মৃদুল কুমাৰ সন্দিকৈঃ মৃদুল কুমাৰ সন্দিকৈ অসমীয়া সাহিত্যত এটা জনপ্ৰিয় নাম। কেইবাখনো গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা সন্দিকৈৰ গ্ৰন্থসমূহ পাঠক সমাজৰ মাজত বিশেষভাৱে চৰ্চিত। তেওঁৰ লিখনিত আছে যুক্তি আৰু তথ্যৰ প্ৰয়োভৰ। সাংবাদিকতাৰ সৈতেও জড়িত মৃদুল কুমাৰ সন্দিকৈৰ 'কেনে আছে তেওঁলোক' আছাম টকছ নামৰ নিউজ চেনেলটোত সম্প্ৰচাৰিত এক অতি জনপ্ৰিয় অনুষ্ঠান আছিল। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ প্ৰতিষ্ঠিত বহু লোকৰ পৰিয়ালৰ খবৰ সংগ্ৰহ কৰিছিল। সৌৰভ কুমাৰ চলিহা, মহেন্দ্ৰ বৰা, মহানন্দ মজুমদাৰ বৰুৱা, ৰিদিপ দত্ত, থানেশ্বৰ বড়ো, আইদেউ সন্দিকৈ আদি লোকসকলৰ পৰিয়ালৰ জীৱনগাঁথা তেওঁ তুলি ধৰিছিল। যি সকল নতুন লেখকে সাহিত্যৰ ক্ষেত্ৰত ব্যতিক্ৰম ধাৰাৰে শক্তিশালী ৰূপত কলম চলাইছিল তাৰ ভিতৰত সন্দিকৈ আছিল অন্যতম। ASSAM 111 (talk) 11:37, 18 June 2019 (UTC)

জন্মঃ ১৯৭৯চনৰ ২৫ ডিচেম্বৰত মৃদুল কুমাৰ সন্দিকৈৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চৈগুৰি নামৰ গাঁৱত। তেওঁৰ পিতৃৰ নাম ডিম্বেশ্বৰ সন্দিকৈ আৰু মাতৃৰ নাম দিনেশ্বৰী সন্দিকৈ।

শিক্ষাঃ চৈগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা মৃদুল কুমাৰ সন্দিকৈয়ে পশ্চিম মাছখোৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি ঢকুৱাখনা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক মৃদুল কুমাৰ সন্দিকৈয়ে পৰৱৰ্তী সময়ত সাংবাদিকতাৰো শিক্ষা গ্ৰহণ কৰে।

বৃত্তিঃ মৃদুল কুমাৰ সন্দিকৈয়ে দৈনিক জনসাধাৰণত উপসম্পাদক ৰূপে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত কিছুদিন জনমভূমিত কাম কৰিছিল। তাৰপাছত এখন মাহেকীয়া আলোচনীত কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব লোৱা মৃদুল কুমাৰ সন্দিকৈয়ে পৰৱৰ্তী সময়ত 'পটভূমি' নামৰ আলোচনীখনৰ সৈতে জড়িত হৈ পৰে। তাৰ পাছত অসম আৰক্ষীক লৈ প্ৰকাশ কৰা আৰক্ষী বিষয়ক আলোচনী 'আৰক্ষীৰ পৃথিৱী'ৰ কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এই আলোচনীখনৰ মুখ্য সম্পাদক আছিল ভাস্কৰজ্যোতি মহন্ত। ছপা মাধ্যমৰ পৰা তেতিয়া ৰ'জ ভেলীয়ে ৰাজ্যত আৰম্ভ কৰা 'নিউজ টাইম অসম'ত যোগ দিয়ে সন্দিকৈয়ে। এই বাতৰি চেনেলটোত কাম কাৰ পাছতেই তেওঁ পুনৰ দৈনিক জনসাধাৰণ দেওবৰীয়া আলোচনী 'ইত্যাদি'ৰ সম্পাদনৰ দায়িত্ব লয়। তাৰপাছত তেওঁ যোগ দিয়ে আছাম টকছ নামৰ বাতৰি চেনেলটোত। সেই চেনেলটোত কেইবছৰমান কাম কৰাৰ পাছত তেওঁ ২০১৮চনত ৰাজ্যৰ সৰ্বাধিক প্ৰচলিত কাকত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত যোগদান কৰে। অসমৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথমটো ডিজিটেল সংস্কৰণত কাম-কাজ চোৱাচিতা কৰাৰ দায়িত্ব লৈছিল সন্দিকৈয়ে।

