Jonaki আৰু Romantik sahitya

হেমচন্দ্ৰ বৰুৱা , গুণাভিৰাম বৰুৱা আৰু তেখেতৰ সঽযোগী সকলে অসমীয়া সাহিত্য ৰ যি ভেটি নিৰ্মাণ কৰিলে তাত মনিদৰ নিৰ্মাণ কৰিবলৈ নতুন এদল পাশ্চাত্য শিক্ষা ৰে শিক্ষিত ডেকা আগবাঢ়ি আহিল . বঙলা ভাষা বিদ্যালয় আদালতৰ পৰা আঁতৰোৱা ঽল যদিও, বঙালী ৰ প্ৰভাৱ কমা নাছিল । সেই ভাষা ক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তেতিয়াও চেষ্টা চলিয়েই আছিল। আধুনিক অসমীয়া মনটো জোনাকীতে সাৰ পাই উঠিছিল । জোনাকীৰ পৃষ্ঠা বোৰ লুটিয়াই চালে অনুভৱ কৰিব পাৰি, কেনেকৈ ধীৰে ধীৰে এটা আধুনিক মনে সাৰ পাই উঠিছে। সন্দেহ নাই যে জোনাকীৰ আগে আগে আসাম বন্ধুৱে হাবি কাটি বাট মুকলি কৰিছিল কিন্তু আসাম বন্ধুৱে তুলনাতমূলকভাৱে classical দৃষ্টিভংগী দাঙি ধৰিছিল আৰু জোনাকীয়ে লাভ কৰিলে ৰোমাণ্টিক আন্দোলনৰ মুক্ত পৰিবেশ। কেইজনমান কলেজীয়া প্ৰৱসুৱা ছাত্ৰই আৰম্ভ কৰা এই কাকতখনে এটা যুগো সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু এটা নতুন যুগৰ সৃষ্টি কৰি থৈ গ'ল। 1889 পৰা 1898 লৈকে কলিকতীয়া জোনাকীৰ আয়ুস আছিল মাত্ৰ দহ বছৰ ।