Rashmi borah Rashmi
বেণুধৰ শৰ্মাৰ "আলহী কেইবিধ" গদ্যৰ শীৰ্ষক আলোচনা
সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া ব্যক্তি বেণুধৰ শৰ্মা আধুনিক অসমীয়া লেখক সকলৰ ভিতৰত এজন অন্যতম।অসমীয়া সাহিত্য জগতখনত বুৰঞ্জীবিদ হিচাপে খ্যাত বেণুধৰ শৰ্মাই একেধাৰে জীৱনী ,আত্মজীৱনী ,বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন শিশু সাহিত্য আদিও ৰচনা কৰি অসমীয়া গদ্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ ৰচনাৰাজিৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে-অসমীয়া ভাষাৰ বিশুদ্ধতা আৰু স্বকীয়তা যাৰ ফলত তেওঁৰ গদ্যত অসমীয়া ভাষাৰ জতুঁৱা ঠাঁচ, ফকৰা- যোজনা ,খণ্ডবাক্য ,পটন্তৰ আদিৰ প্ৰয়োগ দেখা যায়। বেণুধৰ শৰ্মাই তিনিখন শিশু উপযোগী গ্ৰন্থ ৰচনা কৰিছিল ৰাংপতা (১৯৪৩) লাতুমণি(১৯৫৯) আৰু মৰমৰ কাৰেং (১৯৬৮) আলহী কেইবিধ নামৰ গদ্যশীৰ্ষক আলোচনাতো ৰাংপতা গ্ৰন্থখনৰ অন্তৰ্গত।
তেখেতে "আলহী কেইবিধ শীৰ্ষক" গদ্যত ধ্বনিতাত্ত্বিক ,শব্দতাত্ত্বিক,ৰূপতাত্ত্বিক , বাক্যতাত্ত্বিক,আলংকাৰিক শব্দৰ প্ৰয়োগ, নাটকীয় শৈলী, কথোপকথনমূলক শৈলী, নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা, যুৰীয়া শব্দৰ প্ৰয়োগ, উপদেশ তথা সাৱধানবাণী প্ৰদান, জতুঁৱাঠাঁচ,ফকৰা-যোজনা,খণ্ডবাক্য,পটন্তৰ, লোকবিশ্বাস আদিৰ সমাহাৰ "আলহী কেইবিধ" শীৰ্ষক গদ্যত ফুটি উঠিছে। আৰু এইবোৰৰ বিষয়ে কʼত কেনেকৈ প্ৰয়োগ কৰিছে তাৰ আধাৰত বেণুধৰ শৰ্মাৰ গদ্যশৈলী তলত দিয়া ধৰণে বিচাৰ কৰা হʼল- ১) ধ্বনিতাত্ত্বিক প্ৰসংগ:-
বেণুধৰ শৰ্মাই তেখেতৰ বুৰঞ্জীৰ ভাষা সমূহত প্ৰয়োগ কৰা কিছুমান ধ্বনি তাত্ত্বিক বিশেষত্ব আলহী কেইবিধ শীৰ্ষক গদ্যতো প্ৰয়োগ কৰিছে। যেনে:-
(ক) ʼঙʼৰ সলনি ʼঙ্গʼ প্ৰয়োগ কৰিছে। উদাহৰণস্বৰূপে:- দাঙ্গি লোৱা পিঠা দঙ্গাতেই থাকিল। বুঢ়াদাঙ্গৰীয়া,কথাবিসঙ্গতি , ককাৰ খঙ্গে অলপ শাম কাটিলত,ডাঙ্গৰ মানুহ আদি।
