নিকা সংহতিৰ অন্তৰ্গত উত্তৰ কমলাবাৰী: ঐতিহ্য আৰু পৰম্পৰা

সম্পাদনা কৰক

অসমৰ ধৰ্ম আৰু সাংস্কৃতিক প্ৰেক্ষাপটত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ‌ই বিশেষ ভাৱে পৰিচয় লাভ কৰিছে। সমগ্ৰ ভাৰতত নৱবৈষ্ণৱ বাদৰ জোৱাৰ উঠাৰ সময়তে অসমৰ পৱিত্ৰ ভূমিত শংকৰদেৱে একাঁজলী ভক্তি মু‌কুতিৰ অমৃতাঞ্জল ঢালি দিছিল।যাৰ ফলত নিগৰি আহিছিল বৈকুণ্ঠ ভেলী হৰিনামৰ ভক্তি মধুৰস। মনিকাঞ্চন সংগমৰ ক্ষেত্ৰ ধুৱাহাট বেলগুৰি পৱিত্ৰ ক্ষেত্ৰ হিচাপে গুৰু দুজনাই সত্ৰ সংস্কৃতিৰ বৰভেঁটি নিৰ্মাণ কৰি যশ মান সম্ভ্ৰম অটুট ৰাখিছিল।

সত্ৰৰ সংজ্ঞা

সম্পাদনা কৰক

অসমীয়া সত্ৰ শব্দটো সংস্কৃতৰ পৰা অহা। ইয়াৰ অৰ্থ হ'ল - যজ্ঞ। ভাগৱত পুৰাণত উল্লেখ থকা মতে নৈমিষা‌ৰণ্য শৌণকাদি মুনিসকলে সহস্ৰ কাল ব্যাপ্তি সত্ৰানুষ্ঠান কৰোঁতে ঋষিসকলে উগ্ৰশ্ৰৱা ( সূতক) ভাগৱত ক'বলৈ অনুৰোধ জনায়।ঋষিসকলৰ অনুৰোধ মৰ্মে যজ্ঞৰ অৱসৰ কালত সূতে ভাগৱত পঢ়ি শুনাইছিল। বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যই (শৰণ সংহিতা)ত কৈছিল- "যি স্থান দেৱতা আৰু বৈষ্ণৱৰ দ্বাৰা বন্দিত ,যি স্থানত একান্ত ভক্ত সকলে প্ৰিয় কাৰ্য সাধন কৰে আৰু যি স্থানত দৈনিক নৱধা বিৰাজ কৰে। সেই শ্ৰেষ্ঠ স্থানকে সত্ৰ বুলি কোৱা হয়।" এইদৰে শংকৰদেৱৰ হাতত প্ৰথম সত্ৰৰ লাইখুটা নিৰ্মাণ হৈছিল যদিও পৰৱৰ্তী সময়ত মাধৱদেৱ দামোদৰ‌দেৱ আৰু আন ভকত বৈষ্ণৱ সকলৰ হাতত পূৰ্ণতাৰে আদৰ্শ ৰূপ পৰিগ্ৰহন কৰিছিল।

উত্তৰ কমলাবাৰী সত্ৰৰ জন্ম

সম্পাদনা কৰক
মাজুলীত অৱস্থিত কমলাবাৰী সত্ৰখন গুৰুঘৰীয়া মূলৰ এখন উল্লেখযোগ্য সত্ৰ।

গুৰুজনাৰ নাম ধৰ্মক অনুকৰণ কৰি মাধৱদেৱে বদলা পদ্ম আতাক শৰণ দি সমস্ত বদ্বল পদ্ম আতাক অৰ্পণ কৰি উজনিলৈ ভক্তি ধৰ্ম প্ৰচাৰৰ বাবে পঠিয়াইছিল। গুৰুজনাৰ আজ্ঞা শিৰত লৈ বদলা পদ্ম আতাই (১৫৯৫ শক) ইং১৬৭৩ চনত মাজুলীত কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰে।

সংহতি বিভাজন আৰু উত্তৰ কমলাবাৰী সত্ৰ

সম্পাদনা কৰক
  অসমত শংকৰদেৱ, মাধৱদেৱ, দামোদৰ‌দেৱ আৰু হৰিদেৱৰ একাণপতীয়া চেষ্টা আৰু লক্ষ্যৰ ফলত তেৰাসৱ‌ৰ আদেশ অনুসাৰে প্ৰধান ধৰ্মাচাৰ্য সকলে অসমৰ উজনি নামনি তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ দক্ষিণ সকলোতে সত্ৰ প্ৰতিষ্ঠা কৰি সনাতন বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰৰ ভেঁটি স্থাপন কৰিছিল।

