সাৰথি (চলচ্চিত্ৰ)

ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অসমীয়া ছবি

সাৰথি (ইংৰাজী: Sarothi) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া বোলছবি। ড॰ শইকীয়াই ছবিখন কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ১৯৯১ চনত মুক্তি পোৱা ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া কাহিনীচিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।[1][2]

সাৰথি
Sarothi
Screenshot.sarothi.film.jpg
সাৰথিৰ এটা দৃশ্যত অৰুণ নাখ আৰু মৃদুলা বৰুৱা
পৰিচালক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
সংলাপ ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
চিত্ৰনাট্য ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰযোজক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
অভিনয়ত অৰুণ নাথ
মৃদুলা বৰুৱা
বিদ্যা ৰাও
চিত্ৰগ্ৰহণকাৰী কমল নায়ক
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য
সংগীত পৰিচালক প্ৰভাত শৰ্মা
মুক্তি
১৯৯১
দৈৰ্ঘ্য
৯৬ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীসম্পাদনা কৰক

নিৰঞ্জন দত্ত এজন চৰকাৰী কৰ্মচাৰী। দত্তৰ পৰিয়ালত পত্নী, ডেকা পুত্ৰ আৰু গাভৰু জীয়ৰী। বহু বছৰ চাকৰি কৰাৰ পিছত তেওঁ নিজৰ পৰিয়ালটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰি আছে। ঘৰৰ নিৰ্মাণ কাৰ্য আগবাঢ়ি যোৱাৰ লগেলগে দত্তৰ মূৰত নিজৰ বৈবাহিক জীৱন, বিশেষকৈ ঘৰটোৰ নক্সা সম্পৰ্কে পত্নী ল'ৰা-ছোৱালীহালৰ বিভিন্ন ইচ্ছা সংক্ৰান্তিয় চিন্তাবোৰ পাঘূৰণি খাবলৈ ধৰে। ঘৰটো তেওঁ পৰিয়ালৰ আটাইকেইজনৰ বাবে নিৰ্মাণ কৰি আছে, অথচ তাৰ প্ৰতি কাৰো গুৰুত্ব নাই। নিজৰ নিজৰ কামত ব্যস্ত পৰিয়ালৰ কাৰোপৰা এই কঠিন সময়চোৱাত বিশেষ সহযোগিতা লাভ নকৰি তেওঁ অকলশৰীয়া অনুভৱ কৰে। অতীতৰ বান্ধৱী নিৰ্মলাৰ কথা তেওঁৰ মনত পৰে। তেওঁৰ ভাব হয়, নিৰ্মলা যদি তেওঁৰ জীৱনসঙ্গী হ'লহেঁতেন, তেওঁক কিজানি বৰ্তমানৰ পত্নীতকৈ বেছি বুজি পালেহেঁতেন, বেছি সহযোগিতা আগবঢ়ালেহেঁতেন। এদিন সন্ধিয়া নিৰ্মাণস্থলীৰ পৰা উভতি গৈ ঘৰত জনালে যে আজি দিনটো তেওঁৰ একো নোখোৱাকৈ গ'ল। কাৰণ ঘৰৰ পৰা তেওঁলৈ দুপৰীয়াৰ আহাৰ নপঠিয়ালেই। তেতিয়া পত্নী, পুত্ৰ আৰু জীয়ৰীৰ মাজত আহাৰ পঠিয়াবলৈ পাহৰি যোৱা বাবে ইজনে সিজনৰ গালৈ দোষ থেলি তৰ্কত লিপ্ত হ'ল। কিন্তু দত্তই এইটো তেনেই সাধাৰণ কথা আৰু ইয়াৰ বাবে হূলস্থূল কৰিব নালাগে বুলি সামৰি থলে।[1]

অভিনয় শিল্পীসম্পাদনা কৰক

সাৰথি ছবিখনৰ মূল ভূমিকা নিৰঞ্জন দত্তৰ চৰিত্ৰত অভিনয় কৰে অৰুণ নাথে। আন আন ভাওত আছিল মৃদুলা বৰুৱা (নিৰ্মালি), বিদ্যা ৰাও (দত্তৰ পত্নী), ডা° হেমেন বৰ্মণ, জয়ন্ত দাস, মিণ্টু বৰুৱা, মৌচুমী কাঠকটীয়া আদি।[1][2]

বঁটা আৰু সন্মানসম্পাদনা কৰক

ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৯২) আঞ্চলিক ভাষাৰ কথাছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজতকমল বঁটা লাভ কৰিছিল। ৰজতকমলৰ লগতে ড॰ ভবেন্দ্ৰ নাথ শইকীয়ালৈ প্ৰযোজক ৰূপে বিশহাজাৰ টকা আৰু পৰিচালক ৰূপে দহহাজাৰ টকা নগদ ধন আগবঢ়োৱা হৈছিল।[1][2]

তথ্য উৎসসম্পাদনা কৰক