Das Sanjeeb
শ্ৰীশ্ৰীঢাকুৰাপাৰা সত্ৰ (শ্ৰীশ্ৰীবংশীগোপাল ঢাকুৰাপাৰা সত্ৰ)
ধাকুৰাপাৰা সত্ৰঃ মহাপুৰুষ মাধৱদেৱে মথুৰা দাস মহামহন্ত বুঢ়া আতাক বৰপেটা সত্ৰৰ সত্ৰাধিকাৰৰ নির্মালি প্ৰদান কৰি দায়িত্ব অর্পণ কৰা কামৰূপৰ ৩০ (ত্রিশ) খন প্রাচীন সত্ৰৰ অন্যতম “ঢাকুৰাপাৰা সত্ৰ"। এবাৰ মাধৱদেৱ বৰপেটাৰ পৰা লৌহিত্যৰে উজাই আহি “ৰামসোঁতা”ৰ পাৰৰ প্ৰকাণ্ড অৰ্জুন গছ থকা ঘাট এটাত নাও বান্ধিছিল। মাধবদেৱ গুৰুজনা অর্জুন তলত নাও বান্ধি থকা সময়ত অগণন লোকে তেওঁৰ ওচৰলৈ আহি ভক্তি-ধৰ্মৰ মালা পিন্ধি নাম-কীৰ্ত্তন, নাট-ভাওনাত নিমগ্ন হয়। সেই কেইদিন দুই ককাই- ভায়ে কোৰ হাতত লৈ মাটি চহাই আছিল। তেওঁলোক গুৰুজনাৰ ওচৰলৈ নাহিল। মাধৱদেৱ গুৰুজনা তাৰ পৰা গুচি যোৱাত আৰ্যসকলৰ পৰা মহাপুৰুষজনাৰ গুণানুকীৰ্ত্তন শুনি মনত আঘাত পালে আৰু হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। পিছত দুয়োজনে নাম-ধৰ্মৰ সেৱক হৈ যি জানৰ পাৰত মাটি চাহ কৰি থাকি মাধৱদেৱৰ দৰ্শন নাপালে সেই ঠাইডোখৰতে নাম- প্ৰসঙ্গৰ কাৰণে এটি কীৰ্তন ঘৰ সাজি ওচৰৰ ভক্তবৃন্দসহ নাম-প্ৰসঙ্গত ব্যস্ত হ'ল। এই দুই ঢাকুৰাৰ নামেৰে এই সত্ৰ থকা চুবুৰীৰ নাম ঢাকুৰাপাৰা হয় আৰু এই সত্ৰখনৰ নাম ‘ঢাকুৰাপাৰা সত্ৰ' হয় ৷
অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত সত্ৰৰ সেৱকসকলৰ মাজত মনোমালিন্য হোৱাত মাটি-বাৰী, সা-সম্পত্তি দুভাগ হয়। বেছি সংখ্যক লোক থকা ফালটোৱে আগৰ সত্ৰৰ গাতে লাগি থকাকৈ কীৰ্ত্তন- ঘৰ নিৰ্মাণ কৰি সত্ৰখনৰ নাম দোচোৰা কৰিবলৈ ন বিগ্ৰহৰ নাম সংযোগ কৰি 'ঢাকুৰাপাৰা বংশী গোপাল সত্ৰ' ৰাখিলে আৰু আনখন সত্ৰৰ নাম হ'ল 'ঢাকুৰাপাৰা লাড়ুৱা গোপাল সত্ৰ'। সত্ৰৰ নামেৰে এখনত বাঁহী বজাই থকা আৰু আনখনত লাড়ু লৈ থকা কৃষ্ণৰ বিগ্ৰহ আছে।