কুন্দা আতা থান:ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহচক্ৰৰ অন্তৰ্গত ৰহমৰীয়া অঞ্চলৰ বগৰীতলীয়া গাঁৱত অৱস্থিত, তথা সকলোৰে পৰিচিত এখন অতি পুৰণি থান হৈছে-কুন্দা আতা থান।

পৰিচয় সম্পাদনা কৰক

শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ পৰিনাতি অষ্টভুজদেৱৰ পুত্ৰ শব্দভুজ ওৰফে গাগিনী গোসাঁইৰ পুত্ৰ হৈছে এই কুন্দা আতা।এখেতৰ আন এটা নাম হৈছে লাইমন।কথিত মতে জনা যায় যে এখেতে বগৰীতলীয়া সত্ৰৰ প্ৰতিষ্ঠাপক ৰঙা চৰণ গোসাঁইৰ ওচৰত ভক্তি শিক্ষা গ্ৰহণ কৰিছিল।আন এক কথিত মতে আকৌ লাইমন আৰু ৰঙাচৰণ গোঁসাই দুয়োজনে অষ্টভুজ দেৱৰ ওচৰত ধৰ্ম শিক্ষা লোৱা সতীৰ্থহে।

ইতিহাস সম্পাদনা কৰক

ৰঙাচৰণ গোসাঁইৰ দুজন পুত্ৰ আছিল।তেওঁৰ দুয়োজন পুত্ৰ নাবালক হৈ থকাৰ অৱস্থাতে মৃত্যু হোৱাৰ কাৰণে সত্ৰৰ দায়িত্ব কুন্দা আতা দেৱকে অৰ্পন কৰা হৈছিল।জনশ্ৰুতি মতে ১৮১৯ চনৰ শুক্লপক্ষ তৃতীয় ৰবিবাৰে এই কুণ্ডা আতা দেৱে ইচ্ছা মৃত্যু কৰিছিল। মৃত্যুৰ পিছত যিখিনি ঠাইত তেখেতক সমাধি দিয়া হল সেই সমাধিস্থলতেই পৰৱৰ্তী সময়ত তেখেতৰ নামেৰে নামাংকৃত কৰি এই পবিত্ৰ থান নিৰ্মান কৰা হল।

বিশেষত্ব সম্পাদনা কৰক

থান খনৰ এটা মনকৰিবলগীয়া বিশেষত্ব হল-তাত এটা ঔষধি গুণযুক্ত কুঁৱা আছে।যিটো কুঁৱা অতি বাম আৰু১২ মাহেই পানীৰে উপচি থকা দেখা যায়।জনশ্ৰুতিমতে এদিনাখন কুন্দা আতা দেৱৰ খুব পিঁয়াহ লাগিছিল আৰু ওচৰত পানী নোপোৱা কাৰণে মাটিত কোৰেৰে এচাব মৰাৰ পাছতে তাৰপৰা পানী ওলাই আহিছিল,যিখিনি আজিলৈকে শুকাই যোৱা নাই।এই পানী খিনিক সকলোৱে ঔষধ হিচাপে ব্যৱহাৰ কৰে আৰু সকলোৱে সেৱা সৎকাৰ কৰি এই পানীখিনি গ্ৰহণ কৰে।

সামৰণি সম্পাদনা কৰক

যিহেতু এই ধৰ্মস্থানৰ এক বিশেষ গুৰুত্ব আছে।সেই হিচাপে এই থানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য ভক্তপ্ৰাণলোকৰ আগমন হোৱা দেখা যায়।যদিও ১২ মাহেই থানলৈ ভক্তগণৰ সমাগম হৈ থাকে,তথাপি জানুৱাৰী পৰা এপ্ৰিল মাহৰ ভিতৰত অধিক সমাগম হোৱা পৰিলক্ষিত হয়।নিজৰ মনৰ আশা-আকাংক্ষা তথা মনৰ কামনা পূৰণৰ উদ্দেশ্যে থানলৈ বুলি ভক্ত সকল আহে।গতিকে এখন ভক্তিধৰ্মী ঠাই হিচাপে এই থানৰ বিশেষ গুৰুত্ব আছে।