মধুমইনা মৰাণ
প্ৰশ্ন: অসমীয়া প্ৰগতিশীল কবিতাৰ স্বৰূপ সম্পৰ্কে এটি প্ৰৱন্ধ ৰচনা কৰা।
সম্পাদনা কৰকউত্তৰ: কবিতা হ'ল মানৱ প্ৰাণৰ ভাষা । যুগে যুগে প্ৰাণৰ আকুতিত কবিতাই শব্দৰ মাধ্যমেৰে বাংময় ৰূপ লভি অতৃপ্ত মানৱাত্মাক শান্তিৰ জুৰণি দিবলৈ সক্ষম হৈছে। অসমৰ লোক সাহিত্যৰ গীতিময় কাব্যিক ঐতিহ্যৰ পৰা পৰিৱৰ্তন আৰু ৰূপান্তৰৰ মাজেদি হাজাৰ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ অসমীয়া কবিতাই বিশ্ব-কবিতাৰ স'তে ফেৰ মাৰিবলৈ সক্ষম হৈছে।
অসমীয়া সাহিত্যৰ গতিধাৰা বিশেষকৈ আলোচনী কেন্দ্ৰিক । সেইদৰে কবিতাৰ ধাৰাটোও এই ক্ষেত্ৰত আলোচনীৰ ওপৰত নিৰ্ভৰশীল। অসমীয়া কাব্য সাহিত্যৰ জগততো অসমীয়া প্ৰগতিশীল কবিসকলে একো একোটা দশকত একো একোখন আলোচনীৰ যোগেদি নিজৰ আত্ম-অভিব্যক্তি তথা সৃষ্টিশীল প্ৰতিভাক কবিতাৰ যোগেদি পঞ্জীভূত কৰিছিল। আৰু প্ৰগতিশীল কবিসকলে এই প্ৰগতিশীল কবিতাৰ ধাৰাটোক বহু দূৰ আগুৱাই নি পৰিপুষ্ট কৰি তুলিছিল। অসমীয়া কবিতাত প্ৰগতিবাদী চিন্তাধাৰাৰ গতি যথেষ্ট প্ৰৱল । এই ধাৰাৰ কবিসকলৰ আদৰ্শ হ'ল কাৰ্লমাৰ্ক্স আৰু ফ্ৰেডবিখ এংগেলছৰ যুক্তিবাদী চিন্তাধাৰা তথা মাৰ্ক্সীয় বা মাৰ্ক্সবাদৰ প্ৰভাৱ। এই মাৰ্ক্সবাদৰ প্ৰভাৱৰ জৰিয়তে কেনেকৈ প্ৰগতিশীল ধাৰাটো আগবাঢ়ি গৈছিল, তাৰ এক সম্যক ধাৰণা তলত আগবঢ়াবলৈ যত্ন কৰা হ'ল ------
জয়ন্তী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম ভবানন্দ দত্ত আছিল অসমীয়া সাহিত্যক মাৰ্ক্সবাদী ভাবধাৰাৰে আকণ্ঠ স্নান কৰোৱাই আধুনিক ৰূপলৈ উত্তৰণ ঘটাব বিচৰা লেখক বুদ্ধিজীৱী। চল্লিছৰ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটোলৈ দত্তই উল্লেখযোগ্য বৰঙনি আগবঢ়ায়। 'জয়ন্তী'ৰ সম্পাদকদ্বয় কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য্যক নেপথ্যৰ পৰাই তদাৰক কৰি তেওঁ প্ৰগতিশীল আন্দোলনটোক আগবঢ়াই নিছিল। ভবানন্দ দত্তৰ কবিতাত সমাজমুখী বাস্তৱ চিন্তাৰ প্ৰতিফলন দেখা যায়। শ্ৰেণী-বৈষম্যৰ প্ৰতি কটাক্ষপাত আছিল তেওঁৰ কবিতাৰ বৈশিষ্ট্য। তেওঁৰ কবিতাত পোন-প্ৰথমবাৰৰ বাবে জিলিকি উঠে কবিতাৰ শৰীৰত এক ধাতব কাঠিন্য । কোমলতা আৰু নমনীয়তাৰ পৰা এইবোৰ আছিল দূৰত । 'ৰাজপথ' কবিতাত তেওঁ দাঙি ধৰিছে শ্ৰেণী বৈষম্যই কেনেদৰে দৰিদ্ৰসকলক ঠিকনাবিহীন যাযাবৰত পৰিণত কৰে । লগতে ধনী শ্ৰেণীৰ বিলাসৰ লগত দুখীয়া শ্ৰেণীৰ যন্ত্ৰণাৰ পাৰ্থক্য ফুটাই তুলিছে -------
" পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান,
অৰ্গেনত ৰবীন্দ্ৰ সঙ্গীত,
ডবল ডলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্গৰ
অলসায়িত দেহা ।
আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া।)
