৰ সদুহক প্ৰথমতে সৰ্বসাধাৰণৰ কথাই নাই জনা বুজা বিজ্ঞানী সকলেও বিশ্বাস কৰিবলৈ টান পাইছিল ৷ সেইবোৰ সন্দেহৰ চকুৰে চাইছিল ৷ তেওঁৰ আৱিষ্কাৰ সমুহ গ্ৰহণ কৰা দূৰৰ কথা বহুতে তাচ্ছিল্যহে কৰিছিল ৷ নিৰ্ভুল অংকৰে তেওঁৰ সত্যতা প্ৰমাণ কৰিছিল ৷ শেষত সকলো বিজ্ঞানীয়ে তেওঁৰ মত মানি লোৱাই নহই কৃষ্ণ গহ্বৰৰ পৰা নিৰ্গত হোৱা কণাসমুহক  হকিঙৰ নামেৰে তেওঁলোকে হকিং বিকিৰণ নামে নামাকৰণ কৰে ৷ হকিং বিকিৰণৰ আৱিষ্কাৰৰ পিছৰ পৰা বিজ্ঞ সমাজত এজন প্ৰাতঃ স্মৰণীয় মনীষী বুলি বিবেচিত হয় আৰু মাত্ৰ ৩২ বছৰ বয়সতেই তেওঁক বৃটেইনৰ ৰয়েল চ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত কৰা হয় ৷এই মৰ্যাদা প্ৰতিজন বিজ্ঞানীৰ বাবে এক সপোন স্বৰূপ ৷

ষ্টিফেন হকিঙৰ এই সমীকৰণটোৰ লগত বহু কথা জড়িত হৈ আছে সকলোবোৰ কথা মোৰ দ্বাৰা বৰ্ণিত হোৱা নাই ৷ হকিঙ বিকিৰণ সম্বন্ধেে এটি সাম্যক আভাস দিয়াৰ হে চেষ্টা কৰিছো ৷


ধ্বংসৰ দিশলৈ থেলি নি আছো নি বাৰু এই সুন্দৰ পৃথিৱীখনক আমি ?---------

          সৌৰজগতৰ  অসংখ্য গ্ৰহ, উপগ্ৰহ, বামন গ্ৰহ, ধুমকেতু, গ্ৰহাণু আদিবোৰৰ মাজত কেৱল আমাৰ পৃথিৱীত হে জীৱন আছে ৷ আমাৰ এই পৃথিৱীখনত হে এক সুন্দৰ সজীৱ সেউজ পৰিবেশ আছে য’ত জীৱৰ জীৱন অনুকুল পৰিবেশ আছে ৷ কিন্তু আজিৰ সময়ত পৃথিৱীৰ এই সৌন্দৰ্যক এই সুন্দৰ পৰিবেশক মানৱ জাতিয়ে কৰা নানান ভুলৰ বাবে ধ্বংসৰ দিশলৈ থেলি দিছে ৷ এই ধাৰা অব্যাহত থাকিলে সেই দিন দূৰ ন’হ’ব যি দিনা পৃথিৱী মানৱ শূন্য, জীৱ শূন্য হ’ব ৷  
      পৃথিৱীৰ যি প্ৰাকৃতিক পৰিবেশ এই পৰিবেশ প্ৰদূষিত হোৱাৰ একমাত্ৰ কাৰকে হ’ল মানৱ জাতি ৷ আজি আমি কৰা ভুলৰ পৰিণাম আগন্তুক আমাৰ ভৱিষ্যত প্ৰজন্মই ভুগিব লাগিব ৷ আগতে কৰা কিছুমান ভুলৰ পৰিণাম বৰ্তমান আমি ভোগ কৰিছোৱে ৷ দূৰলৈ জাবই  নালাগে আমাৰ অসমতে  অত্যাধিক ৰাসায়নিক দ্ৰব্য খেতি পথাৰত ব্যৱহাৰৰ ফলত নৈ বিল জান জুৰিৰ পৰা বহু প্ৰজাতিৰ  মাছ কাছ লুপ্তপ্ৰায় হ’ল ৷ অলপ দিনৰ আগত গোলাঘাটৰ বানপানী,কেৰেলাৰ বানপানী, দিল্লীৰ গেছ ধূলকণা ভৰা কুঁৱলী, বিভিন্ন ঠাইত হোৱা এচিড বৰষুণ আদিবোৰ  আমাৰ মানৱ জাতিয়ে কৰা ভুলৰে ফল ৷ 
   পৃথিৱীৰ পৰিবেশ প্ৰদূষণৰ বাবে আটাইতকৈ বেছি দায়ি হ’ল মানুহৰ দ্বাৰা বহুল ব্যবহৃত পলিথিন ৷  এই পলিথিনেে পৃথিৱীৰ মাটি, পানী, বায়ু  তিনিওকে প্ৰভাৱিত কৰে ৷ পুৰণা পেলাইথোৱা পলিথিনৰ পৰা কাৰ্বনডাইঅক্সাইড  গেছ নিকৰ্ষিত হয় যি সূৰ্য্যৰ পৰা অহা তাপক শোষণ কৰি পৃথিৱীৰ বাতাবৰণ উষ্ম কৰি তুলে ৷  সৌৰজগতৰ সূৰ্য্যৰ আটাইতকৈ ওছৰৰ গ্ৰহ বুধ সেয়ে হয়টো  আপুনি ভাবিব সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ বুধ, কিন্তু এই ধাৰণা শুদ্ধ নহয় ৷ সূৰ্য্যৰ পৰা দূৰত্বৰ দিশেৰে দ্বিতীয় গ্ৰহ শুক্ৰহে  সৌৰজগতৰ আটাইতকৈ গৰম  গ্ৰহ ৷ এনে হোৱাৰ কাৰণ হ’ল কাৰ্বনযুক্ত গেছৰ অধিক উপস্থিতি যিয়ে সূৰ্য্যৰ পৰা অহা তাপক শোষণ কৰি ধৰি ৰাখে বাহিৰলৈ ওলাই জাব নিদিয়ে যাৰ বাবে শুক্ৰগ্ৰহৰ বায়ুমণ্ডল ক্ৰমান্বয়ে উষ্মৰ পৰা উষ্মৰ দিশলৈ গতি কৰে ৷ পৃথিৱীৰ মানব জাতি সচেতন ন’হ’লে  এদিন পৃথিৱীৰ গতিও শুক্ৰৰ বায়ুমণ্ডলৰ দৰে গৰম হৈ পৰিব আৰু পৃথিৱী জীৱন শূন্য হৈ পৰিব ৷ ইতিমধ্যে যোৱা শতিকাৰ পৰা পৃথিৱীৰ উষ্ণতা কেইবা ফাৰেনহাইত বাঢ়িলেই ৷২০১৬ চনত পৃথিৱীত ৩২ কোটি টন প্লাষ্টিক উৎপাদন হৈছিল ২০৩৪ চনলৈকে ই বাঢ়ি দুগুণ হোৱাৰ সম্ভাৱনা আছে ৷ প্লাষ্টিক এনে এক যৌগ যি এবাৰ সৃষ্টি হ’লে তাৰ পৰা হোৱা দূপ্ৰভাৱ জীৱজগতৰ ওপৰত পৰিবই ৷ ইয়াক মাটিত পুটি, নৈ পানীত উতাই দি বা জ্বলাই শেষ কৰিব নোৱাৰি প্লাষ্টিকৰ পৰা ই অন্য অপকাৰী গেছলৈহে পৰিবৰ্তন হ’ব, জ্বলাই দিলেও হ’ব নজ্বলালৈও হ’ব ৷ প্লাষ্টিক জ্বলালে বীশাক্ত ডিঅ’ক্সিন নিৰ্গত হয় যি অতি মাৰাত্মক ৷  আমি প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰে কমাই দিব লাগে ৷  ভাৰতবৰ্ষৰ  বহু ৰাজ্যত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে যদিও ইয়াৰ ব্যৱহাৰক সম্পূৰ্ণ বন্ধ আজিও সম্ভৱ হোৱা নাই ৷
 পৃথিৱীৰ বনাঞ্চলৰ সমুহৰ ধ্বংসও প্ৰাকৃতিক পৰিবেশ বিনষ্ট হোৱাৰ এক অন্যতম কাৰণ ৷ পৃথিৱীত জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে বনাঞ্চল সমুহ জধে মধে কাটি পেলোৱা হৈছে যাৰ ফলত জীৱ তথা উদ্ভিদৰ হাজাৰ হাজাৰ প্ৰজাতিৰ লুপ্তপ্ৰায় অৱস্থা হৈছে ৷ এক তথ্যৰ মতে ২০৩০ চনলৈকে পৃথিৱীৰ মূঠ বৰ্ষাবনৰ ১০%  হে থাকিবগৈ আৰু আগন্তুক ১০০ বছৰত সকলো বনাঞ্চল ধ্বংস হৈ জাব ৷ বনাঞ্চলৰ এই ধ্বংসৰ বাবেই আগন্তুক ২৫ বছৰৰ ভিতৰত পৃথিৱীৰ পৰা ২৮ হাজাৰ জীৱ প্ৰজাতি বিলুপ্ত হৈ জাব ৷ বিশ্বৰ ক্ৰান্তিয় উষ্ম বৰ্ষাবন সমুহে বছৰি ২১০ গীগাটন কাৰ্বনডাইঅক্সাইড শোষণ কৰি পৃথিৱীৰ বায়ুমণ্ডলীয় উষ্ণতাক বৃদ্ধি হোৱাত বাধা দিয়ে ৷ পৃথিৱীৰ বৃহৎ বৰ্ষা অৰণ্য হ’ল দক্ষিণ আমেৰিকাৰ আমাজন বৰ্ষা অৰণ্য ৷ এই বৰ্ষা অৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি অভিহিত কৰা হয় ৷ এই বৰ্ষা অৰণ্যই আামক কাৰ্বনডাইঅক্সাইড শোষণ কৰি সৰ্বাধিক অক্সিজেন যোগান ধৰে ৷
       পৃথিৱীৰ ৯৭% বৈজ্ঞানিকৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ একমাত্ৰ কাৰণ হ’ল বিগত ১০০ বছৰত মানৱ জাতিয়ে কৰা কিছুমান ভুলৰ ফল ৷ বিগত ১০০ বছৰত সাগৰপৃষ্ঠৰ জলস্তৰ প্ৰায় ৮ ইঞ্চিলৈকে বাঢ়িছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই বহু ঠাই জলমগ্ন হৈছে ৷ গোলকীয় উষ্ণতা বঢ়াৰ লগে লগেই দুই মেৰুৰ বৰফাবৃৃত অঞ্চল কমি গৈছি ৷ দক্ষিণ গোলাৰ্ধত ৩২ হাজাৰ পেংগুইনৰ যোৰাৰ পৰা কমি মাত্ৰ ১১ হাজাৰ হে আছেগৈ এতিয়া আৰু কমিব পেংগুইনৰ সংখ্যা ৷ 
   পৃথিৱীৰ দ্ৰুত জনসংখ্যা বৃদ্ধিও পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশ নষ্ট  হোৱাৰ আন এক প্ৰধান কাৰণ ৷ পৃথিৱীত যিমানেই জনসংখ্যা বাঢ়িব সিমানেই পৃথিৱী খন ৰুগীয়া হৈ গৈ থাকিব ৷ জনসংখ্যা বাঢ়াৰ লগে লগিই  প্ৰয়োজনীয় হা  সামগ্ৰী হ্ৰাস পাব ৷ বিগত ৫০ বছৰত মানুহে সাৰ্বাধিক হাৰত নিত্যপ্ৰয়োজনীয় সামগ্ৰী সমুহ ব্যৱহাৰ কৰিছে ৷ ২০২৫ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ অৰ্ধসংখ্যক মানুহে  বিশুদ্ধ পেয়জলৰ সমস্যাত ভুগিব ৷ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে বনাঞ্চল ধ্বংসত অৰিহণা যোগাইছে যাৰ বাবে এই পৃথিৱীৰ ৫০% বন্য জীৱ সংকটৰ দিশলৈ গৈ আছে আগন্তুক দিনবোৰত ৷ বহু জীৱ ইতিমধ্যে লোপ পাইছে বহু লুপ্তপ্ৰায় অৱস্থাত আছে ৷


