ডফলা সম্পাদনা কৰক

প্রায় পাঁচ হেজাৰৰ পৰা চৈধ্য হেজাৰ ফুট ওখ হিমালয়ৰ দক্ষিণ ফালৰ পাহাৰৰ অংশবোৰত সপোন আৰু নানান ধৰণৰ দেৱতাসকলক বিশ্বাস কৰা এই ডফলাসকল বহু যুগ ধৰি বাস কৰি আহিছে। যুগ যুগ ধৰি নদী আৰু পাহাৰেৰে ভৰা দেশত নিজৰ কৃষ্টিৰ মাজত ডফলাসকলে প্রতিশোধ, বিদ্রোহ, ধন,যশ লৈ কাৰ্য কৰি ওচৰৰ জন পাহাৰী জাতিবোৰৰ লগত চলি আহিছে। ডফলাৰ দেশখনৰ জলবায়ু সুন্দৰ। পাহাৰৰ টিলাবোৰ প্ৰায়েই শীতকালি বৰফে আবৰি থাকে। গৰমকালি বৰ সুন্দৰ। বসন্ত কালত হিমালয়ৰ বতৰে ইয়াক এখন মনোমোহা স্বৰ্গ যেন কৰি তোলে। ঝুম খেতিৰে ভৰা সৰু ডাঙৰ টিলাবোৰ। সৰল, অ'ক, বনৰীয়া কল, চেচংনাট ইত্যাদি গছেৰে ভৰা প্ৰায় ছ'হেজাৰ ফুট ওখলৈকে বা ওপৰলৈকে তলৰপৰা দেখা পোৱা যায়। এই পাহাৰবোৰত নানান ধৰণৰ মূল্যবান গছ, বেত বাঁহ প্ৰচুৰ পৰিমাণে আছে। তাৰোপৰি বনৰীয়া জন্তু আৰু নানা ধৰণৰ চিন-অচিনা চৰাইৰে ভৰা।

পৌৰাণিক উৎপত্তি সম্পাদনা কৰক

ডফলাসকলৰ আবিৰ্ভাৱৰ কোনো লিখিত বুৰঞ্জী নাই, গতিকেই জন্মকাহিনী উলিয়াবলৈ বৰ টান। কিন্তু আবোটানি নামক এটা পাহাৰী জাতিৰপৰা জন্ম বুলি তেওঁলোকে কয়। তেওঁলোক ‘নিচাংচ' অর্থাৎ মানুহ নামেও জনাজাত। পাহাৰৰ চুপাং নামে ঠাইত এই 'বটানি' জন আছিল। বটানিৰ পৰা ক্ৰমে সংখ্যা বৃদ্ধি হৈ নৰৱা,হলো, বালিং, বেগী ইত্যাদি ঠাইলৈ বিস্তৃত হৈ পৰে। তাৰ পিছত চিৰিং বা সোৱণশিৰি নৈখন পাৰ হৈ কামলাং, পেলীন, পেনীন নৈৰ পাৰে পাৰে থকা পাহাৰবোৰত বাস কৰিবলৈ লয়।

সাজ-পাৰ, অস্ত্ৰ-শস্ত্ৰ সম্পাদনা কৰক

ঘৰুৱা পিন্ধা কাপোৰ-কানিবোৰ তিৰোতাসকলে ঘৰতে তৈয়াৰ কৰি লয়। এবিধ কাপোৰ বয় বনৰীয়া গছৰ সূতাৰে। অন্য এবিধ কাপোৰ বয়- পদু নামে এবিধ উলেৰে। পেনীন আৰু পেলীন উপত্যকাত কপাহৰ খেতি কৰে। কপাহী কাপোৰো এওঁলোকে তৈয়াৰ কৰে। খৈলাৰ নিচিনা আঁহ থকা এবিধ শকত সূতাৰে এওঁলোকে জাৰত পিন্ধা কোটৰ কাপোৰ বয়। কেতিয়াবা আপাটানীসকলৰ লগত উল আৰু সূতা বদলোৱাৰ নিয়ম আছে। পিন্ধা কাপোৰবোৰত ক'লা আৰু ৰঙা সূতাৰে আঁক-বাঁক কৰা। কান্ধলৈকে থকা কাপোৰখন বাঁহৰ পিন বা লোহাৰ পিনেৰে বান্ধি থয়।

ডিঙিত বগা, ৰঙা, নীলা, সেউজীয়া, ধোঁৱা বৰণীয়াসকলো ৰঙৰ মণি পিন্ধে। তাৰোপৰি পিতলৰ এবিধ চেইন গাহৰি বা হৰিণৰ হাড়, এডাল দীঘল লোহাৰ পিন (পাইপ চাফা কৰা) কঁকালত বাঁহৰ আঙঠি (তমা নামে এবিধ আঁহেৰে বোৱা), ডাঙৰ দা, ছুৰী আৰু এইবোৰ থবৰ বাবে বান্দৰৰ ছালৰ সৰঞ্জাম। আটাইতকৈ ধুনীয়া বস্তুটো হৈছে নানা বৰণীয়া ৰং দি বনোৱা বেতৰ তৈয়াৰী টুপীটো। হৰ্ণবিল চৰাইৰ দীঘল ঠোটেৰে এই টুপীটোৰ ওপৰছোৱা সজোৱা। টুপীটোৰ আগটোত আকৌ এই চৰাইৰ ক'লা-বগা আঁক থকা দীঘল পাখিটো। ‘জচপাচ’ নামে এবিধ বিন ফিটা মাইকীসকলে কঁকালত বান্ধে। এটা দীঘল স্কার্টৰ নিচিনা পোছাক সেউজীয়া পাৰি থকা আৰু মাজে মাজে আঁক থকা। ৰঙা বান্দৰৰ ছালেৰে তৈয়াৰী চিকাৰীৰ মোনা। মেথোন, গৰু আৰু পহুৰ ছালেৰেও মোনা তৈয়াৰ কৰে। মেথোনৰ দাঁতেৰে সজোৱা ‘চুখ’ নামে এবিধ মোনা আছে। বনৰীয়া ধুনীয়া নানান ধৰণৰ ৰং কৰাত ডফলাসকল অতি পাৰ্গত। তথাপিও পোছাক- পৰিচ্ছদত মাইকী মানুহক সুন্দৰ নেদেখি। আপাটানীসকলৰ নিচিনা বোৱা-কটাত এওঁলোক সিমান পাৰ্গত নহয় আৰু চানেকীবোৰো সিমান আকর্ষণীয় নহয়। যুদ্ধৰ আহিলাবোৰো অতি সাধাৰণ। যাঠি আৰু ডাঙৰ দা, এটা হোৰা-য'ত বিহ থকা কাঁড় ৰখা হয়। যুদ্ধৰ সময়ত তাচেহং আঁহেৰে তৈয়াৰী বৰ ডাঠ পোছাক পিন্ধে আৰু পিঠিত মেথোনৰ ছালেৰে তৈয়াৰী ঢাল লগায়।

