প্ৰকৃতি সংৰক্ষণ আৰু মাজুলীৰ যুৱ প্ৰজন্মৰ প্ৰভাৱ।

                                    ✍️ভাস্কৰজ্যোতি কুটুম

                                         ফুলনি, মাজুলী

                                        

             সত্ৰ নগৰী, বৈষ্ণৱ ধৰ্মৰ পীঠস্থান, এটকা মহন্তৰ ঠাই, বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী। মাজুলী প্ৰাকৃতিক সৌন্দৰ্য্যৰ কাৰণে পৰিচিত। মাজুলীৰ  ম'হৰ দৈ, কাৱৈ,পুঠি, কলিহনা, ৰৌ- বৰালি শ'ল-শাল আদি মাছৰ কাৰনেও বিখ্যাত‌। কিন্তু সাম্প্ৰতিক সময়ত পৃথিৱীৰ জন-বিস্ফোৰণ সংঘটিত হৈছে। যাৰফলত পৃথিৱীৰ পৰা প্ৰকৃতিৰ নিঃশেষ হোৱাৰ দিশে গতি কৰিছে। জীৱ শ্ৰেষ্ঠ হিচাপে মানুহৰ মন আছে, চিন্তা কৰিব পৰা শক্তি আছে, পঞ্চ ইন্দ্ৰিয় জ্ঞান স্বত্বেও নিজ জ্ঞানৰ বলত বলীয়ান হৈ নিজৰ সুখ-সমৃদ্ধিৰ বিলাসৰ বাবে প্ৰকৃতি লুণ্ঠন কৰি আহিছে। মানুহে চিন্তা কৰি চোৱা নাই যে প্ৰকৃতিৰ সকলো জীৱ আৰু উদ্ভিদৰ সৈতে মানুহৰ সম্বন্ধ অতি নিবিড়। যিহেতু প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি আহিছে। কিন্তু মানুহৰ প্ৰকৃতি ধংশ কৰা অধিকাৰ নাই। তথাপিও মানুহৰ জনসংখ্যা প্ৰতিদিনে বাঢ়ি যোৱাৰ পৰিপেক্ষিতত ডাঙৰ ডাঙৰ বনাঞ্চল, পাহাৰ ভাঙি এক প্ৰকাৰে প্ৰকৃতিক অন্যায় কৰিছে বুলি ক'ব পাৰোঁ।

             সমগ্ৰ ভাৰতবৰ্ষত পৰিৱেশ সংৰক্ষণৰ বা সেউজীয়া পৃথিৱীৰ গঢ়াৰ নাম বৰ্তমান সময়ত এক নতুনত্ব দেখিবলৈ পাইছোঁ। কিয়নো সাম্প্ৰতিক সময়ত চৰকাৰী বা বেচৰকাৰী সভাবোৰত  বৃক্ষৰোপন কাৰ্যসূচী থকাটো স্বাভাৱিক হৈ পৰিছে। কিন্তু সভা ভাগি যোৱাৰ পাছত ই মূল্যহীন হৈ পৰে। সভাখনত লোৱা বৃক্ষৰোপন কাৰ্যসূচীবোৰত কমেও এজোপাৰ পৰা দহ জোপা পৰ্যন্ত গছ পুলি ৰোপন কৰা দেখিবলৈ পাওঁ। কিন্তু সভাত ৰোপন কৰা প্ৰায় গছ মৰি যোৱা পৰিলক্ষিত হয়। ইয়াৰ মূল কাৰণ হৈছে গছজোপাৰ পতিপালত অৱহেলিত কৰা।  কিয়নো এজোপা গছে নিজৰ শক্তিৰে জীয়াই থাকিবলৈ এক নিদিষ্ট বয়সৰ প্ৰয়োজন হয়। এই বছৰ কেইটিত গছজোপাক ভালদৰে আমি মানুহ হিচাপে পতিপালন কৰিব লাগে।  কিন্তু সভাখনত গছ জোপাক ৰোপন কৰাতে এজন ব্যক্তিয়ে নিজৰ দায়িত্ব  সমাপ্ত কৰে। সেয়ে গছ জোপা মৰি যোৱা দেখিবলৈ পাওঁ। পুনৰ একে ঠাইতে পিছৰ সভাতো বৃক্ষৰোপন কৰি ফটো তুলি সামাজিক মাধ্যম আদিত নিজকে প্ৰসাৰ কৰি আহিছে। কিন্তু এই ঠাইত আগতো এবাৰ নহয় বহু বাৰ বৃক্ষৰোপন কৰা হৈছিল। এইকথা জ্ঞাত হৈয়ো গছজোপা কি হ'ল বুলি প্ৰশ্ন  কৰিবলৈ কোনো এজন ব্যক্তিৰ আহৰি নাই। ইয়াৰ বিপৰীতে প্ৰকৃতি আৰু জীৱৰ সম্পৰ্ক কথা চিঞঁৰি চিঞঁৰি ভাষণ দিয়া পৰিলক্ষিত হয়। কাৰণ এই ভাষণ কেৱল এটা নিদিষ্ট সময়ৰ বাবেহে সীমাবদ্ধ থাকে। যাৰফলত আজি পৃথিৱীৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ।

