লোকসংস্কৃতিৰ কাৰ্যকাৰণ / প্ৰকাৰ্যতত্ত্ব/ প্ৰকাৰ্যবাদ

          লোকসংস্কৃতিৰ প্ৰকাৰ্যতত্ত্ব সম্পৰ্কীয় চিন্তা চৰ্চাবোৰ ঊনৈশ শতিকাত আৰম্ভ হয় । লোকসংস্কৃতি প্ৰকাৰ্য তত্ত্বৰ উদ্দেশ্য হ'ল লোকসংস্কৃতিয়ে সমাজত কোনবোৰ কাৰ্য সাধন কৰে তাৰ বিচাৰ বিশ্লেষণ কৰা ।

         লোকসংস্কৃতিৰ প্ৰকাৰ্য তত্ত্ব বা কাৰ্যকাৰণক চৰ্চালৈ অনাত যিসকল লোকসংস্কৃতিবিদ আছিল তেওঁলোক নৃতাত্বিক লোকসংস্কৃতিবিদ আছিল । নৃতাত্বিক লোকসংস্কৃতিবিদসকলে লোক সংস্কৃতিত এই তত্বটোৰ অৰ্থাৎ প্ৰকাৰ্য তত্ত্বৰ পোষকতা কৰাৰ বাবে বহুতে এই তত্বটোক নৃতাত্বিক তত্ত্ব বুলি ক'ব খোজে ।লোকসংস্কৃতিৰ ক্ষেত্ৰত কাৰ্যকাৰিতা তত্ত্বৰ প্ৰতিষ্ঠা কৰা ব্যক্তি দুজন হ'ল

             1. এ আৰ ৰেডক্লিফ ব্ৰাউন

                ( A .R Redcliffe Brown )

             2. ব্ৰনিছল মেলিনৱক্সি

                ( Bronislaw Malinowskis)

           A . R. Redcliffe Brown এ মূলতঃ সামাজিক গাঁথনিক জৈৱিক গাঁথনি হিচাপে ব্যৱহাৰ কৰিছিল । তেওঁ মানুহৰ শৰীৰৰ গঠনৰ সৈতে সমাজখনক যুগসূত্ৰ কৰিছিল । তেওঁ কৈছিল যে " এজন মানুহৰ জীৱন প্ৰক্ৰিয়াটো তেওঁ শৰীৰৰ অংগ বোৰৰ কাৰ্যকাৰিতাৰ ওপৰত নিৰ্ভৰ কৰে ।ঠিক একেদৰে এখন সমাজৰ ক্ষেত্ৰটো এটা জীৱন প্ৰক্ৰিয়া থাকে ।সেই সমাজখনৰ জীৱন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলি থাকিবলৈ সমাজৰ প্ৰতিটো অংগ‌ই সুচল ৰূপে কামবোৰ কৰিব লাগিব ।"সামাজিক অংগ বুলি ক‌ওঁতে তেওঁ লোকসংস্কৃতিৰ উপাদানবিলাক , সামাজিক সংগঠনবিলাক , আচাৰ ব্যৱহাৰ ইত্যাদি সকলোবোৰকে সামৰি লৈছিল ।এই দিশসমূহৰ বিষয়ে তেওঁ 1935 চনত " On the concept of function in social science " নামৰ এখন ৰচনাত উল্ল্যেখ কৰিছিল । এই ৰচনাখন প্ৰকাশ পাইছিল 'American Anthropologist 'নামৰ এখন আলোচনীত ।

       ইয়াৰ পিছতে মেলিনৱক্সিয়ে মানুহৰ ব্যক্তিগত প্ৰয়োজন সমূহক সামাজিক সমস্যাসমূহে কেনেকৈ সিদ্ধি কৰে সেই দিনটোৰ ওপৰত গুৰুত্ব দিছিল । তেওঁ আফ্ৰিকাৰ Trobian দ্বীপপুঞ্জ ৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল । Trobian দ্বীপপুঞ্জৰ লোকসংস্কৃতিৰ প্ৰকাৰ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধ্যয়ন কৰিছিল ।

      ইয়াৰ লগতে লোক সংস্কৃতিৰ কাৰ্যকাৰিতা তত্ত্বৰ বিষয়ে অধ্যয়ন কৰা আন এজন সংস্কৃতিবিদ হ'ল উইলিয়াম বেচকম ( William Bascom ) । তেওঁ মূলতঃ লোকসংস্কৃতি বিষয়ে চাৰিটা কথা কৈছিল ---

              ১. লোকসংস্কৃতিয়ে মানুহক শিক্ষিত কৰে ।

‌‌              ২.  বাস্তবৰ নানা সংশয় ,হতাশাৰ পৰা মুক্তি দিয়ে ।

              ৩. নৈতিকতা আচাৰ - ৰীতিক সুনিশ্চিত কৰাত লোকসংস্কৃতিৰ ভূমিকা আছে ।

              ৪. লোকসংস্কৃতিয়ে সামগ্ৰিকৰূপত লোকসংস্কৃতিক শক্তিশালী কৰি ৰাখে ।


তথ্যসূচী :

১. শৰ্মা ড° নবীন চন্দ্ৰ, অসমীয়া লোক সংস্কৃতিৰ আভাস , প্ৰথম প্ৰকাশ: ১৯৮৯,বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড পানবজাৰ , গুৱাহাটী: -৭৮১০০১

২.Brown A. R. Redcliffe - " On the concept of social science "