" সময়ৰ বেঙুনীয়া পাত "

কবি :- অংকুৰজ্যোতি বুঢ়াগোহাঁই

কাঁইটীয়া জোপোহাত জোনাক নামে

কাৰ বাবেনো তেজীমলাই

আজিও বাট চাই থাকে ?

অলপ পাছতেই শুকান পথাৰত

তৰাবোৰে টঙিঘৰ সাজিব

হালধীয়া পাতৰ মাজেৰে

মৌ-পিয়াজনীয়ে জুমি জুমি চাব ।

শুনিছো কৃষকৰ জালিকটা ছালেৰে

ব'হাগ আহে ,

দেখিছো নদীৰ দুয়োপাৰ

বগা চাদৰেৰে ঢাকে ।

বহু উজাগৰী নিশাৰ

অলেখ কাহিনী,

নিশাৰ প্ৰহৰীৰ ডেউকাত

থেকেৰা ফুলেৰে লিখা থাকে...।