অসমীয়া ভাষা সংস্কৃতি সাম্প্ৰতিক সময়ত কোন দিশে ?--------


                এটা জাতিৰ সংস্কৃতি সেই ঠাইৰ ভূমিৰ লগত সংলগ্ন, এক নিদিষ্ট ভৌগলিক এলেকাৰ ভিতৰত এটা সংস্কৃতি বিকাশ হয়  অসমীয়া ভাষা সংস্কৃতিও এক নিদিষ্ট এলেকাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত বিকশিত হৈছিল বিভিন্ন পৰিবেশৰ মাজে আহি ৷   অসমীয়া সংস্কৃতি অতিত কালৰে পৰা স্বাধীন আছিল ই ভাৰতীয় সংস্কৃতিৰ কোনোদিন অংশ নাছিল ৷ ভাৰতীয় সংস্কৃতি বুলি ক'লে আমি আৰ্য সংস্কৃতিক বুজো য'ত  হিন্দু ধৰ্ম প্ৰচলিত বৰ্ণ বিভাজন আছে সমাজত ব্ৰাহ্মণ ,ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিভাগত মানৱ জাতি বিভাজিত ।‌ এই বৰ্ণ ব্যৱস্থাৰ কথা বেদ উপনিষদতো উল্লেখ আছে ।‌ অসমত কিন্তু   মংগোলীয় সংস্কৃতিৰ প্ৰাধান্য হে দেখা যায় অসমলৈ বিভিন্ন সময়ত মংগোলীয় সকল অতীত কালৰে পৰা আহি বসবাস কৰি আছে অসমৰ সংস্কৃতিত তেতিয়া কোনো বৰ্ণ ব্যৱস্থা নাছিল সকলো সমান আছিল মূলত ক'ব পাৰি অসমীয়া সংস্কৃতি জাতি বৰ্ণহীন অনাৰ্য আছিল।‌ কুৰুক্ষেত্ৰ যুদ্ধলৈ যোৱা অসমৰ ভগদত্ত আৰু তেওঁৰ সেনাবাহিনীৰ গাৰ বৰণ সোনবৰণীয়া, দাড়ি গোফ কম,চুলি ঠৰঙা, চকু হেলনীয়া, গালৰ হনু উঠঙা চকুৰ পতা ঢাক খাই থকা বৰ্ণনাই মংগোলীয় লোকৰে পৰিচয় দিয়ে।‌অসমত বসবাস কৰা প্ৰতিটো মংগোলীয়  জনগোষ্ঠীৰ নিজস্ব ভাষা সংস্কৃতি ৰীতি-নীতি পৰম্পৰা আছিল, আহোম সকল ১২২৮ চনত আহি  অসম খনক এক শাসনৰ তললৈ অনাৰ পাচত সকলো আদান প্ৰদান হৈ এক উমৈহতিয়া  সংস্কৃতি গঠনৰ দিশে আগবাঢ়ে তেনে সময়তে আৰ্যসকলে  অসমৰ অনাৰ্য সমাজক হিন্দু ধৰ্ম গ্ৰহন কৰাই ধৰ্ম বিস্তাৰৰ প্ৰচেষ্টা  চলায় আৰু সফলো হয় অৱশ্যে বহু জনজাতিয় লোকে এই ধৰ্ম গ্ৰহণ নকৰি নিজস্ব ৰীতি-নীতি মানি থাকে ।‌আৰ্যসকল অহাৰ পাচত এই সমাজত বৰ্ণ ব্যৱস্থাৰ প্ৰচলন হৈ বহু বেমেজালিয়ে দেখা দিছিল ।‌অনাৰ্য সংম্ৰিশ্ৰিত মংগোলীয় সমাজ ব্যৱস্থা আৰু আৰ্য সমাজ ব্যৱস্থা লগ হৈ এক হিন্দু ব্যৱস্থা কৰাৰ চেষ্টাৰ বাবে বহুতো সামাজিক ৰীতি-নীতি,বিয়া বাৰু, খোৱা বোৱা নিয়ম শিথিল কৰি দিয়া হৈছিল।‌ সেয়ে ভাৰতীয় অন্য হিন্দুৰ লগত এই অঞ্চলৰ হিন্দুৰ ৰীতি-নীতি এতিয়াও নিমিলে  ।‌গতিকে অতিত অধ্যয়নৰ পৰা ক'ব পাৰি যে অসমীয়া সংস্কৃতি কোনোদিন ভাৰতীয় সংস্কৃতিৰ অংশ নাছিল কেৱল কৌশলগত ভাৱে উচ্চবৰ্ণৰ হিন্দুসকলে জাপি দিছিল আহোম ৰজা তথা ডা ডাঙৰীয়া সকলৰ বিশ্বাসৰ পাত্ৰ হৈ কেৱল ।‌
        