শংকৰদেৱে সত্ৰসমূহক সম্প্ৰদায়, আচাৰ নীতি আৰু স্বকীয় সৃষ্টি শৈলীৰে চাৰি সংহতিত ভাগ কৰিছিল- ১/ব্ৰহ্ম সংহতি ২/পুৰুষ সংহতি ৩/কাল সংহতি ৪/নিকা সংহতি -ব্ৰহ্ম সংহতি দামোদৰ দেৱে প্ৰতিষ্ঠা কৰিছিল। ব্ৰহ্ম সংহতিত ব্ৰাহ্মণ সকলে মূৰ্তি উপাসনা কৰে। মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণ পাট সত্ৰ আৰু কুৰুৱাবাৰী সত্ৰ সেই সংহতিৰ অন্তৰ্গত।অসমত ১৪৩খন ব্ৰহ্ম সংহতিৰ সত্ৰ স্থাপিত হৈছিল। -- পুৰুষ সংহতি শংকৰদেৱৰ পৰিয়ালক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। পুৰুষোত্তম ঠাকুৰৰ সহযোগত শংকৰদেৱ আৰু মাধৱদেৱে বটদ্ৰৱাত নাম প্ৰসংগক মূল হিচাপে লৈ ভেঁটি নিৰ্মাণ কৰিছিল। অসমত ২৩৬ খন পুৰুষ সংহতিৰ ,সত্ৰ স্থাপন হৈছিল। --কাল সংহতি গোপাল দেৱৰ হাতত প্ৰতিষ্ঠা হৈছিল।কাল সংহতিত অধিক নীতি নিয়ম নাই। অসমত ৯৭খন সত্ৰ কাল সংহতিৰ ভেঁ‌টিত প্ৰতিষ্ঠা হৈছিল। --মাধৱদেৱৰ নামত প্ৰতিষ্ঠিত সত্ৰসমূহ নিকা সংহতিৰ অন্তৰ্গত । অসমত ৮০ খন নিকা সংহতিৰ সত্ৰ স্থাপন হৈছিল।সত্ৰখনত আন কেইখন সত্ৰৰ দৰে মূৰ্তি পূজা কৰা নহয়। শাস্ত্ৰ ভাগৱত পুথি মণিকূটৰ ভিতৰত স্থাপন কৰা হয়। নিকা সত্ৰসমূহত ভক্ত সকলে কেৱলীয়া বা উদাসীন পন্থা গ্ৰহন কৰি চিৰকুমাৰ হৈ থাকে।বদলাপদ্ম আতাৰ প্ৰতিষ্ঠিত উত্তৰ কমলাবাৰী সত্ৰ খনো এই সংহতিৰ অন্তৰ্গত।

উত্তৰ কমলাবাৰী সত্ৰৰ নামাকৰণ

সম্পাদনা কৰক
 শংকৰদেৱৰ বৈকুণ্ঠ গমন‌ৰ পাছত মাধৱদেৱে ভকত বৈষ্ণৱ সকলৰ শৰণ ভজন লৈছিল।

