বন্দিতা বৰঠাকুৰ
ইন্টেৰিঅৰ ডিজাইনাৰ সুনিতা ক'হলি
ঘৰৰ আভ্যন্তৰীন সাজসজ্জা বিশেষজ্ঞ সকলকে সহজ অৰ্থত ইন্টেৰিঅৰ ডেকৰেটৰ বা ডিজাইনাৰ বুলি কোৱা হয়।
ইংৰাজীক বিষয়ৰ স্নাতকোত্তৰ আৰু কেতিয়াও ডিজাইনিঙৰ কোনো আনুস্থানিক শিক্ষা নোলোৱাকৈয়ে ভাৰতৰ ডিজাইনিং জগতখনৰ শীৰ্ষস্থানত থকা সুনিতা ক'হলিৰ বিষয়ে আজি কবলৈ ওলাইছো।
অধ্যয়ন, গবেষণা, অভিজ্ঞতা তথা নেৰা নেপেৰা চেষ্টাৰে পৰিপুষ্ট ডিজাইনাৰ সুনিতা ক'হলি বৰ্তমান K2INDIA ৰ প্ৰেচিডেণ্ট। তেখেত historical interior architectural and architectural restoration ৰ জ্ঞানেৰে সমৃদ্ধ। অৰ্থাৎ বুৰঞ্জী মুলক সাজসজ্জা, গঠনশৈলী আদিৰ ওপৰত গবেষণা কৰি, পুৰণি ডিজাইন সমুহক নিজস্বতা ৰাখি নতুন ধৰণেৰে সজাই পেলাই তেখেতে। ক্লাচিকেল ফাৰ্নিচাৰ ডিজাইনৰ বাবেও তেখেত বিখ্যাত।
১৯৯২ চনত ইন্টেৰিঅৰ ডিজাইনিঙৰ বাবে তেখেতক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। প্ৰধান মন্ত্ৰীৰ অফিচ, সংসদ ভবন(১৯৮৫- ১৯৮৯), হাইদৰাবাদ ভবন, ৰাষ্ট্ৰপতি ভবনকে ধৰি বহুতো পুৰণি স্থাপত্যৰ নবীকৰণ সুনিতা ক'হলিয়ে কৰিছে।
(উৎস: গুগুল)