             জাতিৰ সংস্কৃতি সদায় সংকটৰ মাজদিয়ে আহি আত্মপ্ৰতিষ্ঠা লাভ কৰে ৷ প্ৰকৃততে ১৮২৬ চনৰ পৰাই অসমীয়া  সংস্কৃতিৰ আধাৰ তথা অসমীয়া জাতিৰ স্থিতি শিথিল হ’বলৈ ধৰে ৷  পৰাক্ৰমী আহোম শাসন তন্ত্ৰ কালত বাৰম্বাৰ পৰাজয় বৰণ কৰা দিল্লীৰাজে যেন ১৮২৬ চনত যেন অসম জয়হে কৰিলে ৷ ব্ৰিটিছৰ শাসনাধীন হোৱাৰ দহ বছৰৰ পাছতেই অসমে প্ৰায় চাৰি দশকৰ বাবে ১৮৩৬ ৰ পৰা ১৮৭৪ লৈকে ৰাজ্যত ৰাজ্য ভাষাৰ মৰ্যদা হেৰুৱালে অসমীয়া ভাষাই ৷ সূচনা হ’ল অসমত বাংলা সম্প্ৰসাৰণ বাদৰ  ইয়েই  অসমীয়া ভাষা সংস্কৃতিৰ সংকটৰ প্ৰথম আৰম্ভণি ৷ এই সময়ৰ পৰাই আৰম্ভ হয় অসমীয়া জাতিক ভাষা সংস্কৃতিক বিপন্ন কৰা অৰ্থনৈতিক শোষণ, ৰাজনৈতিক ভ্ৰষ্টাচাৰ , ভাষিক আৰু ধৰ্মীয় সম্প্ৰসাৰণবাদ ৷
    ১৮২৬ চনৰ পৰা এতিয়ালৈকে বহু কেইটা কাৰকে অসমীয়া ভাষা সংস্কৃতিলৈৈ বিপদ মাতি আনিছে ৷
   ১/ প্ৰায় ১৯০ বছৰ  ধৰি অবিৰত ভাৱে চলি অহা বাংলা ভাষা সংস্কৃতিৰ সম্প্ৰসাৰণবাদ ৷
   ২/ চাদুল্লাৰ মন্ত্ৰীসভাৰ দিনত চলা ধৰ্মীয় সম্প্ৰসাৰণবাদ ৷
    ৩/  চাদুল্লাৰ ধৰ্মীয় সম্প্ৰসাৰণবাদৰ প্ৰত্যুত্ত্বৰ স্বৰূপে একালৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত অসমলৈ  অগণন বিহাৰী লোকৰ প্ৰেৰণ ৷
    ৪/ ভাৰতীয় অৰ্থনৈতিক শোষক শ্ৰেণীৰ অসম লুণ্ঠন ৷
     ৫/ দুৰ্দশাগ্ৰস্ত অগনন ভাৰতীয় লোকৰ অসম আগমন ৷
     ৬/ স্বতঃস্ফূৰ্ত ভাৱে আৰু অ পৰিকল্পিত ভাৱে অগণন বিদেশী বাংলাদেশী লোকৰ অসম আগমন ৷ 
          ��বিগত ১৯০ বছৰীয়া বাংলা ভাষা সংস্কৃতিৰ সম্প্ৰসাৰণবাদ  পক্ৰিয়াই অসমীয়া জাতীয় জীৱনত অনেক সংকটৰ সৃষ্টি কৰিছে ৷ ভাষা সংস্কৃতি ধ্বংস কৰাৰ কেৱল চেষ্টাই নহয় ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি ক্ষেত্ৰবোৰৰ পৰাও অসমতে অসমীয়াক বিস্থাপিত কৰিছে ৷ অসমীয়াই নিজৰ অংশক এই সকল বিদেশীৰ লগত ভাগ বতৰা কৰিব লগা হৈছে বাধ্যত পৰি ৷ চৰকাৰী চাকৰি, শিক্ষা, স্বাস্থ্য আদি বিষয়ত অসমীয়াই তিব্ৰ সংগ্ৰাম কৰিব লগা অৱস্থা আহি পৰিছে ৷ ক্ৰমাৎ ৰাজনৈতিক অৰ্থনৈতিক ক্ষমতা হেৰুৱাৰ উপক্ৰম হৈছে ৷
       এটা জাতিৰ স্থিতি আৰু সুস্থতা নিৰ্ভৰ কৰে জাতিটোৰ পৰিপূৰ্ণ তথা নিৰঙ্কুস অৱস্থাৰ ওপৰতহে ৷ এটা জাতিৰ স্থিতি ৰক্ষা হয় ভৌগোলিক স্থিতি, অৰ্থনৈতিক আত্ম নিয়ন্ত্ৰণ, ভাষিক মৰ্যাদা আৰু সাংস্কৃতিক সুস্থতাৰ ওপৰত ৷ কিন্তু বৰ্তমান অসমীয়া জাতিয়ে এই চাৰিওটা স্থিতিয়ে হেৰুৱাৰ দিশত ৷ এই চাৰিটাৰ এটা হেৰালে বাকী কেইটা স্থিতিও লুপ্ত হয় কিন্তু অসমত আটাইকেইটাৰে ভেটি বৰ্তমান ঠৰক বৰক ৷
     অসমলৈ বিদেশী জনপ্ৰবজনৰ সোঁত বোৱাৰ প্ৰধান কাৰণ হ’ল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হোৱা অস্থিৰতা আৰু সেই দেশৰ দুৰৱস্থা ৷  বাংলাদেশত শ্ৰম কৰিলেও পেট পুঁহিব নোৱাৰে অসমলৈ আহিলে জীৱন নিৰ্বাহ কৰা সহজ, তাতে অসমৰ মানুহবোৰ দয়ালো অতিথিপৰায়ণ ৷ এই অতিথিপৰায়ণতাই অসমীয়া জাতিৰ বাবে এদিন কালঅমানিশা আনিব ৷  দ্বিতীয়টো কাৰণ হ’ল তাহানি চাদুল্লাই ধৰ্মীয় সম্প্ৰসাৰণৰ উদ্দেশ্যেৰে অগণন বিদেশীলোকক অসমত পৰিকল্পিত ভাৱে সংস্থাপন দিছিল আৰু তেতিয়াৰ পৰা দুটা চক্ৰৰ যোগেদি অসমত বিদেশী লোকৰ সংখ্যা বঢ়োৱাৰ কাম চলি আছে ৷ ইয়াৰ প্ৰথম টো হ’ল দলীয় ৰাজনৈতিক চক্ৰ আৰু দ্বিতীয়টো হ’ল বাংলা ভাষিক সম্প্ৰসাৰণবাদী চক্ৰ ৷ এই দুয়োটা চক্ৰক পূৰ্ণ সমৰ্থন আগবঢ়োৱা তৃতীয় চক্ৰটো হ’ল ভাৰতীয় পুঁজিবাদী চক্ৰটো ৷ ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ভাৰতীয় মানুহবোৰ যি সদায় অসমীয়া ভাষা সংস্কৃতি বিদ্বেষী মনোভাৱ ৰাখে আৰু  তেওঁলোকৰ বসতি ঘন হ’লেই অনাঅসমীয়া মাধ্যমৰ স্কুল কলেজ পাতে যিয়ে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি থকা বিদ্বেষ মনোভাৱক সু স্পষ্ট কৰে ৷
         অসমীয়া জাতীয় সংস্কৃতিক বিপন্ন কৰিব খোজা আন এটা প্ৰধান কাৰক হ’ল অসমত জাতীয় চেতনাৰ পৰিবৰ্তে গোষ্ঠী চেতনাক, ধৰ্মীয় চেতনাক সক্ৰিয় কৰি তোলাৰ কু অভিসন্ধি ৷ এই ক্ষেত্ৰত অসমীয়া বিৰুদ্ধী শক্তি সমুহ বহু ক্ষেত্ৰত সফলো হৈছে ৷ এই দিশত সহায় কৰিছে কিছুমান জ্ঞান বিবেকহীন অসমীয়াই ৷  আজিৰ অসমত আমি অসমীয়া বুলি কোৱা মানুহ তাকৰ, মই আহোম,মই কোচ, মই বড়ো, মই মিচিং,মই কলিতা,মই চুতীয়া,মই বামুুণ,মই সোনোৱাল,মই কছাৰী,মই ৰাভা আদি বুলি কোৱাহে বেছি ওলাব ৷ এইদৰে এক অসমীয়া হৈ গোষ্ঠীগত ভাবে বিভাজিত হৈ শত্ৰুক চল দিছো আৰু নিজৰ জাতিক ধ্বংসৰ গৰাহলৈ থেলি দিছো ৷
       তাহানিতে  চৈয়দ চাদুল্লাই সাম্প্ৰদায়িক চিন্তাৰে  পৰিকল্পিত ভাৱে মুছলমান সকলক অসমলৈ প্ৰবজন ঘটাইছিল আৰু  এই সকল লোক যাতে অসমীয়া জাতি সত্ত্বাৰ সৈতে সন্মিলিত হ’ব নোৱাৰে  তাৰ বাবে বিচ্ছিন্ন চেতনা এটাক  শক্তিশালী কৰি তুলিবলৈ প্ৰতিক্ৰিয়াশীল চক্ৰ সমুহে অহৰহ কাম কৰি আছে  যাতে তেওঁলোক সদায় মূলসুঁতিৰপৰা আঁতৰত থাকে ৷

কেৱল এইয়াই নহয় দেশ স্বাধীন হোৱাৰ পাছতো বহু বিদেশী অসমলৈ আহিছে এইবোৰৰ মাজত হিন্দু মুছলমান সকলো আছে ৷ ভাৰতীয় জনতাদলে ক্ষমতা লাভ কৰাৰ পাছত ভাৰতত এক নতুন নাগৰিকত্ব বিধেয়ক প্ৰনয়ণ কৰিব গৈ আছে এই বিধয়েকেও অসমত ধৰ্মভিত্তিক গোষ্ঠী চেতনাক অধিক জাগ্ৰত কৰিব যিয়ে প্ৰতিজন অসমীয়াৰ বাবে সংকট মাতি আনিব তাত সন্দেহ নাই ৷

