সমোচ্চাৰিত শব্দ অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূূূূৰ্ণ অংশ। অসমীয়া ভাষাত যিমানখিনি আখৰ ব্যৱহাৰ কৰা হয়, সিমান সংখ্যক ধ্বনি সমোচ্চাৰিত নহয়। একে ধ্বনিৰে উচ্চাৰিত শব্দবোৰক সমোচ্চাৰিত শব্দ বুলি কোৱা হয়।

গুলি , গুলী

সম্পাদনা কৰক

অসমীয়া ব্যাকৰণত সমোচ্চাৰিত শব্দ বহুত আছে আৰু সেই বিবিধ শব্দবোৰে আমাৰ অসমীয়া ভাষাৰ শব্দভঁৰাল চহকী কৰি ৰাখিছে। অসমীয়া ভাষাৰ সমোচ্চাৰিত শব্দ কেইটামানৰ অৰ্থসহ তলত উদাহৰণ দিয়া হ’ল-

  • অণু: পদাৰ্থৰ অতি ক্ষুদ্ৰ অংশ
  • অনু: উপসৰ্গ-বিশেষ্য
  • অটল: দৃঢ়
  • অতল: দ আৰু গভীৰ
  • আঁচল: চাদৰৰ আগ
  • আচল: যিটো নকল নহয়
  • আলি: ওখ পথ
  • আলী: উপাধি বিশেষ
  • এসাঁজ: এবাৰত খাবৰ জোখৰ
  • এসাজ: এবাৰত খাবৰ দিব পৰা
  • কাঁহ: এবিধ ধাতু
  • কাহ: এবিধ ৰোগ
  • কুলি: চৰাই -বিশেষ
  • কুলী: বনুৱা
  • গাঁও: গ্ৰাম
  • গাওঁ: গীত-মাত পৰিৱেশন কৰোঁ
  • ঘঁটি: নাকৰ ভিতৰৰ নোম
  • ঘটী: পাত্ৰ বিশেষ
  • চিন: দাগ বা চিহ্ন
  • ফল: কোনো কাৰ্যৰ পৰিণতি
  • ফল: গছৰ গুটি
  • ভাট: প্ৰশস্তি গাওঁতা
  • ভাত: অন্ন
  • মাটি: মৃত্তিকা
  • মাতি: আমন্ত্ৰণ কৰি
  • ৰং: আনন্দ
  • ৰং: বৰণ
  • সজা: চৰাই আদি থোৱা কাঠীৰ সঁজুলি বা বাহ
  • সজা: আনলোকৰ দ্বাৰা নিৰ্মাণ কৰা; তৈয়াৰ কৰা
  • হাট: সপ্তাহৰ নিৰ্দিষ্ট দিনত বহা হাত বজাৰ
  • হাত: দেহৰ অংগ বিশেষ, কৰ

তথ্যসূত্ৰ

সম্পাদনা কৰক

[[শ্ৰেণী:ব্যাকৰণ]