সাঁচ:আজিৰ আপুনি জানেনে-২৪
- ...যে অতিবেঙুনীয়া ৰশ্মিৰ তৰংগদৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি আৰু ৰঞ্জন ৰশ্মিতকৈ দীঘল?
- ...যে বিটকইনৰ সৈতে লেনদেনৰ বাবে কোন ধৰণৰ অৰ্থনৈতিক প্ৰতিষ্ঠান বা বেংকৰ প্ৰয়োজন নহয়?
- ...যে কলকাতাত অৱস্থিত বেথুন কলেজ এছিয়াৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়?
- ...যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা?
- ...যে দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত নাউৰু পৃথিৱীৰ তৃতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ?
- ...যে জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত?