বড়ো-কছাৰীসকলৰ খাদ্য - সম্ভাৰ আৰু সাজ- পাৰ সম্পাদনা কৰক

"বড়ো-কছাৰীসকলৰ খাদ্য - সম্ভাৰ আৰু সাজ-পাৰ"

     বড়ো-কছাৰীসকল অসমৰ ভৈয়াম জনগোষ্ঠীৰ ভিতৰত প্ৰথম বৃহত্তৰ জনজাতি । প্ৰত্যেক জনগোষ্ঠীৰে নিজস্ব লোকসংস্কৃতিৰ আছে । সেইদৰে বড়ো-কছাৰীসকলেও নিজস্ব খাদ্য -সম্ভাৰ আৰু সাজ-পাৰেৰে চহকী ।
         বড়ো - কছাৰীসকলৰ ৰন্ধন প্ৰণালীৰ নিজস্ব বৈশিষ্ট্য আছে । বড়ো-কছাৰীসকলৰ ভাতেই প্ৰধান আহাৰ । আহাৰোপযোগী সকলো বস্তুকে সিজাই খায়। মাছ-মঙহ একে সাজতে খাই শেষ কৰিব নোৱাৰিলে শুকাই থয়। শুকান মাছ - মঙহ তেওঁলোকৰ ৰুচিকাৰক খাদ্য। শুকান মাছ ঢেঁকীত বা উৰালত খুন্দি বাঁহৰ চুঙাত ভৰাই থৈ বহুদিন ৰাখি "নাকাম্" কৰি খোৱাৰ তেওঁলোকৰ অভ্যাস আছে । শোকোতা, মেস্তা টেঙা, লফা, লতি, বাঁহৰ গাঁজ বা খৰিচা, লাফু, ছিব্ৰু আদি শাক তেওঁলোকৰ ৰুচিকাৰক আঞ্জা। বৌৰমা দাড়ি নামে এবিধ তীব্ৰ গোন্ধৰ শাক আছে ,সেয়া তেওঁলোকে কুছিয়া মাছ বা পাঠা - খাহীৰ মঙহৰ আঞ্জা ৰান্ধিলে আঞ্জাত দি মচলাৰ দৰে ব্যৱহাৰ কৰে। লাওপানীও তেওঁলোকৰ মাজত প্ৰচলিত হোৱা দেখা যায়। 
           বড়ো - কছাৰীসকলৰ পুৰুষবিলাকে অসমীয়াসকলৰ দৰেই ধুতি - চোলাৰে পোছাক পৰিধান কৰে। গোৱালপাৰা জিলাৰ বড়ো-কছাৰী তিৰোতাবোৰে পাঁচহাত দীঘল শাৰীৰ দৰে "দখ্না" পিন্ধে।তেওঁলোকৰ তিৰোতাবোৰে বজাৰৰপৰা নানা ৰঙৰ সূতা কিনি আনি ফুলাম ফুল বাছি নিজে বই  পিন্ধা - উৰা কৰে । ৰঙা আৰু কমলা ৰঙৰ কাপোৰ তেওঁলোকে বেছি পছন্দ কৰি।


তথ্য সংগ্ৰহ : অসমৰ জনজাতি -ডঃ প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য