ডফলাবিলাকৰ কোনো নায়ক বা সেনাপতি নাই। সমূহীয়াকৈ যুদ্ধ কৰে। প্ৰতিশোধৰ বাবে কেতিয়াবা শত্ৰুৰ গাঁৱত জুই জ্বলাই দিয়ে। কেতিয়াবা মনে মনে। । শত্ৰুৰ দলৰ এটাক ধৰি আনি নিজৰ গাঁৱত বান্ধি থয় আৰু টকা বা কিবা বহুমূলীয়া বস্তু নিদিয়ালৈকে ঘূৰাই নিদিয়ে। প্রতিশোধ ল'বৰ বাবে যুদ্ধৰ বন্দীক কটাও হয় আৰু শটোৰ ডিঙিটো কাটি লয় আৰু কঁকালটো তিনি ভাগত বিভক্ত কৰে। শত্ৰুৰ বাওঁ হাতৰ তলুৱা আৰু চুলিৰ 'পদুম’টো কাটি লয়। এই কটা বাওঁহাতৰ তলুৱাখন অৱশেষত মদ ঢালি এজোপা পূজা কৰা গছত লগাই প্রত্যেকেই তলুৱাখনলৈ কাড় মাৰে। বিজয়ীহঁতে দা-যাঠী, ধেনু ঝড় লৈ নাচি নাচি গীত গাই স্ফূৰ্তি কৰিবলৈ ধৰে। সেই সময়ত প্ৰত্যেকজন ডফলাই যুদ্ধৰ পোছাক পিন্ধি লয়। মূৰত 'তালম' আৰু 'ক্ৰা' নামে এবিধ পাহাৰী গছৰ পাত লগায়। যুদ্ধৰ টুপীটো ঢাকি লয়। যি জোপা গছত হাতৰ তলুৱাখন লগাই কাঁড় মৰা হয় সেই গছজোপাক 'নীলা চেখে' গছ বুলি কয়। পাতলীয়া দোষ থলা বন্দীক আকৌ ভৰিত কাঠ লগাই শাস্তি দি ৰাখে। যেতিয়ালৈকে কোনো মানুহ আহি টকা বা অন্য মূল্যবান বস্তু বা জত্ত নিদিয়ে তেতিয়ালৈকে এৰিও নিদিয়ে।

মৃতকৰ সহকাৰ সম্পাদনা কৰক

মানুহ মৰিলে এড়ি বা পাটিৰ কাপোৰেৰে শাটো মেৰিয়ায়। মাটিৰ ঘট, মদ, কনৰীয়া গছৰ পাত এইবিলাক মূৰৰ ওচৰত বান্ধে। এজন পুৰোহিতে মন্ত্র গায় যাতে মৃতকৰ আত্মা 'নেলী নিকো' অর্থাৎ সিপুৰীলৈ যায়গৈ। এটা গাঁত খাদে – তাতে পাটি পাৰি শটো ৰাখে। তাৰ পাছত কাঠ দিয়ে আৰু ওপৰত মাটি দি পুতি পেলায়। যিমান দূৰ পাৰে এই কাৰ্য সোনকালে সমাধা কৰা হয়। য'ত পোতা হয় সেই ঠাইতে বাঁহ বা কাঠেৰে এখন চাং সাজি গছৰ পাত বা বাকলি, জন্তুৰ শিং আৰু ডিঙিত বন্ধা ৰচীবোৰ ওলোমাই থয়। সৰু সৰু ল'ৰা-ছোৱালী মৰিলে শবোৰ দুছটা কাঠৰ মাজত ভৰাই ঘৰৰ ওচৰতে দুডাল কাঠ পুতি ওলোমাই হয়। এইটো যেন চি-চেনেহী মাকৰ বুকুত সোমাই থকাৰ মৰমৰ চিন। মৃত্যুৰ পাছত অৰুম্ অর্থাৎ আত্মা, যাতে দুনাই ঘৰলৈ নাহে সেইবাবে মেঙ্গা এবাদো উৎসব পাতে। আত্মাটো যাতে ভূত হৈ ঘৰত বিখিনি নঘটায় সেইবাবে ৰাতিপুৱাই মানুহ গোট খাই, যুদ্ধৰ সৰঞ্জাম লৈ ঘৰৰ চুকে-কোণে যাঠী আৰু কাঁড় মাৰি চিঞৰ-বাখৰ কৰি পাছফালৰ দুৱাৰেদি খেদাবলৈ লয়। ঘৰৰ ওপৰত চালখনলৈও কাঁড় আৰু যাঠী মাৰে। মেঙ্গা এবাদো উৎসৱ এয়েই। পখিলাবোৰ ডফলাসকলৰ মতে মানুহৰ আত্মা। ডফলাসকলৰ ইলো উৎসৱ দুভাগে বিভক্ত। এভাগত দেৱতা ওয়োৰ বিভিন্ন নাম লৈ গীত গায় বাকী ভাগ খেতি বা চিকাৰ কৰাৰ পাছত হয়।

তথ্য সূত্ৰ সম্পাদনা কৰক

১/ অসমৰ জনজাতি-সম্পাদক প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য্যয (প্ৰথম সংস্কৰণ-১৯৬২)