         প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীত মুখী প্ৰতিক্ৰিয়া থাকে , চৈয়দ চাদুল্লাই অসমত মুছলমান সম্প্ৰসাৰণ কাৰ্যকৰী ব্যৱস্থা লোৱাৰ লগে লগেই তাৰ প্ৰত্যুত্তৰত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে অগণন বিহাৰী মানুহক অসমলৈ প্ৰেৰণ কৰিছিল মুছলমানৰ সংখ্যা কমাবলৈ হয়টো কিন্তু এই সকল লোক কোনোদিন  অসমীয়া বৃহত্তৰ সুঁতিৰ লগত মিলি যাবৰ চেষ্টা নকৰিলে, আৰু তেতিয়াৰ পৰা আহি থকা কোনো মানুহে অসমৰ স্বাৰ্থৰ কথা ভাবিবলৈ নিশিকিলে আৰু নিজক অসমীয়া বুলি ভবাৰ  প্ৰয়োজনবোধো নকৰিলে ৷ এনে বিচ্ছিন্ন চেতনাই বিগত ৬০/৭০ বছৰ জুৰি ফসমীয়া সংস্কৃতিৰ বিকাশত সদায় বাধা দি আহিছে ৷
         ৰাজনৈতিক ক্ষমতা দখল কাৰ্যক দীৰ্ঘস্থায়ী কৰি ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ইয়াৰ অনুগামী ৰাজ্যচৰকাৰবোৰে অসমীয়া জাতীয় সত্ত্বাক খৰ্ব কৰিব পৰা নানান কুটকৌশল অৱলম্বন কৰা দেখা যায় ৷ বৰ্তমান বিজেপি চৰকাৰ নতুন নাগৰিকত্ব সংশোধনি বিধেয়কো এই কুট কৌশলৰে অংশ মাথো যাতে অসমীয়া জাতীয় সত্বাক ধ্বংস কৰি নিজৰ ৰাজনৈতিক ক্ষমতাক সুদৃঢ় কৰিব পাৰি ৷ 
       ভাৰতীয় পুজিপতি সকলেও সদায় চেষ্টা কৰে যাতে অসমত কাহানিও একক জাতীয় সত্বা গঢ় লৈ নুথে ৷ পুজিপতি সকলৰ বাবে অসমত একক জাতিয় চেতনাৰ বিপৰীতে বহু জাতি, ভাষা,বহু ধৰ্মৰ বিচ্ছিন্ন দেশ হোৱাই বাঞ্ছনীয় কাৰণ তেনে হ’লেহে অসমৰ সম্পদ শোষণ আৰু লুণ্ঠন কৰা সম্ভৱ  হয় ৷
        সংক্ষেপতে ক’বলৈ গ’লে কেন্দ্ৰীয় চৰকাৰ, বাংলাভাষিক সম্প্ৰসাৰণবাদী আৰু মুছলমান/ হিন্দু ধৰ্মীয় সম্প্ৰসাৰণবাদী চক্ৰ আৰু শোষক পুঁজিপতি বনিক গোষ্ঠীৰ উমৈহতিয়া ষড়যন্ত্ৰই  অসমৰ জাতিসত্ত্বা, সংস্কৃতিক, ভাষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক স্থিতি ভিতিগ্ৰস্ত কৰি তুলিছে ৷ আমি নজনাকৈয়ে আমাৰ ভৌগোলিক স্থিতি, অৰ্থনৈতিক আত্মনিয়ন্ত্ৰণ, অসমীয়া ভাষাৰ মৰ্যাদা খৰ্বকৰণ, অসমীয়া সংস্কৃতিৰ বিপৰ্যয় সাধন কৰিবলৈ বহু ৰাজনৈতিক অৰাজনৈতিক চক্ৰই অহনিশে কাম কৰি আছে ৷ আজিৰ সময়ত আমি সকলোৱে নিজৰ মাজত থকা ভেদাভেদ পাহৰি এক অসমীয়া হৈ অসমীয়া জাতীয়সত্বা বিৰুদ্ধী শক্তি সমুহৰ বিপৰীতে মুৰডাঙি থিয় দিবৰ হ’ল তেহে জাতি মাটি ভাষা সংস্কৃতি বাচিব নহ’লে অসম অসমীয়া ৰসাতলে জাব সেইটো চিৰন্তন সত্য ৷


অসমীয়া জাতি অবৈধ জনপ্ৰবজন আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ------------- ১৯৩১ চনৰ লোকপিয়লৰ অধিক্ষক চি. এচ. মৃলানৰ ভাষ্য আছিল ----- “The immigrants army " had almost completed the conquest of Nogaon . The Barpeta Subdivision of Kamrup has also fallen to their attack and Darrang is being invaded . Sibsagar has so far escaped completely, but the few thousand Mymansinghias in north Lakhimpur are an out pest which may, during the next decade, Prove to be a valuable basis of major operaterrs .Where sover the carcass, there the vultures be gathered to gether . Where there is wasteland thither flock the Mymansinghias as " (1931 Census Report P51 )