           পৰিৱেশ সুৰক্ষা আৰু সেউজীয়া পৃথিৱী গঢ়াত যুৱ প্ৰজন্মক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে।  বৰ্তমান সময়ত  অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বিশ্ব পৰিৱেশ দিৱসৰ উপৰিও গাঁৱে- ভুঞেঁ বৃক্ষৰোপন কাৰ্যসুচী গ্ৰহণ কৰি সেউজীয়া পৃথিৱী গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি ক'ব পাৰোঁ। ইয়াৰ সমান্তৰালকৈ মাজুলীৰ কলাগুৰু উদীয়মান যুৱ মঞ্চ,আধ্যাত্মিক যুৱ সন্মিলন, টীম মাজুলীকে ধৰি যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত বেচৰকাৰী সংস্থা তথা অনুষ্ঠানে বৃক্ষৰোপন কৰাৰ উপৰিও তেওঁলোকে এটা নিদিষ্ট বছৰলৈ গছজোপাৰ প্ৰতিপালন কৰি আহিছে। তদুপৰি তেওঁলোকে গাঁৱে-ভুঞেঁ সজাগতামুলক সভা-সমিতি অনুষ্ঠিত কৰি প্ৰকৃতি আৰু জীৱৰ সম্পৰ্কৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উপৰিও বহুতো উন্নয়নমূলক কাম-কাজ কৰি আহিছে। যদিহে আজিৰ মাজুলীৰ লগতে সমগ্ৰ যুৱপ্ৰজন্মই এনেধৰণৰ কাৰ্য্যকলাপত গুৰুত্ব দিয়ে, তেতিয়া হ'লে সেউজীয়া মাজুলীৰ লগতে ধুনীয়া পৃথিৱী গঢ়াত এক অন্যন্য ৰূপ দিব বুলি আমাৰ দৃঢ় বিশ্বাস। তদুপৰি জীৱকুল পৃথিৱীত বিদেশী পশু-পক্ষীৰো নদীদ্বীপ মাজুলীলৈ পুনৰ আগমন ঘটিব বুলি ক'ব পাৰোঁ। কাৰণ মাজুলীৰ কেইবাখনো বিল ক্ৰমে দক্ষিণপাট-ঔডুবি অঞ্চলৰ মাগুৰমাৰী, ঘটাহোলা, বৰদলনি, ৰামবলিয়া, বৰবিলা আৰু উজনি মাজুলীৰ ৰূপহী বিল,ভকতি বিল,পশুৰাম, হাউলি বিল, চ'লা পথাৰ দলনি, পূৱ মাজুলীৰ পতিয়া বিল,খনি বিল,দুবৈতলী,ঔডুবি, ৰাৱণাপুখুৰী,কমলাবাৰীৰ দৰিয়া ডুবি,চাকুলী,ভেৰেকী বিল আদি চৰাইৰ বিচৰণ থলী।ভকতিদুৱাৰ অঞ্চলত অৱস্থিত চৰাইচোং পক্ষীৰ বাবে  নিৰাপদ আবাসস্থল বুলি গণ্য কৰিব পাৰি । কিয়নো চৰাইচোংত বিদেশী চৰাই সমূহৰ উপৰিও লক্ষ্মী ফেঁচা, কুৰুলী ফেঁচা, শিল কপৌ ,শালিকা, মইনা,ঢোৰা কাউৰী,পাতি কাউৰী,বাৰিশেন,কানকুৰিকা,ঘৰচিৰিকা,তিলকপৌ আদি দেখিবলৈ পোৱা যায়। যদিহে মাজুলীৰ লগতে অসমৰ যুৱপ্ৰজন্মৰ এনেধৰণৰ প্ৰকৃতিক সংক্ষৰণে সমাজৰ সমগ্ৰ পৃথিৱীক এক সুস্থ অক্সিজেন দিবলৈ সক্ষম হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস।  

                           ■★◆★■