মটকজনগোষ্ঠীৰ নোৱাই তোলনি বিয়াত প্ৰচলিত নিয়মৰ কিছু আভাস' সম্পাদনা কৰক

      উত্তৰ পূৰ্বাঞ্চল নৃতাত্ত্বিকভাৱে এক ভৌগোলিক ক্ষেত্ৰ লগতে সাংস্কৃতিকভাৱেও এক সমৃদ্ধ অঞ্চল।অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ  নিজা নিজা ৰীতি -নীতিৰে  ভৰপূৰ স্বকীয় পৰম্পৰা আছে। গীত ,নৃত্য,লোকসাহিত্য,অন্যান্য সামাজিক আচাৰ অনুষ্ঠান,লোক বিশ্বাস,ভাষা আদিৰ জৰিয়তে কোনো এটা জনগোষ্ঠীয়ে  এককভাৱে এক স্বকীয় জাতীয় জীৱনকো সমৃদ্ধ কৰি ৰাখিছে।

         অসমৰ ভূমিপুত্রস্বৰূপ 'মটকসকল' মুখ্যতঃ অসমৰ পূৰ্বাঞ্চলৰ বাসিন্দা । বৰ্তমান ডিব্ৰুগড়, তিনিচুকীয়া জিলাতে মটকসকলৰ ঘাই বসতি যদিও শিৱসাগৰ,যোৰহাট,লখিমপুৰ,ধেমাজি,শোণিতপুৰ,নগাওঁ আদি জিলাতো মটকসকলৰ বসতি দেখিবলৈ পোৱা যায়।

  মটকজনগোষ্ঠীৰ কন্যা সন্তানে কন্যাকাল প্ৰাপ্তিৰ সময়ত পালন কৰা নীতি -নিয়ম সমূহৰ কিছু বিশেষত্ব আছে আৰু আমাৰ এই আলোচনাৰ যোগেদি এই নীতি-নিয়ম সমূহৰ কিঞ্চিত আভাস দাঙি ধৰিবলৈ যত্ন কৰা হৈছে।