সেই মাধৱদেৱৰ গুৰুবাক্য মানি পদ্ম আতাই গংগা তীৰ্থলৈ যায় আৰু তাৰপৰা ঘূৰি আহি গুৰুজনাৰ ছত্ৰছায়াত সাত দিন সাত ৰাতি থাকি ধৰ্মীয় তত্ত্ব, যশ আৰু ৰসভক্তি গ্ৰহণ কৰিলে। এইদৰে বদলা আতাই নাম ধৰ্ম সংস্কৃতি প্ৰচাৰ কৰিবলৈ উজনিলৈ আহি ভক্ত সকলৰ গৃহ তথা নামঘৰ মণিকূট স্থাপনৰ কথা চিন্তা কৰিলে। বদ্বলা পদ্ম আতাৰ চিন্তা চৰ্চা আৰু আলোচনাৰ সিদ্ধান্ত মৰ্মে হৰিচৰণে এজন ভকতক পঠিয়াই মুদৈৰ বাঁৰীৰ কাষতে থকা পুৰুষোত্তম বৰুৱাৰ (লক্ষ্মীনাথ বেজবৰুৱাৰ ককাক)সুমথিৰা বাৰীখনৰ পৰা সত্ৰ সাজিবলৈ মাটি বিচাৰিলে। ভকতৰ অনুৰোধ ৰক্ষা কৰি পুৰুষোত্তম বৰুৱাই কমলাটেঙাৰ বাৰীখন সত্ৰ পাতিবলৈ আনন্দচিত্তে দান কৰিলে। টেঙানী বাঁৰীখন পাই বদ্বলা পদ্ম আতাই অন্যান্য ভকতৰ সহযোগত গুৰু দুজনাৰ নিৰ্মাণ কৰা সত্ৰৰ শৈলী আৰু চানেকিৰে কমলাবাৰী খনত কীৰ্তন ঘৰ, মণিকূট, আতাৰ গৃহ, হৰিচৰণ আতৈৰ গৃহ আৰু ভক্ত সকলৰ গৃহ আদি সজাই সম্পূৰ্ণ কৰি শুভ দিন তিথি চাই ১৫৯৫ শংকৰ আঘোণ মাহৰ শুক্লা একাদশী তিথিত বন্তি প্ৰজ্বলিত কৰি কমলাবাৰী সত্ৰ স্থাপন কৰা হ'ল। সেইদিনা খনৰ পৰাই এই সত্ৰখনক কমলাবাৰী সত্ৰ নামাকৰণ কৰা হ'ল আৰু সেই স্থানৰ সমীপত থকা বিভিন্ন ক্ষেত্ৰ যেনে-মৌজা ,ডাকঘৰ, চিকিৎসালয় , বিদ্যালয় আদি কমলাবাৰী নামেৰে নামাকৰণ কৰা হ'ল।

 ==কমলাবা‌‌ৰী সত্ৰৰ প্ৰথম গৰাকী সতৰীয়া(সত্ৰাধিকাৰ)==

বদলা পদ্ম আতাই কমলাবাৰী সত্ৰ স্থাপন কৰি হৰিচৰণ আতাক সত্ৰখনৰ কলা সংস্কৃতি সমূহ ভক্তৰ মাজত শিক্ষা দি ৰীতি-নীতিৰ মাজেদি বিষয়বাব বোৰ ‌আগবঢ়াই নিয়াৰ দায়িত্ব অৰ্পণ কৰে। পৰৱৰ্তী সময়ত হৰিচৰণৰ দেহৱসানৰ পাছত ভকত সকলক দায়িত্ব ভাৰ দি তেখেতো বৈকুণ্ঠ ধামলৈ গতি কৰিলে। আতাৰ সকলো সৎকৰ্ম সমাপন কৰি শ্ৰী ৰাম গুৰুক কমলাবাৰী সত্ৰৰ সতৰীয়া পাতি অধিকাৰ প্ৰদান কৰে। এইগৰাকী শ্ৰীৰাম গুৰুৱেই কমলাবাৰী সত্ৰৰ প্ৰথম সতৰীয়া । তেখেতে দায়িত্ব ভাৰ গ্ৰহণ কৰি সত্ৰৰ সকলো ধৰণৰ কৰ্মকে নীতি নিয়মৰ মাজেদি নিষ্ঠাৰে পালন কৰিছিল।

উত্তৰ কমলাবাৰী সত্ৰৰ উপ‌নাম

সম্পাদনা কৰক

বদলা পদ্ম আতাৰ প্ৰতিষ্ঠিত সত্ৰখনত দিনক দিনে ভকতৰ সংখ্যা বাঢ়ি যাবলৈ ধৰাত অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ ইচ্ছাৰে অন্য ঠাইত লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাৰ ওচৰত মাটিৰ আলোচনা কৰে। দীননাথ বেজবৰুৱাই সেইসময়ৰ দুয়োখন বাৰী মধ্যস্থ কেন্দ্ৰ কৰি এডোখৰ আহল বহল মাটি চাই সীমা নিৰ্ধাৰণ কৰি সেইসময়ৰ ব্ৰিটিছ চৰকাৰৰ লগত যোগাযোগ কৰি সত্ৰৰ সঞ্চিত সত্ৰৰ টকা ব্ৰিটিছ চৰকাৰক দি ৪৫৪ একৰ অৰ্থাৎ ১৩৭৮ বিঘা মাটি ১৮২ নং কমলাবাৰী ফিঃ সিঃ গ্ৰান্ট হিচাপে ক্ৰয় কৰি লয়।গ্ৰান্টৰ মাটিত সত্ৰ খন সংস্থাপিত হোৱাৰ বাবেই কমলাবাৰী গ্ৰান্ট সত্ৰ বুলি কোৱা হয়।

