সমীৰণ বৰুৱা আহি আছে (চলচ্চিত্ৰ)

সমীৰণ বৰুৱা আহি আছে হৈছে ২০১২ চনৰ ৩০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আৰ্কলাইটছৰ বেনাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰদ্যুৎ কুমাৰ ডেকাই। মনোজ কুমাৰ গোস্বামীৰ একে নামৰ বহুপঠিত চুটিগল্পৰ আধাৰত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হয়। ইয়াৰ আগতেও এই চুটিগল্পটোৰ আধাৰতে আৱাহন থিয়েটাৰে একে নামৰ এখন জনপ্ৰিয় নাটক প্ৰদৰ্শন কৰিছিল।[1] বোলছবিখনত মূল অভিনেতা তপন দাসে নীলিম কুমাৰৰ এটা কবিতাও আবৃত্তি কৰে।[2]

সমীৰণ বৰুৱা আহি আছে
'Samiran Barua Ahi Ase'
পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকা
কাহিনী মনোজ কুমাৰ গোস্বামী
অভিনয়ত তপন দাস, ব্ৰজেন বৰা, বাহাৰুল ইছলাম
চিত্ৰগ্ৰহণকাৰী ৰাতুল বৰ্মন
সম্পাদনা সঞ্জীৱ তালুকদাৰ
সংগীত পৰিচালক কিশোৰ গিৰি
প্ৰযোজনা
কোম্পানী
আৰ্কলাইটছ
পৰিবেশক গোৱেংকা এণ্টাৰপ্ৰাইজ
মুক্তি
৩০ মাৰ্চ ২০১২ (2012-03-30)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

এটা বিদ্ৰোহী সংগঠনৰ এজন আত্মসমৰ্পণকাৰী সদস্যক (ব্ৰজেন বৰুৱা) সাংবাদিকে আৱৰি ধৰি বিভিন্ন প্ৰশ্ন কৰে, বিষয় - সংগঠনৰ ভৱিষ্যত কাৰ্যসূচী আৰু সমীৰণ বৰুৱা (তপন দাস)। সদস্যজনে কয় -" সমীৰণ বৰুৱা আহি আছে", লগে লগে আৰক্ষীকে আদি কৰি সকলো ব্যস্ত হৈ পৰে সমীৰণ বৰুৱাৰ আগমণৰ সন্মুখীন হ'বলৈ। এই আগমণক লৈ তেওঁৰ পিতৃ-মাতৃৰ মনত শংকা, আৰক্ষী ব্যস্ত তেওঁক এইবাৰ শীঘ্ৰে আটক কৰিবলৈ, পূৰ্বৰ প্ৰেয়সী নীলাই (মধুস্মিতা বৰকটকী) ভাৱিছে এইবাৰ তেওঁ বিচ্ছেদৰ কাগজ-পত্ৰ লৈ আদালতলৈ যাব লগা হ'ব পাৰে, বিৰোধী দলৰ অপেক্ষা বৰুৱাক নিজৰ দলভূক্ত কৰাবলৈ, সাংবাদিকসকল ব্যস্ত সমীৰণ বৰুৱাৰ নামত বিভিন্ন কাহিনীৰ সন্ধানত।[2][1]

পৰিচালক ডেকাই চলচ্চিত্ৰখনত মূল গল্পটোৰ কিছু সালসলনি কৰে। বোলছবিখনত চাৰিটা কাহিনী বৰ্ণোৱা হৈছে, য'ত নব্বৈৰ দশকৰ আৰম্ভণিৰেপৰা সমসাময়িক সময়লৈকে ঘটা বহুতো গুৰুত্বপূৰ্ণ ঘটনা প্ৰতিফলিত হৈছে। ছবিখনত দেখুওৱা বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ চৰিত্ৰসমূহৰ জীৱন এক বা বহুতো প্ৰকাৰে পৰস্পৰে পৰস্পৰৰ লগত জড়িত।[3]

পৰিচালক ডেকাই কয় যে বোলছবিখন সংযুক্ত মুক্তি বাহিনীৰ (আলফা) ১৯৭৯ চনৰপৰা বৰ্তমানলৈকে হৈ অহা মুক্তিসংগ্ৰামৰ পটভূমিত নিৰ্মিত আৰু সমীৰণ বৰুৱাৰ চৰিত্ৰটি আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জীৱনৰ ওপৰত কিছু পৰিমাণে আধাৰিত, যদিও বোলছবিখনত দেখুওৱা তেওঁৰ ব্যক্তিগত জীৱন কাল্পনিক।[1]


চিত্ৰগ্ৰহণ সম্পাদনা কৰক

২০১১ চনৰ এপ্ৰিল মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ ভূটান, গুৱাহাটী, সোণাপুৰ আৰু তামোলপুৰৰ বিভিন্ন অঞ্চলত বোলছবিখনৰ চিত্ৰগ্ৰহণ হয়।[1]

ৰাইজৰ সঁহাৰি সম্পাদনা কৰক

চলচ্চিত্ৰখনে ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰাত বিফল হয়। সমালোচকসকলেও ছবিখনৰ প্ৰতি ঋণাত্মক মন্তব্য আগবঢ়ায়।[2]

অভিনয়ত সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • সহ প্ৰযোজনা - দেবাশিস গোস্বামী, ভাস্কৰজ্যোতি শইকীয়া
  • মুখ্য সহকাৰী পৰিচালনা - পংকজ কলিতা
  • সহকাৰী পৰিচালনা - ব্ৰজেন ভট্ট, উদয় ভাস্কৰ
  • চিত্ৰগ্ৰহণকাৰী - ৰাতুল বৰ্মন
  • সহ চিত্ৰগ্ৰহণকাৰী - বেণু নেওগ
  • সম্পাদনা - সঞ্জীৱ তালুকদাৰ
  • সংগীত - কিশোৰ গিৰি
  • গীতিকাৰ - অতনু ভূঞা
  • কৰিঅ'গ্ৰাফী - দীপক দে'
  • শব্দ অভিযন্তা - দীপক দত্ত

তথ্য সংগ্ৰহ সম্পাদনা কৰক