          মটকজনগোষ্ঠীৰ বিভিন্ন উৎসৱ -পৰ্বসমূহৰ ভিতৰত তোলনি বিয়াৰ এক বিশেষ স্থান আছে।ছোৱালী পুষ্পিতা হোৱাত অনুষ্ঠিত হোৱা উৎসৱ এই তোলনি বিয়াৰ বিভিন্ন কৰ্ম ,ৰীতি-নীতি সমূহৰ যোগেদি জনজাতীয় লোকবিশ্বাস সমূহ সুন্দৰ ভাৱে প্ৰতিফলিত হোৱা দেখা যায়।কন্যাকাল হোৱাৰ লগে লগেই ওচৰ চুবুৰীয়া বয়সস্থ মহিলা আৰু আয়তীসকলক  মাতি অনা হয় আৰু কইনাক চুকত থোৱা পৰ্ব আৰম্ভ কৰা হয়। মতা মানুহ আৰু জন্তু আদিৰ দৃষ্টিৰ পৰা আঁতৰ কৰি এটা কোঠালিৰ পূৱ ফালে চুকত ৰখা হয় । ইয়াৰ পাছত মঙ্গল চোৱাবলৈ যায়, বিয়া কেইদিনীয়া হ'ব, কি যোগ পৰিছে,ব্ৰত আদিৰ নিয়ম। এই বিয়াত বিশেষকৈ চাৰিজনী  ছোৱালীৰ প্ৰয়োজন বেছি , তেওঁলোকৰ এজনীক টেকেলি লোৱা,এজনীক দুলনী লোৱা, পানী ছটিওৱা, বোকোচা লোৱা কামত নিয়োজিত কৰা হয়।সেইবাবে দহ -বাৰ জনীৰ ছোৱালীৰ  নাম লিখি মঙ্গল চোৱাবলৈ পঠিয়াই দিয়া হয় কিয়নো এই ছোৱালী কেইজনীৰ কইনাৰ সৈতে ৰাশিৰ মিল থাকিলেহে এই কামত নিয়োজিত হ'ব পাৰিব । এই বিয়া সাধাৰণতে  সাত, ন , এঘাৰ বা তেৰ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। চাৰিদিনৰ  গা ধুওৱা লৈকে কইনাক  ফল-মূল বা লঘূ আহাৰহে খাবলৈ দিয়া হয়। চাৰিদিনৰ দিনা গা ধোওৱাৰ  পাছতহে সন্ধিয়া সাজ লগোৱা সময়ত এসাঁজ  সিদ্ধ ভাত খাবলৈ দিয়া হয়। দুলনী আৰু টেকেলিৰো কিছুমান নিয়ম আছে।চাৰিদিনীয়া গা -ধুওৱা দিনাখন গোপিনী আৰু গাভৰুসকলে গা -ধুৱাবলৈ নিয়াৰ আগতে আমডালি গাঁঠি কইনা থকা কোঠা আৰু ঘৰৰ দুৱাৰ মুখত উৰুলি দি আঁৰি দিয়া হয়। তাৰপাছত দুলনীৰ কাৰণে চাউল,এআখি বিজুৰিয়া চেনিকল ,মিঠাতেলৰ চাকি ,কলদিল বা কাঠৰ সৰু কলদিল ,ফণী এখন, একোছা খৰিকা,গামোচা এখন, বিচনী এখন আৰু কলহ এটাত তিনিখিলা পাত থকা আমৰ ঠাৰি এটা লগতে কলৰ থুৰি  পানীৰ লগত ৰাখে আৰু কলহৰ ডিঙিত এঁৱা সূতা এনেছা মেৰিয়াই থয়। চাৰিদিনীয়া গা ধুৱাবৰ দিনা ঘৰৰ পূব দিশত মাটিৰে এটা ঢাপ তোলা হয়।ঢিপটোৰ তলত তামোল -পান এটা ,এখন কাঁচি,এটা হাঁহ কণীৰ অৰিহনাসহ দিয়া হয়।ঢিপটোৰ ওচৰত কুঁহিয়াৰ,তৰা গছ নতুবা পাটীদৈ গছৰ অস্থায়ী বেই সজা হয়।বিয়া তোলাৰ আগদিনা গৰখীয়া ল'ৰাক তামোলৰ হোম দি বেই বনাবলৈ নিমন্ত্ৰণ জনোৱা হয়। গৰখীয়া ল'ৰাই  ঢিপৰ বেইখন নতুনকৈ সাজে। বেইৰ চাৰিওফালে চাৰিটা খুঁটা পুতি এডাল দীঘল বাঁহৰ আগ চাৰিওফালে কৰি চাৰিওফালে চাৰিটা খুঁটাত বান্ধি ওপৰলৈ থিয় কৰে। বেইৰ ওপৰফালে কলৰ পটুৱাৰে গম্বুজ আকৃতিৰ  এটা মন্দিৰৰ নিচিনাকৈ সজাই তোলা হয়। চাৰিওটা খুটাত কলপুলি আৰু নাহৰৰ পাত মেৰিয়াই ধুনীয়াকৈ বান্ধে। বেইৰ ওপৰফাললৈ থিয় হৈ থকা বাঁহডালৰ ওপৰত ধনু-কাঁড় , এটা কলডিল আৰু এটা বাঁহৰ চৰাই সাজি পূৱ মুৱাকৈ বান্ধি দিয়ে।ভেঁটিৰ ওপৰত কলপটুৱাৰে গাঁঠি এখন ঢৰাৰ দৰে দলিচা পাৰি দিয়ে।কইনাৰ ভৰি থবলৈ ভীমকলৰ আগপাত এখিলাৰ মাজত এটা শিলগুটি আৰু দুফালে দুটা ধানখেৰৰ জুমুঠি দিয়ে। বিয়া তোলাৰ আগদিনা কইনাক এইখন বেইতে নোওৱা হয় আৰু  নোওৱাৰ পাছত গোপিনীসকলৰ আগত কইনাক বহুওৱা হয় লগতে নামতীসকলে বিয়া খেৰি গায়।বিয়া তোলাৰ আগদিনা গৰখীয়া ল'ৰাক তামোলৰ হোম দি বেই বনাবলৈ নিমন্ত্ৰণ জনোৱা হয়। গৰখীয়া ল'ৰাই  ঢিপৰ বেইখন নতুনকৈ সাজে। বেইৰ চাৰিওফালে চাৰিটা খুঁটা পুতি এডাল দীঘল বাঁহৰ আগ চাৰিওফালে কৰি চাৰিওফালে চাৰিটা খুঁটাত বান্ধি ওপৰলৈ থিয় কৰে। বেইৰ ওপৰফালে কলৰ পটুৱাৰে গম্বুজ আকৃতিৰ  এটা মন্দিৰৰ নিচিনাকৈ সজাই তোলা হয়। চাৰিওটা খুটাত কলপুলি আৰু নাহৰৰ পাত মেৰিয়াই ধুনীয়াকৈ বান্ধে। বেইৰ ওপৰফাললৈ থিয় হৈ থকা বাঁহডালৰ ওপৰত ধনু-কাঁড় , এটা কলডিল আৰু এটা বাঁহৰ চৰাই সাজি পূৱ মুৱাকৈ বান্ধি দিয়ে।ভেঁটিৰ ওপৰত কলপটুৱাৰে গাঁঠি এখন ঢৰাৰ দৰে দলিচা পাৰি দিয়ে।কইনাৰ ভৰি থবলৈ ভীমকলৰ আগপাত এখিলাৰ মাজত এটা শিলগুটি আৰু দুফালে দুটা ধানখেৰৰ জুমুঠি দিয়ে। বিয়া তোলাৰ আগদিনা কইনাক এইখন বেইতে নোওৱা হয় আৰু  নোওৱাৰ পাছত গোপিনীসকলৰ আগত কইনাক বহুওৱা হয় লগতে নামতীসকলে বিয়া খেৰি গায়।

