Nazrin Rohman
ৰাজহুৱা চিন্নী অসম এখন কৃষি প্ৰধান ৰাজ্য । ইয়াত বসবাস কৰা আন জনগোষ্ঠী সকলৰ দৰে গৰীয়াসকলৰো মূল জীৱিকা কৃষিয়েই আছিল। বিশেষকৈ আজিৰ পৰা কিছু বছৰৰ পূৰ্বলৈকৈ প্ৰায় অধিকাংশ অঞ্চলয়েই কৃষি জীৱি আছিল । খেতিৰ চাউলখিনি, বাৰীৰ শাক- পাচলি ,ফল মূল, তামোল পাণেৰে ঘৰসমুহ নদন বদন আছিল। তাহানিৰ কৃষি জীৱিসকলৰ বাবে শালি খেতিটোৱে মুখ্য আছিল। সেই কাৰণে গৰীয়াসকলে শালি খেতিৰ ভুই ৰোৱাৰ আগে আগে এই খেতিৰ বাবে প্ৰয়োজনীয় পৰ্য্যাপ্ত বৰষুণ -পানীৰ বাবে, পোক পতংগৰ পৰা খেতি ৰক্ষা কৰিবলৈ, ফচল ভাল হবলৈ, গাঁৱৰ সকলো অপায় অমংগল আঁতৰ হবৰ বাবে গাঁৱৰ মছজিদত ৰাজহুৱাকৈ পৰম কৰণাময় আল্লাৰ ওচৰত দোৱা বা প্ৰাৰ্থনা কৰিছিল । ইয়াক ৰাজহুৱা চিন্নী বুলি কোৱা হয়। ই মুলতঃ কৃষিৰ লগত জড়িত এক পৰম্পৰা । পূৰ্বে সাধাৰণতে জেঠ মাহত এই চিন্নীৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানৰ বাবে পূৰ্বে গাঁৱৰ ঘৰে প্ৰতি পিঠাগুড়ি, চাউল, খৰি আৰু এক নিদিষ্ট পৰিমাণৰ ধন বৰঙণি হিচাপে লোৱা হৈছিল। পিঠাগুড়িৰ পৰা সানিকি পিঠা বনোৱা হৈছিল । এই পিঠা বোৰ যথেষ্ট ডাঠ আছিল। একো একোটা পিঠাৰ ওজন আধাৰপৰা এক কেজি পয্যন্ত হয় । তাৰ লগত গৰু মাংসৰ তৰকাৰী বনোৱা হয় । কিছু কিছু অঞ্চলত ম'হৰ মাংস তৰকাৰী, আন কিছু কিছু অঞ্চলত গৰু-ম'হ দুয়ো বিধ মাংসৰ তৰকাৰী বনোৱা হয়।তদুপৰি সানিকি পিঠা সৰু সৰু কৈ টুকুৰা টুকুৰা কৰি গুড়ত সিজাই মালিতা তৈয়াৰ কৰা হয় । এইখিনি প্ৰস্তুতি গাৱৰ ডেকা-বুঢ়া সকলোৱে মিলি মছজিদৰ প্ৰাংগণত এদিন পূৰ্বৰেপৰা আয়োজন কৰে । উক্ত ৰাজহুৱা চিন্নী লৈ দাঁতি কাষৰীয়া গৰীয়া গাঁৱৰ মূৰব্বী সকলোকো নিমন্ত্ৰণ জনোৱা হয়। নিৰ্দিষ্ট দিনা আল্লাৰ ওচৰত ৰাজহুৱা ভাৱে দোৱা বা প্ৰাৰ্থনা জনোৱা হয়। দোৱাৰ পাছত উপস্থিত কিছুসংখ্যকে মছজিদতে কিছু পৰিমানৰ খাদ্য গ্ৰহণ কৰে । এই ৰাজহুৱা চিন্নীত পূৰ্বতে মৰলীয়া গছৰ পাত,ভীম কলৰ পাত ,ডিমৰু গছৰ পাত আদিত খাদ্য গ্ৰহণ কৰা হৈছিল। বাকী মাংস, পিঠা,মালিতা প্ৰত্যেক ঘৰ মুলীৰ হিচাপত বিতৰণ কৰা যায় । ইয়াক পছকী ভাগ বুলি জনা গৈছিল। অতীতত এই চিন্নী বিতৰণ কৰাৰ এক নিৰ্দিষ্ট নিয়ম আছিল । ঘৰে প্ৰতি এখন ডাঙৰ হেতাৰে এক হেতা আৰু ঘৰৰ সদস্য সংখ্যা অনুসৰি এখন সৰু হেতাৰে চিন্নী দিয়া হৈছিল । এনেদৰে সমুদায় পিঠা, মালিতা আৰু মাংস ভাগ কৰি ৰাইজৰ মাজত বিতৰণ কৰা হয় । বিশিষ্ট সাহিত্যিক তথা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ পইনুৰুদ্দিন আহমদ চাৰে কৈছিল, " নামনি অসমত বিশেষকৈ সাজু অঞ্চলত ৰাজহুৱা চিন্নীত পিঠাৰ পৰিৱৰ্তে ভোজ ভাতৰ আয়োজন কৰা হৈছিল ।ঘৰে প্ৰতি পইচা আৰু চাউল বৰঙণি তুলি ভোজৰ ব্যৱস্থা কৰা হৈছিল ।" বৰ্তমানেও এই চিন্নী ঠাই ভেদে বহু অঞ্চলত প্ৰচলিত আছে । এতিয়াও এই চিন্নী কিছু আধুনিক পৰশেৰে উজনিৰ মছজিদ সমুহত পতা হয় আৰু কৃষিকর্মৰ সফলতা, বিভিন্ন ৰোগব্যাধিৰ পৰা পৰিত্রাণ পাবলৈ আৰু বিশ্ব শান্তিৰ বাবে ৰাজহুৱা দোৱা কৰা হয়। (উৎস- গৰীয়া সমাজ আৰু সংস্কৃতি, পেজ নং-৪২আৰু ৪৩)