আহোম সম্প্রদায়ৰ বিবাহ অনুষ্ঠান: চকলং বিবাহ এক সামাজিক পদ্ধতি | দুটি আত্মাৰ মিলনৰ আনুষ্ঠানিক স্বীকৃতি হ’ল বিবাহ অনুষ্ঠান |আমাৰ সমাজত কেইবাপ্রকাৰৰ বিবাহ দেখা যায়, বৈদিক বিবাহ, গন্ধৰ্ব বিবাহ, ৰাক্ষস বিবাহ ইত্যাদি | ইয়াৰে বৈদিক বিবাহ সামাজিক মৰ্য্যদা পূৰ্ণ | বিভিন্ন জাতি-জনজাতিৰ বাবে বিবাহৰ ৰীতি নীতি বিভিন্ন হয় | বুৰঞ্জীয়ে পৰশা অসমত বসবাস কৰা আহোমসকলৰ বিবাহ অনুষ্ঠানু আনসকলতকৈ পৃথক | এই বিবাহ পদ্ধতিক চকলং বুলি জনা যায় | আদিতে এই চকলং বিবাহ কেৱল ৰজাঘৰীয়া বা তেনেধৰণৰ আদ্যৱন্ত আহোমসকলৰ মাজত দেখা গৈছিল যদিও বৰ্তমান প্রায় সকলো আহোম সম্প্রদায়ৰ লোকেই চকলং কৰা দেখা যায় | আগতে আজিকালিৰ দৰে কইনা ঘৰত চকলং অনুষ্ঠিত নহৈছিল বৰঞ্চ কইনাৰ পিতৃয়ে জোঁৱাই বৰণৰ সামগ্রীসহ দৰাঘৰলৈ গৈ চকলং প্রথাৰে কন্যাদান কৰিছিল | আজিকালি কইনাৰ ঘৰত অনুষ্ঠিত হোৱা চকলং অনুষ্ঠানত আহোমসকলৰ পিতৃপুৰুষ লেঙদন্ৰ পৰা আশীষ বিচৰা হয় | চকলং অনুষ্ঠানৰ বাবে বাবে সজা বেদী ৬ ইঞ্চি ওখ আৰু ৬৩ ইঞ্চি ব্যাসৰ হয় | বেদী সোমাজৰ চক্রৰ ব্যাস ৬ ইঞ্চি ৰাখি পাছৰ পৰিধিৰ ৰেখাবোৰ ৪ ইঞ্চি সমান্তৰাল ভাৱে অঁকা হয় | ৬ নং ঘৰৰ পাছত ওপৰঞ্চিকৈ ৩ইঞ্চি ৰখাৰ প্রয়োজন | তাৰ ওপৰত ১৬ ডাল দণ্ডী অঁকা হয় | ফলত ৯৬ টা সংগমস্থান অংকিত হয় | ইয়াকে মড়ল বুলি জনা যায় | চক্রবোৰত ক্রমান্বয়ে উল্লেখ কৰা অনুসৰি ৰঙ কৰা হয় | সোমাজত ৰক্তশ্যাম তেনেদৰে ক্রমান্বয়ে দূৰ্বাশ্যম,শ্যাম,গৌড়,ৰক্তগৌড়,গৌড় আৰু কৃষ্ণ | সোমাজৰ ৰক্তশ্যাম ৰঙে সকলো শক্তিৰ উৎস সূৰ্য্যক প্রতিনিধিত্ব কৰে | তেনেদৰে দূৰ্বাশ্যাম ৰঙে বুধ, শ্যাম ৰঙে শুক্র, গৌড় ৰঙে চন্দ্র আৰু বৃহস্পতি, ৰক্তগৌড় ৰঙে মঙ্গল আৰু কৃষ্ণ ৰঙে শনিক সূচায় | ৯৬টা সংগমস্থলত একোটাকৈ চাকি, একোটাকৈ তামোল-পান অথবা এখনকৈ থুৰীয়া তামোল আৰু মুদ্রা থোৱা হয় |সোমাজৰ চাকিটো ডাঙৰ | এই ডাঙৰ চাকিটো হ’ল সূৰ্য্য আৰু এই ডাঙৰ চাকিটোৰে শাখা আন ৯৬ টা চাকি স্থাপন কৰা হয় | সোমাজৰ চাকিটো পৰশা আঁচ চাৰিডালত ৪ টা চাকি বহুওৱা হয় পিতৃগুৰু লেঙদ্নক স্মৰণ কৰি | সৰ্বমুঠ চাকিৰ সংখ্যা হ’ল ১০১ | মড়লৰ চাৰিফালে চাৰিটা কলপুলি ৰুৱা হয় আৰু কলপুলিৰ পাত লগ লগাই আমডালি আঁৰি দিয়া হয় | চকলং বিবাহ অনুষ্ঠানত অৰ্চনাৰ বাবে প্রয়োজন হয় বগাফুল, আখৈ, আৰৈ চাউল, হুৰুম ইত্যাদি | এশ এটা বগা ফুলেৰে গঁথা দুডাল মালা, এখন হেংদান, এডাল টঙালি, দৰা বৰণৰ সাজ, বাপু বৰণৰ সাজ, দৰা ঘৰৰ পৰা গুৰুঘৰীয়া সাজ, নীলা মন ধৰা কাপোৰ নিতান্তই প্রয়োজনীয় | চকলং বিবাহ কেইবাদিনীয়াকৈ পতাৰ কথা বুৰঞ্জীত উল্লেখ আছে | সময় সাপেক্ষে এই অনুষ্ঠান সাতদিনীয়াকৈ, তিনিদীনিয়াকৈ অনুষ্ঠিত কৰা হয় | আন সম্প্রদায় বোৰৰ দৰে চকলং প্রথাটো বিয়াৰ আগদিনা গাঁঠিয়ন খুন্দাৰ নিয়ম| বিয়াৰ দিনা সবলদলে অহা দৰাক মাননী শৰায়ে কইনাঘৰীয়াই ৰভাৰ তললৈ আগবঢ়াই আনে | তেনেদৰে দৰাঘৰীয়াই তামোল পান আগবঢ়াই ছোৱালী খোজাৰ পাছতে আৰম্ভ হয় চকলঙৰ মূল কাৰ্য্যসূচী | চকলঙৰ কাৰ্য্যসূচীত কন্যাৰ কোলাত কানাই নিচুকুৱা(প্রজননৰ ইংগিত),বাপু বৰণ, দৰা বৰণ, কন্যাদান, যৌতুক সম্প্রদান আদি অনুষ্ঠিত হয় | সাজ-পোছাক, অলংকাৰ আদি আগবঢ়াই কন্যাদাতাই দৰা বৰণ কৰে | কন্যাদানৰ সময়ত কন্যাদাতাই কন্যাৰ সোঁহাতৰ বুঢ়া আঙুলি আৰু দৰাৰ সোঁহাতৰ বুঢ়া আঙুলি লগ লগাই কন্যা সম্প্রদান কৰে | দৰা কন্যা উভয়ে ১০১ পাহ ফুলৰ মালা ইজনে সিজনক পিন্ধাই দুয়ো দুয়োকে গ্রহণ কৰে | কন্যাই নিজৰ দেশ, পুত্র-পৰিয়াল আৰু সা-সম্পত্তি ৰক্ষাৰ অৰ্থে দৰাক হেংদান প্রদান কৰে | এনেদৰে আগবঢ়া চকলং প্রথা আঙুঠি সলোৱা, কড়ি খেল, কটাৰি সলোৱা, পঞ্চামৃত ভোজনেৰে সমাপ্ত হয় | ফুল চাউলেৰে ফ্রা না লোং জ্যোৰ্তিময় পূৰ্ণব্রহ্মক অৰ্চনাৰে আয়তীৰ মংগলময় উৰুলি ধ্বনিৰ মাজত চকলং প্রথাৰে দুটি আত্মাৰ শুভমিলন ঘটে ।

দেৱশ্ৰী বৰগোহাঁই, তেজপুৰ বিশ্ববিদ্যালয় (নাজিৰা)