২/ শব্দতাত্বিক আৰু ৰূপতাত্বিক প্ৰসংগ - (ক) বেণুধৰ শৰ্মাই তেওঁৰ ৰচনাত সচৰাচৰ শুনা বা কথিত ভাষাৰ তথা থলুৱা শব্দ ব্যৱহাৰ কৰিছে। যেনে:- ধতুৱা ,সনাপিঠা ,ডেওদোপাল ,দমদমীয়া আদি। (খ) জতুৱা ঠাঁচ ,খণ্ডবাক্য ,প্ৰবাদ -প্ৰবচন আদিৰ প্ৰয়োগ শৰ্মাৰ ৰচনাত দেখা পোৱা যায়- যেনে -(ক) বাঘৰ আগতেল খোৱা । (খ) শুকান জেওৰাৰো ৰস উলিয়াবিহঁক। ( গ) গধূলি আলহী যে সাক্ষাৎ দামোদৰ । (ঘ) ঠাই দিবৰ গুণ টপটপনি শুন আদি। ৩/ গাওঁলীয়া সমাজত সচৰাচৰ ব্যৱহাৰ কৰা কিছুমান লোকনামৰ প্ৰয়োগ বেণুধৰ শৰ্মাৰ 'আলহী কেইবিধ'গদ্যৰ মাজত দেখা পোৱা যায় - যেনে -শুকুৰা, ফেদেলা দুতিৰাম ,দেওবৰ আদি। ৪/ "আলহী কেইবিধ "গদ্যত তেখেতে গ্ৰাম্য সমাজৰ কথনভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যেনে - (১) ভূত পিশাচ নহওঁ দেও, মানুহ হে (২) তহঁত জানিবা লৰা মখাই আজি (৩) সেই ফেৰাও জ্ঞান নাই ...।
৫/ আলংকাৰিক শব্দৰ প্ৰয়োগ:-
আলংকাৰিক শব্দৰ প্ৰয়োগে 'আলহী কেইবিধ' গদ্যক আকৰ্ষণীয় তথা মনোগ্ৰাহী কৰি তুলিছে।যেনে:- (ক) গেৰেকণি হলেও ফৰকাল,যমৰ নগৰ হলেও ইন্দ্ৰপুৰী অৰ্থাৎ নিজৰ গাঁওখন বেয়া হলেও আপোন তথা মৰমৰ (খ) পৰুৱাই টোপ কঢ়িউৱাদি -- অৰ্থাৎ এটি দুটিকৈ জলপানৰ দ্ৰব্য বস্তু আনি ঠাই ঠুই মচি বান এখনতে সজাই আলহী সন্মূখতে থোৱাহি। (গ) খৰা শিয়ালৰ বিয়া-- . অসমীয়া লোক সমাজত বিশ্বাস আছে যে ৰ'দ বৰষুণ একেলগে দিয়াৰ সময়ত খৰা শিয়ালৰ বিয়া হয়,অৰ্থাৎ খন্তেকতে ৰং, খন্তেকতে বেজাৰ কৰা কথাটো খৰা শিয়ালৰ বিয়া প্ৰসংগ ৰূপে টানি অনা হৈছে । (ঘ) শালিকী চৰাইৰ দৰে দন মাৰি আছ-- অৰ্থাৎ সৰু সৰু কথাটোতে কাজিয়া কৰা , (ঙ) ছেলাপেটি জোকৰ দৰে বজ্ৰলেপ কামোৰ মাৰি থাকিলগীয়া হল। (চ) ককাৰ চকুৰ পৰা জৰ- জৰকৈ পানী এসূঁতি বৈ আহিছিল। ৬/ বাক্যতাত্ত্বিক প্ৰসংগতা :
চুটি চুটি আৰু সৰল বাক্যৰ প্ৰয়োগে বেণুধৰ শৰ্মাৰ ৰচনাৰাজিক অধিক সহজ বোধ্য আৰু মনোৰম কৰি তুলিছে ।যেনে :- (ক) এতিয়া কি কৰ কৰ (খ) মানুহজন হুৰহুৰীয়া
৭/ নাটকীয় শৈলীৰ প্ৰয়োগ --
বাক্য: বাৰু তহঁত ভাল লৰা আমি :পিছে ,এতিয়া কওঁক ,আপুনি নো ওফোৰাজেং বুলি কেলেই কৈছিল? ককা: তহঁতৰ পৰা উপায় নাই,বাৰু কওঁ শুন, ৮/ লোকবিশ্বাসমূলক প্ৰসংগ:-
ক) গদূলিৰ আলহী যে সাক্ষাৎ দামোদৰ ।
৯/কথোপনকথনমূলক শৈলী :
অলপ বেলি নিটাল মাৰি থাকি আমাৰে এটাই মাত লগালে ,"কোন"? মাত শুনি আমাৰ মানত যি বুঢ়া ডাঙ্গৰীয়া যেন লাগিছিল, তেওঁ উত্তৰ দিলে ,"ভূত -পিশাচ নহওঁ দেও, মানুহ হে।"
