তিতাবৰস্থিত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ তথা সাহিত্য বঁ‌টা প্ৰাপ্ত শ্ৰী ভৱকান্ত দেৱ গোস্বামীৰ এক চমু পৰিচয়

           তিতাবৰস্থিত শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ভৱকান্ত গোস্বামীদেৱৰ জন্ম হৈছিল ১৯৪১ চনৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিৰ দিনা নগাঁ‌ৱৰ শ্ৰীশ্ৰী এলেঙী বালি সত্ৰৰ গধৰীয়া গাঁ‌ৱত।  তেখেতৰ দেউতাকৰ নাম আছিল স্বৰ্গীয় ঘনকান্ত অধিকাৰ  আৰু মাতৃৰ নাম আছিল বৰ আই দেৱী ।  মাত্ৰ পাঁ‌চ বছৰ বয়সতে মাকৰ মৃত্যু হোৱাত তেখেতে দেউতাকৰ ছত্ৰ ছায়াতে থাকি ডাঙৰ-দীঘল হৈছিল ।
              প্ৰাইমেৰী আৰু মধ্য ইংৰাজী শিক্ষা সমাপ্ত কৰি সত্ৰাধিকাৰ প্ৰভুয়ে  ১৯৫৪ চনৰ শাওন মাহত প্ৰথমবাৰৰ বাৱে শ্ৰীশ্ৰী কমলাবাৰী (মাজুলী)   সত্ৰত ভৰি থৈছিল ।  সত্ৰলৈ অহা পাছতেই তেখেতৰ পিতৃৰ পৰলোকপ্ৰাপ্তি হ'ল । সেই সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ১৩ বছৰ ।  
                     ভৱকান্ত দেৱ গোস্বামীয়ে ১৯৬৬ চনত মাত্ৰ ২৩ বছৰ বয়সতে মাজুলী স্থিত কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰিছিল।
          ১৯৭৪ চনত  মাজুলীত বান আৰু গৰাখহনীয়াই প্ৰলয়ৰ সৃষ্টি কৰিছিল আৰু নদীয়ে গৰা খহাবলৈ আৰম্ভ কৰিলে । যাৰ ফলত বান বিধস্ত লোকসকলে তিতাবৰৰ শিলিখাৰী, মহিমাবাৰী, গোপালপুৰ আদি অঞ্চললৈ আহি  বসতি স্থাপন কৰিলে   আৰু মাজুলীস্থিত কমলাবাৰী সত্ৰৰ এটা ভাগ সত্ৰৰ ভকত সকলৰ আপ্ৰাণ চেষ্টাত তিতাবৰলৈ স্থানান্তৰ কৰিলে । আৰুব অৱশেষত  ১৯৭৫ চনৰ মাঘ মাহৰ ৬ তাৰিখে তিতাবৰত  শ্ৰীশ্ৰী কমলাবাৰী সত্ৰ স্থায়ীভাৱে প্ৰতিষ্ঠা হ'ল । 
          ১৯৬৬ চনৰ পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ কাল যাত্ৰাত তেখেতে বহুতো  সমাজ সেৱা , সাহিত্য চৰ্চা লগতে গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ চৰ্চাও অব্যাহত ৰাখিছে লগতে নতুন প্ৰজন্মকো  সত্ৰীয়া নৃত্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ শিকোৱাৰ লগতে নৃত্য চৰ্চাৰ বাবে একোখন  মঞ্চ  প্ৰদান কৰিছে ।