[1]সমন্নয়ৰ মন্দিৰ "

পানী মৰে পিয়াহঁত ,খুদা-ৰচুল লুকাই আছে মোমিনৰ আৰঁত ॥ভক্তই ভগৱানক পাৱৰ ভাৱেই পিয়াতুৰ হয়,হয়টো কোনোবা এজনে গঢ়ি উঠিছে ভক্তপ্ৰাণ প্ৰহলাদৰ দৰে ।বহু ভক্তই ভগৱানক দৰ্শন কৰাৰ উদ্দেশ্য নিজকে প্ৰস্তুত কৰিছে সন্যাসীৰ ৰূপত আন কোনোবাই আকৌ পূজাৰী,মৌলৱীৰ ৰূপত কিন্তু সেই সমন্নয়ৰ মন্দিৰখনৰ ভক্ত হয়টো হব পাৰে হিন্দু,মুছলমান,খ্ৰীষ্টান পিছে তেওঁলোকে নিজস্ব ধৰ্মবোৰ পাহৰি ঐক্যভাৱে কেৱল এক ভগৱানৰ ভক্তিত নামি পৰিছে সেই ভক্তগণৰ জীৱন যেন এক ভগৱানৰ অবিহনে যেন অসম্পুৰ্ণ হব ॥

মন্দিৰ ,মছজিদত ভগৱান বা আল্লাৰ আৰাধিত সুৰ বা মন্দিৰৰ ঘন্টাৰ শুভ শংখৰ সুৰত সৱ ভক্তগনে ভগৱান বা আল্লাক সমভাৱে ভক্তিত নামিছে ঠিক তেনেকৈ সেই ভক্ত গণেও এক হৈ একেই সুৰত এক ভগৱান ঈশ্বৰক প্ৰাৰ্থনাত নামিছে ,প্ৰাৰ্থক্য মাথোন এটাই সেই ভক্তসকলে ঘোষা বা নামাজ পৃথকে পৃথকে সুশ্ৰিত কৰে কিন্তু সেই ভক্তগণে হিন্দু,মুছলমান,শিখ আদি ধৰ্মৰ ভেদা-ভেদ পাহৰি একেই শাৰীত থিয় হৈ ভগৱানক প্ৰাৰ্থনা কৰিছে ॥ সমন্নয়ৰ মন্দিৰত তেওঁৱেই মন্দিৰৰ পূজাৰী,তেওঁৱেই মৌলৱী তেওঁৱেই সকলো জীৱন নিৰ্মাতা , পথপদৰ্শক আমাৰ গুৰু ঈশ্বৰ । ভক্তই ভগৱানৰ সন্ধানত ঠাইয়ে ঠাইয়ে ভ্ৰমণ কৰি ভগৱানক দৰ্শন কৰাৰ সুযোগ্য লাভ পাব বুলি কিন্তু ভগৱান আমাৰ হৃদয়ৰ কোনত আছে কিন্তু সমন্নয়ৰ মন্দিৰৰ ভক্তগণো এখন মন্দিৰৰ পৰা আনখন মন্দিৰত মনোনিৱেশ কৰে কেৱল জ্ঞানৰ ভগৱানৰ দৰ্শন কৰাৰ আশাতে এওঁলোক ভগৱানৰ প্ৰভুত্ব লাভ কৰিবলৈ নহয় কাৰন ভক্তসকলে এখন জ্ঞানৰ মন্দিৰতেই আৱদ্ধ নহবলৈ নিজকে সাজু কৰে আৰু বহু কষ্ট ধ্যানৰ অন্তত নতুন মন্দিৰত নিজকে সংস্থাপিত কৰে ॥

সমন্নয়ৰ মন্দিৰখনৰ সহযাত্ৰীয়ো ভিন্ন আৰু বহুতো ,ভিন্ন ভিন্ন ধৰ্মাৱলম্বী ,ভিন্ন জাতিৰ মানুহ ,এওঁলোকে ভাতৃত্বৰ বোধেৰে মন্দিৰখনত গঢ়ি উঠিছে এক ঐক্য মন্স ,তেওঁলোকৰ লক্ষ্য মাথো জ্ঞানৰ জ্যোতি লাম্ভিত হোৱা ,সেই ভক্তগনে কেতিয়াওঁ বিচাৰিব নোখোজে আৰু নিবিচাৰে জাতি-ভেদ,ধনী-দুখীয়াৰ মান সেই মন্দিৰৰ পথপ্ৰদৰ্শক নিবিচাৰে সেইবিলাকৰ ওপৰত তেওঁ নিৰপেক্ষ তেওঁ সমান ভাৱে জ্ঞান বিলায় ॥

তেওঁলোক সেই সমন্নয়ৰ মন্দিৰখনৰ ফুল ।ফুলৰ ভিতৰত গোলাপ,তগৰ ,মালতী,জবা ইত্যাদি ইত্যাদি । তেওঁলোকৰ মাজতো হব পাৰে কোনোবাই সুবাস থকা-নথকা ফুল,পানীত ফুলা ফুল,কাইট থকা-নথকা,সেইবোৰ থকা স্বত্বেওঁ ঐক্য সেইভাৱেইটো মন্দিৰখনৰ সৌন্দৰ্য্য মনোমোহা কৰিছে ॥ ভগৱানৰ সন্ধানত তীৰ্থযাত্ৰী কৰা ভক্তসকলৰ দৰে ,সেই ভক্তগনেও যাত্ৰী হৈছে সহপাঠী সকলৰ সতে দিগন্তৰ মুখীৰ ফালে,যত ফুলিছে সহস্ৰ সুখ ,অযুত আশা ভৱিষ্যতৰ আৰু সেই তীৰ্থযাত্ৰীৰ মাজত পান্ডা ৰূপত আমাৰ স্বনাম ধন্য চিৰনমস্য আমাৰ গুৰু ঈশ্বৰ ,গুৰুৰ অবিহনে জীৱনৰ তীৰ্থযাত্ৰা আজি অসফল ॥॥॥


শ্ৰী তপন পায়েং ৬০০২০৭৬৮৮৬ লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়

  1. নিজস্ব ভাৱে ৰচিত