শুন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা
মৃতপ্ৰায় কংকালৰ শাৰী ; "
চল্লিছ দশকত সমাজ বাস্তৱতাৰ পটভূমিত গঢ়ি উঠা 'প্ৰগতিশীল কবি গোষ্ঠী 'ৰ অন্যতম প্ৰতিভাসম্পন্ন কবিগৰাকী হৈছে অমূল্য বৰুৱা । প্ৰথম ৰোমাণ্টিক ভাব বিলাসত আৱদ্ধ হোৱা এই গৰাকী কবিক পিছলৈ মাৰ্ক্সীয় দৰ্শনে আকৰ্ষণ কৰে। কবি বৰুৱাই সমাজ জীৱনৰ নিৰ্মম বাস্তৱতাক স্পষ্টভাৱে প্ৰকাশ কৰাৰ লগতে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ বিপ্লৱী সত্ত্বা জাগি উঠে।
১৯৪৪ চনত কবি বৰুৱাই 'কয়লা' কবিতাটি ৰচনা কৰে। এই কবিতাটিৰ জৰিয়তে তেওঁ প্ৰগতিশীল কবিতাৰ ধাৰাটোত প্ৰথম খোজ পেলাইছিল।প্ৰাক্ স্বাধীনতা কালত বৃটিছৰ ছত্ৰছায়াত চাহ উদ্যোগ,কয়লাখনিৰ আৱিষ্কাৰৰ লগে লগে এইবোৰত কাম কৰা শ্ৰমিক শ্ৰেণীৰ ওপৰত মালিক পক্ষৰ অত্যাচাৰ উৎপীড়ন বঢ়াবলৈ ধৰে । এই দুৰ্ভিক্ষ শ্ৰমিক জীৱনৰ ওপৰত ভিত্তি কৰি 'কয়লা'কবিতা সৃষ্টি কৰিছে -----
কয়লা
মোৰ ভগ্ন অভীপ্সাৰ ক'লা ক'লা দাগ
অন্তৰৰ ৰঙা শোণিতৰ পৰিচিত যেন
মৰি যোৱা নিষ্ক্ৰিয় যাতনা ।
সিহঁত মোৰ বৰ আপোন
সিহঁতে মোৰ বাঢ়ি গঢ়ি তোলে
এটা সভ্যতাৰ সুকীয়া সংস্কাৰ। ( কয়লা - অমূল্য বৰুৱা)
ত্ৰিশৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া কবি হৈছে ধীৰেন্দ্ৰনাথ দত্ত। ১৯৩৯ চনত 'মিলন' আলোচনীত প্ৰকাশিত দত্তৰ 'কাঠমিস্ত্ৰীৰ ঘৰ' এটি বহু চৰ্চিত কবিতা। দত্তৰ কবিতাতে প্ৰথমে শ্ৰেণী চেতনাৰ প্ৰকাশ আৰু শ্ৰেণী সংগ্ৰামৰ আহ্বান শুনিবলৈ পোৱা যায়। এইজন কবি আছিল মনে-প্ৰাণে বিপ্লৱী। সাম্যবাদী চিন্তাধাৰাৰ পৰা ওলোৱা তেওঁৰ কবিতাসমূহত বিপ্লৱৰ ফিৰিঙতি উফৰি পৰা দেখা যায়। কৃষক, বনুৱা আদি শ্ৰমজীৱী লোকে কেনেকৈ আনৰ ভঁৰাল ভৰাই নিজে উপবাসে আছে আৰু সংসাৰৰ সকলো বিষ নিজে গ্ৰহণ কৰি নীলকণ্ঠ হৈ আছে, সেই কথা অন্তৰেৰে অনুভৱ কৰিছে কবি দত্তই।
তেওঁৰ 'কাঠমিস্ত্ৰীৰ ঘৰ'নামৰ কবিতাটো অসমীয়া প্ৰগতিবাদী কবিতাৰ ভিতৰত অন্যতম। কবিতাটোত নিষ্পেষিতসকলক নিজ অধিকাৰৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনোৱা হৈছে -----
" উঠা মিস্ত্ৰী,কঁহাৰ কমাৰ/আন্ধাৰত শেষ আহিল তোমাৰ
লোৱা অধিকাৰ নিজ বলে/নিজে কৰা কৰ্মৰ/কাঠমিস্ত্ৰী ঘৰ ।"
আধুনিক অসমীয়া কবিতালৈ নতুনৰ বাৰ্তা কঢ়িয়াই অনা কবি হেম বৰুৱাই চল্লিছৰ দশকৰ পৰাই কাব্য জীৱন আৰম্ভ কৰে।'জয়ন্তী'ৰ পাতত প্ৰগতিবাদী ভাৱধাৰাৰে কবিতা লিখি পৰৱৰ্তীকালত আধুনিক অসমীয়া কবিতাৰ ভেটি নিৰ্মাণত আগশাৰীৰ ভূমিকা গ্ৰহণ কৰা এইগৰাকী কবিক আধুনিক অসমীয়া কবিতাৰ জন্মদাতা বুলিও কোৱা হয়।'জয়ন্তী'ত প্ৰকাশিত প্ৰথমটো কবিতা 'পূজা'ত জনতাৰ দুখ-যন্ত্ৰণাৰ ছবি আঁকি সমাজ সচেতনতাৰ পৰিচয় দাঙি ধৰিছিল। তেওঁৰ কবিতাত শ্ৰেণী বৈষম্যৰ কদৰ্য ৰূপৰ লগতে দৰিদ্ৰ জনতাৰ দুখ আৰু সংগ্ৰামৰ ছবি দেখা যায়। সমাজৰ ছোটলোকৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ পাইছে 'পূজা' কবিতাত -----
