আলুপাৰা অঞ্চলৰ চমু পৰিচয়:-

অসমৰ বিশ্বনাথ জিলাৰ উত্তৰ পূৱ প্ৰান্তৰ এটা অন্যতম জনগোষ্ঠীয় অঞ্চল হৈছে আলুপাৰা। পূৰ্বতে সেই অঞ্চলত প্ৰচুৰ পৰিমানে আলু খেতি হৈছিল বাবে অঞ্চলটোৰ নাম আলুপাৰা হ'ল বুলি স্থায়ী বাসিন্দা সকলে কয়। এই অঞ্চলটোত বিশেষকৈ বড়ো, মিচিং, কছাৰী, দেউৰী সম্প্ৰদায়ৰ বসতি যদিও বড়ো সকলেহে সৰহসংখ্যক ঠাই আগুৰি আছে। অঞ্চলটোত উচ্চ মাধ্যমিক, মজলীয়া আৰু কেইবাখনো নিম্ন বিদ্যালয় আছে। অঞ্চলটোৰ সৰহসংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। সংস্কৃতিৰ দিশটো লোক সকল যথেষ্ট পাৰদৰ্শী। যাতায়াত ব্যবস্থা বিশেষকৈ পকী ৰাস্তা সংযোগী যদিও ৰেলপথেদিও যাতায়াত কৰিব পাৰে। প্ৰায় লোকেই পশুপালনো কৰে। বিভিন্ন অঞ্চলত বসবাস কৰা বড় জজনগোষ্ঠী সকলৰ মাজত প্ৰচলিত বিভিন্ন লোকাচাৰ সমূহ আলুপাৰা অঞ্চলটো প্ৰচলিত।