 চি.এচ. মৃণালে ১৯৩১ চনতে কৈছিল লোকপিয়লৰ তথ্যপাতিয়ে প্ৰমাণ কৰে যে অসমলৈ  ভিন্ন ঠাইৰ পৰা হোৱা জনপ্ৰবজনে খিলঞ্জীয়া লোকৰ বাবে ভয়াবহ  বিপদ সূচনা কৰিছে ৷ নগাওঁ জিলা  ইতিমধ্যে আধিপত্য বিস্তাৰ কৰা পমুৱা সকলে ৰাজ্যখনৰ দৰং জিনা, বৰপেটা আদিৰ অঞ্চল বিশেষো দখল কৰিলে ৷ তেওঁৰ এই উক্তি আৰু ইয়াৰ ৰাজনৈতিক তাৎপৰ্য আছিল শংকাজনক ৷ তেওঁৰ মতে অসমৰ কেৱল শিৱসাগৰ জিলাখনেই অসমীয়া ভাষী মানুহৰ অবাসস্থলী হৈ ৰ’ব ৷ মূলানৰ এই ভৱিষ্যত বাণী সত্য হোৱাৰ পথত সেই সময়ৰ শিৱসাগৰ মানে বৰ্তমানৰ যোৰহাট, গোলাঘাটৰ একাংশ আৰু শিৱসাগৰতে অসমীয়া ভাষা সংস্কৃতি সংকোচিত হৈ ৰোৱাৰ দিশত ৷
      সেই সময়ৰ কেইবাগৰাকীও অসম প্ৰেমী লোকে সমস্যাৰ জটিলতা অনুভৱ কৰি অসমীয়াৰ আত্মৰক্ষাৰ বাবে সংঘৱদ্ধ হৈ সংগ্ৰাম ব্যাপক কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল ৷ পমুৱা প্ৰবজনত শংকিত হৈ অম্বিকাগিৰী ৰায় চৌধুৰী, নীলমণি ফুকনৰ দৰে অসমীয়াই  জাতীয়তাবাদী পুৰুষ সকলে এই বিষয়ে কংগ্ৰেছৰ উৰ্ধতন মহলকো  অৱগত কৰিছিল ৷  ১৯৩৭ চনত জৱহৰলাল নেহৰুক দিয়া স্মাৰকপত্ৰ এওঁলোকে অসমলৈ হোৱা পমুৱা প্ৰবজনে সাম্প্ৰদায়িক ৰাজনীতিৰ বুলি পোখা মেলাত সহায় কৰাৰ অভিযোগ তুলিছিল ৷ জৱহৰলাল নেহৰুৱে  তেওঁলোকৰ যুক্তিত পতিয়ন গৈ পমুৱা জনপ্ৰবজন নিয়ন্ত্ৰিত কৰাত গুৰুত্ব আৰোপ কৰিছিল যদিও পিছলৈ  ইয়াক লৈ কোনো বিশেষ পদক্ষেপ লোৱা দেখা ন’গ’ল আৰু এই প্ৰবজন স্বাধীনতাৰ পাছতো হৈয়ে থাকিল আৰু আজিও হৈয়ে আছে ৷
     দেশ বিভাজনৰ সময়ত প্ৰবজনৰ সোঁতটো সাময়িকভাবে অলপ থমকি ৰৈছিল যদিও স্বাধীনতাৰ পাছত ই অধিক তিব্ৰ হৈ পৰে ৷  ১৯৬১ চনৰ লোকপিয়লৰ মতে অসমত প্ৰবজনৰ বাবে ১৩.৫৩ লাখ লোক বৃদ্ধি পোৱা বুলি দেখুৱা হৈছিল, তাৰে ৮.৬০ লাখ লোক আছিল পূব পাকিস্থানী, ১৯৭১ চনৰ লোকপিয়লৰ মতে প্ৰবজনৰ ফলত অসমত ১৫ লাখ লোক বাঢ়িছিল আৰু ইয়াৰে ৯ লাখ আছিল কেৱল বাংলাদেশৰ ৷
   ১৯৯৪ চনৰ ১৮ আগষ্টত অসমবানী কাকতত প্ৰকাশিত এক তথ্য মতে ১৯৭১ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত অসমলৈ প্ৰায় ১৬ লাখ অবৈধ বাংলাদেশীৰ  জন প্ৰবজন হৈছে , সেই বাতৰিতে কোৱা হৈছে যে লোকপিয়লৰ তথ্য মতে ১৯৭১ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৪১.৮৯% আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭৭.৪২% ৷  ২০০১ চনৰ লোকপিয়লৰ  তথ্য মতে ১৯.৩ লাখ  প্ৰবজনকাৰী অসমত আছে ইয়াৰে ১৭.৪ লাখ লোকেই বাংলাদেশৰ পৰা প্ৰবজন কৰি অহা ৷ বিগত ১৭ বছৰতো এই প্ৰবজন হৈয়ে আছে ইয়াক লৈ অসমৰ খিলঞ্জীয়া জনগনৰ বাদে আন কোনো মুঠেও চিন্তিত নহয় ৷ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহৰলাল নহৰুৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়ালৈকে আৰু অসমৰ  প্ৰথম মুখ্যমন্ত্ৰী ছৈয়দ মহম্মদ ছাদুল্লা ৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোনোৱাল ডাঙৰীয়ালৈকে ৷ সকলোৱে অসমীয়া জাতীয় স্বাৰ্থত কৈ নিজৰ  ৰাজনৈতিক লাভালাভক অধিক মহত্ব দিয়ে, নিজৰ ৰাজনৈতিক স্থিতিক অধিক সৱল কৰাৰ বাবে জাতীয় স্বাৰ্থক ভৰিৰে গছকি মোহাৰি পেলাবলৈ কোন্থাবোধ নকৰে ইয়াৰ উদাহৰণ ১৯৭৮ চনৰ অসমৰ বিদেশী বহিষ্কৰণ আন্দোলন  যাক অসম আন্দোলন  বুলিও কোৱা হয় ৷ অসম ছাত্ৰ সন্থাই নেতৃত্ব লোৱা এই আন্দোলনত অসমৰ সমুহ জনতাই পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আৰু ৬ বছৰ ধৰি এই আন্দোলন হৈছিল ৷ অসমৰ জাতীয় স্বাৰ্থৰ হকে আন্দোলন কৰা অসমৰ ছাত্ৰসমাজ তথা অসমীয়া জনতাক সেই সময়ৰ প্ৰতিখন কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে এই অহিংস আন্দোলনক বৰ্বৰ হাতেৰে দমন কৰাৰ প্ৰয়াস কৰিছিল ৷  একে সময়তে পঞ্জাৱত শিখ সকলেও নিজৰ প্ৰাধান্য বিস্তাৰৰ বাবে আন্দোলন কৰিছিল সেই আন্দোলন অসমৰ দৰে অহিংস নাছিল তথাপিও সেই আন্দোলনে অসমৰ পৰাই প্ৰেৰণা পাইছিল আৰু অসমৰ পথেই পঞ্জাৱৰ পথ বুলি ধ্বনি তুলিছিল ৷ অসম আন্দোলনক ভাৰতীয় মূলভূমিত  ই অনা অসমীয়া ভাৰতীয় মানুহক  খেদা আন্দোলন বুলি অপপ্ৰচাৰ চলোৱা হৈছিল আনকি এই কথা স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েই কৈ ফুৰিছিল ৷ এখন দেশৰ প্ৰধানমন্ত্ৰী হৈ ইন্দিৰা গান্ধীৰ এই মন্তব্য আছিল অসমীয়া  স্বাৰ্থবিৰুধী আৰু অতিশয় তুলুঙা বিধৰ ইয়াৰ পৰাই স্পষ্ট হৈছিল অসমৰ প্ৰতি থকা তেওঁৰ ভাৱ ধাৰা হয়টো তেওঁৰ মৃত্যু নোহোৱা হ’লে অসম আন্দোলন আৰু দীঘলীয়া হ’ল হেতেন ৷ 
       বৰ্তমান সময়ত নাগৰিক সংশোধনী বিধেয়ক ২০১৬ ৰ দ্বাৰা ভাৰতীয় জনতা দলৰ কেন্দ্ৰীয় আৰু ৰাজ্য  চৰকাৰে অসমৰ    জাতীয় সত্বাক ধ্বংস কৰি পেলোৱাৰ পুনৰ চেষ্টা চলাইছে আৰু ইয়াক লৈ সমষ্ট অসমীয়া জাতিয়ে এই বিধেয়কৰ তিব্ৰ বিৰুধীতা কৰা দেখা গৈছে যদি এই বিৰুধে আন্দোলনৰ ৰূপ লয় আগৰ কংগ্ৰেছ চৰকাৰে ১৯৭৮ ৰ আন্দোলনক চৰকাৰী সেনাবাহিনীৰ দ্বাৰা বৰ্বৰ ভাৱে দমন কৰাৰ চেষ্টা কৰাৰ দৰে এই চৰকাৰেও নকৰিব যে মানে নাই ৷
       ভাৰতৰ ৰাষ্ট্ৰীয় দল সমুহ জাতীয় সমস্যাক লৈ কোনো দিনে চিন্তিত নহয়  কি কংগ্ৰেছ কি ভাৰতীয় জনতা দল কি কমিওনিষ্ট দল ৷  কমিওনিষ্ট দলৰ সংসদীয় বাওঁপন্থী গোটটোৱে অসম আন্দোলনে ভাৰতীয় সংহতিৰ বিস্তৰ ক্ষতিসাধন কৰিছে বুলি চিন্তিত হৈ মত প্ৰকাশ কৰিছিল ৷  এই কমিওনিষ্ট দলেই আকৌ স্বাধীনতাৰ আগত ১৯৪৩ চনত জাতি সমস্যা সম্পৰ্কে দলীয় গৃহিত প্ৰস্তাৱত এনদৰে উল্লেখ কৰিছে -------
