অপেশ্বৰী সবাহ হৈছে অসমীয়া সমাজত লোকবিশ্বাস অনুসৰি পতা এক অনুষ্ঠান। অসমীয়া লোকসকলৰ মাজত ল'ৰা-ছোৱালী শুকাই-খীণাই গ'লে বা কোনো বেমাৰ আজাৰ হ'লে বা বয়স অনুসাৰে মাত নুফুটিলে বা ছোৱালী সন্তান পুষ্পিতা হোৱাৰ সময় উকলি গ'লে সৰগৰ অপেশ্বৰীৰ কুদৃষ্টি পৰা বুলি জনবিশ্বাস প্ৰচলিত। এনেধৰণৰ পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি উজনি আৰু নামনি অসমৰ বিভিন্ন অঞ্চলত স্থানীয় লোক সকলে ইয়াৰ পৰিত্ৰাণ বিচাৰি মহিলা সকলৰ দ্বাৰা 'অপেশ্বৰীৰ নাম' গোৱাই অপেশ্বৰী সবাহ অনুষ্ঠিত কৰে। সচৰাচৰ যিবোৰ মানুহৰ ঘৰত এনে ধৰণৰ লক্ষণ দেখা দিয়ে সেই ঘৰৰ গৃহস্থই এনে নামৰ দ্বাৰা দেৱীক ভক্তি পূৰ্বক প্ৰাৰ্থনা কৰাৰ লগতে বেমাৰৰ আৰোগ্য কামনা কৰে। এই সবাহ দুপৰীয়া সময়ত মুকলি আকাশৰ তলত বা চোতালৰ এডোখৰ ঠাই শুদ্ধ কৰি ভালদৰে মচি লৈ শৰাই, চাকি, ধূপ, ফল, গাখীৰ, চাউলৰ গুড়ি, পকা কল, চেনি আদিৰে সজাই পৰাই তিৰোতা মানুহবোৰে একলগ হৈ নাম গাই অনুষ্ঠিত কৰা হয়।