সাম্যবাদী সমাজ বা সাম্যবাদী প্ৰণালী সমাজ তথা আৰ্থনৈতিক প্ৰণালীৰ এক প্ৰকাৰ, যাক নিৰ্মাণ বলত প্ৰযুক্তিৰ বিকাশে সৃষ্টি কৰিব বুলি মাৰ্ক্সবাদী চিন্তাধাৰাত অনুমান কৰা হয়। সাম্যবাদী সমাজত উৎপাদনৰ মাধ্যম সৰ্বসাধাৰণৰ অধীন আৰু সকলোৱে মুক্তভাৱে উৎপাদিত সামগ্ৰীসমূহ লাভ কৰিব পাৰে।[1][2] এই সমাজ বৰ্গহীন আৰু চৰকাৰহীন।[3] এই সমাজত সেয়েহে শ্ৰমিকক শোষণ কৰা নহয়।. নিজৰ ক্ৰিটিক অৱ গথা প্ৰগ্ৰেমত কাৰ্ল মাৰ্ক্সে বিকাশৰ এই স্তৰক উচ্চ-স্তৰীয় সাম্যবাদ আখ্যা দিছে।[4]

সাম্যবাদ আৰ্থ-সামাজিক বিকাশৰ এক স্তৰ য'ত ভৌতিক স্মপদৰ উভৈনদী দেখা যায়, কোৱা হয় উৎপাদন প্ৰযুক্তিৰ বিকাশ আৰু সমসাময়িকভাৱে উৎপাদনৰ সামাজিক সম্বন্ধৰ পৰিৱৰ্তনৰ বাবে। ই প্ৰয়োজন-ভিত্তিক বিতৰণ আৰু মুক্ত-সহযোগী ব্যক্তিত্বৰ ওপৰত আধাৰিত সামাজিক সম্বন্ধ সম্ভৱপৰ হৈ উঠিব।[4][5]

"সাম্যবাদী সমাজ" বা "কমিউনিষ্ট চচাইটি" পশ্চিমীয়া চিন্তাধাৰাৰ "সাম্যবাদী ৰাজ্য" বা "কমিউনিষ্ট ষ্টেট"ৰ সৈতে একে নহয়। সাম্যবাদী ৰাজ্যই মাৰ্ক্সবাদী-লেনিনবাদী আদৰ্শৰ নামত শাসন কৰা কোনো ৰাজনৈতিক দলৰ দ্বাৰা শাসিত ৰাজ্যকহে বুজাই।[6][7]

অৰ্থনীতি

সম্পাদনা কৰক

সাম্যবাদী প্ৰণালীক আগবঢ়া প্ৰযুক্তিৰে চিহ্নিত কৰা যাব যিয়ে ভৌতিক যথেষ্টতা আনে। ই প্ৰায় বা সকলো উৎপাদিত সামগ্ৰীৰ মুক্ত বিতৰণ সম্ভৱপৰ কৰি তুলিব। সৰ্বসাধাৰণে এই উৎপাদনৰ মাধ্যমৰ গৰাকী হ'ব। এই ক্ষেত্ৰত সাম্যবাদ সমাজবাদতকৈ পৃথক। সমাজবাদত আৰ্থনৈতিক প্ৰয়োজনৰ বাবে অৱদানৰ ওপৰত ভিত্তি কৰিহে উৎপাদিত সামগ্ৰী ভাগ কৰা হয়।[8]

সাম্যবাদত পুঁজিবাদৰ দৰে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানে সম্পদ দখল নকৰিব, আৰু সমাজবাদৰ দৰে ৰাজহুৱা বা ক'অপাৰেটিভসমূহেও সম্পদৰ মুক্ত বিতৰণত বাধা নিদিব। তাৰ বিপৰীতে সাম্যবাদী সমাজত সামগ্ৰীৰ উভৈনদীৰ বাবে আৰ্থনৈতিকভাৱে উৎপাদনৰ মাধ্যম বা সম্পত্তি নিজৰ বাবে দখল কৰাৰ কোনো যুক্তিয়েই নাথাকিব।[9]