সাহিত্য চৰ্চাঃ অসমৰ প্ৰায়বোৰ কাকত, আলোচনীৰ নিয়মীয়া লেখক আছিল মৃদুল কুমাৰ সন্দিকৈ। গৰিয়সী, প্ৰান্তিকৰ পৰা আৰম্ভ কৰি বিস্ময়, সাতসৰী, নন্দিনী, দৈনিক জনমভূমি, অসমীয়া খবৰ, অগ্ৰদূত, হিয়া, বিনোদন, অসমীয়া প্ৰতিদিন, সম্ভাৰ আদিত নিয়মীয়াকৈ লেখা-মেলা কৰিছিল সন্দিকৈয়ে। এই কাকত-আলোচনীবোৰত তেওঁ লিখা লিখনীৰ সংখ্যা ৫ সহস্ৰাধিকৰো অধিক হ'ব। সাহিত্যৰ সকলো ক্ষেত্ৰতেই চৰ্চা কৰা সন্দিকৈয়ে পৰৱৰ্তী সময়ত তথ্য সমৃদ্ধ লিখনীত মনোনিবেশ কৰে। কবিতাৰে সাহিত্য জগতত ভৰি দিয়া সন্দিকৈ আছিল অসমীয়া সাহিত্যৰ অন্যতম প্ৰতিশ্ৰুতি সম্পন্ন কবি। অৱশ্যে পিছলৈ তেওঁ কবিতা চৰ্চা বাদ দি প্ৰবন্ধ আৰু আন লেখা-মেলাত মনোনিবেশ কৰে।

বঁটা-সন্মানঃ মৃদুল কুমাৰ সন্দিকৈক পেনছ লণ্ডনে আগবঢ়াইছিল সংঘৰ্ষজৰ্জ অঞ্চলত সাংবাদিকতাক লৈ অধ্যয়নৰ বাবে এক বিশেষ ফেলশ্বিপ। অসম সাহিত্য সন্মিলনীয়ে প্ৰদান কৰা প্ৰথমটো যুৱ সাহিত্যিকৰ বঁটা লাভ কৰিছিল মৃদুল কুমাৰ সন্দিকৈয়ে। গিৰীন চন্দ্ৰ গগৈ সোঁৱৰণি বঁটাও লাভ কৰিছিল সন্দিকৈয়ে। লখিমপুৰৰ পৰা প্ৰকাশিত 'নতুন সুৰে' তেওঁক যুৱ সাহিত্য বঁটাৰে সন্মানিত কৰিছিল। ২০১৯চনত অসম লেখিকা সন্থাৰ গুৱাহাটী শাখাই তেওঁক সেই বৰ্ষটোত বিশেষভাৱে ৰাজ্যখনলৈ অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত স্থান দি সম্বৰ্ধনা জনাইছিল। ৰিপৰ্টাৰ নামৰ আলোচনীখনে প্ৰকাশ কৰা এক সংখ্যাত অসমৰ ১০জন বিতৰ্কিত লেখকৰ তালিকাত স্থান দিছিল মৃদুল কুমাৰ সন্দিকৈক। সেই তালিকাত স্থান পোৱা আনসকল সাহিত্যিক আছিল- হোমেন বৰগোঁহাঞি, ইছমাইল হুছেইন, প্ৰণৱ কুমাৰ বৰ্মন, ময়ূৰ বৰা আদি।

মৃদুল কুমাৰ সন্দিকৈৰ গ্ৰন্থৰাজিঃ মৃদুল কুমাৰ সন্দিকৈৰ উল্লেখযোগ্য গ্ৰন্থ সমূহৰ ভিতৰত কেইখনমান বিশেষ গ্ৰন্থ হ'ল- ১. হোমেন বৰগোঁহাঞি বিতৰ্ক আৰু সাহিত্য। ২. সাহিত্য সভা কাৰ? ৩. ব্ৰেকিং নিউজ। ৪. মুখ্যমন্ত্ৰীৰ সমীপেষু। ৫. আন্না হাজাৰেৰ কাষত ইমান মানুহ কিয়? ৬. বলুকাত বিয়লি বেলা। ৭. ৰাজনীতি। ৮. স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা। ৯. হাফ বয়ফ্ৰেণ্ড। ১০. কৃষ্ণচূড়া নুফুলে আৰু। ১১. পথ সুৰক্ষাঃ যান-বাহন নিয়ন্ত্ৰণ আৰু আৰক্ষী। ১২. স্পৰ্শ। ১৩. আলাপ, বিলাপ, সংলাপ। ১৪. ডামিনী আদি।

বিতৰ্কঃ মৃদুল কুমাৰ সন্দিকৈয়ে ৰচনা কৰা 'হোমেন বৰগোঁহাঞিৰ বিতৰ্ক আৰু সাহিত্য' গ্ৰন্থখনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰায় চাৰিটা সংস্কৰণ প্ৰকাশ হোৱা এই গ্ৰন্থখনত জীৱিতকালতেই হোমেন বৰগোঁহাঞিক একপ্ৰকাৰে প্ৰত্যাহ্বান জনাইছিল মৃদুল কুমাৰ সন্দিকৈয়ে। প্ৰায় ১৪ বছৰ অধ্যয়ন আৰু তথ্য সংগ্ৰহেৰে ৰচনা কৰা এই গ্ৰন্থখনত হোমেন বৰগোঁহাঞিক বহু প্ৰশ্নৰ সন্মুখীন হ'বলৈ বাধ্য কৰাইছিল লিখকে। কিন্তু সেই প্ৰশ্নসমূহৰ উত্তৰ নিদি নিমাতে থাকিল হোমেন বৰগোঁহাঞি।