অসমীয়া চিত্ৰশিল্পী মনজিত কুমাৰ শ্বাহ (মনজিত কাশ্যপ) ক্ষুদ্ৰচিত্ৰ অংকনেৰে ২০ টা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক এজন অসমৰ চিত্ৰশিল্পী৷  তিনিচুকীয়া জিলাৰ মাকুমত জন্ম (১৩ জুন, ১৯৮৯)৷ পিতৃৰ নাম : মনোজ কুমাৰ শ্বাহ মাতৃৰ নাম: গায়ত্ৰী দেৱী৷ একে সময়তে দুয়োখন হাত আৰু ভৰি একেলগে ব্যৱহাৰ কৰি অতি অলৌকিকভাৱে মনজিত কাশ্যপে ছবি আঁকিব পাৰে৷ তেখেত এজন দ্ৰুততম চিত্ৰশিল্পী হিচাপে জনাজাত৷ তেখেত এজন  চেণ্ড আৰ্টিষ্টো৷ ইণ্ডিয়া প্ৰাউড এৱাৰ্ড, ইণ্ডিয়া আইকন এৱাৰ্ড, ইণ্ডিয়া শিক্ষা এৱাৰ্ড, প্ৰাগ নিউজ “পৰিচয় চিজনৰ” দ্বিতীয় বিজয়ীৰ খিতাপ এইদৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বিভিন্ন বঁটাৰে সন্মানিত হৈছে৷[1]

ৰেকৰ্ডৰ তালিকা: (১) এটা জেল পেনেৰে এটা হাঁহৰ কণীৰ ওপৰত ৪৪৩জন বিশ্ববিখ্যাত মনিষীৰ পৰ্ট্ৰেইট ৫ ঘন্টাত আঁকি ২০১২  চনত বিশ্ব ৰেকৰ্ড স্থাপন কৰে৷ [2] (২) ৫ ঘন্টা ৪৫ মিনিটত এটা হাঁহৰ কণীৰ খোলাত মহাত্মা গান্ধীৰ ১৬১৫ টা প্ৰতিকৃতি আৰু এটা কুকুৰাৰ কণীৰ খোলাত ১৩৯০জন প্ৰসিদ্ধ ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰি ২০১২ চনৰ নৱেম্বৰ মাহৰ ১০-১১ তাৰিখে ইণ্ডিয়া বুক অব ৰেকৰ্ডছত অভিলেখ গঢ়ে আৰু মিৰাকল ৱৰ্ল্ড ৰেকৰ্ডত বিশ্ব অভিলেখ গঢ়ে৷ লগতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ, ইউনিক ৱৰ্ল্ড ৰেকৰ্ড,  এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ড, ৰেকৰ্ড হ’ল্ডাৰ ৰিপাব্লিক (ইউ এচ এ) ত অভিলেখ স্থাপন কৰে আৰু পূৰ্বৰ নিজৰে অভিলেখ ভংগ কৰে৷[3](৩) ৭ মি:মি দৈঘ্যৰ এটা চাউলৰ দানাৰ ওপৰত মহাত্মা গান্ধীৰ ২৬ টা প্ৰতিকৃতি ৩ মিনিট ৩৩ চেকেণ্ডত আঁকি ২০১৬ চনত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু ইউনিক ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰে৷[4](৪) ২০১৭ চনৰ ২ জুনত ডেৰ চেণ্টিমিটাৰ জোখৰ চাউলৰ দানা এটাত ৰবীন্দ্ৰনাথৰ প্ৰতিকৃতিৰ সৈতে ৰাষ্ট্ৰীয় সংগীত ৪ মিনিট ১০ ছেকেণ্ডত খোদিত কৰি ইণ্ডিয়া বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰে৷[5](৫) ২০১৮ চনৰ ২৩ ছেপ্টেম্বৰত প্ৰায় ১৪ মিনিটত ১৪টা সৰিয়হৰ বীজত স্বাধীন ভাৰতৰ ১৪ জন ৰাষ্ট্ৰপতিৰ ১৪খন প্ৰতিকৃতি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছ (এ বি আৰ)ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে৷[6]

মনজিত কাশ্যপ বৰ্তমান “অসমৰ মুখাশিল্প”ৰ ওপৰত পি এইচ দি গৱেষণাত কৰ্মৰত৷ ইয়াৰোপৰি মাকুমৰ যশোদা দেৱী মেমৰিয়েল আৰ্ট আৰু যোগ স্কুলৰ তেখেত প্ৰতিষ্ঠাপক অধ্যক্ষ৷  দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ ইয়াত ছবি অংকন কৰিবলৈ শিকোৱা হয়৷ [7]

  1. https://www.telegraphindia.com/north-east/for-the-record-mahatmas/cid/1392447
  2. https://indiabookofrecords.in/most-pictures-on-a-egg-shells/
  3. https://miraclesworldrecords.com/Gallery/Details/135
  4. https://uniqueworldrecords.com/records/posts/most-portraits-on-a-single-rice-grain
  5. https://indiabookofrecords.in/rice-grain-with-inscribed-national-anthem-and-rabindranaths-portrait/
  6. https://www.assambookofrecords.in/article/MTIz/article.html
  7. https://www.telegraphindia.com/north-east/for-the-record-mahatmas/cid/1392447