      " Every section of the indian people which has a contiguous territory as its homeland, common historical tradition, common language, culture, psychological make-up and common economic life would be recognized as a distinct nationality with the right to secede from it if may so desire ."
          " একোডোখৰ সংলগ্ন এলেকাত বাস কৰা, একোটা ঐতিহাসিক পৰম্পৰা, একে ভাষা, সংস্কৃতি , মানসিক গঠন আৰু অৰ্থনৈতিক জীৱনৰ অংশ বিশেষ হৈ থকা ভাৰতীয় জনসাধাৰণৰ প্ৰতিটো অংশকে একোটা সুকীয়া জাতি বুলি স্বীকৃতি দিব লাগিব আৰু স্বইচ্ছাই ভাৰতৰ পৰা পৃথক হৈ থকাৰ অধিকাৰো তেওঁলোকক দিব লাগিব ৷" এনে প্ৰস্তাৱ লোৱা ভাৰতীয় কমিওনিষ্ট দলে অসম আন্দোলনৰ বিষয়ে এনে কথা কোৱা দলীয় আদৰ্শৰ সম্পূৰ্ণ বিপৰীত ৷আছলতে অসমৰ জাতীয় সত্বা ৰক্ষাৰ কথা আহি পৰিলেই সকলো ৰাষ্ট্ৰীয় দলেই সদায় বিপৰীত মেৰুত অৱস্থান কৰে কমিওনিষ্ট বাওঁ পন্থী সকলো ইয়াৰ বিপৰীত নহয় ৷ অসম আন্দোলনৰ সময়ত ইন্দিৰা গান্ধীৰ চাকাৰে অসম তথা উত্তৰ পূব অঞ্চলত গ্ৰহণ কৰা দমন মূলক নীতিক প্ৰয়োজনীয় প্ৰশাসনিক ব্যৱস্থা বুলি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সমুহে সমৰ্থন কৰাটো অসমীয়া জাতিৰ পৰিপন্থী আছিল ৷ 
    এই সকলো বোৰ কথা ভাল দৰে বিশ্লেষণ কৰিলে উপলব্ধি কৰিব পাৰি যে অসমলৈ হৈ থকা অবৈধ প্ৰবজনক লৈ ভাৰতৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাষ্ট্ৰীয় ৰাজনৈতিক সংগঠন, অসম চৰকাৰ অসমৰ ৰাজনৈতিক দল সমুহ মুঠেই চিন্তিত নহয় তেওঁলোক সদায় নিজৰ ৰাজনৈতিক ক্ষমতা সুদৃঢ় কৰাত হে ব্যস্ত, লাগিলে অসমৰ জাতিয় সত্বা ভাষা সংস্কৃতি ধ্বংসই নহওক কিয় ?তথাপিও বাংলাদেশী মূলৰ মানুহ আনি হ’লেও নিজৰ ৰাজনৈতিক ভেটিক সু প্ৰতিষ্ঠা কৰিব ৷ এইয়াই হ’ল ভাৰত তথা অসমৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বৰূপ ৷
  1. প্ৰক্সিমা_চেণ্টাউৰি_বি_আৰু__জীৱনৰ_সম্ভাৱনীয়তা-------
 মানৱ জাতিৰ মন সদায় কৌতূহলে ভৰা৷ এই কৌতূহলতাই নতুনত্বৰ উদ্ভাৱনতাত সহায় কৰে৷ অতিত কালৰে পৰা মানুহৰ মনত সদায় এটা প্ৰশ্ন জাগি আহিছে এই বিশ্বব্ৰহ্মাণ্ডত আমি অকলশৰীয়া নি নে আমাৰ বাাহিৰেও বৰ্হিজগতত ক’ৰবাত জীৱ আছে? এই প্ৰশ্নৰ উত্তৰ বিছাৰি বিজ্ঞানী সকলে সদায় দিনে ৰাতিয়ে অহৰহ প্ৰচেষ্টা কৰি আছে৷ প্ৰথমে ভৱা হৈছিল আমাৰ আটাইতকৈ ওছৰৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰত জীৱ থাকিব পাৰে কিন্তু আমেৰিকা আৰু ৰাচিয়াৰ দ্বাৰা চলোৱা মহাকাশ অভিযান সমূহে চন্দ্ৰত জীৱ থকাৰ সম্ভাৱনাক নুই কৰে৷ চন্দ্ৰত কোনো বাতাৱৰণ আৰু পানী নাই কেৱল শুষ্ক পৰিবেশ৷ ইয়াৰ পাছতে মনলৈ ভাৱ আহে শুু্ক্ৰ আৰু মংগল গ্ৰহত জীৱ থাকিব পাৰে কিন্তু এই গ্ৰহতো জীৱ থকাৰ অনুকূল পৰিবেশ নাই বুলি আমি জানিব পাৰিছো৷ শুক্ৰ অতিশয় গৰম গ্ৰহ আৰু মংগল অতিশয় ঠাণ্ডা গ্ৰহ৷ 
 আমাৰ সৌৰজগতত পৃথিৱীৰ বাদে অন্য গ্ৰহত জীৱৰ উপস্থিতিৰ আশা নাই বুলি জানিব পাৰি মহাকাশ বিজ্ঞানী সকলে অতিশয় শক্তিশালী দূৰবীণৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ চোকে কোণে থকা তৰা সমূহ আৰু এই তৰাবোৰক প্ৰদক্ষিণ কৰা গ্ৰহসমূহৰ বিষয়ে অধ্যয়ন কৰাত লাগে আৰু এনে গ্ৰহ বিছৰাত লাগে যি বোৰ গ্ৰহ নক্ষত্ৰটোৰ জীৱন সম্ভাৱনাময় স্থানত মানে য’ত পানী তৰল অৱস্থাত থকা সম্ভৱ তেনে স্থানত আছে৷  এতিয়া লৈকে বিজ্ঞানী সকলে তেনে বহু গ্ৰহ আৱিষ্কাৰ কৰিছে যিবোৰ গ্ৰহৰ পৃথিৱীৰ লগত বহু সাদৃশ্য আছে৷ এই বোৰৰ ভিতৰত জুলাই ২০১৫ ত আৱিষ্কাৰ কৰা কেপলাৰ ৪৫২ বি, ২০১৪ চনত আৱিষ্কাৰ কৰা কেপলাৰ ১৮৬ এফ, ট্ৰেপিষ্ট তৰা প্ৰণালী য’ত ৭টা পৃথিৱী সদৃশ গ্ৰহ আছে আদি কৰি বহুতো, এই গ্ৰহ সমূহত জীৱ থকাৰ সম্ভাৱনা আছে যদিও আমাৰ পৃথিৱীৰ পৰা বহু দূৰত অৱস্থিত বৰ্তমান প্ৰযুক্তিৰে এই গ্ৰহসমূহলৈ যোৱা আমাৰ বাবে সম্ভৱ নহয়৷ 
আমি সকলোৱে জানো সূৰ্য্যক বাদ দিলে পৃথিৱীৰ আটাইতকৈ ওছৰত থকা নক্ষত্ৰটো হ’ল প্ৰক্সিমা চেণ্টাউৰি৷ যাৰ পৃথিৱীৰ পৰা দূৰত্ব ৪.২ আলোকবৰ্ষ৷ আমাৰ বাবে এক সু খবৰ যে এই ৰঙা বামণ নক্ষত্ৰ প্ৰক্সিমা চেণ্টাউৰিক এক গ্ৰহে ইয়াৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে বুলি ২০১৬ চনত বিজ্ঞানী সকলে জানিব পাৰে৷ আৰু এই গ্ৰহৰ নাম থয় প্ৰক্সিমা চেণ্টাউৰি বি৷ এই গ্ৰহৰ আৱিষ্কাৰৰ লগে লগেই বিজ্ঞানী সকলে এই গ্ৰহৰ বিষয়ে অধিক জনাৰ বাবে অধ্যয়ন আৰম্ভ কৰে আৰু জানিব পাৰে যে প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহে প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰক এক উচিট দূৰত্বৰ পৰা প্ৰদক্ষিণ কৰি আছে য’ত পানী তৰল অৱস্থাত থকা সম্ভৱ৷ এই সম্ভাৱনাই এই গ্ৰহত জীৱৰ উপস্থিতিৰ সম্ভাৱনাক অধিক দৃঢ় কৰে৷ 
 পৃথিৱীৰ বাহিৰেও অন্য গ্ৰহত পানী আৰু জীৱন আৱিষ্কাৰৰ বাবে অধ্যয়ন কৰি থকা বিজ্ঞানী সকলক এই মাহতে এক ডাঙৰ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকৰ মতে পৃথিৱীৰ তথা সৌৰজগতৰ চুবুৰীয়া গ্ৰহ প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহত বিশাল বোৱঁতী সাগৰৰ উপস্থিতি ধৰা পেলাইছে যাৰ বাবে সেই গ্ৰহত জীৱন থকাৰ সম্ভাৱনীয়তা প্ৰবল হৈ পৰিছে৷ আমাৰ পৰা মাত্ৰ ৪.২ আলোক বৰ্ষ দূৰত থকা প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহত পানীৰ উপস্থিতিৰ কথা প্ৰকাশ কৰা এইয়াই হ’ল প্ৰথম৷ 
 আজিৰ পৰা দুবছৰ আগত মানে ২০১৬ চনত এই প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহ আৱিষ্কাৰ হোৱাৰ পৰাই সেই গ্ৰহত জীৱন আৰু অন্য সম্ভাৱনীয়তা সম্পৰ্কে উথা প্ৰশ্ন সমূহৰ উত্তৰ বিছৰাত এদল মহাকাশ বিজ্ঞানীয়ে অহৰহ প্ৰচেষ্টা চলাই আছিল৷ 