উত্তৰ কমলাবাৰী সত্ৰ: দ্বিখণ্ডিত আৰু স্থানান্তৰ

সম্পাদনা কৰক

বদলা পদ্ম আতাই প্ৰতিষ্ঠা কৰা কমলাবাৰী সত্ৰ খনত শম্ভুনাথ দেৱ, জগন্নাথ বাপু আৰু কৃষ্ণকান্ত মহন্তক একেলগে সত্ৰৰ অধিকাৰ দিয়া হৈছিল। ব্ৰিটিছৰ আমোলত হোৱা বিচাৰত ৰায়মৰ্মে শম্ভুনাথ দেৱ আৰু কৃষ্ণকান্ত মহন্তক (যথাক্ৰমে ব্ৰাহ্মণ আৰু কায়স্থ) অধিকাৰী) যুটীয়াভাৱে গাদীত বহুৱায়। ইয়াৰ পৰৱৰ্তী সময়ত সত্ৰৰ পঞ্চাদশ অধিকাৰ শ্ৰী বিষ্ণুদেৱৰ দ্বাৰা মূল সত্ৰৰ উত্তৰ দিশত টুনী নদীৰ পাৰত এখন সুকীয়াকৈ সত্ৰ স্থাপন কৰে। এই নৱনিৰ্মিত সত্ৰ খনকে ন সত্ৰ নামেৰে নামাকৰণ কৰা হ'ল। ঠিক একেদৰে ১৬৭৩ চনত (১৫৯৫ শকত) প্ৰতিষ্ঠিত কমলাবাৰী সত্ৰখন ১৮৩৭ চনত ব্ৰাহ্মণ পৰম্পৰাটোত উত্তৰ কমলাবাৰী সত্ৰ আৰু কায়স্থ পৰম্পৰাই নতুন কমলাবাৰী সত্ৰত থাকিল। ১৮৮১ চনত উত্তৰ কমলাবাৰী সত্ৰ খনত দীননাথ বেজবৰুৱাই ১৪৬৫ টকা ৯অনা ৩ পাই মূল্যৰ বিনিময়ত ৪৫৪-৫৯ একৰ মাটি সেইসময়ৰ উপায়ুক্ত জি. ই কেম্পৱেলে মুহিকান্ত দেৱক অৰ্পণ কৰিছিল। ১৯৫৬ চনত শ্ৰী কমলাকান্ত দেৱগোস্বামীৰ দিনত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰকোপত সত্ৰ খন তৃতীয় বাৰৰ বাবে স্থানান্তৰিত কৰা হয়। বৰ্তমান উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী।১৬৭৩চনত প্ৰতিষ্ঠিত সত্ৰখন বৰ্তমানলৈ ২০গৰাকী পুৰুষ অধিকাৰীৰ গুৰু দায়িত্বৰ পালনৰ পৰম্পৰাৰে ৩৩৯ বছৰ পূৰ্ণ কৰিছে।