১০/ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা প্ৰদান:-
ক)অপাৰ্থকত পৰা মানুহক খেদি পঠিয়াব নেপায়।
১১/ উপদেশ তথা সাৱধানবাণী প্ৰদান:-
ক) কেঞাৰ লগত হাট-বাট নকৰিবলৈ হাক দিছে। অৰ্থাৎ বিদেশীৰ লগত বেছি মিলা-প্ৰীতি নকৰিবলৈ আৰু কোনো কাৰণতে বিশ্বাস নকৰিবলৈ কৈছে। খ) গঞা মানুহৰ সৈতে মাৰ বান্ধি থাকিবিহঁক । অৰ্থাৎ গাওঁৰ মানুহৰ লগত একেলগে মিলি-জুলি থাকিবলৈ উপদেশ দিছে।
১২/ যুৰীয়া শব্দ প্ৰয়োগ:-
যুৰীয়া শব্দ প্ৰয়োগে শৰ্মাৰ গদ্যশৈলীক অধিক আকৰ্ষণীয় কৰি তুলিছে।যেনে:- হাত-মুখ,কিতাপ-ফলি,মিতিৰ-কুটুম,জোতা-মোজা, কাপোৰ -কানি ইত্যাদি। "আলহী কেইবিধ" শীৰ্ষক গদ্যত দেখা পোৱা সামগ্ৰিক বিশেষত্ব সমূহ হৈছে:- ১) বেণুধৰ শৰ্মাই "আলহী কেইবিধ"গদ্যত পাঠকৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে। ২) তেখেতৰ গদ্যশৈলীৰ ভাষা সহজ-সৰল। ৩) গাঁৱলীয়া শব্দৰ প্ৰয়োগে তেখেতৰ ৰচনাৰাজিক অধিক আকৰ্ষণীয় কৰি তুলিছে। ৪) থলুৱা বচনভংগীৰ প্ৰাধান্য। ৫) কথিত ভাষাৰ ঠাঁচটো ৰক্ষা কৰাত তেওঁ সদায় সচেতন।
সামৰণি:-
অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক, প্ৰৱন্ধকাৰ , সাংবাদিক, বুৰঞ্জীবিদ,গৱেষক, সমাজ সংস্কাৰক, হিচাপে বেণুধৰ শৰ্মাৰ স্থান উল্লেখযোগ্য। বুৰঞ্জীৰ উৎসৰ সন্ধান আৰু সাহিত্য সেৱাই আছিল বেণুধৰ শৰ্মাৰ জীৱনৰ কাম্য। বেণুধৰ শৰ্মাই অসমীয়া ভাষাৰ বিশুদ্ধতা আৰু স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত সদায়েই সচেতন। অসমীয়া গদ্য সাহিত্যত এক সুকীয়া গদ্যশৈলীৰ বাবে তেখেত জনপ্ৰিয় সুপৰিচিত। বুৰঞ্জীৰ নিৰ্জীৱ ঘটনাক জীৱন্ত ৰূপত দাঙি ধৰাটো শৰ্মাৰ ৰচনাৰ অন্যতম বৈশিষ্ট্য। বেণুধৰ শৰ্মাৰ সাহিত্যৰাজি বুৰঞ্জীৰ ঘটনা-পৰিঘটনাৰে পৰিপূৰ্ণ। সেয়েহে তেওঁক ইতিহাসৰত্ন, বুৰঞ্জীৰ যাদুকৰ, আদি নামেৰেও বহুতে বিভূষিত কৰা দেখা যায়। শেৱালীৰ কবিৰূপে খ্যাত ৰত্নকান্ত বৰকাকতি দেৱে তেওঁক"বুৰঞ্জীৰ সূৰ্য্য" আখ্যা দিছে।
অসমীয়া গদ্য সাহিত্যক এক সুকীয়া মাত্ৰা প্ৰদান কৰা বেণুধৰ শৰ্মাৰ স্থান অসমীয়া সাহিত্যত সদায়েই জিলিকি থাকিব।
নাম:ৰশ্মি বড়া। স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিক ৰোল নং-৩৫ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।