সাঁচ:আজিৰ আপুনি জানেনে-৩

হীৰেন ভট্টাচাৰ্য
হীৰেন ভট্টাচাৰ্য
  • ...যে অসমৰ জনপ্ৰিয় কবি হীৰেন ভট্টাচাৰ্যক 'সুগন্ধী পখিলাৰ কবি' বোলাৰ উপৰিও 'প্ৰেম আৰু ৰ'দালিৰ কবি'ও বোলা হয়?
  • ...লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৯ চনত "জোনাকী"ৰ পাতত "লিতিকাই" নামৰ প্ৰথম অসমীয়া প্ৰহসন ৰচনা কৰে?
  • ...যে ২০০৫ চনৰ লোকপিয়ল মতে মিজোৰামৰ সাক্ষৰতা হাৰ হৈছে ৯৫% আৰু এই সাক্ষৰতা হাৰ দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক?
  • ...যে সাধাৰণ আকাৰৰ কোনো কাগজেই সোঁমাজেৰে ৭ বাৰতকৈ অধিকবাৰ ভাঁজ কৰিব নোৱাৰি?
  • ...যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত নাৱৰীয়া দেউতাকক আৰ্থিক দুৰৱস্থাৰপৰা সকাহ দিবলৈ খবৰ কাগজ বিক্ৰি কৰিছিল?