সংৰক্ষিত সম্পদ

সম্পাদনা কৰক

উত্তৰ কমলাবাৰী সত্ৰত বহুত মূল্যবান সম্পদ সংৰক্ষিত হৈ আছে।সম্পদ সমূহ হ'ল- লক্ষ্মীনাথ , মদনমোহন আৰু বৃন্দাবন বন চন্দ্ৰৰ বিগ্ৰহ, শংকৰদেৱৰ তামোল খোৱা সফুৰা মাধৱদেৱৰ জপমালা, বদলা আতাৰ তামোল খোৱা সফুঁৰা, মাধৱদেৱৰ জপ মালা, বদলা আতাৰ সাগৰজুলী, গড়ৰ খৰ্গৰ টোপা অৰ্থাৎ, শংকৰ মাধৱৰ কেশ,পদধূলা ৰূপৰ ভৃংগাৰ,(ভোগজৰা) পুৰন্দৰ সিংহ‌ই পঠিওৱা ৰাজপ‌‌ত্ৰ আদি সংৰক্ষণ কৰা আছে। ইয়াৰ উপৰিও বৰ্তমান ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হেঙুল হা‌ইতাল খচিত কাঠৰ খেলনা, ম'ৰা চৰাইৰ চিত্ৰ খোদিত উৰাল, গাখীৰ খীৰোৱা কঁৰীয়া আদি কাঠৰ সামগ্ৰী আদি আপুৰুগীয়া সম্পদ সমূহ সংৰক্ষিত হৈ আছে। এইদৰে মূল্যবান সত্ৰীয়া সংস্কৃতিৰ সম্পদ সমূহ সযতেনে আৰু প্ৰণালী বদ্ধভাৱে সংৰক্ষণ কৰাৰ উপৰিও সম্পদ সমূহ সংব‌‌ৰ্ধন আৰু অনুশীলন জৰিয়তে প্ৰচাৰ কৰিব লাগে। সত্ৰখনত সত্ৰাধিকাৰৰ লগতে আন ভকত সকলৰ অৱদানো মনকৰিবলগীয়া। সত্ৰীয়া কৰা সংস্কৃতিৰ নিৰন্তৰ সাধনা আৰু প্ৰচাৰ প্ৰসাৰৰ স্বীকৃতি স্বৰূপে সত্ৰ খনৰ বুঢ়াভকত গোপীনাথ বৰবায়ন বুঢ়াভকতে সংগীত নাটক একাডেমি বঁটা, শংকৰদেৱ মাধৱদেৱ বঁটা, বদুলা পদ্ম আতা বঁটা, মনিৰাম দত্ত মুক্তাৰ বঁটা আৰু শেহতীয়াকৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২০২১ বৰ্ষত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে। এইদৰে সত্ৰখনত গুৰুদুজনাৰ নাম ধৰ্ম প্ৰচাৰৰ লগতে সত্ৰৰ কলা- সংস্কৃতি ৰীতি-নীতি প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট খিনি আগবাঢ়িছে। সেইদৰে ভৱিষ্যতেও ৰীতি-নীতি আৰু কলা সংস্কৃতিক ন ন কাৰ্য পন্থাৰে ভকত সকলৰ লগতে চৰকাৰেও সহযোগিতা আগবঢ়াই নিলে সত্ৰখনৰ বিকাশত উৎকৰ্ষ সাধন হোৱাৰ লগতে ঐতিহ্য আৰু পৰম্পৰা অটুট থাকিব।

১/ দেৱগোস্বামী, কমলাকান্ত, 'উত্তৰ কমলাবাৰী সত্ৰৰ ইতিবৃত্ত' ডি.ডি এচোচিয়েটছ, নাৰায়ণ নগৰ , ভৰলু‌‌মুখ, গুৱাহাটী, প্ৰথম প্ৰকাশ- ১৯১৮শক (১৯৯৬)চন।

২/ বৰুৱা, শান্তনু কৌশিক,(সম্পা), ' পানবজাৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ- জুন-২০১৮

৩/ শ‌ইকীয়া, দেৱজিৎ, 'সত্ৰ সন্তৰা'(স্মাৰক গ্ৰন্থ,)অসম সত্ৰ মহাসভা ৪৯ সংখ্যক দ্বি বাৰ্ষিক মাজুলী অধিৱেশন, পীতাম্বৰ দেৱগোস্বামী ক্ষেত্ৰ, গড়মূৰ সত্ৰ, পূব শৰণীয়া, গুৱাহাটী, প্ৰকাশ- ২০১৩

তথ্য দাতা-- ১/ জনাৰ্দ্দন দেৱ গোস্বামী,(সত্ৰাধিকাৰ) উত্তৰ কমলাবাৰী সত্ৰ। বয়স:৪৮

২/পদ্মশ্ৰী গোপীনাথ বৰগায়ন বুঢ়াভকত, উত্তৰ কমলাবাৰী সত্ৰ। বয়স-৯৯

✍️ বিউটি পায়েং স্নাতকোত্তৰ মহলাৰ তৃতীয় ষাণ্মাসিক

অসমীয়া বিভাগ

ডিব্ৰুগড় বিশ্ববিদ্যালয়