" আমি মাৰিছোঁ চকু কণা হোৱা
বাটৰ ধূলি খাই।
ৰাস্তাৰ দাঁতিৰ ধূলিৰে ভৰা লেম্প-পষ্টটোৰ
দশাই আমাৰ ছোটলোকৰ দশা । ( পূজা - হেম বৰুৱা)
মাৰ্ক্সীয় দৰ্শনে উদ্বুদ্ধ কৰা এজন কবি হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কম সংখ্যক কবিতাৰ মাজতে তেওঁৰ আশাবাদী প্ৰাণৰ প্ৰকাশ ফুটি উঠিছে। ৰামধেনু সম্পাদনাৰ গুৰু দায়িত্ব পালনেৰে অসমীয়া সাহিত্যক আধুনিকতাৰ শীৰ্ষত স্থাপন কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাৰ সংখ্যা সীমিত। ' বিষ্ণুৰাভা এতিয়া কিমান ৰাতি ' কবিতাটিত বন্দী শিল্পী প্ৰাণৰ প্ৰতি থকা জনতাৰ হেঁপাহ এনেদৰে ফুটি উঠিছে -----
"তুমি য'ত আছা, সৰু কাৰাগাৰ,
থিয় একেখনি ইটাৰ দেৱাল।
আমি য'ত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা।
তোমাৰ আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই,
হিয়া-হালধিৰে দেহ মনধুই
আমি গোট কাম
নৱজীৱনৰ পুৱা ।
চল্লিছৰ দশকত 'জয়ন্তী'ত 'চোৰৰ কৈফিয়ৎ ', 'তেওঁ আৰু মই' আদি কবিতাৰে আত্ম প্ৰকাশ কৰা মাৰ্ক্সবাদী চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত কবি কেশৱ মহন্তই অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটোলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে। তেওঁ কবিতাৰ সোনজীৰা মাহী যেন মানুহৰ ভিতৰৰ সত্তাটোৰ পৰিচায়ক।তেজক পানী কৰি খেতি কৰিও পেত ভৰাই খাবলৈ নোপোৱা মাহীজনীৰ ওপৰত আছে সকলোৰে বাবে শুভ চিন্তা। মুদূৰ কংগোৰ পেট্ৰিচ লুমুম্বাৰ নামো নুশুনা মাহীয়ে লুমুম্বাৰ মৰা পোনাটিৰ বাতৰি শুনি ভাৱে -----
" কোন এই মৰা কেচুৱাটি ?
কোন তাৰ মাক ? তাৰ পিতাকেই বা কোন ?
জানোৱা সিহঁতো মোৰো কোনোবা আপোন!"
( সোনজীৰ মাহীৰ নাড়ি)
প্ৰগতিবাদী ধাৰাটোত বহুতো ভাল কবিৰ কলমেৰে হাত বুলাই সমৃদ্ধিশালী কৰি তুলিছিল। তাৰ ভিতৰত ৰবীন্দ্ৰ সৰকাৰ,অৱনী চক্ৰৱৰ্তী,পুণ্ডৰীকাক্ষ ভঁৰালী, জ্ঞান পূজাৰী, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, ৰফিকুল হুছেইন,সনন্ত তাঁতী, সমীৰ তাঁতী,ৰাজু বৰুৱা আদি । সাম্প্ৰতিক কালটো এই ধাৰাৰ কবিতাৰ এটি সুঁতি প্ৰবাহিত হোৱা দেখা যায়।
এনেদৰে পৰৱৰ্তী আলোচনী কেন্দ্ৰিক অসমীয়া কাব্য সাহিত্যৰ ধাৰাটো কবিৰ প্ৰাণৰ সংস্পৰ্শত ম্ৰিয়মান হৈ উঠিল। বিশেষকৈ প্ৰগতিবাদী কবিসকলে প্ৰগতিশীল উদ্দ্যেমিতাৰে অসমীয়া প্ৰগতিশীল কবিতাৰ ধাৰাটো আগবঢ়াই নিলে ।
মধুমইনা মৰাণ