ড০ বাৰীন্দ্ৰ দাস (জন্ম ১৯৭৮ চন, ১৬ মাৰ্চ), (ইংৰাজীঃ Dr Barindra Das), নৱ প্ৰজন্মৰ এজন অসমীয়া লেখক, শিক্ষক, গৱেষক, সমাজ সংগঠক, তথ্যচিত্ৰ নিৰ্মাতা। অসমীয়া সাহিত্যৰ প্ৰতি প্ৰৱল ধাউতি থকা দাসে সৰুৰে পৰাই সাহিত্যচৰ্চা কৰাৰ উপৰিও একাডেমিক বিদ্যা শিক্ষাৰ লগতে গৱেষণাৰ কামত বেছি মনোযোগ দি আহিছে। সম্প্ৰতি অসমৰ নৃগোষ্ঠী সমুহ আৰু পিছপৰা জাতি জনগোষ্ঠীৰ শৈক্ষিক উত্তৰণৰ দিশত গণ সজাগতা সৃষ্টিত আত্মনিয়োগ কৰি আছে। তেঁও সম্প্ৰতি অসমৰ ভূমিপুত্ৰ সকলৰ ইতিমধ্যেই হেৰাই যাব খোজা বুৰঞ্জী আৰু ভাৰতৰ প্ৰাচীন সভ্যতা সংস্কৃতিৰ ঐতিহ্য পৰম্পৰাৰ অধ্যয়নৰ লগতে সেই সমুহৰ লেখা মেলাত মনোনিবেশ কৰি আছে।

সম্পাদনা কৰক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দাসে কেন্দ্ৰীয় বিশ্ববিদ্যালয় শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ পৰা এম. ফিল. ডিগ্ৰী গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমৰ সামাজিক খণ্ডৰ উন্নয়নৰ ওপৰত গৱেষণা কৰি প. এইচ ডি. ডিগ্ৰী লাভ কৰে।

সম্পাদনা কৰক

কৰ্মক্ষেত্ৰঃ

সম্পাদনা কৰক

ডিব্ৰুগড় জ্যোতি বিদ্যাপীঠ হাইস্কুলত সহকাৰী প্ৰধান শিক্ষক হিচাপে যোগদান, তিনিচুকীয়াৰ লাইপুলিস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত প্ৰায় দুবছৰ শিক্ষকতা, আৰু সম্প্ৰতি চৰাইদেউ জিলাৰ বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জেষ্ঠ সহকাৰী অধ্যাপক হিছাপে কৰ্মৰত। প্ৰায় কুৰি খনতকৈয়ো অধিক ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা পত্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তত পাঠ, প্ৰায় দহখনতকৈয়ো অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত প্ৰকাশ কৰি অসমৰ গৱেষণা জগতখনলৈ বৰঙনি আগবঢ়াই আহিছে। তেখেত বৰ্তমান ভাৰতীয় অৰ্থনৈতিক সংস্থা, সদৌ অসম কবি সন্মিলন আদিৰ আজীৱন সদস্য, অসম সাহিত্য সভাৰ সুভানুধ্যায়ী সদস্য, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম কবি সন্মিলন, অসম সাহিত্য সভাৰ বিষয় ববীয়া ও সক্ৰিয় সদস্য । ডিব্ৰুগড় নগৰ কবি সন্মিলনৰ ২০১৩ চনৰ পৰা সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে।

সম্পাদনা কৰক

স্বীকৃতিঃ

সম্পাদনা কৰক
  1. "ৰজনী কান্ত গগৈ বঁটা-২০১৩-১৪", অসম সাহিত্য সভাই তেখেতৰ গ্ৰন্থ “ডায়েৰী পাতৰ পৰা”ক ২০১৩-১৪ বৰ্ষৰ বাবে ৰজনীকান্ত গগৈ বঁটা প্ৰদান কৰে।
  2. "কাব্য প্ৰাণ চুজাউদ্দিন আহমদ বঁটা ২০১৪" সদৌ অসম কবি সন্মিলনে অসমীয়া কাব্য জগতত আধ্যাত্মিক বা ধৰ্মীয় চিন্তা চেতনাক কবিতাৰ বিষয় বস্তু হিছাপে লৈ লিখা কাব্য গ্ৰন্থ “বুদ্ধ বৃক্ষক“ কাব্যপ্ৰাণ চুজাউদ্দিন বঁটা প্ৰদান কৰে।
  3. "শিক্ষাৰত্ন-২০২৩" ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা শিক্ষা ৰত্ন ২০২৩
  4. "বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰ বঁটা-২০২৩" অসম অনুসূচিত জাতি জনজাতি সংগঠন সমুহৰ সংগঠনৰ তৰফৰ পৰা বাবাচাহেব ড০ ভীমৰাও ৰামজী আম্বেদকাৰ বঁটা-২০২৩
  5. "সুভানুধ্যায়ী সভ্য"ৰ স্বীকৃতি-২০২৩, অসম সাহিত্য সভাই ২০২০-২০২২ বৰ্ষৰ ২৪-১২-২০২২ তাৰিখৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশনৰ সিদ্ধান্ত মৰ্মে অসম সাহিত্য সভাৰ সুভানুধ্যায়ী সদস্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
  6. "শিক্ষকতাত উৎকৃষ্টতাৰ পুৰস্কাৰ, ২০২৪" (Excellence in Teaching Award, 2024), অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই ২০২৪ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে।
  7. "আম্বেদকাৰ শৈক্ষিক বঁটা, ২০২৪", আম্বেদকাৰ ফাউণ্ডেচন অসমে ২০২৪ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে।

প্ৰকাশিত গ্ৰন্থঃ

সম্পাদনা কৰক
  1. ডায়েৰী পাতৰ পৰা(ব্যক্তিগত ৰচনা)
  2. বুদ্ধবৃক্ষ (কবিতা)
  3. অনুকাশ (সম্পাদনা)
  4. Ageing Population in Assam (Research based)
  5. ভাস্কৰ দ্য কলোচাছ (সম্পাদনা)
  6. ক'ভিডকালীন ভাৰতীয় অৰ্থনীতি (সম্পাদনা)
  7. পাঞ্চজন্য, গৱেষণামুলক আলোচনী(সম্পাদনা)
  8. সৰুফুল (সম্পাদনা, ত্ৰৈমাসিক আলোচনী
  9. গুস্তি(সম্পাদনা, আলহী গাঁৱৰ নামঘৰ উচৰ্গা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ, প্ৰকাশ ২০ফেব্ৰুৱাৰী, ২০২৪)