       বিয়া তোলাৰ দিনা কইনাক শেষবাৰৰ বাবে নোওৱা হয়।ইয়াৰ পাছত ৰভাৰ তলত কইনাক পাটিত বহুৱাই এখন পাঁচ কঠিয়া কাপোৰ দি মূৰত তেল দিয়ে আৰু নতুনকৈ সাজ পাৰ লগতে আ-অলংকাৰে সজাই -পৰাই কপালত সেন্দুৰৰ ফোঁট দিয়ে। তেল দি কইনাৰ মূৰ আঁচোৰোতে পোৱা চুলি আৰু পাঁচটা এৰা গুটিৰ সৈতে চুলিৰ পানীটোকা গামোচাখনেৰে পুতলাৰ দৰে 'কনাই' সজা হয় । কনাইটো কইনাৰ কোলাত দিয়া হয়।বাটি এটাত  পানী আৰু কেইটামান মুদ্ৰা থোৱা হয়। কইনাৰ মাকে সন্মুখত বহি লৈ কইনাৰ কোলাত থকা  'কনাই'ক হাতেৰে  তিনিবাৰে দিয়া-লোৱা কৰে আৰু চুমা খায়।আয়তীসকলে কইনাৰ মাকক গালে-মুখে কেঁচা পিঠা সানে । ইয়াৰ পাছতে গুড় গাখীৰেৰে পিঠা সানি পিঠাৰ লাড়ু দুজনী ছোৱালী আৰু এটা সৰু  ল'ৰাক কইনাই চুমা খাই  তিনিবাৰকৈ ঘূৰাই খাবলৈ দিয়ে। তাৰ পাছতে কইনাৰ   মাকে কইনা, দুলনী ধৰা ,টেকেলি ধৰা আৰু পানীছটিওৱা ছোৱালীৰ সৈতে তামোল-পাণৰ  শৰাইৰে বুঢ়ী মেথিৰ আগত সেৱা লয়।

       

       বিয়াৰ নিয়ম-নীতি সকলো শেষ কৰি নিয়ন্ত্ৰিত ৰাইজক  জা -জলপান খুৱাই শৰাই দি আশীৰ্বাদ লয়।সন্ধিয়ালৈ ভকতসকলক  নিমন্ত্ৰণ কৰি অনা হয়; ছোৱালীৰ কন‍্যাকাল প্ৰাপ্তিৰ লগে লগে মাক -দেউতাকৰ লগতে ঘৰখনো চুৱা হয়, সেয়ে ভকতসকলক মাতি আনি ভোগ দিয়া হয় আৰু কইনাৰ সৈতে সকলোৱে সেৱা জনাই চুৱা গুচায়। ৰাতিলৈ কইনাই লগৰীয়াৰ সৈতে আমিষ ব্যঞ্জনেৰে ভাত খায় ।পাছদিনাখন বেইখন ভাঙে;দুলনীত থকা পকা কল পকিলে পুনৰ ওচৰৰ সমনীয়া ছোৱালীসকল আহি দুলনী, টেকেলি ভাঙে আৰু দুলনীত থকা চাউল, বেইৰ তলত পুতি থোৱা  হাঁহৰকণীটো তামোল পাণৰ সৈতে দুখীয়াক দান কৰা হয়।সেইদিনা সকলোৱে আকৌ এসাঁজ ভাত আনন্দ ফূৰ্তিৰে একেলগে খায়।

       তুলনী বিয়াত ছোৱালীয়ে সামাজিক আচাৰ ব্যৱহাৰ,ৰীতি-নীতি ,মাহেকীয়া অসুবিধাৰ সময়ত পালন কৰিব লগা নিয়ম আদিবোৰ শিকে। এনেদৰেই মটক জনগোষ্ঠীয়ে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আহিছে।


তথ্যসূত্ৰ সম্পাদনা কৰক

মটক জনগোষ্ঠী: শিপা আৰু আঁতি-গুৰি(সম্পাদনা-সুশীল কুমাৰ গগৈ)