ছৈখোৱাৰ বিখ্যাত কেঁচাখাইতীশাল সম্পাদনা কৰক

     শদিয়াৰ চাৰিশালৰ ভিতৰত এখন অন্যতম শাল হৈছে ছৈখোৱাৰ কেঁচাখাইতী শাল । এই শালখন অতি জাগ্ৰত আৰু ইতিহাস প্ৰসিদ্ধ ।  কেঁচাখাইতী দেৱী চুতীয়াসকলৰ উপাস্য দেৱী । শদিয়া একালত চুতীয়াসকলৰ ৰাজ্য আছিল। সেয়ে বৰ্তমানেও শদিয়াত কেঁচাখাইতী গোসানীক আৰাধ্য দেৱী হিচাপে পূজা - অৰ্চনা কৰা হয় । উজনিৰ এই বিখ্যাত কেঁচাখাইতী শালত পূৰ্বতে নৰবলি দিয়াৰ প্ৰথা আছিল । বৰ্তমান ইয়াত ছাগলী, হাহ, পাৰ আদি বলি দি পূজা আগবঢ়োৱা হয় ।
    ছৈখোৱা টাউনৰ সমীপত ব্ৰক্ষ্মপুত্ৰ নদীৰ সিপাৰে শদিয়াৰ বিপৰীতে অৱস্থিত এই কেঁচাখাইতী শালত পূৰ্বৰ নিয়ম অনুসৰি বছৰেকত চাৰি ভাগ পূজা আগবঢ়োৱা হয় । 
  প্ৰথম ভাগ পূজা - বহাগ মাহত
  দ্বিতীয় ভাগ পূজা - কাতি মাহত
  তৃতীয় ভাগ পূজা - আঘোণ মাহত
  চতুৰ্থ ভাগ পূজা- মাঘ মাহত
  এই তিনি ভাগ পূজাৰ সময়ত শালৰ মূল মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় আৰু দেউৰী- চুতীয়া পূজাৰীৰ হাতেৰে পূজা ভাগ আৰম্ভ কৰা হয় । আঘোণ মাহৰ প্ৰথম ৰবিবাৰে হোৱা পূজা ভাগক বাবু পূজা বুলি কোৱা হয় । এই পূজা ভাগ বাগানৰ বাবুসকলে দি অহা বাবে পাছলৈ বাবু পূজা নামেৰে জনাজাত হ'ল । বাবু পূজাৰ সময়ত শাললৈ দূৰ - দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে । 
   অতীজৰে পৰা অতি ফলদায়ক বুলি বিশ্বাস কৰি অহা কেঁচাখাইতী শালৰ বাবু পূজাৰ ভক্তৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে ।

ছৈখোৱাৰ বিখ্যাত কেঁচাখাইতীশাল সম্পাদনা কৰক

     শদিয়াৰ চাৰিশালৰ ভিতৰত এখন অন্যতম শাল হৈছে ছৈখোৱাৰ কেঁচাখাইতী শাল । এই শালখন অতি জাগ্ৰত আৰু ইতিহাস প্ৰসিদ্ধ ।  কেঁচাখাইতী দেৱী চুতীয়াসকলৰ উপাস্য দেৱী । শদিয়া একালত চুতীয়াসকলৰ ৰাজ্য আছিল। সেয়ে বৰ্তমানেও শদিয়াত কেঁচাখাইতী গোসানীক আৰাধ্য দেৱী হিচাপে পূজা - অৰ্চনা কৰা হয় । উজনিৰ এই বিখ্যাত কেঁচাখাইতী শালত পূৰ্বতে নৰবলি দিয়াৰ প্ৰথা আছিল । বৰ্তমান ইয়াত ছাগলী, হাহ, পাৰ আদি বলি দি পূজা আগবঢ়োৱা হয় ।
    ছৈখোৱা টাউনৰ সমীপত ব্ৰক্ষ্মপুত্ৰ নদীৰ সিপাৰে শদিয়াৰ বিপৰীতে অৱস্থিত এই কেঁচাখাইতী শালত পূৰ্বৰ নিয়ম অনুসৰি বছৰেকত চাৰি ভাগ পূজা আগবঢ়োৱা হয় । 
  প্ৰথম ভাগ পূজা - বহাগ মাহত
  দ্বিতীয় ভাগ পূজা - কাতি মাহত
  তৃতীয় ভাগ পূজা - আঘোণ মাহত
  চতুৰ্থ ভাগ পূজা- মাঘ মাহত
  এই চাৰি ভাগ পূজাৰ সময়ত শালৰ মূল মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় আৰু দেউৰী- চুতীয়া পূজাৰীৰ হাতেৰে পূজা ভাগ আৰম্ভ কৰা হয় । আঘোণ মাহৰ প্ৰথম ৰবিবাৰে হোৱা পূজা ভাগক বাবু পূজা বুলি কোৱা হয় । এই পূজা ভাগ বাগানৰ বাবুসকলে দি অহা বাবে পাছলৈ বাবু পূজা নামেৰে জনাজাত হ'ল । বাবু পূজাৰ সময়ত শাললৈ দূৰ - দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে । 
   অতীজৰে পৰা অতি ফলদায়ক বুলি বিশ্বাস কৰি অহা কেঁচাখাইতী শালৰ বাবু পূজাৰ ভক্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।