কাৰ্ল মাৰ্ক্সৰ মতে সমাজবাদী সমাজৰপৰা সাম্যবাদী সমাজলৈ গতি কৰিব পাৰি। সমজুৱাকৈ চালিত উৎপাদন প্ৰণালীৰ সমাজখনে প্ৰযুক্তিৰ উন্নতি সাধন কৰি অধিকতকৈ অধিক কাৰ্য স্বচালিত কৰি অধিকতকৈ অধিক উৎপাদিত সামগ্ৰী মুক্তভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰিব পাৰে আৰু ই এক সম্পূৰণ সাম্যবাদী সমাজ গঢ়াৰ দিশত অগ্ৰসৰ হ'ব।[10]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Steele, David Ramsay (September 1999). From Marx to Mises: Post Capitalist Society and the Challenge of Economic Calculation. Open Court. পৃষ্ঠা. 66. ISBN 978-0875484495. "Marx distinguishes between two phases of marketless communism: an initial phase, with labor vouchers, and a higher phase, with free access." 
  2. Busky, Donald F. (July 20, 2000). Democratic Socialism: A Global Survey. Praeger. পৃষ্ঠা. 4. ISBN 978-0275968861. "Communism would mean free distribution of goods and services. The communist slogan, 'From each according to his ability, to each according to his needs' (as opposed to 'work') would then rule" 
  3. O'Hara, Phillip (September 2003). Encyclopedia of Political Economy, Volume 2. Routledge. পৃষ্ঠা. 836. ISBN 0-415-24187-1. "it influenced Marx to champion the ideas of a 'free association of producers' and of self-management replacing the centralized state." 
  4. 4.0 4.1 Critique of the Gotha Programme, Karl Marx.
  5. "Full Communism: The Ultimate Goal". Archived from the original on 2009-06-05. http://www.economictheories.org/2009/05/full-communism-ultimate-goal.html। আহৰণ কৰা হৈছে: 2009-06-05. 
  6. Busky, Donald F. (July 20, 2000). Democratic Socialism: A Global Survey. Praeger. পৃষ্ঠা. 9. ISBN 978-0275968861. "In a modern sense of the word, communism refers to the ideology of Marxism-Leninism." 
  7. Wilczynski, J. (2008). The Economics of Socialism after World War Two: 1945-1990. Aldine Transaction. পৃষ্ঠা. 21. ISBN 978-0202362281. "Contrary to Western usage, these countries describe themselves as ‘Socialist’ (not ‘Communist’). The second stage (Marx’s ‘higher phase’), or ‘Communism’ is to be marked by an age of plenty, distribution according to needs (not work), the absence of money and the market mechanism, the disappearance of the last vestiges of capitalism and the ultimate ‘whithering away of the state." 
  8. Gregory and Stuart, Paul and Robert (2003). Comparing Economic Systems in the Twenty-First. South-Western College Pub. পৃষ্ঠা. 118. ISBN 0-618-26181-8. "Communism, the highest stage of social and economic development, would be characterized by the absence of markets and money and by abundance, distribution according to need, and the withering away of the state…Under socialism, each individual would be expected to contribute according to capability, and rewards would be distributed in proportion to that contribution. Subsequently, under communism, the basis of reward would be need." 
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Clark1998 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. Wood, John Cunningham (1996). Karl Marx’s Economics: Critical Assessments I. Routledge. পৃষ্ঠা. 248. ISBN 978-0415087148. "In particular, this economy would possess (1) social ownership and control of industry by the ‘associated producers’ and (2) a sufficiently high level of economic development to enable substantial progress toward ‘full communism’ and thereby some combination of the following: super affluence; distribution of an increasing proportion of commodities as if they were free goods; an increase in the proportion of collective goods..." 

অধিক পঢ়ক

সম্পাদনা কৰক