আজিৰ পৰা বহু বছৰৰ আগতে আমাৰ দেশত আধুনিক চিকিৎসাৰ ব্যৱস্থা নাছিল। বনৌষধি, বেজ- ওজাৰ দ্বাৰা মানুহ বা জীৱ জন্তুৰ চিকিৎসা চলিছিল। এনে বনৌষধ, বেজ-ওজাৰ চিকিৎসাই জীৱৰ উপযুক্ত চিকিৎসা নহয়। ফলত দেশত কলেৰা মহামাৰী, হাইজা আদি বেমাৰে গা কৰি উঠি ঠাই বিশেষে মানুহ উছন কৰি পেলাইছিল। সৌভাগ্যবশতঃ যি কেইজন জীয়াই থাকে তেওঁলােকে প্রাণৰ মমতাত অন্য ঠাইলৈ গৈ বসতি কৰিছিল। | অন্য কেইটামান প্রধান কাৰণ হ'ল– আগৰ কালত মানুহ যদি একে ঠাইতে মাটি ভাগি ভােগ দখল কৰি কেইদিনমান খায় থাকে, তাক হেনাে ৰাজহ বিভাগৰ লােক, যেনে মৌজাদাৰ সেই মাটিখিনি জোৰ কৰি নামজাৰি কৰি দিয়ে। বিনিময়ত লােকসকলে সেই মাটিৰ খাজানা দিব লাগে। তাৰ ভয়ত লােকসকলে অত- তত ঠাই সলাই ফুৰিছিল। একে ঠাইতে বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ গুণাগুণ হেৰাই বাবে নতুন হাবি-জংঘল ভাঙি তাতে সুবিধাজনক ঠাইত গাঁও পাতি বাস কৰে। | ডা-ডাঙৰ মাছ কাছ বেচিকৈ খােৱাৰ হেঁপাহতাে। বহুতে স্থান সলনি কৰি ফুৰিছিল। | আগৰ কালত ঠাইবােৰ অটব্য অৰণ্য, হাবি- জংঘলৰে ভৰপুৰ। সেই অটব্য অৰণ্য, হাবিত বাঘ- হাতী-গড় আদিয়ে গাঁৱৰ ঘৰ বাৰী ভাঙি মানুহ মাৰিছিল, খেতি নষ্ট কৰিছিল, তাৰ পৰিত্ৰাণৰ বাবে ঠাই সলাইছিল। কোনাে কোনাে ঠাইত দেওলগা ভূত-প্রেত (দেৱতা) ৰ দ্বাৰা মানুহ বসতি কৰা সম্ভৱ নাছিল। আজি শুনিলে সাধু যেন লাগে। ভূত-প্রেতে দিনতে ওঁঠ বজোৱা, ওঁঠ তপালি মাৰা, গছৰ ডাল ভাঙি পেলােৱা। বাহ ফালি প্রচণ্ড শব্দ কৰােৱা। এই ভূত-প্রেতে হেনাে