প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহৰ দ্ৰব্যমান পৃথিৱীৰ দ্ৰব্যমানৰ ১.৩ গুণ৷ এই গ্ৰহে যি নক্ষত্ৰক পৰিক্ৰমা কৰে সেই নক্ষত্ৰ সূৰ্য্যত কৈ যথেষ্ট সৰু ই ৰঙা বামণ শ্ৰেণীৰ এক ক্ষুদ্ৰ নক্ষত্ৰ৷ এনে নক্ষত্ৰৰ জীৱন কাল সূৰ্যৰ দৰে নক্ষত্ৰত কৈও বহু বেছি হয়৷

 পৃথিৱীৰ আটাইত কৈ ওছৰৰ এক্স’প্লেনেট প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহৰ বিষয়ে আগতেও বহু অধ্যয়ন কৰা হৈছিল কিন্তু সেই সময়ত মহাকাশ বিজ্ঞানী সকলে কোনো বিশেষ সফলতা লভিব পৰা নাছিল কিন্তু এই নতুন আৱিষ্কাৰে প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহত জীৱন থকাৰ সম্ভাৱনাক নতুন আশা দিয়ে৷ নতুন কৈ আৱিষ্কৃত তথ্যৰ মতে এই গ্ৰহত বিশাল জলৰাশি আছে৷ য’ত পানী তৰল অৱস্থাত থাকিব, সেই গ্ৰহত এক উচিট বাতাৱৰণো থাকিব, য’ত জীৱন সম্ভৱ হ’ব পাৰে৷ 
 আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ The Goddard Institute for Space Studies ৰ বৈজ্ঞানিক এন্থনে ডেল জেনিঅ’ ৰ মতে “তেওঁৰ এই নতুন অধ্যয়নে এই সম্ভাৱনাক বৃদ্ধি কৰিছে যে এই গ্ৰহত জীৱন সম্ভৱ হ’ব পাৰে৷ “ এই গ্ৰহত বিশাল মহাসাগৰ ও থাকিব পাৰে৷ এই মাহৰ এষ্ট্ৰ’বায়’লজি নামৰ আলোচনীত প্ৰকাশ হোৱা এক অধ্যয়নৰ মতে বিজ্ঞানী সকলে প্ৰথম বাৰৰ বাবে এই গ্ৰহৰ বাতাবৰণ আৰু মহাসাগৰৰ কম্পিউটাৰ চেমুলেচন মানে কম্পিউটাৰত পৰীক্ষণ কৰে যাৰ উত্তৰো ধনাত্মক ওলাই৷ 
প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহে প্ৰক্সিমা চেণ্টাউৰি নামৰ ৰঙা বামণ নক্ষত্ৰৰ চাৰিও ফালে অতিকৈ ওছৰৰ পৰা প্ৰদক্ষিণ কৰে৷ আমাৰ সূৰ্য্যৰ আটাইতকৈ ওছৰৰ বুধ গ্ৰহতকৈও ওছৰেৰে৷ প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহে মাত্ৰ ৭৫ লাখ কিঃমিঃ দূৰত্বৰ পৰা প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহক প্ৰদক্ষিণ কৰে৷ প্ৰক্সিমা চেণ্টাউৰি এটি সৰু ৰঙা বামণ শ্ৰেণিৰ শীতল নক্ষত্ৰ সেয়ে ইমান ওছৰেৰে প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহ প্ৰদক্ষিণ কৰা স্বত্বেও ই হেবিটেবল জ’ন’ত আছে৷ সূৰ্য্যৰ দৰে এই নক্ষত্ৰ হোৱা হ’লে প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহৰ অস্তিত্বই নাথাকিলে হেতেন৷ এই গ্ৰহে নিজৰ মূল নক্ষত্ৰৰ নিচেই কাশেৰে পৰিক্ৰমা কৰাৰ বাবে এই গ্ৰহ টাইডলি লকড হ’ব পাৰে অৰ্থাৎ এই গ্ৰহ নিজ মেৰুদণ্ডত কেন্দ্ৰ কৰি নুঘূৰিবও পাৰে আমাৰ উপগ্ৰহ চন্দ্ৰৰ দৰে৷ এনে হ’লে এই গ্ৰহৰ এটা ফাল সদায় নক্ষত্ৰটোৰ দিশে আনটো ফাল সদায় বিপৰীত দিশত থাকিব ফলত এটা ফাল সদায় দিন আনফালে সদায় ৰাতি হৈ থাকিব৷ নক্ষত্ৰৰ ফালে থকা ভাগ উষ্ম আৰু বিপৰীত ফালটো শীতল হ’ব৷  নক্ষত্ৰৰ পোহৰ নপৰা ভাগত পানী বৰফ ৰূপত থাকিব৷ এই দুই বিপৰীত অৱস্থিতিৰ মাজত এনে এক স্থান থাকিব পাৰে য’ত অধিক গৰমো ন’হ’ব অধিক ঠাণ্ডাও ন’হ’ব এনে ঠাইত পানী তৰল ৰূপত থাকিব আৰু জীৱন সম্ভৱ হ’ব ৷ ই যি কি নহওক প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহত পানীৰ উপস্থিতিয়ে এই গ্ৰহত জীৱন থকাৰ সম্ভাৱনাক অতি প্ৰবল কৰি তুলিছে৷ এই গ্ৰহ আমাৰ পৰা বাকী গ্ৰহতকৈ যথেষ্ট উছৰত আছে অদূৰ ভৱিষ্যতত উন্নত প্ৰযুক্তি আৱিষ্কাৰ হ’লে নিশ্চয় মানৱ জাতিয়ে এদিন এই গ্ৰহত পদাৰ্পণ কৰিব৷ ইতিমধ্যে মানৱ বিহীন যান এই গ্ৰহৰ অধ্যয়নৰ বাবে এই গ্ৰহৰ দিশে প্ৰেৰণ কৰাৰ যা যোগাৰ আৰম্ভ হৈছেই ১৫ ৰ পৰা ২০ বছৰ লাগিব এই গ্ৰহ পাবলৈ এখন মহাকাশ যানক পোহৰৰ গতিৰ চাৰিভাগৰ এভাগ গতিত গ’লে৷ এই অভিযান সফল হওক আৰু প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহ মানৱ জাতিৰ বসতিৰ অনুকূল হিচাপে পৰিগণিত হওক তাৰে কামনা কৰোঁ৷
  1. বিপদাপন্নৰ_দিশত_নি_পুৰুষত্ব? --------
 পুৰুষত্ব এই শব্দটো আমি সমাজত প্ৰায়ে শুনিবলৈ পাওঁ৷ পুৰুষত্বনো কি এই বিষয়ে আমি জনা দৰকাৰ৷  মানুহ ভেদে, বিছাৰধাৰা ভেদে পুৰুষত্বৰ পৰিভাষা ভিন্ন হয়৷ মোৰ মতে পুৰুষত্ব হ’ল পুৰুষৰ বংশ, পৰিয়াল, সমাজ, দেশ জাতিৰ প্ৰতি থকা দায়িত্ববোধ৷ বংশৰ প্ৰতি থকা দায়িত্ববোধে নিজৰ বংশ পৰিয়ালক ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰাক সুচায়৷ বংশানুক্ৰম অব্যাহত ৰাখিবলৈ সতিসন্ততিৰ জন্ম দিয়া আৱশ্যক ইও পুৰুষত্বৰ এক প্ৰতীক যিয়ে মানৱ জাতিক ভৱিষ্যত পৃথিৱীৰ বাবে সুৰক্ষিত কৰে৷ ইয়াৰ উপৰিও পৰিয়াল দেশ সমাজৰ প্ৰতিও পুৰুষৰ বহু দায়িত্ব বোধ আছে৷ সমাজক উচিত পথ প্ৰদৰ্শন কৰা জনকল্যাণৰ হকে কাম কৰা৷ ঘৰ পৰিয়ালক সুৰক্ষা দিয়া৷ পুৰুষত্বৰ এটা ডাঙৰ চিহ্ন হ’ল পত্নীক কেৱল ভোগবিলাসৰ সামগ্ৰী বুলি নাভাৱি উচিট সন্মান দিয়া৷ পুৰুষত্ব তেতিয়াহে প্ৰতিষ্ঠা হয় যেতিয়া আপোনাৰ জীৱনসংগীনী তথা সতি সন্ততিয়ে আপোনাৰ ওছৰত সুৰক্ষিত অনুভৱ কৰে৷ 
  বৰ্তমান সময়ত পৃথিৱীত প্ৰদূষণৰ বাবে পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশৰ অভূতপূৰ্ব পৰিবৰ্তন সাধন হৈছে আৰু ইয়াৰ দূ প্ৰভাৱ আমাৰ মানৱ জাতিৰ ওপৰতো পৰিছে ৷ এক অধ্যয়নৰ মতে বিগত ৩০ বছৰত পুৰুষৰ প্ৰজনন ক্ষমতা বহু হ্ৰাস পাইছে৷ এই ধাৰা অব্যাহত থাকিলে এদিন এই পৃথিৱী মানৱ বিহীন হোৱাৰ সম্ভাৱনা আহি পৰিছে৷ 
বিজ্ঞান জগতৰ এক বিখ্যাত আলোচনী Human Reproduction Update ত ২০১৭ চনত প্ৰকাশিত এক অধ্যয়নৰ তথ্য মতে পশ্চিমীয়া দেশৰ পুৰুষৰ স্পাৰ্ম মানে শুক্ৰাণুৰ জমাৰখাৰ হাৰ বৰ্তমান, ৭০ ৰ দশকতকৈ আধা হৈ পৰিল৷ তথাপিও ই আজিৰ সময়ৰ বাবে বৰ চিন্তাদায়ক নহয় যদিও ভৱিষ্যতৰ বাবে ই চিন্তাৰ কাৰণ হ’ব পাৰে৷ অসাধাৰণ ভাৱে শুক্ৰাণুৰ হাৰ কমাৰ স্বত্বেও ই প্ৰজননৰ বাবে আৱশ্যক হাৰৰ ক্ষেত্ৰত সামান্য হৈয়ে আছে৷ তথাপিও ইয়াক লৈ বিশ্বৰ পুৰুষ সমাজ যথেষ্ট চিন্তিত৷ ইয়াকো আশংকা কৰা হৈছে যে এক নিৰ্দিষ্ট সময়ৰ পাছত পুৰুষৰ প্ৰজনন ক্ষমতা একেবাৰে লোপ পাব, আৰু পৃথিৱীত মানৱজাতিৰ অস্তিত্ব বিপদাপন্ন হ’ব৷ 
শুক্ৰাণু হ’ল পুৰুষৰ বীৰ্য্যত সৃষ্টি হোৱা কিছুমান কোষ যি প্ৰজননৰ বাবে অপৰিহাৰ্য৷ এই বীৰ্য্যকোষ মানুহৰ টেষ্টিছত প্ৰস্তুত হয়৷ কেলিফৰ্ণিয়াৰ এজন গৱেষক ৰাল দুৰেকৰ মতে টেষ্টিকল এনে এক পাত্ৰ য’ত অহনিশে শুক্ৰাণু প্ৰস্তুত হৈ থাকে৷ শুক্ৰাণু সৃষ্টি হৈ যাত্ৰা কৰাৰ আগত ৭২ দিন ধৰি সময় জিৰণি লয়৷ টেষ্টিছত শুক্ৰাণু সমূহ অতি যতনে ৰখা হয় আৰু পৈণত হোৱাৰ পাছত টেষ্টিছৰ পৰা বাহিৰ হৈ কিছুমান টিউবৰ মাজেৰে আহি এঞ্জাইম আৰু বীৰ্য্যৰ বাকী পদাৰ্থ বোৰ গ্ৰহণ কৰি লিংগৰ মাজেৰে বাহিৰ হয় আৰু সম্ভোগৰ মাধ্যমেৰে শুক্ৰাণু মহিলাৰ দেহত প্ৰবেশ কৰে৷ 

 সেই সকল পুৰুষৰ বীৰ্য্যই প্ৰজননৰ বাবে উত্তম বুলি ধৰা হয় যাৰ বীৰ্য্যত প্ৰতি মিলি লিটাৰত ১ কোটি ৫০ লাখৰ ওপৰত স্পাৰ্ম বা শুক্ৰাণু থাকে৷ 
প্ৰজননৰ বাবে শুক্ৰাণুক এক প্ৰকাৰৰ সাঁতোৰত অংশ গ্ৰহণ কৰিব লগা হয়৷ যি সকল পুৰুষৰ ৪০% শুক্ৰাণু সাঁতোৰৰ বাবে উপযুক্ত সেই সকল সন্তান জন্মদিয়াৰ বাবে অধিক উপযোগী বুলি বিশেষজ্ঞ সকলে মত পোষণ কৰে৷ 
 প্ৰজননৰ ক্ষেত্ৰত শুক্ৰাণুৰ আকাৰও নিৰ্ভৰ কৰে৷ শুক্ৰাণু লালুকী পোৱালিৰ দৰেই যাৰ এক গোলাকাৰ মূৰ আৰু এডাল দীঘল নেজ থাকে৷  
যদিও সফল প্ৰজননৰ বাবে শুক্ৰাণুৰ এইবোৰ গুন আৱশ্যকীয় তথাপিও ইয়াৰ বিপৰীতেও সফল প্ৰজনন উদাহৰণ বহু আছে৷ সকলোৰে ক্ষেত্ৰত এইখিনি প্ৰযোজ্য নহয়৷ বিশেষজ্ঞ সকলৰ মতে মদ্যপান, ধূম্ৰপান আদিয়ে শুক্ৰাণুৰ আকাৰ সলনি কৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ বাবে শুক্ৰাণুৰ উৰ্বৰাতা কমি জাব৷ 
থিক তেনেকৈ শুক্ৰণুৰ সংখ্যাৰ ওপৰত প্ৰজনন হোৱা নোহোৱাৰ ওপৰতো মতভেদ হোৱা দেখা যায় বিশেষজ্ঞ সকলৰ মাজত৷ University of Washington School of Medicine ত হৰ্মণ বিশেষজ্ঞ ব্ৰেড এনাৱেল্টৰ মতে “ বীৰ্যপাতত কোটি কোটি শুক্ৰাণু থাকে তথাপিও পৃথিৱীত কিয় কিছুমান পুৰুষ হে পিতৃ হ’ব পাৰে আৰু কিছুমান নোৱাৰে? শুক্ৰাণুৰ গুনাগুণৰ ওপৰত প্ৰজনন নিৰ্ভৰ কৰে সেইটোও নহয়৷ এনেকুৱাও দেখা গৈছে যে একেবাৰে কম শুক্ৰাণু সৃষ্টিহোৱা পুৰুষ ও পিতৃ হৈছে আৰু বেছি শুক্ৰাণু সৃষ্টি হোৱা পুৰুষ ও পিতৃ হোৱা নাই আনকি শূন্য শুক্ৰাণুৰ ব্যক্তিও সম্ভোগৰ সহায়েৰে পিতৃ হৈছে৷ “ 
Human Reproduction Update নামৰ আলোচনীত প্ৰকাশিত তথ্য মতে ১৯৭৩ চনৰ পৰা ২০১১ চনলৈকে সমগ্ৰ বিশ্বৰ ৪৩ হাজাৰ পুৰুষৰ বীৰ্য্যৰ ওপৰত এক গৱেষণা কৰি তথ্য আহৰণ কৰা হয়৷ এই তথ্য মতে ১৯৭৩ চনত পশ্চিমীয়া দেশবোৰৰ পুৰুষৰ প্ৰতি মিলি লিটাৰ বীৰ্য্যত ১০ কোটি শুক্ৰাণু আছিল যি ২০১১ চনত কমি গৈ ৪ কোটি ৭০ লাখ শুক্ৰাণু প্ৰতি মিলি লিটাৰ হয়গৈ৷ ইয়াৰ অৰ্থ বিগত সময়ত প্ৰতি পুৰুষ ১% কৈ  প্ৰতিবছৰে শুক্ৰাণু সৃষ্টিৰ হাৰ কমি গৈ আছে৷ শুক্ৰাণু সৃষ্টিৰ হাৰ কমাটো যদিও ই সাধাৰণ মানুহৰ বাবে চিন্তাৰ বিষয় তথাপিও বিশেষজ্ঞ সকলৰ মতে যেতিয়া লৈকে এই হাৰ প্ৰতি মিলি লিটাৰত শুক্ৰাণু ১ কোটি ৫০ লাখৰ তললৈ নাহে তেতিয়ালৈ চিন্তাৰ কোনো কাৰণ নাই৷ 
আমাৰ জীৱন শৈলী, খাদ্যভাস, অত্যধিক মদ্যপান ধূম্ৰপান আদিয়েই পুৰুষৰ শুক্ৰাণু সৃষ্টিৰ হাৰ হ্ৰাস কৰাৰ কাৰণ বুলি ধৰা হয় যদিও আছলতে বিগত সময় চোৱাত মানৱ জাতিয়ে অত্যধিক ৰাসায়নিক যৌগ সমূহৰ ব্যৱহাৰ কৰা হে ইয়াৰ মুখ্য কাৰণ সেই বাবেই হয়টো এছিয়াৰ দেশবোৰত কৈ ইউৰোপীয় দেশ বোৰত পুৰুষৰ শুক্ৰাণু সৃষ্টিৰ হাৰ দিনক দিনে দ্ৰুত গতিত নিম্নগামী হৈছে৷ 
 বিগত ৫০ বছৰত ৰাসায়নিক যৌগসমূহৰ ব্যৱহাৰ মানব জীৱনৰ ওপৰত বহু বেছি হৈছে৷ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি প্ৰসাধন সামগ্ৰী, চফা চিকুণ সামগ্ৰী দৰৱ আদি সকলোতে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ বাঢ়ি গৈ আছে৷ এই ৰাসায়নিক দ্ৰব্য সমূহ পানী আৰু খাদ্য সামগ্ৰীৰ মাজেৰে আমাৰ শৰীৰত প্ৰবেশ কৰে৷ যিবোৰ বাচনত আমি খাদ্য সামগ্ৰী থওঁ প্লাষ্টিকৰ বটল বা এলুমিনিয়ামৰ বাচন এই সকলো বোৰই প’লিকাৰ্বনেট প্লাষ্টিকৰ সহায়ত তৈয়াৰী যাৰ কিছুমানত অপকাৰী ৰাসায়নিক দ্ৰব্য থাকে যেনে BPA পেৰ্থালেটছ ৷ মানুহৰ দ্বাৰা তৈয়াৰী এই হানিকাৰক ৰাসায়নিক দ্ৰব্য বোৰ খাদ্যৰ লগত মিহলি হয় প্ৰধানকৈ গৰম কৰিলে৷ 

গৱেষণাৰ তথ্যৰ মতে পানীৰ বটল সমূহৰ ৯০% ই মাইক্ৰ’প্লাষ্টিকৰ দ্বাৰা দূষিত৷ এই ৰসায়নে মানুহৰ হৰ্মণত কু প্ৰভাৱ পেলাই৷

পুৰুষৰ শৰীৰত শুক্ৰাণু সৃষ্টি কেৱল প্ৰজননৰ বাবেই আৱশ্যকীয় নহয় সুস্থ সৱল স্বাস্থ্যৰ বাবেও শুক্ৰাণু সৃষ্টি অতিকৈ আৱশ্যক এই কথা এক অধ্যয়নৰ দ্বাৰা প্ৰকাশ৷ অধিক শুক্ৰাণুৰ সৃষ্টিয়ে মৃত্যুৰ সম্ভাৱনীয়তাকো হ্ৰাস কৰে বুলি বিজ্ঞ সকলে কয় সেয়ে ক’ব পাৰি শুক্ৰাণু সৃষ্টি সু স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবেও অতিকৈ আবশ্যক৷ খোৱা লোৱা খাদ্যভাষ জীৱন জাপন কৰাত অলপ সচেতন হ’লে আৰু ৰাসায়নিক দ্ৰব্য সমূহৰ ব্যৱহাৰ কমকৈ কৰিলে এই সমস্যা নিশ্চয় মানৱ জাতিয়ে দূৰ কৰিব পাৰিম বুলি মোৰ বিশ্বাস৷